ইন্দিৰা জয়সিংহ
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা১৯৪০ চনৰ ৩ জুন তাৰিখে ব্ৰিটিছ ভাৰতৰ অন্তৰ্ভুক্ত বোম্বেত (বৰ্তমান মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত) ইন্দিৰা জয়সিংহৰ জন্ম হৈছিল। তেওঁ বোম্বেৰ এক সিন্ধী হিন্দু পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল। তেওঁ বোম্বেত প্ৰাৰম্ভিক শিক্ষা লাভ কৰিছিল। তাৰ পিছত তেওঁ বাংগালোৰ বিশ্ববিদ্যালয়ৰ পৰা কলাৰ স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিছিল।[1] ১৯৬২ চনত তেওঁ বোম্বে বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[1] তেওঁৰ স্বামী আনন্দ গ্ৰোভাৰ এজন প্ৰসিদ্ধ মানৱ অধিকাৰ অধিবক্তা আৰু উচ্চতম ন্যায়ালয়ৰ মনোনীত জ্যেষ্ঠ অধিবক্তা। কৰ্মজীৱনআইনী কেৰিয়াৰৰ আৰম্ভণিৰ পৰা তেওঁ মানৱ অধিকাৰৰ সুৰক্ষা আৰু মহিলাৰ অধিকাৰৰ ওপৰত গুৰুত্ব দিছিল। ১৯৮১ চনত তেওঁৰ স্বামী আনন্দ গ্ৰোভাৰৰ সৈতে তেওঁ নাৰীবাদী আৰু বাওঁপন্থী চিন্তাধাৰাৰ এক বেচৰকাৰী সংস্থা 'লয়াৰ্চ কালেক্টিভ' প্ৰতিষ্ঠা কৰে। ১৯৮৬ চনত তেওঁ বোম্বে উচ্চ ন্যায়ালয়ৰ দ্বাৰা জ্যেষ্ঠ অধিবক্তা হিচাপে স্বীকৃতি লাভ কৰা প্ৰথম মহিলা হিচাপে পৰিগণিত হৈছিল। তেওঁৰ নাৰীবাদ আৰু শক্তিশালী ব্যক্তিত্বে ছোনিয়া গান্ধীৰ প্ৰিয় কৰি তুলিছিল আৰু ২০০৯ চনত তেওঁ ভাৰতৰ অতিৰিক্ত চলিছিটৰ জেনেৰেল নিযুক্ত হোৱা প্ৰথম মহিলা হিচাপে পৰিগণিত হয়। ইন্দিৰা জয়সিংহয়ে মেৰী ৰায়ৰ গোচৰকে ধৰি মহিলাৰ প্ৰতি বৈষম্য সম্পৰ্কীয় কেইবাটাও গোচৰত যুক্তি দৰ্শাইছিল। ইয়াৰ ফলত কেৰালাৰ চিৰিয়ান খ্ৰীষ্টান মহিলা উত্তৰাধিকাৰৰ অধিকাৰ প্ৰদান কৰা হৈছিল আৰু ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া ৰূপন দেওল বাজাজে কেপিএছ গিলক তেওঁৰ প্ৰতি যৌন নিৰ্যাতনৰ বাবে গোচৰ চলাইছিল। তেওঁ গীতা হৰিহৰণ গোচৰত মাতৃ তেওঁৰ নাবলক সন্তানৰ "প্ৰাকৃতিক অভিভাৱক" হিচাপে শিশুসকলেও মাকৰ নাম বহন কৰিব পৰাৰ বিষয়ে যুক্তি দিছিল। তেওঁ কেৰালা উচ্চ ন্যায়ালয়ত ভাৰতীয় বিবাহ বিচ্ছেদ আইনৰ বৈষম্যমূলক ব্যৱস্থাবোৰক সফলতাৰে প্ৰত্যাহ্বান জনাইছিল। এনেদৰে তেওঁ খ্ৰীষ্টান মহিলাসকলক নিষ্ঠুৰতা বা পৰিহাৰৰ কাৰণত বিবাহ বিচ্ছেদ পাবলৈ সক্ষম কৰাইছিল।[3] ২০১৫ চনত ইন্দিৰা জয়সিংহয়ে গ্ৰীণ পিছ ইণ্ডিয়া গোচৰত প্ৰিয়া পিল্লাইৰ বাবে গোচৰত যুক্তি দিছিল।[4] ২০১৬ চনত তেওঁ উচ্চতম ন্যায়ালয়ত বনাম ইন্দিৰা জয়সিংহ গোচৰত উচ্চতম ন্যায়ালয়ত জ্যেষ্ঠ অধিবক্তা মনোনীত কৰাৰ প্ৰক্ৰিয়াক প্ৰত্যাহ্বান জনাইছিল।