চাঁওতালি বা সাঁওতালি, চাঁওতালী, সান্থালী ভাষা হ'ল অষ্ট্ৰো-এছীয় ভাষাপৰিবাৰৰ চাঁওতালি উপপৰিবাৰৰ এটি ভাষা। হো আৰু মুণ্ডাৰী ভাষাৰ লগত ইয়াৰ মিল আছে। ২০০১ চনৰ লোকপিয়ল অনুসৰি ভাৰতত প্ৰায় ৫৯ লাখ ৪০ হাজাৰ চাঁওতালিভাষী মানুহে বসবাস কৰে। ইয়াৰোপৰি বাংলাদেশত এই ৰ জনসংখ্যা ২০১১ চনৰ গণনা অনুযায়ী প্ৰায় ২ লাখ ২৫ হাজাৰ আৰু নেপালত ৪৯ হাজাৰ ৯০০।[1] ভূটানতো কিছু পৰিমাণে চাঁওতালি ভাষাৰ মানুহ আছে। বেছি ভাগ চাঁওতালিভাষী মানুষ ভাৰতৰ ঝাড়খণ্ড, অসম, বিহাৰ, ওড়িশা, ত্ৰিপুৰা আৰু পশ্চিমবংগ ৰাজ্যত বাস কৰে। চাঁওতালি ভাষাৰ নিজস্ব লিপি আছে, যাৰ নাম অল চিকি লিপি। অৱশ্যে বঙালী লিপি, ওড়িয়া লিপি, ৰোমান লিপি আৰু দেৱনাগৰী লিপিৰেও এই ভাষা লিখা হয়।
তথ্যসূত্ৰ
|
---|
| কেন্দ্ৰীয় চৰকাৰ পৰ্য্যায়ৰ চৰকাৰী ভাষাসমূহ | |
---|
| ৰাজ্য পৰ্য্যায়ৰ চৰকাৰী ভাষাসমূহ | |
---|
|