Share to: share facebook share twitter share wa share telegram print page

 

দীপলিনা ডেকা

দীপলিনা ডেকা (ইংৰাজী: Deeplina Deka) অসমৰ এগৰাকী অভিনেত্ৰী আৰু কণ্ঠশিল্পী। বৈদ্যুতিক অভিযান্ত্ৰিক ডিগ্ৰীধাৰী দীপলিনা অসমত "পৰী" নামেৰেও পৰিচিত।[1] জুবিন গাৰ্গ পৰিচালিত মিছন চাইনা চলচ্চিত্ৰখনৰ মাধ্যমত তেওঁ অসমীয়া চলচ্চিত্ৰ জগতত অভিনয় জীৱনৰ পাতনি মেলিছিল।

অসমকণ্ঠশিল্পী
দীপলিনা ডেকা

গীত পৰিৱেশন কৰাৰ সময়ত লোৱা ছবি
জন্ম ৭ ফেব্ৰুৱাৰী ১৯৯২
গুৱাহাটী
ৰাষ্ট্ৰীয়তা ভাৰতীয় 🇮🇳
পেচা গায়িকা
জনা যায় শিল্পী


জন্ম আৰু শিক্ষা

দীপলিনা ডেকাৰ জন্ম হয় ১৯৯২ চনৰ ৭ ফেব্ৰুৱাৰী তাৰিখে। তেওঁৰ পিতৃ বাবুল কুমাৰ ডেকা আৰু মাতৃ পদুমী ডেকা৷[2][ইয়াতকৈ ভাল উৎসৰ প্ৰয়োজন] তেওঁৰ পিতৃয়ে নগাঁৱৰ কাগজ কলত চাকৰি কৰিছিল। সন্তানৰ ভিতৰত দীপলিনা কনিষ্ঠ, তেওঁৰ এগৰাকী জ্যেষ্ঠা ভগ্নী আছে। কেন্দ্ৰীয় বিদ্যালয় জাগীৰোডৰ পৰা মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ উচ্চ শিক্ষাৰ বাবে তেওঁ মহৰ্ষি বিদ্যা নিকেতনত নামভৰ্তি কৰে৷

অধ্যয়ন কৰা সময়ৰ পৰা নৃত্য, সঙ্গীত আৰু অভিনয়ত অংশগ্ৰহণ কৰি তেওঁ পুৰস্কাৰ লাভ কৰিছে। দীপলিনাই কথক নৃত্যৰ প্ৰশিক্ষণ আৰু শাস্ত্ৰীয় সঙ্গীতত বিশাৰদ অৰ্জন কৰিছে। তেওঁ ২০০৭ চনত ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত বেটমিণ্টন প্ৰতিযোগিতাতো চতুৰ্থ স্থান লাভ কৰিছিল৷[3] শিক্ষা সমাপ্ত কৰি এয়াৰটেল আৰু জিঅ’ কোম্পানীত অভিযন্তা পদত কৰ্মৰত থকাৰ সময় জুবিন গাৰ্গ পৰিচালিত মিছন চাইনা চলচ্চিত্ৰত অভিনয় কৰাৰ সুযোগ পায়। তাৰপিছত চাকৰি এৰি চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে। ২০১৫ চনৰ ২৩ ফেব্ৰুৱাৰী তাৰিখত তেওঁৰ প্ৰথম ভিডিঅ’ গানৰ এলবাম “নোৱাৰি নোৱাৰি” মুক্তি পায় যাৰ সহ-শিল্পী আছিল তৰুণ তন্ময়[4]

ডিস্ক'গ্ৰাফী

  • নোৱাৰি নোৱাৰি
  • চুই দিয়ানা
  • উৰি উৰি যায়
  • ৰাতি বিহু
  • ভবাই নাছিলোঁ
  • তুমি আহিলে

তথ্যসূত্ৰ

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia

Kembali kehalaman sebelumnya