প্ৰণৱজ্যোতি ডেকা (ইংৰাজী: Pranavjyoti Deka; জন্ম: ১৯৩৯, মৃত্যু: ৬ এপ্ৰিল, ২০২৪) অসমৰ এগৰাকী গল্পকাৰ, ঔপন্যাসিক, গৱেষক, অভিধান প্ৰণেতা, ভূ-তত্ত্ববিদ আৰু অধ্যাপক।[1] স্পষ্টবাদী ৰূপে পৰিচিত ডেকাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূ-তত্ত্ব বিভাগৰ অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। ‘সোণৰ চামুচ মুখত লৈ’ শীৰ্ষক তেওঁৰ আত্মজীৱনীখনে প্ৰকাশৰ পিছতে বিদ্বান মহলৰ প্ৰশংসা লাভ কৰিছিল। জ্যোতি দ্বিভাষিক অভিধান ডেকাৰ উল্লেখযোগ্য সাহিত্যকৃতি।[2] ২০২৩ বৰ্ষত তেওঁ “ড° প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প” শীৰ্ষক গল্প সংকলনটিৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।[1][3][4]
জন্ম আৰু শিক্ষা
১৯৩৯ চনৰ ২১ জুলাই তাৰিখে কলিকতাত প্ৰণৱজ্যোতি ডেকাৰ জন্ম হয় ।[1] তেওঁৰ দেউতাক হলীৰাম ডেকা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী অসমীয়া মুখ্য ন্যায়াধীশ আছিল।[5] মাক বিদ্যাৱতী ডেকা। তেওঁ গুৱাহাটী ডনবস্ক’ স্কুলৰপৰা প্ৰৱেশিকা পৰীক্ষা (১৯৫৫), কটন কলেজৰপৰা আই.এ (১৯৫৭) আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰপৰা ভূ-তত্ত্ব বিষয়ত স্নাতকোত্তৰ (১৯৬১) ডিগ্ৰী লাভ কৰিছিল। তেওঁ ১৯৫৯ চনৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ খনিজ ভূ-বিজ্ঞানৰ শ্ৰেষ্ঠ স্নাতক।[5] পৰৱৰ্তী সময়ত তেওঁ লেনিনগ্ৰাড খনি বিদ্যালয়ৰপৰা অৰ্থনৈতিক ভূ-তত্ত্ব বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰে।[2]
কৰ্মজীৱন
স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছতে ডেকাই শিৱসাগৰৰ তেল আৰু প্ৰাকৃতিক গেছ নিগমত ভূ-তত্ত্ববিদ ৰূপে কৰ্মজীৱন আৰম্ভ কৰিছিল।[5] পিছত ভাৰত চৰকাৰৰ বৃত্তি পাই ৰাছিয়াৰ লেনিনগ্ৰাড মাইনিং ইনষ্টিটিউটৰপৰা ( বৰ্তমান ছেইণ্ট পিটাৰ্ছবাৰ্গ খনি বিশ্ববিদ্যালয়) পি এইচ ডি ডিগ্ৰী সম্পূৰ্ণ কৰি[6] আহি ১৯৬৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূ-তত্ত্ব বিভাগৰ প্ৰবক্তা হিচাপে যোগদান কৰে আৰু পাছলৈ সেই বিভাগৰে অধ্যাপক ৰূপে অৱসৰ গ্ৰহণ কৰে।[2][5]
ছাত্ৰাৱস্থাৰপৰা তেওঁ লেখা-মেলা কৰিছিল। তেওঁৰ ৰচনাশৈলীয়ে উত্তৰ ৰামধেনু যুগৰ আৰম্ভণিতে অসমীয়া গল্প সাহিত্যত এক নতুন অধ্যায়ৰ সৃষ্টি কৰিছিল।[5]
এগৰাকী কেৱল একা-চেকা আৰু ব্যতিক্ৰমী ব্যক্তি নহয়, স্পষ্টবাদী লেখক ৰূপেও তেওঁৰ বিশেষ নাম আছিল। ২০১৩ চনত অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক নিত্য বৰাই শাৰদীয় সংখ্যাত ছপাবৰ বাবে এটা গল্প বিচাৰোঁতে ডেকাই তেওঁৰ আত্মজীৱনীৰ যৌন-জীৱনৰ অভিজ্ঞতা যুক্ত অধ্যায়টি বৰাক ছপাবলৈ দিছিল আৰু অধ্যায়টো নছপোৱাত ভীৰু সম্পাদক বুলি কটাক্ষ কৰিছিল।[7]তেওঁৰ আত্মজীৱনী সোণৰ চামুচ মুখত লৈ এই স্পষ্টবাদিতাৰ উৎকৃষ্ট উদাহৰণ। এই কিতাপখন প্ৰসংগত বাঁওপন্থী লেখক ৰিপুঞ্জয় গগৈয়ে লিখিছে;
আত্মজীৱনী সোণৰ চামুচ মুখত লৈ (বিক্ষিপ্ত আত্মজীৱনী)ত তেওঁৰ জীৱনৰ অভিজ্ঞতাৰ কথা অতি ‘ডেমকেয়াৰ’ ভংগীৰে লিখিছে। ইয়াৰ এটা দীঘল অধ্যায় হৈছে যৌন জীৱনৰ অভিজ্ঞতা! জীৱনীখনত তেওঁ আমাৰ অনেকৰেই পৰিচিত তথা সমাজত নাম-সুখ্যাতি থকা লোকৰ বিৰুদ্ধেও অকুতোভয়ে অনেক অকটা কথা(?) লিখিছে। অনেককেই তেওঁ এখুন্দা-এমজা দিয়াৰ বাবে এইখন বৃহৎ কলেৱৰৰ গ্ৰন্থ হোৱা সত্ত্বেও বাৰুকৈয়ে চৰ্চা হৈছে। [8]
দৰ্শনৰপৰা-জ্যোতিষশাস্ত্ৰলৈ, অভিধানৰপৰা-ইতিহাসলৈ, জ্যোতিষশাস্ত্ৰৰপৰা নীলাচল-কামাখ্যাৰ ইতিহাস আৰু তন্ত্ৰলৈ ডেকাই বিভিন্ন বিষয়ৰ গ্ৰন্থ ৰচনা কৰিছিল।[6]
ড° ডেকাই মণিপুৰ চৰকাৰৰ অৰ্থনৈতিক উপদেষ্টা ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।[6]
গ্ৰন্থপঞ্জী
গল্প সংকলন
- কৈলাসনাথ, ১৯৭১
- একুৰি বছৰৰ গল্প, ১৯৯৬
- অনিৰ্গম পথ, ২০০২
- এজাক এলেহুৱা কাউৰীৰ সাধু, ২০১২, বান্ধৱ
- বেৱাৰিছ লাছ আৰু অন্য গল্প, ২০১৩, বান্ধৱ
- বিহুৱতী চৰাই আৰু অন্য গল্প, ২০১৬, বান্ধৱ
- ড° প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প, ২০২১, বান্ধৱ
- অনিৰ্গম পথ, ২০২৩, বাণী প্ৰকাশ মন্দিৰ
- ৰুছ গল্প
- ৰাজ সাক্ষী, ১৯৭৪, ২০১৩
প্ৰবন্ধ সংকলন
- পৰমেশ্বৰ আছে নে নাই?, ২০১৮
- চৰ্যাগীত আৰু বৌদ্ধ-তন্ত্ৰ, ২০০১
- ধৰ্মৰ প্ৰাণতত্ত্ব, ২০১০
- শ্ৰীমদ্ভগৱদ্গীতাৰ টীকা-ভাষ্য লিখে কিয়?
