যতীন গোস্বামীএই প্ৰবন্ধটোক যতীন্দ্ৰনাথ গোস্বামী নামৰ প্ৰবন্ধৰ সৈতে খেলি-মেলি নকৰে যেন।
নৃত্যাচাৰ্য যতীন গোস্বামী এগৰাকী ভাৰতীয় নৃত্যশিল্পী আৰু নৃত্য পৰিচালক। ভাৰতৰ শাস্ত্ৰীয় নৃত্যসমূহৰ ভিতৰত অন্যতম সত্ৰীয়া নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গুৰু যতীন গোস্বামী বিশেষভাৱে জনাজাত।[2] তেওঁ গুৱাহাটীত অৱস্থিত সত্ৰীয়া একাডেমীৰ প্ৰতিষ্ঠাপক সঞ্চালক আৰু বৰ্তমান উপদেষ্টা মণ্ডলীৰ সদস্য।[3] তেওঁ সংগীত নাটক একাডেমীৰ সাধাৰণ পৰিষদৰ প্ৰাক্তন সদস্য আছিল।[1] তেওঁ আলোক শিল্পী সংঘ নামৰ নৃত্য একাডেমী আৰু প্ৰাগজ্যোতি কলা পৰিষদ নামৰ সংস্কৃতিক সংস্থাৰ প্ৰতিষ্ঠা কৰিছিল।[4] তেওঁ সত্ৰীয়া নৃত্যলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ২০০৪ চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল।[5] ২০০৮ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।[6] ২০১৯ চনত সংগীত নাটক একাডেমীয়ে গুৰু যতীন গোস্বামীক ২০১৮ চনৰ বাবে একাডেমীৰ সৰ্বোচ্চ সন্মান সংগীত নাটক একাডেমী ফেল'শ্বিপ বা সদস্য ৰত্ন প্ৰদান কৰে।[7] মহেশ্বৰ নেওগ আৰু ভূপেন হাজৰিকাৰ পিছত এই সন্মান লাভ কৰা তেওঁ তৃতীয়গৰাকী অসমীয়া। প্ৰাৰম্ভিক জীৱন১৯৩৩ চনৰ ২ আগষ্ট তাৰিখে গোলাঘাট জিলাৰ দেৰগাঁও দাধৰাৰ আধাৰ সত্ৰত যতীন গোস্বামীৰ জন্ম হৈছিল।[1] তেওঁৰ পিতৃ সত্ৰীয়া সংগীতৰ এগৰাকী সু-প্ৰতিষ্ঠিত শিল্পী স্বৰ্গীয় ধৰণীধৰ দেৱগোস্বামী আৰু মাতৃ স্বৰ্গীয়া চন্দ্ৰপ্ৰভা দেৱী। সত্ৰীয়া পৰিৱেশত জন্মগ্ৰহণ কৰা গোস্বামীদেৱে সৰু থাকোঁতেই পিতৃৰ তত্ত্বাৱধানত সত্ৰীয়া নাচৰ চৰ্চা আৰম্ভ কৰিছিল। পিছলৈ তেখেতে কমলাবাৰী সত্ৰৰ প্ৰসিদ্ধ সত্ৰীয়া শিল্পী মণিৰাম দত্ত মুক্তিয়াৰ আৰু স্বৰ্গীয় ৰসেস্বৰ শইকীয়া বৰবায়নৰ তত্ত্বাৱধান্ত নৃত্যৰ শিক্ষা গ্ৰহণ কৰে। সত্ৰীয়াৰ উপৰিও তেখেতে জয়পুৰত গুৰু গণেশ হীৰালালৰ তত্ত্বাৱধানত কথক আৰু গুৰু অটম্বা সিংৰ তত্ত্বাৱধানত মণিপুৰী নৃত্যৰ শিক্ষাও লাভ কৰিছিল।[4] তেওঁ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ একান্ত অনুৰাগী আছিল। তেওঁ কুৰি বছৰ বয়সতেই ৰাভাদেৱৰ সংস্পৰ্শলৈ আহিছিল। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ তত্ত্বাৱধানত গোস্বামীদেৱে সত্ৰীয়া নৃত্য আৰু নাটকৰ উপৰিও অসমীয়া লোকসংগীতৰ শিক্ষা গ্ৰহণ কৰে।[8] কৰ্মজীৱন১৯৬০ চনত প্ৰথম অসমীয়া শিল্পী হিচাপে গোস্বামীদেৱে দিল্লী দুৰদৰ্শনত সত্ৰীয়া সংগীতৰ অনুষ্ঠান প্ৰদৰ্শন কৰিছিল। ১৯৬২ চনত বিষ্ণুপ্ৰসাদ ৰাভা, ৰসেস্বৰ শইকীয়া বৰবায়ন আৰু তেওঁ অংকীয়া নাট ভাওনাৰ প্ৰথম আৰু একমাত্ৰ ভ্ৰাম্যমাণ দল “প্ৰাগজ্যোতিষ কলা পৰিষদ” গঠন কৰিছিল।[4] ১৯৬৩ চনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পৰিকল্পনা অনুসৰি আধুনিক মঞ্চত প্ৰথমবাৰৰ বাবে “ৰুক্মিণী হৰণ নাট|ৰুক্মিণী হৰণ” নাট তেওঁৰ অধীনত পৰিৱেশন কৰা হৈছিল। ইয়াৰ লগতে যতীন গোস্বামীয়ে উজনি অসমৰ প্ৰথম নাট্যদল “ভাস্কৰ থিয়েটাