নৱ-বৈষ্ণৱ ধৰ্ম
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে অসমত মহাপুৰুষীয়া ধৰ্ম বা একশৰণ নাম ধৰ্মৰ প্ৰচাৰ কৰে। এই ধৰ্মৰ মূল মন্ত্ৰ আছিল- 'এক দেৱ, এক সেৱ, এক বিনে নাই কেৱ' অৰ্থাত কেৱল নামৰ দ্বাৰাই পৰম ভগৱন্তক লাভ কৰি ইহ সংসাৰৰ পৰা উদ্ধাৰ হোৱাৰ উপায় তেওঁ ৰচনা কৰিছিল। তেওঁৰ ধৰ্মত কোনো জাতি-ভেদ উচ্চ-নীচ, ধনী-দুখীয়াৰ প্ৰভেদ নাছিল। অসমৰ বিভিন্ন ঠাইত সত্ৰ, নামঘৰ অনুষ্ঠান পাতি ধৰ্ম প্ৰচাৰৰ বাবে তেওঁ ব্যৱস্থা কৰিছিল। সেইসময়ত অসমত চলি থকা বলি বিধান আৰু সাকাম উদ্দেশ্যে কৰা দেৱ-দেৱীৰ পূজাৰ পৰা মানুহৰ মন আঁতৰাই ভগৱান বিষ্ণুৰ উপাসনাক প্ৰাধান্য দিবলৈ মহাপুৰুষীয়া ধৰ্ম প্ৰচাৰত মনোনিৱেশ কৰে। মানুহক ভগৱান শ্ৰীকৃষ্ণৰ গুণ আৰু মাহাত্ম্যৰৰ প্ৰতি আকৰ্ষিত কৰিবলৈ তেওঁ নানান শাস্ত্ৰ ৰচনা কৰিবলৈ ধৰে। শংকৰী যুগৰ অসমীয়া সাহিত্য বুলি ক’লে আমি খ্ৰীঃ পঞ্চদশ শতিকাৰ শেষ ভাগৰ পৰা সপ্তদশ শতিকাৰ আদি ভাগ পৰ্যন্ত ৰচিত সাহিত্যৰাজিৰ কথাই বুজোঁ। এই সময়ছোৱাই আছিল অসমীয়া সাহিত্যৰ ঐশ্বৰ্যময় আৰু সমৃদ্ধিশালী যুগ। শংকৰদেৱে নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তন আৰু প্ৰচাৰৰ অৰ্থে ৰচনা কৰা সাহিত্যৰাজিৰ মাজত এই সন্তগৰাকীৰ প্ৰতিভাৰ পূৰ্ণ প্ৰতিফলন ঘটাৰ লগতে তেওঁৰ আদৰ্শেৰে অনুপ্ৰাণিত কৰি বহু সাহিত্যিক-কবিক কাব্যচৰ্চাত আত্মনিয়োগ কৰাবলৈ সক্ষম হৈছিল। শংকৰদেৱৰ বহুমুখী অৱদানলৈ লক্ষ্য কৰি সাহিত্যৰ বুৰঞ্জী ৰচয়িতাসকলে এই যুগটিক ‘শংকৰী যুগ’ বুলি অভিহিত কৰাৰ লগতে ‘নৱ-বৈষ্ণৱ যুগ’ বুলিও অভিহিত কৰে। অসমত শংকৰদেৱে আৰম্ভ কৰা ‘নৱ-বৈষ্ণৱ আন্দোলন’ৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে বিবিধ সাহিত্যৰাজি ৰচিত হৈছিল বাবে ‘ভক্তি সাহিত্য’ বা ‘নৱ-বৈষ্ণৱ সাহিত্য’ৰ প্ৰকাশে অন্যতম প্ৰধান স্থান লাভ কৰিছিল। এই যুগটিক ‘শংকৰী যুগ’ ‘নৱ-বৈষ্ণৱ যুগ’ বা ‘ভক্তি যুগ’ বুলি কোৱাৰ খেও ধৰিয়েই ক’ব পাৰি ‘শংকৰী সাহিত্য’, ‘নৱ-বৈষ্ণৱ সাহিত্য’ বা ‘অসমীয়া ভক্তি-সাহিত্য’ৰ মাজত কোনো পাৰ্থক্য নাই। এই যুগটিৰ পটভূমি সম্পৰ্কে ক’বলৈ হ’লে আমি সৰ্বভাৰতীয় পৰ্যায়ত আৰম্ভ হোৱা ‘ভক্তি আন্দোলন’ৰ বিষয়েও সম্যক ধাৰণা লাভ কৰিব লাগিব। খ্ৰীঃ পঞ্চদশ শতিকাৰ আশ-পাশৰ সময়খিনিত সমগ্ৰ ভাৰতবৰ্ষতে সৃষ্টি হৈছিল বৈষ্ণৱ ভক্তি আন্দোলন। ভক্তি ধৰ্মৰ মূল লক্ষ্য আছিল লোকজীৱনৰ সমুন্নতি। পণ্ডিতসকলে মত পোষণ কৰে যে বৈদিক বিষ্ণু উপাসনা পদ্ধতিৰ লগত লোকধৰ্মৰ সংযোগ প্ৰক্ৰিয়াৰ ফলত নৱ-বৈষ্ণৱ বা ভক্তি ধৰ্মৰ উদ্ভৱ আৰু বিকাশ হৈছে। খ্ৰীঃ পূৰ্ব কেইবা শতিকাৰ আগৰে পৰা বৈষ্ণৱ সম্প্ৰদায়ৰ প্ৰচলন থকাৰ প্ৰমাণ পোৱা যায়। বিভিন্ন সময়ৰ নানা সাহিত্যৰাজি, প্ৰত্নলিপি, শিলালিপি, বেদ-বেদান্ত আদি শাস্ত্ৰসমূহেই ইয়াৰ প্ৰতিফলক। খ্ৰীঃ সপ্তমৰ পৰা দশম শতাব্দীত তামিল দেশৰ আলোৱাৰ ভক্তসকলে বৈষ্ণৱ ধৰ্মক অভিনৱভাৱে জনপ্ৰিয় কৰি তোলে। তেওঁলোকে তামিল ভাষাত ৰচিত আবেগপ্ৰসূত গীত (হেজাৰ গীত) পদ আৰু নৃত্যৰে বাল-গোপালক উপাসনা কৰিছিল। বিভিন্ন সমীক্ষকে ধাৰণা কৰে যে এই সময়ছোৱাতে ‘ভাগৱত পুৰাণ’খন ৰচনা কৰা হৈছিল। পৰৱৰ্তী কালত প্ৰসিদ্ধ যমুনাচাৰ্য, ৰামানুজ, নিম্বাকাচাৰ্য, মধবাচাৰ্য, জ্ঞানদেৱ, নামদেৱ, কবীৰ, বল্লভাচাৰ্য, দাদুদয়াল আদি সন্ত মহাপুৰুষসকলে ভিন্ ভিন্ সময়ত বেলেগ বেলেগ ধৰণে ভাৰতৰ বিভিন্ন স্থানত বৈষ্ণৱ আন্দোলন প্ৰসাৰিত কৰে। তেওঁলোকৰ শিষ্য-প্ৰশিষ্যসকলে এই জাগৰণ তীব্ৰতৰ আৰু ব্যাপক ৰূপ প্ৰদান কৰে। চতুদৰ্শ-পঞ্চদশ শতিকাত বংগত চৈতন্যদেৱ আৰু অসমত শংকৰদেৱে ভক্তি আন্দোলনৰ গুৰি বঠা ধৰি সমাজত বৈপ্লৱিক পৰিৱৰ্তন সূচনা কৰে। সবৰ্ভাৰতীয় প্ৰেক্ষাপটত ভক্তি আন্দোলন বিকাশৰ আঁৰত কিছুমান ৰাজনৈতিক আৰু সামাজিক কাৰণেও অনুঘটক হিচাপে ক্ৰিয়া কৰিছিল। যথা:-
