মাংস
"আমিষ" নামৰ পৃষ্ঠাই ইয়ালৈ পুনৰ্নিদেশ কৰিছে। ভাস্কৰ হাজৰিকা পৰিচালিত অসমীয়া চলচ্চিত্ৰখনৰ বাবে, আমিষ (চলচ্চিত্ৰ) চাওক।
মাংস হৈছে প্ৰাণীৰ শৰীৰৰ অংশ, যিটো খাদ্য হিচাপে খোৱা হয়।[1] প্ৰাগঐতিহাসিক কালত মানুহে মাংসৰ বাবে জীৱ-জন্তু চিকাৰ কৰিছিল। নৱপ্ৰস্তৰ বিপ্লৱৰ বসতিৰ ফলত কুকুৰা, ভেড়া, শহাপহু, গাহৰি, গৰু আদি জন্তুক পোহনীয়া কৰা হয়। পিছলৈ এইবোৰৰ পৰা মাংস উৎপাদনৰ ব্যৱস্থা কৰা হয়। মাংসৰ প্ৰকাৰ
মাংস শব্দটো জন্তুৰ আন অংগ যেনে হৃদযন্ত্ৰ (কলিজা), যকৃৎ, অন্ত্ৰ আদিক বুজাব ব্যৱহাৰ কৰা হয়। অসমীয়া ভাষাত মাংস মানে সাধাৰণতে ছাগলী আৰু কুকুৰাৰ মাংসক বুজোৱা হয় যদিও পাৰ আৰু হাঁহৰ মাংস কম পৰিমাণে গ্ৰহন কৰা হয়। জনজাতিয় লোক সকলৰ মাজত গাহৰিৰ প্ৰচলন বেছি। বিভিন্ন ধৰণৰ মাংসৰ ফটোমাংসৰ উপাদানপ্ৰাপ্তবয়ষ্ক স্তন্যপায়ী জন্তুৰ মাংসপেশীত প্ৰায় ৭৫% পানী, ১৯% প্ৰটিন, ২.৫% চৰ্বি, ১.২% শৰ্কৰা আৰু ২.৩% অন্য দ্ৰবণীয় অ প্ৰোটিন পদাৰ্থ (যেনে এমিন' এচিড, মিনাৰেল) থাকে। মাংসত যথেষ্ট পৰিমানত প্ৰটিন থাকে আৰু মাংসত সকলো প্ৰয়োজনীয় এমিন' এচিড থাকে। মাংস জিংক, ভিটামিন বি ১২, চেলেনিয়াম, ফছফৰাছ, নিয়াচিন, ভিটামিন বি ৬, কোলাইন, ৰাইবোফ্লেভিন আৰু আইৰনৰ এটা ভাল উৎস। কিছুমান মাংসত ভিটামিন কে'ও পোৱা যায়। মাংসত কিছু পৰিমানে কলেষ্টেৰল থাকে আৰু বহু কম পৰিমানে শৰ্কৰা আৰু আহ থাকে। চৰ্বিৰ পৰিমাণ সাধাৰনতে জন্তুৰ প্ৰজাতি আৰু বংশৰ ওপৰত নিৰ্ভৰ কৰে। মাংসৰ চৰ্বি দুটা প্ৰকাৰত পোৱা যায় -
ৰঙা মাংস আৰু বগা মাংসমাংস ৰঙা মাংস আৰু বগা মাংস এই দুই ভাগত ভগাব পাৰি। মাংসৰ ৰং এবিধ প্ৰটিন মায়োগ্লোবিনৰ পৰিমানৰ ওপৰত নিৰ্ভৰ কৰে। মায়োগ্লোবিন অক্সিজেনৰ সংস্পৰ্শত অক্সিমায়োগ্লোবিনলৈ পৰিবৰ্তিত হয়। অক্সিমায়োগ্লোবিনৰ কাৰনে মাংসক ৰঙা দেখা যায়। মাংসৰ ৰঙা গুণ প্ৰজাতি আৰু বয়সৰ ওপৰতো নিৰ্ভৰ কৰে। গৰু, গাহৰি আৰু ছাগলীৰ মাংসক ৰঙা মাংস আৰু কুকুৰা আৰু মাছক বগা মাংস বোলা হয়। বিভিন্ন ধৰণৰ খাদ্য মাংস
তথ্যসূত্ৰ
Information related to মাংস |