Share to: share facebook share twitter share wa share telegram print page

 

মুমিন

মুমিন এটা আৰবী শব্দ, যিটো মূলত আৰবী ঈমান শব্দটোৰ পৰা আহিছে।[1] ৰ শাব্দিক অৰ্থ "বিশ্বাসী" আৰু ইয়াৰ দ্বাৰা এজন কঠোৰভাৱে অনুগত মুছলিমক বুজোৱা হয়, যিটো অত্যন্ত দৃঢ়ভাবে ইছলামক নিজৰ অভ্যন্তৰৰ আৰু বাহিৰৰ সকলো কৰ্মকান্ডক ধাৰণ কৰে আৰু আল্লাহ তাআলাৰ ইচ্ছাৰ ওচৰত নিজক পূৰ্ণভাবে সমৰ্পন কৰে। নাৰী মুমিনসকলৰ ক্ষেত্ৰত মুমিনা শব্দটো ব্যৱহৃত হয়।


মুছলিমৰ সৈতে মুমিনৰ পাৰ্থক্য

মুছলিম হ'ল সেইজন, যিজনে ইছলাম ধৰ্মক নিজৰ ধৰ্ম বুলি বিশ্বাস আৰু স্বীকাৰ কৰে। অন্যদিশে মুমিন হ'ল সেইজন, যিজনে ইছলাম ধৰ্মক নিজৰ ধৰ্ম বুলি বিশ্বাস আৰু স্বীকাথ কৰাৰ ওচৰা-ওচৰি সেয়া নিজৰ ভিতৰত আৰু বাহিৰত ধাৰণ কৰে আৰু লগতে কঠোৰভাৱে ইয়াৰ নিৰ্দেশাৱলী মানি চলে। অৰ্থাৎ, ক'ব পাৰা যায়, সকলো মুমিনয়েই মুছলিম, কিন্তু সকলো মুছলিময়েই মুমিন নহয়।[2]

তথ্যসূত্ৰ

  1. "The Meaning of Mu'min". QTafsir.com. http://www.qtafsir.com/index.php?option=com_content&task=view&id=371। আহৰণ কৰা হৈছে: 18 July 2013. 
  2. J. I. Laliwala. Islamic Philosophy of Religion: Synthesis of Science Religion and Philosophy. পৃষ্ঠা. 143-4. ISBN 8176254762. http://books.google.com/books?id=I2Wz4HEoOgYC&lpg=PA144&dq=Mu'min%20believer&pg=PA143#v=onepage&q=Mu'min%20believer&f=false. 

Information related to মুমিন

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia

Kembali kehalaman sebelumnya