ফিৰোজ গান্ধী
ফিৰোজ জেহাংগীৰ গান্ধী (১২ ছেপ্টেম্বৰ ১৯১২ – ৮ ছেপ্টেম্বৰ ১৯৬০) এজন ভাৰতীয় স্বাধীনতা সংগ্ৰামী, ৰাজনীতিবিদ আৰু সাংবাদিক আছিল। তেওঁ ১৯৫০ৰ পৰা ১৯৫২ চনৰ ভিতৰত প্ৰাদেশিক সংসদৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু পাছলৈ ভাৰতীয় নিম্ন সদনৰ (লোকসভা) সদস্য আছিল। তেওঁ দ্য নেচনেল হেৰাল্ড আৰু দ্য নবজীৱন বাতৰি কাকত প্ৰকাশ কৰিছিল। তেওঁৰ পত্নী ইন্দিৰা গান্ধী (ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ কন্যা) আৰু তেওঁলোকৰ জ্যেষ্ঠ পুত্ৰ ৰাজীৱ গান্ধী উভয়েই ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছিল। তেওঁ ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ সদস্য আছিল।[3][4] প্ৰাৰম্ভিক জীৱন আৰু শিক্ষাগ্ৰহণফিৰোজ গান্ধীয়ে ১৯১২ চনৰ ১২ ছেপ্টেম্বৰত মুম্বাইৰ ফৰ্ট অঞ্চলৰ তেহমুলজি নৰিমান হস্পিতালত এটি পাৰ্ছি পৰিয়ালত জন্মগ্ৰহণ কৰে। তেওঁৰ পিতৃ-মাতৃ জেহাংগীৰ ফাৰেদুন গান্ধী আৰু ৰতিমাই (কমিচাৰিয়েট) মুম্বাইৰ খেতৱাডি মহল্লাত থকা নৰোজি নাটকৱালা ভৱনত বাস কৰিছিল। তেওঁৰ পিতৃ জেহাংগীৰ এজন সামুদ্ৰিক অভিযন্তা আছিল। তেওঁ কিলিক নিক্সনৰ বাবে কাম কৰিছিল আৰু পাছত ৱাৰেণ্ট অভিযন্তা হিচাপে পদোন্নতি লাভ কৰিছিল।[5][6] ফিৰোজ পৰিয়ালৰ পাঁচটি সন্তানৰ সৰ্বকনিষ্ঠ আছিল। তেওঁৰ দুজন ককায়েক আছিল - ডোৰাব আৰু ফাৰিদুন জেহাংগীৰ; আৰু দুগৰাকী ভগ্নী আছিল - তেহমিনা কেৰছাস্প আৰু আলু দাস্তুৰ। পৰিয়ালটো মুম্বাইলৈ ভাৰুচ (বৰ্তমান দক্ষিণ গুজৰাটত)ৰ পৰা স্থানান্তৰিত হৈছিল। ভাৰুচত তেওঁলোকৰ পিতামহৰ দিনৰ বংশগত গৃহ কোটপাৰিওৱাদত আজিও আছে।[7][8] ১৯২০ৰ দশকৰ আৰম্ভণিত, পিতৃৰ মৃত্যু হোৱাৰ পিছত, ফিৰোজ আৰু তেওঁৰ মাতৃ এলাহাবাদলৈ গুচি যায়।[9] তাতে তেওঁলোক তেওঁৰ অবিবাহিত মাহীয়েক শিৰীন কমিচাৰিয়েটৰ সৈতে থাকিবলৈ লয়। শিৰীন আছিল চহৰখনৰ লেডি ডাফাৰিন হস্পিতালত কৰ্মৰত এগৰাকী চিকিৎসক। ফিৰোজে প্ৰথমে বিদ্যা মন্দিৰ হাইস্কুলত আৰু পাছলৈ ইৱিং ক্ৰিষ্টিয়ান কলেজ, প্ৰয়াগৰাজত পঢ়িছিল।[10] ১৯৩৫ চনত, তেওঁ শিক্ষা সম্পূৰ্ণ কৰিবলৈ লণ্ডনৰ লণ্ডন স্কুল অৱ ইকনমিকছলৈ যায় আৰু তাত বি, এছছি ডিগ্ৰী লাভ কৰে।