আম
আম (ইংৰাজী: Mango, বৈজ্ঞানিক নাম: Mangifera indica) হৈছে 'Mangifera' গোত্ৰৰ অন্তৰ্ভুক্ত এবিধ ৰসাল ফলধৰা উদ্ভিদ। এই উদ্ভিদবিধ দক্ষিণ এছিয়াত স্থানীয়ভাৱে দেখা পোৱা যায়। আমে ভাৰতবৰ্ষ আৰু ফিলিপাইনছৰ ৰাষ্ট্ৰীয় ফল আৰু বাংলাদেশৰ ৰাষ্ট্ৰীয় বৃক্ষ (national tree) হিচাপে স্বীকৃতি পাইছে।[1] Mangifera indica, সাধাৰণতে [[আম] নামেৰে জনাজাত, Anacardiaceae পৰিয়ালৰ পৃষ্ণ উদ্ভিদ ৰ এটা প্ৰজাতি। .[2] ই এটা ডাঙৰ ফলৰ গছ, সাঁচ:Convert/ফুটসাঁচ:Convert/test/Aঅফ। আধুনিক আম – ত দুটা সুকীয়া জিনীয় জনসংখ্যা আছে "ভাৰতীয় প্ৰকাৰ" আৰু "দক্ষিণ-পূব এছিয়ান প্ৰকাৰ"।
নামকৰণআমৰ ইংৰাজী নাম অৰ্থাৎ "mango" তামিল শব্দ ' māṅgai বা mankay' অথবা মালায়ালম শব্দ 'māṅga' শব্দৰ পৰা উৎপত্তি হোৱা বুলি ধাৰণা কৰা হয়।[3][4][5][6] বিৱৰণআম এবিধ বৃক্ষজাতীয় উদ্ভিদ। ইয়াৰ উচ্চতা প্ৰায় ৩৫-৪০ মিটাৰ পৰ্যন্ত হ'ব পাৰে। এই গছবিধ বহুদিন জীয়াই থাকে। কিছুমান আমগছ ৩০০ বছৰ পৰ্যন্ত ফল ধাৰণ কৰিব পৰা অৱস্থাতে থকাৰো তথ্য পোৱা যায়। আমগছৰ পাত চিৰসেউজীয়া, সৰল আৰু alternate হয়। এটা পাত সাধাৰণতে দীঘলে ১৫-৩৫ ছে:মি: আৰু বহলে ৬-১৬ ছে:মি: হয়। কুমলীয়া পাতৰ বৰণ কমলা-গুলপীয়া। পুৰঠ হোৱাৰ লগে লগে এই ৰং সলনি হৈ গাঢ় ৰঙা হৈ সেউজীয়া হৈ পৰে। ফুলৰ দৈৰ্ঘ্য প্ৰায় ১০-৮০ ছে:মি: হয়। আমৰ ফলৰ বৰণ আৰু আকাৰ পুৰঠ হোৱাৰ লগে লগে সলনি হয়। আলোকচিত্ৰৰ ভঁৰাল
তথ্যসূত্ৰ
লগতে চাওক
বাহ্যিক সংযোগ
|