জনপ্ৰব্ৰজনমানুহে স্থায়ী বা অস্থায়ীভাৱে বাসস্থান সলাই এঠাইৰ পৰা আন এঠাইলৈ গমন কৰাকে জনপ্ৰব্ৰজন (ইংৰাজী: Human migration) বোলে।[1] সহজ অৰ্থত জনপ্ৰব্ৰজন হৈছে এজন বা তাতোধিক ব্যক্তিয়ে যেতিয়া স্থায়ীৰূপে নাইবা দীৰ্ঘদিনৰ বাবে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ বাসস্থান সলনি কৰে। সাধাৰণতে সম্পদ-অভাৱী (resource poor) অঞ্চলৰ পৰা সম্পদশালী (resource rich) অঞ্চললৈ জনপ্ৰব্ৰজন ঘটে। জনপ্ৰব্ৰজনৰ ফলত এটা অঞ্চলৰ জনসংখ্যাৰ হ্ৰাস-বৃদ্ধি হয়। জনপ্ৰব্ৰজন আৰম্ভ হোৱা এলেকাক জনপ্ৰব্ৰজনৰ উৎস আৰু যি স্থানলৈ জনপ্ৰব্ৰজন হয় সেই এলেকাক জনপ্ৰব্ৰজনৰ লক্ষ্যস্থল বোলে। জনপ্ৰব্ৰজন কেতিয়াবা দেশৰ ভিতৰতে এঠাইৰ পৰা আন এঠাইলৈ আৰু কেতিয়াবা এখন দেশৰ পৰা আন এখন দেশলৈ সংঘটিত হয়। দেশৰ ভিতৰত হোৱা জনপ্ৰব্ৰজনক অভ্যন্তৰীণ প্ৰব্ৰজন (internal migration) আৰু কোনো দেশৰ পৰা আন এখন দেশলৈ হোৱা জনপ্ৰব্ৰজনক বাহ্যিক প্ৰব্ৰজন (external migration) বুলি কোৱা হয়। বিশ্বজুৰী বাহ্যিক প্ৰব্ৰজনৰ তুলনাত অভ্যন্তৰীণ প্ৰব্ৰজন অনেক বেছি।[2] মানুহে অকলশৰে, বা পৰিয়ালৰ সৈতে অথবা বৃহৎ সংখ্যক লোকৰ গোটত জনপ্ৰব্ৰজন কৰিব পাৰে।[3] জনপ্ৰব্ৰজন মূলতঃ চাৰি প্ৰকাৰৰ: আক্ৰমণ (invasion), বিজয় (conquest), উপনিৱেশীকৰণ (colonization), আৰু অভিবাসন (immigration)।[4] প্ৰব্ৰজকজনপ্ৰব্ৰজন কৰা লোকসকলক প্ৰব্ৰজক বোলা হয়। উৎসস্থলত জনপ্ৰব্ৰজনকাৰীক বহিঃপ্ৰব্ৰজক আৰু একেজন ব্যক্তিক লক্ষস্থলীত অন্তঃপ্ৰব্ৰজক বোলা হয়। জনপ্ৰব্ৰজনৰ ফলত উৎসস্থলত জনসংখ্যা হ্ৰাস পাই আৰু লক্ষস্থানত জনসংখ্যা বৃদ্ধি পাই। জনপ্ৰব্ৰজনৰ কাৰকসমূহমানুহে অধিক সুবিধা লাভৰ অৰ্থে নতুবা বিভিন্ন সা-সুবিধাৰ প্ৰতি আকৰ্ষিত হৈয়ে জনপ্ৰব্ৰজন কৰে। জনপ্ৰব্ৰজনৰ প্ৰধান কাৰক দুটা হ'ল আকৰ্ষণী কাৰক আৰু বিকৰ্ষণী কাৰক:
যিবোৰ কাৰকে এটা অঞ্চললৈ মানুহক অন্য এটা অঞ্চলৰ পৰা জনপ্ৰব্ৰজন কৰিবলৈ উৎসাহ যোগাই বা আকৰ্ষণ কৰে সেইবোৰ কাৰকক আকৰ্ষণী কাৰক বোলে। যেনে: নিয়োগ সুবিধা, নিৰাপত্তা, উন্নত চিকিৎসা ব্যৱস্থা, শিক্ষা ব্যৱস্থা, সুলভ আৰু সহজ যাতায়তৰ সুবিধা, ভাল বজাৰ ব্যৱস্থা, স্বাস্থ্যকৰ পৰিৱেশ আদি।
যিবোৰ কাৰকে মানুহক এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ জনপ্ৰব্ৰজন কৰিবলৈ বাধ্য কৰে সেইবোৰ কাৰকক বিকৰ্ষণী কাৰক বোলে। যেনে: নিবনুৱা সমস্যা, অনুন্নত শিক্ষা ব্যৱস্থা, যুদ্ধ, মহামাৰী, অস্বাস্থ্যকৰ পৰিৱেশ, যাতায়ত আৰু যোগাযোগৰ অসুবিধা, কৰ্মস্থানৰ অভাৱ আদি। জনপ্ৰব্ৰজনৰ প্ৰকাৰঅভ্যন্তৰীণ প্ৰব্ৰজন বা অন্তৰ্দেশীয় জনপ্ৰব্ৰজন হ'ব পাৰে গাঁৱৰ পৰা গাঁওমুখী, আন্তঃআঞ্চলিক, গাৱঁৰ পৰা চহৰমুখী, চহৰৰ পৰা গাঁওমুখী, আন্তঃনগৰীয়, আৰু আন্তঃৰাজ্যিক। সাময়িক জনপ্ৰব্ৰজনৰ প্ৰকাৰ: অঘৰী জনপ্ৰব্ৰজন, ঋতু জনপ্ৰব্ৰজন, আধুনিক ঋতু জনপ্ৰব্ৰজন, বৰ্ষানুবৰ্ষী জনপ্ৰব্ৰজন। তথ্য সংগ্ৰহ
Information related to জনপ্ৰব্ৰজন |