[11] পৰিয়াল আৰু জীৱনজীৱিকা১৯৩০ চনত কংগ্ৰেছৰ মুক্তিযোদ্ধাসকলৰ "বানৰ সেনা" নামৰ এটি শাখা গঠন কৰা হৈছিল। ফিৰোজে কমলা নেহৰু আৰু ইন্দিৰাক প্ৰথমে ইৱিং ক্ৰিষ্টিয়ান কলেজৰ বাহিৰত হোৱা প্ৰতিবাদৰ সময়ত লগ পাইছিল। কমলা সূৰ্যৰ প্ৰখৰ ৰ'দত সংজ্ঞাহীন হৈ পৰিছিল আৰু ফিৰোজে তেওঁক চোৱা-চিতা কৰিছিল। তাৰ পিছদিনাই ফিৰোজে পঢ়াশুনা এৰি ভাৰতৰ স্বাধীনতা সংগ্ৰামত যোগ দিয়ে। ১৯৩০ চনত স্বাধীনতা সংগ্ৰামত যোগ দিয়াৰ বাবে তেওঁক এলাহাবাদ জিলা কংগ্ৰেছ সমিতিৰ সভাপতি লালবাহাদুৰ শাস্ত্ৰী (ভাৰতৰ ২য় প্ৰধানমন্ত্ৰী)ৰ সৈতে গ্ৰেপ্তাৰ কৰি ফৈজাবাদ কাৰাগাৰত ১৯ মাহ বন্দী কৰি ৰখা হৈছিল। মুক্তিৰ পিছত তেওঁ উত্তৰ প্ৰদেশত খাজনাৰ বিৰুদ্ধে কৃষকৰ প্ৰতিবাদী আন্দোলনৰ সৈতে জড়িত হৈছিল আৰু ১৯৩২ আৰু ১৯৩৩ চনত পুনৰ গ্ৰেপ্তাৰ হৈছিল। এই সময়ত তেওঁ নেহৰুৰ সৈতে ঘনিষ্ঠৰূপে কাম কৰিছিল।[12]
বিবাহ আৰু পৰিয়াল১৯৩৩ চনত ফিৰোজে প্ৰথমবাৰ ইন্দিৰাক প্ৰস্তাৱ দিছিল, কিন্তু ইন্দিৰা আৰু তেওঁৰ মাতৃয়ে সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল, কিয়নো ইন্দিৰাৰ বয়স সেই সময়ত মাত্ৰ ১৬ বছৰ আছিল।[12] ফিৰোজ নেহৰু পৰিয়ালৰ সৈতে ক্ৰমে ঘনিষ্ঠ হৈ আহিছিল, বিশেষকৈ ইন্দিৰাৰ মাতৃ কমলা নেহৰুৰ সৈতে। কমলা নেহৰুৰ অসুস্থতাৰ সময়ত তেওঁ তেওঁৰ যত্ন লৈছিল আৰু তেওঁক ইউৰোপলৈ যোৱাৰ বন্দোবস্ত কৰি দিছিল। কমলাৰ মৃত্যু হৈছিল ১৯৩৬ চনৰ ২৮ ফেব্ৰুৱাৰীত, আৰু সেই সময়ত ফিৰোজ তেওঁৰ লগত আছিল।[13] ইয়াৰ পিছৰ সময়ছোৱাত ইংলেণ্ডত ইন্দিৰা আৰু ফিৰোজৰ সম্পৰ্ক অধিক ঘনিষ্ঠ হৈছিল। ১৯৪২ চনত তেওঁলোকে আদি ধৰ্ম হিন্দু ৰীতি-নীতি অনুসৰি বিবাহ সম্পন্ন কৰে। [14][15][16] বিবাহৰ ছয় মাহৰ ভিতৰত, ১৯৪২ চনত "ভাৰত ত্যাগ আন্দোলন"-ৰ সময়ত দাম্পত্য জীৱনৰ আৰম্ভণিতে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছিল। ফিৰোজক এবছৰৰ বাবে এলাহাবাদৰ নৈনী কেন্দ্ৰীয় কাৰাগাৰত বন্দী কৰি ৰখা হৈছিল।[17] তাৰ পিছৰ পাঁচ বছৰ তেওঁলোকৰ ব্যক্তিগত জীৱন সুখ-স্বাচ্ছন্দ্যৰে অতিবাহিত হৈছিল আৰু তেওঁলোকৰ দুজন পুত্ৰ, ৰাজীৱ আৰু সঞ্জয়ৰ জন্ম হৈছিল ক্ৰমে ১৯৪৪ আৰু ১৯৪৬ চনত। স্বাধীনতাৰ পিছৰ জীৱনস্বাধীনতাৰ পিছত, জৱাহৰলাল নেহৰু ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী হৈছিল। ফিৰোজ আৰু ইন্দিৰাই এলাহাবাদত বসবাস কৰিছিল, য'ত তেওঁলোকে নিজৰ সন্তানসকলৰ লগত সুখী জীৱন অতিবাহিত কৰিছিল। ফিৰোজ জৱাহৰলাল নেহৰুৰ দ্বাৰা প্ৰতিষ্ঠিত "দ্য নেচনেল হেৰাল্ড"ৰ পৰিচালনা সঞ্চালক হৈছিল। ১৯৫২ চনত, স্বাধীন ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচনত ফিৰোজে উত্তৰ প্ৰদেশৰ ৰায়বেৰিলী আসনৰ পৰা জয়লাভ কৰিছিল। ইন্দিৰাই তেওঁৰ নিৰ্বাচনী প্ৰচাৰৰ আয়োজন কৰিছিল। ফিৰোজে শীঘ্ৰেই নিজক এক উল্লেখযোগ্য ৰাজনৈতিক শক্তি ৰূপে প্ৰতিষ্ঠা কৰিছিল। তেওঁ নেহৰু চৰকাৰক সমালোচনা কৰিছিল আৰু ৰাজহুৱা দুৰ্নীতিৰ বিৰোধিতা আৰম্ভ কৰিছিল। স্বাধীনতাৰ পিছত বহুতো ভাৰতীয় ব্যৱসায় গোষ্ঠী ৰাজনৈতিক নেতাৰে ঘনিষ্ঠ হৈছিল আৰু তাৰে কিছু সংখ্যক বিত্তীয় অনিয়মিত জড়িত হৈছিল। ১৯৫৫ চনত, ফিৰোজে ৰাম কিষাণ ডালমিয়াই এটা বেংক আৰু এটা বীমা কোম্পানীৰ সভাপতি হৈ বেঙ্ক আৰু বীমা কোম্পানীৰ ধনৰ অপব্যৱহাৰ কৰি ব্যক্তিগত স্বাৰ্থত ব্যৱহাৰ কৰাৰ কেলেংকাৰী প্ৰকাশ কৰে।[18] [18] ১৯৫৭ চনত ফিৰোজ পুনৰ ৰায়বেৰেলীৰ পৰা পুনৰ নিৰ্বাচিত হয়। ১৯৫৮ চনত, তেওঁ সদনত চৰকাৰ নিয়ন্ত্ৰিত এল আই চিৰ সতে জড়িত হাৰিদাস মুণ্ড্ৰাৰ কেলেংকাৰী উন্মোচন কৰে। ইয়াৰ ফলত বিত্তমন্ত্ৰী টি.টি. কৃষ্ণমাচাৰীয়ে পদত্যাগ কৰিবলৈ বাধ্য হৈছিল। ফিৰোজে বহুতো জাতীয়কৰণৰ প্ৰচেষ্টা আৰম্ভ কৰিছিল। "লাইফ ইন্স্যুৰেন্স কৰ্প'ৰেছন"ৰ ৰাষ্ট্ৰীয়কৰণ তাৰ ভিতৰত অন্যতম। তেওঁ আন ভালেমান বিষয়ত চৰকাৰৰ বিৰোধিতা কৰিছিল, আৰু চৰকাৰৰ ওপৰত ধাৰাসাৰ প্ৰশ্ন তুলি জনপ্ৰিয় সাংসদ হিচাপে স্বীকৃতি লাভ কৰিছিল।[18] মৃত্যু আৰু সম্পদ১৯৫৮ চনত ফিৰোজ গান্ধীয়ে হৃদৰোগ আক্ৰমণত ভুগিছিল। সেই সময়ত ইন্দিৰা তেওঁৰ পিতা জৱাহৰলাল নেহৰুৰ সৈতে তিনমূৰ্তি ভৱনত (প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসভৱন) আছিল আৰু ভুটানলৈ চৰকাৰী ভ্ৰমণত গৈছিল। ইন্দিৰাই তেওঁৰ যত্ন ল’বলৈ কাশ্মীৰলৈ ঘূৰি আহে।[19] দ্বিতীয় বাৰ হৃদয়াঘাত হোৱাৰ পিছত ১৯৬০ চনত দিল্লীৰ উইলিংডন চিকিৎসালয়ত ফিৰোজ গান্ধীৰ মৃত্যু হয়। তেওঁক দাহ কৰা হৈছিল আৰু তেওঁৰ ছাই এলাহাবাদৰ পাৰ্চি কবৰস্থলীত থোৱা হৈছিল।[20] তেওঁৰ ৰায়বেৰিলী লোকসভা আসনৰ প্ৰতিনিধিত্ব তেওঁৰ পত্নী ইন্দিৰা গান্ধীয়ে ১৯৬৭ৰ পৰা ১৯৭৬ চনলৈ আৰু পুত্ৰবধূ তথা ৰাজীৱ গান্ধীৰ পত্নী ছোনিয়া গান্ধীয়ে ২০০৪ৰ পৰা ২০২৪ চনলৈ কৰিছে। তেওঁ ৰায়বেৰিলীত যিখন উচ্চ শিক্ষাৰ বিদ্যালয় স্থাপন কৰাত সহায় কৰিছিল, সেইখন তেওঁৰ নামত নামকৰণ কৰা হৈছিল।[21] এন টি পি চি লিমিটেডে উত্তৰ প্ৰদেশৰ তেওঁলোকৰ উঞ্চাহাৰ তাপ বিদ্যুৎ কেন্দ্ৰটো ফিৰোজ গান্ধীৰ নামত "ফিৰোজ গান্ধী উঞ্চাহাৰ তাপ বিদ্যুৎ কেন্দ্ৰ" বুলি নামকৰণ কৰে। অধিক চাওক
তথ্যসূত্ৰ
|