[5] মানৱধিকাৰআমেৰিকান বহুজাতিক ইউনিয়ন কাৰ্বাইড নিগমৰ বিৰুদ্ধে ক্ষতিপূৰণৰ দাবীত ইন্দিৰা জয়সিংহয়ে ভাৰতৰ উচ্চতম ন্যায়ালয়ত ভূপাল দুৰ্ঘটনাৰ ভুক্তভোগীসকলক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ মুম্বাইৰ গৃহহীন ফুটপাথবাসীৰ গোচৰত যুক্তি দিছিল যিসকলে উচ্ছেদৰ সন্মুখীন হৈছিল। ১৯৭৯ চনৰ পৰা ১৯৯০ চনলৈ হোৱা অতিৰিক্ত ন্যায়িক হত্যা, নিৰুদ্দেশ আৰু গণ অন্ত্যেষ্টি ক্ৰিয়াৰ তদন্তৰ বাবে তেওঁ পাঞ্জাৱত হিংসা সম্পৰ্কীয় কেইবাটাও লোক আয়োগৰ সৈতে জড়িত আছিল। ৰাষ্ট্ৰসংঘয়ে ম্যানমাৰৰ ৰাখাইন ৰাজ্যত ৰহিংগীয়া মুছলমানসকলৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ দ্বাৰা কথিত হত্যা, ধৰ্ষণ আৰু অত্যাচাৰৰ তদন্ত কৰা এক সত্য সন্ধান অভিযানত ইন্দিৰাক আৰু আন দুগৰাকী বিশেষজ্ঞক নিযুক্ত কৰিছিল।[6] লয়াৰ্চ কালেক্টিভইন্দিৰা লয়াৰ্চ কালেক্টিভৰ প্ৰতিষ্ঠাপক সচিব আছিল। এই সংগঠনে ভাৰতীয় সমাজৰ পিছপৰা শ্ৰেণীৰ বাবে আইনী পুঁজি প্ৰদান কৰে। তেওঁ ১৯৮৬ চনত 'দা লয়াৰ্চ' নামৰ এখন মাহিলী আলোচনী স্থাপন কৰিছিল। এই আলোচনীখনে ভাৰতীয় আইনৰ প্ৰসংগত সামাজিক ন্যায় আৰু মহিলাৰ বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। তেওঁ মহিলাৰ প্ৰতি বৈষম্য, মুছলিম ব্যক্তিগত আইন, ফুটপাথৰ বাসিন্দা আৰু গৃহহীন সকলৰ অধিকাৰ আৰু ভূপাল গেছ দুৰ্ঘটনাৰ সৈতে সম্পৰ্কিত গোচৰত জড়িত হৈ আছে। তেওঁ শিশু শ্ৰমিকৰ বিৰুদ্ধে, মহিলা, পৰিত্যাগ কৰা পত্নী আৰু ঘৰুৱা হিংসাৰ গোচৰৰ অৰ্থনৈতিক অধিকাৰৰ বাবে যুঁজ দি আহিছে। তেওঁৰ এই এনজিঅ' বৰ্তমান এফচিআৰএ নিয়ম উলংঘন কৰাৰ বাবে ভাৰতৰ গৃহ মন্ত্ৰালয়ে ইয়াৰ অনুজ্ঞা পত্ৰ স্থগিত কৰিছে।[7][8][9] বঁটা আৰু সন্মানইন্দিৰা জয়সিংহয়ে মহিলাৰ বিষয়ে কেইবাটাও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰিছে। তেওঁ ইনষ্টিটিউট অফ এভান্সড লিগেল ষ্টাডিজ লণ্ডনৰ ফেল'শ্বিপ লাভ কৰিছিল আৰু নিউয়ৰ্কৰ কলম্বিয়া বিশ্ববিদ্যালয়ৰ এগৰাকী ভ্ৰমণকাৰী অধ্যাপক আছিল। তেওঁ মহিলাৰ বিৰুদ্ধে বৈষম্য নিৰ্মূলৰ বিষয়ে ৰাষ্ট্ৰসংঘৰ সমিতিৰ সদস্য আছিল। দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিয়াত আৰু সমাজৰ দুৰ্বল শ্ৰেণীৰ চেম্পিয়ন হিচাপে ৰাষ্ট্ৰলৈ তেওঁৰ সেৱাৰ স্বীকৃতি স্বৰূপে তেওঁক ৰটাৰী মানৱ সেৱা বঁটা প্ৰদান কৰা হৈছিল। ২০০৫ চনত তেওঁ ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী লাভ কৰিছিল।[10] তথ্য উৎস
|