Share to: share facebook share twitter share wa share telegram print page

 

কুমাৰ ভাস্কৰ বৰ্মা

কুমাৰ ভাস্কৰ বৰ্মা (ইংৰাজী: Kumar Bhaskara Varman) কামৰূপ ৰাজ্যত ৰাজত্ব কৰা বৰ্মণ ৰাজবংশৰ ৰজাসকলৰ মাজত প্ৰসিদ্ধ আছিল।[1] তেওঁৰ ভাতৃ সুপ্ৰতিষ্ঠ বৰ্মাৰ মৃত্যুৰ পিছত ৰাজসিংহাসনত বহে। ভাস্কৰ বৰ্মা চিৰকুমাৰ আছিল। তেওঁৰ কোনো উত্তৰাধিকাৰী নথকাৰ বাবেই তেওঁৰ মৃত্যুৰ পিছত শালস্তম্ভই কামৰূপ ৰাজ্যত শালস্তম্ভ বা ম্লেচ্ছৰাজ বংশৰ প্ৰতিষ্ঠা কৰে।

বৰ্মণ ৰাজবংশ
পুষ্যবৰ্মা ৩৫০–৩৭৪
সমুদ্ৰবৰ্মা ৩৭৪–৩৯৮
বলবৰ্মা ৩৯৮–৪২২
কল্যাণ বৰ্মা ৪২২–৪৪৬
গণপতি বৰ্মা ৪৪৬–৪৭০
মহেন্দ্ৰ বৰ্মা ৪৭০–৪৯৪
নাৰায়ণ বৰ্মা ৪৯৪–৫১৮
ভূতি বৰ্মা ৫১৮–৫৪২
চন্দ্ৰমুখ বৰ্মা ৫৪২–৫৬৬
১০ স্থিত বৰ্মা ৫৬৬–৫৯০
১১ সুস্থিত বৰ্মা ৫৯০–৫৯৫
১২ সুপ্ৰতিস্থিত বৰ্মা ৫৯৫–৬০০
১৩ কুমাৰ ভাস্কৰ বৰ্মা ৬০০–৬৫০
১৪ অৱন্তী বৰ্মা ৬৫০–৬৫৫


উত্তৰ ভাৰতৰ ৰজা হৰ্ষবৰ্দ্ধন বা শীলাদিত্য, কুমাৰ ভাস্কৰ বৰ্মাৰ সমসাময়িক আছিল। ভাস্কৰ বৰ্মাই হংসবেগ নামৰ কটকী এজন পঠিয়াই হৰ্ষবৰ্দ্ধনৰ লগত মিত্ৰতা কৰিছিল।[1] সেই সময়ত গৌড় দেশত শশাঙ্ক নামৰ ৰজাজনে ৰাজত্ব কৰিছিল। তেওঁৰ হাতত হৰ্ষবৰ্দ্ধনৰ ককায়েক ৰাজ্যবৰ্দ্ধনৰ মৃত্যু হৈছিল। সেয়ে হৰ্ষবৰ্দ্ধনে ভাতৃহন্তা শশাঙ্কৰ ৰাজ্য আক্ৰমণ কৰে। ভাস্কৰ বৰ্মাই সেই যুদ্ধত হৰ্ষবৰ্দ্ধনক সহায় কৰে। তেওঁলোকৰ হাতত গৌড় ৰজা শশাঙ্ক পৰাস্ত হয়। শশাঙ্কৰ ৰাজ্য কৰ্ণসুবৰ্ণ আৰু গৌড় বা পৌণ্ড্ৰবৰ্দ্ধন ভাস্কৰ বৰ্মনে পায়। ইয়াৰ পিছত ভাস্কৰ বৰ্মা এখন বিশাল ৰাজ্যৰ অধিকাৰী হৈ পৰিছিল। ভাস্কৰ বৰ্মাৰ দিনত কামৰূপ ৰাজ্যৰ সীমা পশ্চিমে বিহাৰ আৰু দক্ষিণে উৰিষ্যাৰ ওচৰ পাইছিলগৈ।[1]

কুমাৰ ভাস্কৰ বৰ্মাৰ দিনতেই চীনা পৰিব্ৰাজক হিউৱেন চাঙ অসমলৈ আহিছিল। তেওঁ লিখি থৈ গৈছে যে, কামৰূপ ৰাজ্যৰ বিস্তৃতি ১৬৭৫ মাইল আছিল, ৰাজধানী প্ৰাগজ্যোতিষপুৰৰ বিস্তৃতি ৬ মাইল আছিল।[1] ৰজা হিন্দু যদিও, তেওঁ বৌদ্ধ ধৰ্মৰ লোককো শ্ৰদ্ধা কৰিছিল।[2]

ৰজা হৰ্ষবৰ্দ্ধনেও ৰজা ভাস্কৰ বৰ্মনক যথেষ্ট সন্মান কৰিছিল। এবাৰ চীনা পৰিব্ৰাজক হিউৱেন চাঙৰ সন্মানৰ অৰ্থে হৰ্ষবৰ্দ্ধনে প্ৰয়াগত এখন ডাঙৰ সভাৰ আয়োজন কৰিছিল।[1] তালৈ ভাৰতৰ বিখ্যাত ৰজাসকলক নিমন্ত্ৰণ কৰা হৈছিল। সেই উপলক্ষে তেওঁলোকে এটা ডাঙৰ শোভাযাত্ৰা কৰি দুভাগ হৈ গঙ্গাৰ দুই পাৰেদি যাত্ৰা কৰিছিল। সেই শোভাযাত্ৰাৰ এভাগৰ আগত হৰ্ষবৰ্দ্ধন আৰু আনটো ভাগত ভাস্কৰ বৰ্মা গৈছিল।[1]

লগতে চাওক

তথ্য সংগ্ৰহ

  1. 1.0 1.1 1.2 1.3 1.4 1.5 ভূপেন্দ্ৰ নাথ চৌধুৰী (১৯৯৫). সোণৰ অসম. খগেন্দ্ৰনাৰায়ণ দত্তবৰুৱা, লয়াৰ্ছ বুক স্টল. পৃষ্ঠা. ১৬, ১৭, ১৮. 
  2. (Gait 1926:23-24)

লগতে পঢ়ক

  • Gait, E A (1906), A History of Assam, Thacker, Spink and Co., Calcutta 
  • Gait, Sir Edward (1926), A History of Assam, Lawyer's Book Stall, Guwahati 
  • Ghosh, Suchandra. Karnasuvarna, Banglapedia.
  • Kāmarūpa-Kaliṅga-Mithilā:a politico-cultural alignment in Eastern India : history, art, traditions by Chandra Dhar Tripathi, Indian Institute of Advanced Study

বাহ্যিক সংযোগ


Information related to কুমাৰ ভাস্কৰ বৰ্মা

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia

Kembali kehalaman sebelumnya