(১)শীতল অৱস্থা (Cold Stage)- এই অৱস্থাটো ঠাণ্ডা লগা ভাৱ,কঁপনি,মূৰৰ বিষ,বমিৰ ভাৱ আদিৰে আৰম্ভ হয়। ৰোগীয়ে লেপ-কম্বলজাতীয় গৰম কাপোৰ ল'বলৈ বিচাৰে। আঙুলিবোৰ আৰু ওঁঠ দুটা শুকাই যোৱাৰ ফলত এইবোৰৰ ৰং সামান্য নীলা চানেকীয়া হয় আৰু ৰোগীৰ গাৰ নোমবোৰ শিয়ঁৰি উঠে। দেহৰ উষ্ণতা তাৎক্ষণিক ভাৱে ৩৯-৪১° পৰ্য্যন্ত বৃদ্ধি পায়। প্ৰাৰম্ভিক অৱস্থাত দেহৰ উষ্ণতা কমি থাকে যদিও পিছলৈ বাঢ়ি যায়। এনে অৱস্থা ১৫ মিনিটৰ পৰা ১ ঘণ্টা পৰ্য্যন্ত থাকে।
(২)উষ্ণ অৱস্থা (Hot Stage)- এই অৱস্থাত জ্বৰ ইমানেই বেছি হয় যে ৰোগীজনৰ প্ৰচণ্ড উত্তাপ অনুভৱ হয় আৰু গাৰ কাপোৰ খুলি পেলাই দিয়াৰ দৰে অৱস্থা হয়। ৰোগীৰ তীব্ৰ মূৰ কামুৰণি হয়। মাজে মাজে বমিও হয়। এই অৱস্থা ২ ৰ পৰা ৬ ঘণ্টা পৰ্য্যন্ত থাকে। নাড়ীৰ স্পন্দন জোৰেৰে হয়। ৰোগীৰ খুব পিয়াঁহ লাগে।
(৩)ঘৰ্মাক্ত অৱস্থা (Sweating Stage)- এই অৱস্থাত ৰোগী বৰকৈ ঘামে আৰু জ্বৰ কমি যায়। ৰোগী সাধাৰণতে গভীৰভাৱে টোপনি যায় আৰু সাৰ পালে দুৰ্বল অনুভৱ কৰে। এই অৱস্থা ২ৰ পৰা ৪ ঘণ্টা পৰ্য্যন্ত থাকে।
মেলেৰিয়াৰ প্ৰকাৰ
পৃথিৱীত মুঠ চাৰিবিধ মেলেৰিয়া ৰোগ আছে। সাধাৰণতে ভাৰতত ইয়াৰে তিনিবিধ মেলেৰিয়া ৰোগহে দেখা পোৱা যায়। এই তিনিবিধৰ ভিতৰতো দুবিধ হ'ল (১) ভাইভেক্স মেলেৰিয়া (সাধাৰণ বিধৰ মেলেৰিয়া) (২) ফেলচিপেৰাম মেলেৰিয়া (তীব্ৰ বিধৰ মেলেৰিয়া)। ইয়াৰ পিছতে তৃতীয় বিধ তথা মাৰাত্মক হ'ল চেৰিব্ৰেল মেলেৰিয়া (মস্তিস্ক সংক্ৰান্ত অতি তীব্ৰতৰ মেলেৰিয়া) এইবিধ মেলেৰিয়া বৰ বিপদজনক। অতি শীঘ্ৰে চিকিৎসা ব্যৱস্থা নকৰিলে ৰোগী ২-৩ দিনৰ ভিতৰত মৃত্যু মুখত পৰিব পাৰে।
পূৰ্বে ভাৰতত ভাইভেক্স বা সাধাৰণবিধ মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ আছিল আৰু ৰোগীৰ শতকৰা ৬০ ভাগৰ পৰা ৬৫ ভাগেই আছিল এইবিধ ৰোগীহে। শেহতীয়া ভাৱে এই ধাৰাটো বদলি হৈছে। আজিকালি ভয়াবহ পি ফেলচিপৰাম মেলেৰিয়া সকলো ঠাইতে বৃদ্ধি পাইছে।
তথ্য সংগ্ৰহ
↑ 1.01.1Park, K. (2023). Park's Textbook of Preventive and Social Medicine. প্ৰকাশক Jabalpur: Bhanot Publishers. ISBN9789382219162.
বাহ্যিক সংযোগ
ৱিকিমিডিয়া কমন্সত মেলেৰিয়া সম্পৰ্কীয় মিডিয়া ফাইল আছে।