Share to: share facebook share twitter share wa share telegram print page

কপৌ ফুল

কপৌ ফুল
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Plantae
বৰ্গ: Asparagales
পৰিয়াল: Orchidaceae
উপপৰিয়াল: Epidendroideae
গোত্ৰ: Vandeae
Subtribe: Aeridinae
গণ: Rhynchostylis
প্ৰজাতি: R. retusa
বৈজ্ঞানিক নাম
Rhynchostylis retusa

কপৌ ফুল (ইংৰাজী: Foxtail Orchid, বৈজ্ঞানিক নাম: Rhynchostylis retusa) হৈছে এবিধ ভান্দা গোটৰ আকৰ্ষক অৰ্কিড প্ৰজাতি। এই অৰ্কিডৰ ফুল বিলাক প্ৰায় এশতকৈয়ো অধিক বগা ৰঙৰ ওপৰত গুলপীয়া ফুট ফুট থকা ফুলৰ এক সমষ্টিৰ ৰূপত পোৱা যায়।

বিতৰণ

এই উদ্ভিদটো মুকলি অৰণ্যত বা বনাঞ্চলৰ প্ৰান্তত 300–1,500 মিটাৰ (980–4,900 ফুট) উচ্চতাত গছৰ ডালত গজা epiphyte। ইয়াক ভূটান, কম্বোডিয়া, চীন (গুইজৌ, ইউনান), ভাৰত, ইণ্ডোনেছিয়া, লাওছ, মলেছিয়াত পোৱা যায়। ], ম্যানমাৰ, নেপাল, ফিলিপাইনছ, চিংগাপুৰ, শ্ৰীলংকা, থাইলেণ্ড, আৰু ভিয়েটনাম.উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; অবৈধ নাম, যেনে- বহুসংখ্যক[1]

ভাৰতত এই উদ্ভিদ ঘাইকৈ উত্তৰ পূৰ্বাঞ্চল, উৰিষ্যা আৰু অন্ধ্ৰ প্ৰদেশত পোৱা যায়। বায়'-পাইৰেছীৰ কবলত পৰি এই উদ্ভিদ এতিয়া ভাৰতত লুপ্ত হোৱাৰ পথত। কপৌ ফুলক অসম আৰু অৰুণাচল প্ৰদেশৰ ৰাজ্যিক ফুল হিচাপে মান্যতা দিয়া হৈছে।

কপৌফুল

যত্ন

এই উদ্ভিদৰ বাবে সম পৰিমাণত জলযোগান আৰু গোটেই বছৰত সম পৰিমাণত সাৰৰ প্ৰয়োগৰ প্ৰয়োজন।[2] যদিহে পাত বোৰ বেছিকৈ তিতি থাকে তেতিয়াহলে মৰি যোৱাৰ সম্ভাৱনা থাকে। ইহঁতে পৰোক্ষ পোহৰ পছন্দ কৰে। ফুল সাধাৰণতে বসন্তৰ শেষৰ ফালে ফুলে।[3]

ব্যৱহাৰ

অসমত পোৱা কপৌ ফুলৰ এজোপা গছ, ফুলৰ সৈতে

ঔষধিয় গুণৰ বাবে এই উদ্ভিদ কটা-ছিঙা, ঘা আদিৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। কাণ পকিলে বা কাণৰ বিষ হ'লে বিষ নিৰাময়ৰ বাবে কপৌফুলৰ কেঁচা পাতৰৰস এক-দুইটোপাল ব্যৱহাৰ কৰা হয়।

অসমত এই অৰ্কিড খুব জনপ্ৰিয় আৰু অসমীয়া ব'হাগ বিহুৰ লগত ওতঃপ্ৰোত সমন্ধ আছে। বিহু নাচিবৰ বাবে বিহুৱতীৰ মূৰৰ খোপাত কপৌ ফুল ব্যৱহাৰ হয়। ডেকা- গাভৰু সকলে ইয়াক প্ৰেমৰ প্ৰতীক হিচাপে গণ্য কৰে। লগতে এই অৰ্কিডক উৰ্বৰতা আৰু সুখ সমৃদ্ধিৰ চিহ্ন হিচাপেও প্ৰক্ষেপ কৰা যায়। স্থানীয় লোকৰ বিবাহ অনুষ্ঠানতো এই অৰ্কিডৰ ফুল ব্যৱহাৰ হয়। জনজীৱনৰ লগত ইয়াৰ ওতঃপ্ৰোত সমন্ধ আৰু গুৰুত্বৰ বাবে ইয়াক প্ৰায়ভাগ অসমীয়া পৰিয়ালৰ চৌহদত ৰোপণ কৰা দেখা যায় আৰু লগতে ই অসমৰ ৰাজ্যিক ফুল হিচাপেও মান্যতা প্ৰাপ্ত।

তথ্য সংগ্ৰহ

  1. "Distribution - Rhynchostylis retusa". Tropicos.org. Retrieved on 2013-03-18.
  2. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; ob নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  3. (1998-01-20). "Rhynchostylis page". Orchid Species.com. Retrieved on 2013-03-18.
Kembali kehalaman sebelumnya