দ্য অ'ল্ড মেন এণ্ড দ্য ছী
দি অ'ল্ড মেন এণ্ড দা ছী (ইংৰাজী: The Old Man and the Sea) ১৯৫২ চনত প্ৰকাশিত আমেৰিকান সাহিত্যিক আৰ্ণেষ্ট হেমিঙৱেই লিখা এখন উপন্যাস।[3] তেওঁ ১৯৫১ চনত কিউবাত উপন্যাসখন ৰচনা কৰিছিল। এইটোৱেই তেওঁৰ নিজৰ জীৱনকালত প্ৰকাশিত শেষ উল্লেখযোগ্য কাল্পনিক সাহিত্যকৰ্ম। তেওঁৰ বিখ্যাত সাহিত্যকৰ্মসমূহৰ অন্যতম এই উপন্যাসখন এজন বৃদ্ধ মাছমৰীয়া লোকৰ ওপৰত কেন্দ্ৰিত য'ত তেওঁ উপসাগৰৰ মাজত এক বৃহদাকায় মাৰ্লিন মাছ এটা লৈ সংগ্ৰাম কৰে।[4] ১৯৫৩ চনত উপন্যাসখনে কল্পকাহিনীৰ পুলিৎজাৰ বঁটা লাভ কৰে আৰু ন'বেল সমিতিয়ে হেমিঙৱেক ১৯৫৪ চনৰ সাহিত্যৰ ন'বেল বঁটাৰ বাবে বাছনি কৰে। কাহিনী সাৰাংশদি অ'ল্ড মেন এণ্ড দা ছী-ত এগৰাকী বৃদ্ধ, অভিজ্ঞতাপুষ্ট কিউবান মাছমৰীয়া আৰু এক বৃহদাকায় মাৰ্লিন মাছৰ মাজত এক সংগ্ৰামৰ কাহিনী। ছাণ্টিয়াগো নামৰ মাছমৰীয়াজনে ৮৪ দিন ধৰি মাছ ধৰিব নোৱাৰাকৈ কটোৱাৰ বৰ্ণনাৰে উপন্যাসখনৰ আৰম্ভণি ঘটিছে। ছাণ্টিয়াগোক 'ছালাঅ অৰ্থাৎ আটাইতকৈ দুৰ্ভাগ্যৱান লোক হিচাপে গণ্য কৰা হৈছে। তেওঁ ইমানেই দুৰ্ভগীয়া যে তেওঁৰ কম বয়সীয়া সংগী মেন'লিনক তাৰ পিতৃ-মাতৃয়ে বৃদ্ধ ছাণ্টিয়াগোৰ সৈতে মাছ মাৰিবলৈ যোৱাত বাধা দিয়ে আৰু আন সফল মাছমৰীয়াৰ লগত যাবলৈ নিৰ্দেশ দিয়ে। অৱশ্যে সেই ল'ৰাটোৱে প্ৰতিৰাতি ছাণ্টিয়াগোৰ তালৈ আহে, তেওঁৰ মাছমৰীয়া গুৰিবঁঠা টানে, তেওঁলৈ আহাৰ আনে আৰু আমেৰিকান বেছবল তথা তাৰ প্ৰিয় খেলুৱৈ জ' ডি'মেগিঅ'ৰ কথা আলোচনা কৰে। ছাণ্টিয়াগোৱে তেওঁৰ দুৰ্ভাগ্যৰ দিন অচিৰেই শেষ হ'ব বুলি আত্মপ্ৰত্যয়েৰে মেন'লিনক কয় যে পিছদিনা তেওঁ মাছ মাৰিবলৈ উত্তৰ কিউবাৰ ফ্ল'ৰিডা প্ৰণালীৰ উপসাগৰীয় সোঁতলৈ বুলি ওলাব। সেইদৰেই পঁচাশীতম দিনটোত ছাণ্টিয়াগোৱে তেওঁৰ সৰু নাওখন লৈ উপসাগৰলৈ বুলি ওলাই গ'ল। প্ৰথমদিনাই দুপৰীয়ালৈ এক বৃহদাকায় মাছে টোপ গিলিলে যিটো তেওঁ মাৰ্লিন মাছ বুলি নিশ্চিত আছিল। মাছটোক টানি অনাৰ সলনি মাছটোৱেহে ওলোটাই ছাণ্টিয়াগোৰ নাওখন টানি নিবলৈ ধৰিলে। দুদিন দুৰাতি তেনেদৰেই পাৰ হ'ল। ইয়াৰ ফলত ছাণ্টিয়াগো আঘাতপ্ৰাপ্ত হৈ যন্ত্ৰণা পালে। তৃতীয় দিনা মাছটোৱে ভাগৰুৱা হৈ পৰাৰ জাননী দি নাওখন পাকঘূৰণি খুৱাবলৈ ধৰিলে। দুৰ্বল হৈ পৰা বৃদ্ধজনে শৰীৰৰ শেষকণ শক্তিৰে মাছটোক দাঁতিলৈ টানি আনি হাৰ্পুনেৰে হানি মাৰে। মাছটোৱে তেওঁলৈ কিমান বেছি পৰিমাণৰ ধন কঢ়িয়াই আনিব আৰু কিমান মানুহে মাছটো খাব পাৰিব তাকে ভাবি মাৰ্লিন মাছটো নাওৰ দাঁতিত বান্ধি লৈ ছাণ্টিয়াগো ঘৰমুৱা হয়। ছাণ্টিয়াগো সাগৰৰ পাৰলৈ উলটি আহি থাকোঁতে মাৰ্লিনটোৰ গাৰপৰা ওলোৱা তেজে হাঙৰবোৰক আকৰ্ষিত কৰে। প্ৰথমটোক তেওঁ হাৰ্পুনেৰে হানি বধ কৰে যদিও অস্ত্ৰপাত হেৰুৱায়। দ্বিতীয়চাম হাঙৰক বাধা দিবলৈ তেওঁ বঁঠা এপাটত চুৰিখন বান্ধি লৈ হাৰ্পুন সাজে। ইয়াৰ তেওঁ পাঁচটা হাঙৰ কাটে আৰু বহুসংখ্যকক খেদাই পঠিয়ায়। কিন্তু হাঙৰবোৰ আহিয়েই থাকে আৰু ৰাতিলৈ মূৰ, জঁকা আৰু ফিছাডাল বাদ দি মাৰ্লিনটো খাই শেষ কৰে। পাৰ আহি পাই ছাণ্টিয়াগো বয়-বস্তু টোপোলা বান্ধি নি ঘৰ পায় আৰু গভীৰ টোপনিত লালকাল দিয়ে। পিছদিনা মাছমৰীয়াৰ এটা দল নাওখনৰ চাৰিওকাষে গোট খায় য'ত তেতিয়াই মাছটোৰ জঁকাটো সংযুক্ত হৈ আছিল। এজন মাছমৰীয়াই মাছটো জুখি চাই পাই যে ই দীঘলে ১৮ ফুট (৫.৫ মিটাৰ)। ওচৰৰে কেফে এখনৰ পৰ্যটকসকলে ইয়াক ভুলতে হাঙৰ বুলি ঠাৱৰ কৰে। বৃদ্ধজনৰ বাবে চিন্তিন হৈ পৰা মেন'লিনে তেওঁক নিৰাপদে শুই থকা দেখা পাই কান্দি পেলায়। ল'ৰাটোৱে তেওঁলৈ বাতৰি কাকত আৰু কফি লৈ আনে। বৃদ্ধ লোকজন শুই উঠাৰ পিছত দুয়ো পুনৰ একেলগে মাছ মৰাৰ সংকল্প লয়। পুনৰ টোপনিত পৰাৰ পিছত ছাণ্টিয়াগোৱে এক আফ্ৰিকান বালিচৰত সিংহৰ সৈতে নিজৰ যৌৱনকালৰ সপোনত মজি পৰে। পটভূমি আৰু প্ৰকাশ১৯৫১ চনত ৰচনা কৰা আৰু ১৯৫২ চনত প্ৰকাশ পোৱা অ'ল্ড মেন এণ্ড দা ছী উপন্যাসখনেই হেমিঙৱেই জীৱনকালত প্ৰকাশিত কৰ্মৰাজিৰ অন্তিমটো। হেমিঙৱেৰ সাহিত্য সম্পাদক মেক্সৱেল পাৰ্কিনছৰ প্ৰতি উৎসৰ্গিত[5] এই গ্ৰন্থখনত লাইফ আলোচনীয়ে ১৯৫২ চনৰ ১ ছেপ্টেম্বৰত আলোকপাত কৰে আৰু দুদিনতে আলোচনীখনৰ ৫ মিলিয়ন কপিৰ বিক্ৰী হয়।