Share to: share facebook share twitter share wa share telegram print page

নহুষ

নহুষ
সম্পৰ্ক মহাভাৰতৰ চৰিত্ৰ
সন্তান যতি আৰু যযাতি (সন্তান)
১০০ গৰাকী জীয়ৰীৰ লগতে আয়াতি, সংযতি, কৃতি আৰু বিজাতি
হিন্দু পাঠ্য মহাভাৰত

নহুষ (ইংৰাজী: Nahusha, সংস্কৃত: नहुष) ৩,৬৯৮,২৫৬ তম (পদত) চন্দ্ৰ বংশী ৰজা আছিল। তেওঁ পুৰূৰৱাৰ জ্যেষ্ঠ পুত্ৰ আয়ু আৰু স্বৰভানুৰ জীয়ৰী প্ৰভাৰ পুত্ৰ আছিল। নহুষৰ বিষয়ে ঋষবেদৰ মান্দালয় ১-ৰ আৰম্ভণিত উল্লেখ কৰা হয়। তেওঁ প্ৰতিষ্ঠানা (Pratishthana) -ৰ পৰা ৰাজত্ব কৰিছিল। তেওঁ পিতৃ (Pitrs, সংস্কৃত: पितृ)-ৰ জীয়াৰী বিৰজা (Viraja) -ক বিয়া কৰাইছিল৷ বিভিন্ন পুৰাণৰ মতে, তেওঁৰ ছয়/সাতগৰাকী পুত্ৰ আছিল৷ তেওঁৰ জ্যেষ্ঠ পুত্ৰ যতি এজন মুনি (তপস্বী) হৈছিল। বিষ্ণু পুৰাণত উল্লেখ থকা মতে, তেওঁৰ জ্যেষ্ঠ পুত্ৰ যতিয়ে ৰাজ্য পালন কৰিবলৈ ইচ্ছা নকৰাত তেওঁৰ দ্বিতীয় পুত্ৰ যযাতিয়ে ৰজা হৈ ৰাজ্য শাসন কৰিছিল৷[1][2] বহুলভাৱে জনপ্ৰিয় অন্য এটি কাহিনীৰ মতে, তেওঁ শিৱ আৰু পাৰ্বতীৰ কন্যা দেৱী অশোকসুন্দৰীক বিয়া কৰাইছিল৷ অশোকসুন্দৰী যযাতি[3] আৰু ১০০ গৰাকী কন্যা সন্তানৰ মাতৃ আছিল৷[4][5]

তথ্যসূত্ৰ

  1. দাস, সুৰেন্দ্ৰ কুমাৰ (২০১৪). বিষ্ণু পুৰাণ. প্ৰকাশক গুৱাহাটী: বনলতা. পৃষ্ঠা. ১৯৯. 
  2. Pargiter, F.E. (1972). Ancient Indian Historical Tradition, Delhi: Motilal Banarsidass, p.85-6.
  3. Bibek Debroy, Dipavali Debroy (2002). The holy Puranas. p. 152. "Nahusha and Ashokasundari had a son named Yayati.”
  4. George M. Williams (27 March 2008). Handbook of Hindu Mythology. Oxford University Press. পৃষ্ঠা. 217–8, 230. ISBN 978-0-19-533261-2. https://books.google.com/books?id=N7LOZfwCDpEC&pg=PA345. 
  5. Gaṅgā Rām Garg (1992). Encyclopaedia of the Hindu World Vol. 3. Concept Publishing Company. পৃষ্ঠা. 712. ISBN 978-81-7022-376-4. https://books.google.com/books?id=uGbXAAAAMAAJ. 

বাহ্যিক সংযোগ

Kembali kehalaman sebelumnya