গৰখীয়া দ'ল
গৰখীয়া দ'ল বা গৰখীয়া দৌল, যোৰহাট নগৰৰ উত্তৰে প্ৰায় পাঁচ কিলোমিটাৰ আঁতৰৰ বালিগাঁৱত অৱস্থিত এখন প্ৰাচীন দেৱালয়। অসম বুৰঞ্জীত ইয়াৰ উল্লেখ নাই যদিও এই দ'ল জাগ্ৰত বুলি জনবিশ্বাস আছে। গৰখীয়া দ'লৰ নামঘৰ আৰু মণিকূট থকাটো উল্লেখযোগ্য।[1] ইয়াত থকা উঁই-হাফলুৰ দ'লটো চৈধ্য-পোন্ধৰফুটমান ওখ। ইতিহাসকাহিনী অনুসৰি অতীজতে এই ঠাইত এখন গৰু চৰোৱা আহল-বহল পথাৰ আছিল। প্ৰতিদিনে স্থানীয় গৰখীয়াবিলাকে গোট খাই তাত গৰু চৰাইছিল। তাতে এজন মুখিয়াল গৰখীয়াই নিতৌ বালিৰ দ'ল সাজি ফৰিং বলি দিয়াৰ ব্যৱস্থা কৰিছিল। দৈনিক এজন গৰখীয়াৰ ফৰিং ধৰি অনাৰ পাল আছিল আৰু দ'লৰ আগত বিৰিণাৰ পাতেৰে সেই ফৰিং বলি দি গৰখীয়াৰ নিত্য পূজা সমাপন কৰি ঘূৰি গৈছিল। এদিন পাল পৰা এজন গৰখীয়া ল'ৰাই ফৰিং ধৰি নানিলে; আৰু বলি দিবৰ সময় হোৱাত গৰখীয়াই ক'লে, তেওঁ ফৰিং আনিব নোৱাৰিলে, গতিকে দ'লৰ আগত তেওঁকেই বলি দিয়ক। গতিকে ফৰিং বলি দিয়াৰ দৰেই বিৰিণা পাতেৰে এজন ল'ৰাই তেওঁৰ ডিঙিটোত ৰেপ দিলে। আচৰিত কথা যে বিৰিণা পাতৰ ঘঁহনি খাই ল'ৰাজনৰ ডিঙিটো দুটুকুৰা হ'ল। তেতিয়া সকলো গৰখীয়া ল'ৰাই চিঞৰ-বাখৰ কৰি গাঁৱৰ মানুহক জনালে। গাঁৱৰ মানুহে এনে আচৰিত কাণ্ড দেখি এই ঠাইত দেৱতা আছে বুলি সেই বালিৰ দ'ল আৰু বলি দিয়া ঠাই তেতিয়াই তাঁতি দি বেৰি পেলালে। পাছদিনা পুৱা দেখে যে সেই ঠাইত বালিৰ দ'লৰ ঠাইত উঁইহাফলুৰ দৰে এটা দ'ল হৈ আছে। দিনে দিনে সেই দ'ল বাঢ়ি উঠা দেখি গাঁৱৰ ৰাইজে তাত এটা শিৱমূৰ্তি প্ৰতিষ্ঠা কৰি এটা মন্দিৰ নিৰ্মাণ কৰিলে। প্ৰবাদমতে শিৱসিংহ ৰজাৰ দিনত প্ৰথমে ইয়াত বলি দিয়া হৈছিল। পূজা-অৰ্চনাপ্ৰতি এই দ'লত শিৱৰাত্ৰিৰ অষ্টপ্ৰহৰ শিৱপূজা হয়। হাফলুটোত উঁই থকাৰ চিন নাই কিন্তু তাত এযোৰ ফটীসাপ মাজে মাজে ওলোৱা দেখা যায়।[1] মানুহে দ'লৰ মাহাত্ম্য বিশ্বাস কৰি বেমাৰে-আজাৰে দুখে-আপদে দ'ললৈ মাননি দিয়ে। প্ৰসঙ্গ পুথি
তথ্য সংগ্ৰহ
|