[6] উপন্যাসখন মাহটোৰ গ্ৰন্থ হিচাপে নিৰ্বাচিত হয় আৰু ই হেমিঙৱেক এজন চেলিব্ৰিটী কৰি তোলে।[7] একে তাৰিখতে কিতাপখনৰ প্ৰথমটো সংস্কৰণৰ ৫০,০০০টা কপি ছপা হয়।[8] ১৯৫২ চনৰ মে' মাহত উপন্যাসখনে পুলিৎজাৰ বঁটা লাভ কৰে[9] আৰু ১৯৫৪ চনত সাহিত্যৰ ন'বেল বঁটা লাভ কৰে।[10][11] সমগ্ৰ বিশ্বৰে বিদ্যালয়সমূহত এই উপন্যাসখন পঢ়ুৱা হয় আৰু ই অবিৰতভাৱে বৈদেশিক ৰয়েল্টী লাভ কৰে।[12]
হেমিঙৱেই ছাণ্টিয়াগো নামৰ বুঢ়াজনৰ কাহিনীটো সংগ্ৰামৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈ আৰু আধুনিক পৃথিৱীত বাইবেলীয় জীৱনৰ এক সমান্তৰাল চিত্ৰ অঁকাত ব্যৱহাৰ কৰিব বিচাৰিছিল। প্ৰথমাৱস্থাত হেমিঙৱেই সম্ভৱতঃ গ্ৰেগ'ৰিঅ' ফোৱেণ্টিছ চৰিত্ৰটোৰ আধাৰত ছাণ্টিয়াগোৰ কাহিনীটো ব্যৱহাৰৰ পৰিকল্পনা কৰিছিল, যি মাতৃ আৰু পুত্ৰৰ অন্তৰংগতাৰ একাংশ হিচাপে আৰু কিতাপখনৰ অধিকাংশ জুৰি থকা সম্বন্ধৰ সত্যতাসমূহৰ সৈতে বাইবেলৰ সম্পৰ্ক স্থাপন কৰে, যাক তেওঁ "গ্ৰন্থ সাগৰ" (দ্ ছী বুক) হিচাপে অভিহিত কৰিছে। হেমিঙৱেই অন দ্য ব্লু ৱাটাৰ: এ গাল্ফ ষ্ট্ৰীম লেটাৰত ছাণ্টিয়াগো আৰু মাৰ্লিন মাছটোৰ সৈতে সাদৃশ্য থকা এক বৃদ্ধ মাছমৰীয়াৰ জীৱন অভিজ্ঞতা উল্লেখ কৰিছে।[13][14] সাহিত্যিক বিশেষত্ব আৰু সমালোচনাদ্য অ'ল্ড মেন এণ্ড দ্য ছী উপন্যাসখনে হেমিঙৱেৰ সাহিত্যিক পৰিচিতি পুনৰবাৰ সবল কৰি তোলাৰ লগতে তেওঁৰ সমগ্ৰ ৰচনাৱলী পুনৰীক্ষনৰ হকে সোঁৱৰাই দিয়ে। প্ৰথমাৱস্থাতে উপন্যাসখনে যথেষ্ট জনপ্ৰিয়তা লাভ কৰে; ই লেখক হিচাপে হেমিঙৱেৰ সক্ষমতা সম্পৰ্কে পঢ়ুৱৈৰ আস্থা পুনৰবাৰ জগাই তোলে। ইয়াৰ প্ৰকাশক স্ক্ৰীবনাৰ্ছে গ্ৰন্থখনক এক "নতুন ক্লাছিক" হিচাপে অভিহিত কৰে, আৰু বহুকেইজন সমালোচকে ইয়াক উইলিয়াম ফ'কনাৰৰ দ্য বিয়েৰ আৰু হাৰ্মেন মেলভিলৰ মবি ডিকৰ সৈতে তুলনা কৰে। স্পেইনদেশীয় লোক হিচাপে ছাণ্টিয়াগো
মূলভাৱ হিচাপে ধৰ্ম
এক অবাস্তৱ উপন্যাস
তথ্য সংগ্ৰহ
উৎস
অতিৰিক্ত পঠন
বাহ্যিক সংযোগ
|