অসমতো খ্ৰীঃ শতাব্দীৰ আদি ভাগতে বিষ্ণু উপাসনা বা বৈষ্ণৱ ধৰ্মৰ বীজ ৰোপিত হৈছিল। প্ৰাক্-শংকৰী যুগৰ কবিসকলৰ ৰচনাত বিভিন্ন ৰূপত বিষ্ণু মাহাত্ম্য বৰ্ণিত হৈছিল যদিও এক জাগৰণৰ বাবে যিমানখিনি প্ৰয়োজন সেয়া সৃষ্টি হোৱা নাছিল। শংকৰদেৱে হাতত আঁৰিয়া লৈ এই জাগৰণ অসমলৈ বোৱাই আনিলে আৰু পূৰ্বৰ বৈষ্ণৱ পৰম্পৰাৰ আধাৰত এক স্বতন্ত্ৰ বিশিষ্টতা প্ৰদান কৰি নৱ-বৈষ্ণৱ ধৰ্মৰ সৰ্বজনীন ভেটি নিৰ্মাণ কৰিলে। শংকৰদেৱে জীৱনৰ আদি কালছোৱাত বাৰ বছৰ কাল ভাৰতৰ বিভিন্ন তীৰ্থস্থান, ধৰ্মস্থান, মঠ-মন্দিৰ ভ্ৰমণ কৰি সেইসময়ৰ বিশিষ্ট ধৰ্মসাধকসকলৰ চিন্তাধাৰাৰ সৈতে পৰিচিত হৈছিল। এইবোৰৰ প্ৰভাৱত নিজ দেশলৈ উভতি আহি নিজৰ দেশ কাল আৰু পাত্ৰৰ উপযোগীকৈ বিভিন্ন সাহিত্য সৃষ্টি কৰি এক শৰণ নাম ধৰ্মৰ প্ৰতিষ্ঠা কৰে। এই ক্ষেত্ৰত অসমৰ সামাজিক আৰু ৰাজনৈতিক প্ৰক্ষাপটেও শংকৰদেৱক সহায় কৰিছিল। পুৰণি অসমত ইমূৰৰ পৰা সিমূৰলৈ পৰিভ্ৰমণ কৰি অসমৰ সকলো জাতি-উপজাতিক একতাৰ ডোলেৰে বান্ধি বহুদেৱতা উপাসনাৰ ঠাইত এক ঈশ্বৰৰ ভেটি স্থাপন কৰি সৰ্বসাধাৰণক ভগৱৎমুখী কৰি তোলে তেওঁ। মন কৰিবলগীয়া যে নিধানপুৰ তামৰ ফলি পুষ্যবৰ্মণৰ ডুবি তামৰ ফলি, ধৰ্মপালৰ পুষ্পভদ্ৰা শাসন আদিত বিষ্ণু উপাসনাৰ সমল উপলব্ধ হয়। এইবোৰে পূৰ্বৰে পৰা যে অসমত বিষ্ণু উপাসনা বা বৈষ্ণৱ ধৰ্মৰ বীজ ৰোপিত হৈছিল তাৰ প্ৰমাণ দাঙি ধৰে। আটাইতকৈ ডাঙৰ কথাটো হ’ল- সেইসময়ৰ অসমৰ ৰাজনৈতিক পৰিস্থিতি তথা শাসকসকলে সৰ্বসাধাৰণ ৰাইজৰ সামাজিক মৰ্যাদা একেবাৰে নিম্ন কৰি ৰাখিছিল। এওঁলোকেও এই অৱস্থাৰ পৰা পৰিত্ৰাণৰ বাট বিচাৰি ফুৰিছিল। সেই সময়তে শংকৰদেৱে প্ৰতিষ্ঠা কৰা এক শৰণ নাম ধৰ্মৰ সমমৰ্যাদাৰ ধ্বনিয়ে সকলোকে আকৃষ্ট কৰে। কাৰণ সামাজিক মৰ্যাদা নোপোৱাৰ ক্ষোভ অলপ হলেও প্ৰশমিত কৰিছিল ধৰ্মীয় সমমৰ্যাদাই। তদপুৰি প্ৰাক্-শংকৰী যুগৰ কবিসকলে নিৰ্মাণ কৰি যোৱা অসমীয়া সাহিত্যৰ ভেটিত শংকৰদেৱ আৰু তেৰাৰ ছাঁয়া-প্ৰছাঁয়াৰ কবিসকলে বিবিধ কাব্য, গীত, নাটক, গদ্য আদিৰ সহায়েৰে এক মন্দিৰ প্ৰতিষ্ঠা কৰাৰ লগতে জনগণৰ মনত সৌন্দৰ্যবোধ জগাই সাংস্কৃতিকভাৱে সচেতনতা বৃদ্ধি কৰে। এই ক্ষেত্ৰত সত্যেন্দ্ৰনাথ শৰ্মাৰ এষাৰ মন্তব্য স্মতৰ্ৱ্য-”অসমত নৱ জাগৃতিৰ শুভ সূচনা হয় যাৰ ফলত অসমীয়া সামাজিক জীৱন বহু পৰিমাণে শ্ৰীমণ্ডিত হৈ উঠে। ” ইতিমধ্যে উল্লেখ কৰা হৈছে যে শংকৰী যুগৰ সাহিত্যৰাজি ৰচিত হৈছিল মূলতঃ ধৰ্ম প্ৰচাৰৰ অৰ্থে। ধৰ্মৰ জটিল তত্ত্ব কথাবোৰ জনগণৰ সহজে বোধগম্য হোৱাকৈ শ্ৰৱণ-কীৰ্তন কৰিবলৈ সহায়ক হোৱাকৈ কৃষ্ণ-মাহাত্ম্য প্ৰচাৰৰ অৰ্থে এই সকলোবোৰ ৰচিত হৈছিল। আদৰ্শবাদী ধাৰাৰ প্ৰাধান্যৰে ৰচিত সাহিত্যৰাজিৰ মাজত সৰ্বসাধাৰণ ৰাইজৰ মনৰ কথা ব্যক্ত হোৱা নাই। ভগৱন্ত পুৰুষৰ অৱতাৰী কথা, কৃষ্ণভক্তিৰ তাত্ত্বিক কথাবোৰেই এই ৰচনাসমূহৰ মাজত উদ্ভাসিত হৈছে। সেইবাবে তেওঁলোকে ৰচনা কৰা কাব্য-নাট-গীতত বিবিধ ৰসৰ প্ৰকাশ ঘটিলেও সেয়া যে ভগৱন্তৰ লীলাহে তাক বাৰে বাৰে সোঁৱৰাবলৈ পাহৰা নাই আৰু ভক্তিৰসৰ অমৃত ভণ্ডত সকলো ৰস বিলীন হৈছে। অন্তঃসলিলা ফুল্গুৰ দৰে সকলোৰে অন্তৰালত বৈ থাকে কৃষ্ণ ৰতি বা ভক্তি ৰস। এই সময়ৰ সাহিত্যৰাজি আছিল মূলতঃ অনুবাদমূলক। ভাগৱত পুৰাণকে মুখ্য হিচাপে লৈ বিবিধ পুৰাণৰ পৰা সমল সংগ্ৰহ কৰি সাহিত্য ৰচনাত ব্ৰতী হৈছিল এই সময়ৰ কবিসকল। উল্লেখযোগ্য যে অনুবাদমূলক সাহিত্য বা কোনো পুৰাণৰ আধাৰত সাহিত্য সৃষ্টি কৰিছিল যদিও এইবোৰৰ মাজত তেওঁলোকৰ মৌলিক প্ৰতিভাৰ স্বাক্ষৰ যে প্ৰতিভাত হোৱা নাছিল এনে নহয়। বৰং মৌলিকতাৰ পৰশ ছত্ৰে ছত্ৰে অনুভূত হোৱাৰ লগতে অসমীয়া সমাজ জীৱনৰ অতিকে চিনাকি বিবিধ চিত্ৰেৰে ভৰপূৰ আছিল। নৱ-বৈষ্ণৱ কবিসকলে প্ৰদৰ্শন কৰা আদৰ্শ আৰু মাৰ্গ পৰিহাৰ কৰি লৌকিক ৰুচিৰে কাব্য বা সাহিত্য ৰচনা কৰা কবিসকলক এওঁলোকে বৰ ভাল চকুৰে চোৱা নাছিল। আনকি বহুসময়ত