- Nilachal Kamakhya: Her History and Tantra, Scientific Evidence for Vedic Astrology
- ৰত্ন, জ্যোতিষ আৰু বিজ্ঞান
- Century old Caste, Creed and Guilds of Assam, ২০১৩
- জ্যোতি দ্বিভাষিকৰ বুৰঞ্জী, ২০১০, অসম বুক ডিপো
- ৰূপোপজীৱিনী বনাম দেহোপজীৱিনী (প্ৰাপ্তবয়স্কৰ যৌনজ্ঞান গ্ৰন্থ), ২০১৮, বান্ধৱ প্ৰকাশন
অভিধান
- জ্যোতি দ্বিভাষিক অভিধান, ১৯৯০
- Student's own bi-lingual Assamese-English Dictionary, ২০০২
- Jyoti Bilingual Thesaurus, ২০০৭
উপন্যাস
- ড° প্ৰণৱজ্যোতি ডেকাৰ ৰহস্য উপন্যাস, ২০১৩
- বতাহত পতাকা কঁপে, ১৯৭৮, ২০১৩
- মৃত্যুৰ আমন্ত্ৰণ, ১৯৮৭
- আৰু এটা অমীমাংসিত হত্যা, ১৯৭০
- ৰক্তক্ষৰণ, ১৯৭৩, ২০১৩
আত্মজীৱনী
শিশু গ্ৰন্থ
- গঙ্গাৰাম পালোৱান আৰু বঙলা ঘৰৰ ভূত, ১৯৭৮
- চীনদেশৰ অচিনাকী সাধু, ২০২১
বঁটা
মৃত্যু
২০২৪ চনৰ ৬ এপ্ৰিল তাৰিখে, ৮৪ বছৰ বয়সত, স্বাস্থ্যজনিত চিকিৎসাকালত গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত (জিএমচিএইচ) প্ৰণৱজ্যোতি ডেকাৰ মৃত্যু হয়।[1][10]
তথ্যসূত্ৰ
|
---|
| ১৯৫৫-১৯৭০ | |
---|
| ১৯৭১-১৯৯০ |
– (১৯৭১)
চৈয়দ আব্দুল মালিক (অঘৰী আত্মাৰ কাহিনী, ১৯৭২)
– (১৯৭৩)
সৌৰভ কুমাৰ চলিহা (গোলাম, ১৯৭৪)
নৱকান্ত বৰুৱা (ককাদেউতাৰ হাড়, ১৯৭৫)
ভবেন্দ্ৰ নাথ শইকীয়া (শৃংখল, ১৯৭৬)
আনন্দ চন্দ্ৰ বৰুৱা (বকুল বনৰ কবিতা, ১৯৭৭)
হোমেন বৰগোহাঞি (পিতা-পুত্ৰ, ১৯৭৮)
ভবেন বৰুৱা (সোণালী জাহাজ, ১৯৭৯)
যোগেশ দাস (পৃথিৱীৰ অসুখ, ১৯৮০)
নীলমণি ফুকন (কবিতা, ১৯৮১)
মামণি ৰয়ছম গোস্বামী (মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস, ১৯৮২)
নিৰ্মলপ্ৰভা বৰদলৈ (সুদীৰ্ঘ দিন আৰু ঋতু, ১৯৮৩)
দেবেন্দ্ৰ নাথ আচাৰ্য (জংগম, ১৯৮৪)
কৃষ্ণকান্ত সন্দিকৈ (কৃষ্ণকান্ত সন্দিকৈ ৰচনা সম্ভাৰ, ১৯৮৫)
তীৰ্থনাথ শৰ্মা (বেণুধৰ শৰ্মা, ১৯৮৬)
হৰেকৃষ্ণ ডেকা (আন এজন, ১৯৮৭)
লক্ষ্মীনন্দন বৰা (পাতাল ভৈৰৱী, ১৯৮৮)