তুচ্ছ-তাচ্ছিল্যও কৰা হৈছিল। এই যুগৰ সাহিত্যৰাজিক আমি কাব্য, নাটক, গীত-বৰগীত-ভটিমা-অংকৰ গীত, অনুবাদমূলক, কথাবন্ধে ৰচিত গ্ৰন্থ আৰু চৰিত সাহিত্য আদি ভাগত বিভাজন কৰিব পাৰোঁ। এটা কথা ঠিক যে স্ত্ৰী-শূদ্ৰে সৰ্বলোকে বুজিব পৰাকৈ ৰচনা কৰা এই সময়ৰ সাহিত্যৰাজিয়ে আজিও অসমীয়া জাতীয় জীৱনত সমতা আৰু সংহতি অনাৰ ক্ষেত্ৰত অনুঘটক হিচাপে কাম কৰি আছে। অসমৰ নিৰক্ষৰ সমাজক অনানুষ্ঠানিকভাৱে শিক্ষা প্ৰদান কৰি আহিছে। তলত এই সময়ছোৱাৰ প্ৰধান কবিসকল আৰু তেওঁলোকৰ সাহিত্যকৃতি সম্পৰ্কে আলোচনা কৰা হ’ল। শংকৰী যুগৰ সাহিত্যিকসকলঅসমীয়া সাহিত্যৰ জনক শংকৰদেৱকে কেন্দ্ৰত লৈ এই সময়ছোৱাত বিভিন্ন ভক্ত সন্তসকলে অসমীয়া ভাষা-সাহিত্যক উচ্চ স্থানত উপৱিষ্ট কৰালে। শংকৰদেৱৰ বাদে এই সময়ৰ আন আন ভক্ত সাহিত্যিকসকল হ’ল মাধৱদেৱ, অনন্ত কন্দলি, ৰাম সৰস্বতী, কংসাৰি কবি, সাৰ্বভৌম ভট্টাচাৰ্য, শ্ৰীধৰ কন্দলি, ৰত্নাকৰ কন্দলি, ৰত্নাকৰ মিশ্ৰ, দামোদৰদেৱ, ভট্টদেৱ আদি। তলত তেওঁলোকৰ সাহিত্যকৰ্ম সম্পৰ্কে আলোচনা কৰা হ’ল। শংকৰদেৱশংকৰদেৱে নিজৰ পৰিচয় তেওঁৰ বিভিন্ন ৰচনাৱলীত ছেগা-চোৰোকাকৈ দি গৈছে। ৮ম স্কন্ধ ভাগৱতত এওঁ উল্লেখ কৰা নিজৰ বংশ পৰিচয়টি এই ক্ষেত্ৰত উল্লেখযোগ্য— টেমোনীয়া বন্ধে গ্ৰাম বটদ্ৰৱা যাৰ নাম লৌহিত্যৰ জলে অনুকূল। ভৈলা সেহি গ্ৰামেশ্বৰ যাৰ নাম ৰাজধৰ কায়স্থ কুলৰ পদ্মফুল॥ তান পুত্ৰ সূৰ্যধৰ মহা বৰা বংশধৰ আতি গুণৱন্ত সন্ত শিষ্ট। যাৰ যশ এভো জ্বলৈ জয়ন্ত মাধৱ দলৈ দুই ভাই যাহাৰ কনিষ্ঠ॥ তান হৈতে ভৈল জাত সমস্ত দেশতে খ্যাত প্ৰসিদ্ধ কুসুম নাম যাৰ। গুণৱন্ত মহামানী দাতাৰ অগ্ৰতগণি শিৰোমণি সমস্ত ভূঞাৰ॥ তাহাৰ তনয় কবি কৃষ্ণৰ চৰণ সেবি শংকৰে ৰচিলা ইটো গীত। শুনিয়োক বুধ লোক মোৰ পদ যেন হোক কৃষ্ণকথা শুনি ৰঞ্জা চিত্ত॥ বৰদোৱাৰ কুসুম্বৰ ভূঞা আৰু সত্যসন্ধাৰ পুত্ৰ হিচাপে ১৪৪৯ চনত শংকৰদেৱৰ জন্ম হয়। নিচেই সৰু কালতে তেওঁৰ পিতৃ-মাতৃৰ লোকান্তৰ ঘটে। বুঢ়ীমাক খেৰসুঁতীৰ তত্ত্বাৱধানত ডাঙৰ দীঘল হোৱা শংকৰদেৱ প্ৰায় দহ বছৰ বয়সলৈকে কোনো শিক্ষানুষ্ঠানত ভৰ্তি হোৱা নাছিল। দহ বছৰ বয়সত বুঢ়ী মাকে তেওঁক মহেন্দ্ৰ কন্দলিৰ টোলত নাম ভৰ্তি কৰাই দিয়ে। তেওঁ অতি কম বয়সৰ ভিতৰতেই নিজৰ প্ৰতিভাৰ পৰিচয় দাঙি ধৰি টোলৰ ওজা ছাত্ৰ হিচাপে নিৰ্বাচিত হয়। প্ৰচলিত বিশ্বাস মতে ইয়াত পঢ়ি থকা কালতেই ‘ভকতিৰ চাৰিখুটি মাৰি’ হৰিশ্চন্দ্ৰ উপাখ্যান পুথিখন ৰচনা কৰে। সোতৰৰ পৰা কুৰি বছৰ বয়সৰ ভিতৰত তেওঁ পঢ়াশলীয়া শিক্ষা সাং কৰি পাৰিবাৰিক দায়িত্ব কান্ধ পাতি লয়। ডেকাগিৰি হিচাপে পৰিচিত হৈ পৰা শংকৰদেৱে টোলৰ পৰা উভতি আহি ‘শিৰোমণি ভূঞা’ৰ বাব গ্ৰহণ কৰে আৰু একৈশ বছৰ বয়সত সূৰ্যৱতীক বিবাহ কৰায়। এটি কন্যা সন্তান জন্ম দিয়াৰ ন মাহ পাছতেই সূৰ্যৱতীয়ে ইহলীলা সম্বৰণ কৰে। এই ঘটনাই শংকৰদেৱক সংসাৰৰ প্ৰতি বিৰাগ জন্মায় আৰু ইহ সংসাৰৰ প্ৰতি নিস্পৃহ কৰি তোলে। কন্যা মনুক বিয়া দিয়েই কেইজনমান সংগী (সোতৰজন)ৰ সৈতে তেওঁ বত্ৰিশ বছৰ বয়সত (১৪৮১ খ্ৰীঃ) প্ৰথমবাৰৰ বাবে তীৰ্থ ভ্ৰমণলৈ ওলাই যায়। বাৰ বছৰ কাল ভাৰতৰ বিভিন্ন তীৰ্থস্থান, ধৰ্মস্থান ভ্ৰমণ কৰে। এই ভ্ৰমণ কালতে তেওঁ ভাৰতৰ বিভিন্ন প্ৰান্তত বিভিন্ন সন্ত-মহন্তক, বিশেষকৈ ভক্তি আন্দোলনৰ পুৰোধা ব্যক্তি, প্ৰচাৰকাৰীসকলক লগ পাইছিল। তেওঁলোকৰ সৈতে ধৰ্ম-দৰ্শন, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আদি দিশসমূহৰ বিষয়ে বিতংকৈ আলোচনা কৰিছিল আৰু ইয়াৰ দ্বাৰা প্ৰভাৱিত হৈ নতুন ধৰণে, অসমৰ সামাজিক প্ৰেক্ষাপটত খাপ খোৱাকৈ নৱ-বৈষ্ণৱ ধৰ্ম প্ৰতিষ্ঠা কৰাৰ অনুপ্ৰেৰণা লাভ কৰে। তীৰ্থযাত্ৰাৰ পৰা উভতি অহাৰ পাছত বিভিন্ন আত্মীয়-স্বজনৰ অনুৰোধ পেলাব নোৱাৰি শংকৰদেৱে দ্বিতীয়বাৰৰ বাবে বিবাহ কৰাবলৈ সন্মত হয় আৰু কালিন্দী আইৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তথাপিও তেওঁ গৃহস্থী ধৰ্মত বৰ মন নিদি ভক্তি ধৰ্ম প্ৰচাৰলৈহে মন মেলে। প্ৰথমতে জগন্নাথ মূৰ্তি প্ৰতিষ্ঠা কৰি ভক্তি ধৰ্ম প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিছিল যদিও পৰৱৰ্তী সময়ত ইয়াৰে সংস্কাৰ সাধন কৰি বেলেগ ধৰণে এক শৰণ নাম ধৰ্মৰ প্ৰচাৰত মনোনিৱেশ কৰে। বৰদোৱাত থকা কালতে তেওঁ সৰিয়হ তলি চিকুণাই তাতে নামঘৰ প্ৰতিষ্ঠা কৰি চিহ্নযাত্ৰা ভাওনা মঞ্চস্থ কৰে আৰু নব্য ধাৰণাৰে ধৰ্ম প্ৰচাৰৰ প্ৰক্ৰিয়া আৰম্ভ কৰে। ইয়াৰ পাছতেই তেওঁ ১৫১৬ চন মানত বৰদোৱা এৰি লুইতৰ উত্তৰ পাৰলৈ গৈ বিভিন্ন ঠাই পৰিভ্ৰমণ কৰি গাংমৌত থাকে। ১৫২১চন মানত তেওঁ মাজুলীৰ ধুঁৱাহাট বেলগুৰিলৈ যায়। উল্লেখযোগ্য যে ইয়াত থকা কালছোৱাতেই তেওঁৰ প্ৰধান শিষ্য ‘বৰাৰ পো’ মাধৱদেৱৰ সৈতে মিলন ঘটে। এই মিলনক পণ্ডিত সমাজে ‘গুৰু শিষ্যৰ মণিকাঞ্চন সংযোগ’ বুলি চিহ্নিত কৰে। এই সময়ছোৱাতে মাধৱদেৱৰ উপৰি ৰত্নাকৰ কন্দলি, ভাস্কৰ বিপ্ৰ, ব্যাস কলাই আদিয়েই শংকৰদেৱৰ শিষ্যত্ব গ্ৰহণ কৰি মধ্য অসমৰ আকাশ-বতাহ নাম-কীৰ্তনৰ ৰোলেৰে মুখৰিত কৰে। অৱশ্যে এটা কথা উল্লেখযোগ্য যে শংকৰদেৱৰ ধৰ্ম প্ৰচাৰৰ পথ ইমান নিষ্কণ্টক নাছিল। বিভিন্ন সময়ত ভিন্ ভিন্ ব্যক্তি তথা আহোম ৰজাৰ ফালৰ পৰাও অসুবিধাৰ সন্মুখীন হৈছিল। আনকি হাতী ধৰিব নোৱাৰাৰ অজুহাতত আহোম ৰজাই এওঁৰ জোঁৱায়েক হৰিদেৱক শিৰশ্ছেদ কৰে আৰু মাধৱদেৱক বছৰেক কাল বন্দী কৰি থোৱাৰ দৰে থয়। এই ঘটনাই শংকৰদেৱৰ স্থান পৰিৱৰ্তন কৰাবলৈ বাধ্য কৰিলে। তেওঁ কোঁচ ৰজা নৰনাৰায়ণৰ অধীনত অসমৰ পশ্চিমাঞ্চললৈ যায় আৰু বিভিন্ন ঠাইত অলপ অলপ দিন থাকি পাটবাউসীত কীৰ্তন ঘৰ সাজি থাকিবলৈ লয়। ইয়াৰ পৰাই ১৫৪৬ চন মানত তেওঁ পুনৰ দ্বিতীয়বাৰৰ বাবে তীৰ্থ ভ্ৰমণলৈ ওলাই যায়। এইবাৰ পিছে তেওঁ ছমাহতে তীৰ্থ যাত্ৰা সামৰে। ইয়াত থকা কালছোৱা শংকৰদেৱৰ বাবে অতি গুৰুত্বপূৰ্ণ সময় আছিল। ধৰ্ম প্ৰচাৰৰ উপৰি বিভিন্ন সাহিত্য সৃষ্টিৰে এই কালছোৱা ভৰাই তুলিছিল শংকৰদেৱে। উল্লেখযোগ্য যে ইয়াত থকা কালছোৱাতো তেওঁ নিষ্কণ্টকভাৱে ধৰ্ম প্ৰচাৰ কৰিব পৰা নাছিল। অৱশ্যে চিলাৰায় দেৱানৰ বিশেষ যত্নত তেওঁ নৰনাৰায়ণ ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰে। ইয়াত থকা কালছোৱাতে শংকৰদেৱে পাটবাউসীৰ পৰা বেহাৰলৈ ভালেমান বাৰ অহা-যোৱা কৰিছিল। বেহাৰত থকা সময়ছোৱাতে তেওঁৰ গাত এটা ফোঁহোৰা ওলায় আৰু ইয়াৰ ফলতেই ১৫৬৮ চনত ‘বৰাৰ পো’ মাধৱদেৱৰ হাতত ভক্তিধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ ভাৰ সমৰ্পণ কৰি ভৱলীলা সম্বৰণ কৰে। অসমীয়া সংস্কৃতিৰ এনে এটা দিশ নাই য’ত শংকৰদেৱৰ হাতৰ পৰশ অনুভূত নহয়। অসমীয়া জাতিটোক একতাৰ ডোলেৰে বান্ধি সময়ৰ বান্ধোনেৰে একগোট কৰি সেই সমাহিত ৰূপটিক গভীৰ আৰু স্থায়ী ৰূপ দিয়াৰ চেষ্টা কৰিছিল তেওঁ। একাধাৰে ধৰ্মপ্ৰৱৰ্তক, সমাজ সংস্কাৰক, কবি, অনুবাদকাৰী, সংগীতজ্ঞ, নাট্যকাৰ, চিত্ৰকাৰ আদি বিবিধ গুণৰ সমাহাৰেৰে এইজনা মহান পুৰুষে অসমীয়া জাতিটোক এক নিজস্ব পৰিচয় দিয়ালে। এই ক্ষেত্ৰত বাণীকান্ত কাকতিৰ এষাৰ মন্তব্য স্মৰ্তৱ্য— ‘‘বহু দেৱতাৰ মাজত প্ৰধান দেৱতাৰ সন্ধান দান, বহু সত্যৰ ভিতৰত সনাতন সত্যৰ উপলব্ধিৰ প্ৰতি আমাৰ সামাজিক চৈতন্যৰ জাগৰণ, আমাৰ জাতীয় আধ্যাত্মিক ক্ষেত্ৰত মহাপুৰুষৰ প্ৰধান দান। ’’ শংকৰদেৱৰ বহুমুখী দান সাহিত্যৰাজিক বিভিন্ন পণ্ডিতে ভিন্ ভিন্ ধৰণে শ্ৰেণী বিভাজন কৰিছে ৰচনাক্ৰমৰ আধাৰত, তত্ত্ব নিৰূপণৰ আধাৰত, বন্ধৰ আধাৰত, মৌলিকতা আধাৰত বা ভাষা প্ৰয়োগৰ আধাৰত। আমি এই ক্ষেত্ৰত সত্যেন্দ্ৰনাথ শৰ্মাই তত্ত্ব নিৰূপণৰ আধাৰত কৰা শ্ৰেণী বিভাজনকেই গ্ৰহণ কৰি ইয়াত উল্লেখ কৰিলোঁ।
লগতে চাওকঅসমৰ পৰিস্থিতিত নৱবৈষ্ণৱ ধৰ্মৰ গুৰুত্ব তথ্য সংগ্ৰহবাহ্যিক সংযোগInformation related to নৱ-বৈষ্ণৱ ধৰ্ম |