হীৰেন গোহাঁই (অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা, ১৯৮৯)
স্নেহ দেৱী (স্নেহ দেৱীৰ একুঁকি গল্প, ১৯৯০) |
---|
| ১৯৯১-২০১০ |
অজিৎ বৰুৱা (ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য, ১৯৯১)
হীৰেন ভট্টাচাৰ্য (শইচৰ পথাৰ মানুহ, ১৯৯২)
কেশৱ মহন্ত (মোৰো যে কিমান হেঁপাহ, ১৯৯৩)
শীলভদ্ৰ (ৰেৱতী মোহন দত্তচৌধুৰী) (মধুপুৰ বহুদূৰ, ১৯৯৪)
চন্দ্ৰপ্ৰসাদ শইকীয়া (মহাৰথী, ১৯৯৫)
নিৰুপমা বৰগোহাঞি (অভিযাত্ৰী, ১৯৯৬)
নগেন শইকীয়া (আন্ধাৰত নিজৰ মুখ, ১৯৯৭)
অৰুণ শৰ্মা (আশীৰ্বাদৰ ৰং, ১৯৯৮)
মেদিনী চৌধুৰী (বিপন্ন সময়, ১৯৯৯)
অপূৰ্ব শৰ্মা (বাঘে টাপুৰ ৰাতি, ২০০০)
মহিম বৰা (এধানী মাহীৰ হাঁহি, ২০০১)
নলিনীধৰ ভট্টাচাৰ্য (মহৎ ঐতিহ্য, ২০০২)
বীৰেশ্বৰ বৰুৱা (অনেক মানুহ অনেক ঠাই আৰু নিৰ্জনতা, ২০০৩)
হীৰেন্দ্ৰ নাথ দত্ত (মানুহ অনুকুলে, ২০০৪)
য়েছে দৰজে ঠংচি (মৌন ওঁঠ মুখৰ হৃদয়, ২০০৫)
অতুলানন্দ গোস্বামী (চেনেহ জৰীৰ গাঁথি, ২০০৬)
পূৰবী বৰমুদৈ (শান্তনুকুলনন্দন, ২০০৭)
ৰীতা চৌধুৰী (দেও লাংখুই, ২০০৮)
ধ্ৰুৱজ্যোতি বৰা (কথা ৰত্নাকৰ, ২০০৯)
কেশদা মহন্ত (অসমীয়া ৰামায়ণী সাহিত্য: কথাবস্তুৰ আঁতিগুৰি, ২০১০) |
---|
| ২০১১-বৰ্তমান |
কবীন ফুকন (এই অনুৰাগী এই উদাস, ২০১১)
চন্দনা গোস্বামী (পাটকাইৰ ইপাৰে মোৰ দেশ, ২০১২)
ৰবীন্দ্ৰ সৰকাৰ (ধূলিয়ৰি ভৰিৰ সাঁচ, ২০১৩)
অৰূপা কলিতা পটংগীয়া (মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা, ২০১৪)
কুল শইকীয়া (আকাশৰ ছবি আৰু অন্যান্য গল্প, ২০১৫)
জ্ঞান পূজাৰী (মেঘমালাৰ ভ্ৰমণ, ২০১৬)
জয়ন্ত মাধৱ বৰা (মৰিয়াহোলা, ২০১৭)
সনন্ত তাঁতি (কাইলৈৰ দিনটো আমাৰ হ'ব, ২০১৮)
জয়শ্ৰী গোস্বামী মহন্ত (চাণক্য, ২০১৯)
অপূৰ্ব কুমাৰ শইকীয়া (বেংছতা, ২০২০)
অনুৰাধা শৰ্মা পূজাৰী (ইয়াত এখন অৰণ্য আছিল, ২০২১)
মনোজ কুমাৰ গোস্বামী (ভুল সত্য, ২০২২)
প্ৰণৱজ্যোতি ডেকা(ড॰ প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প, ২০২৩) |
---|
|
|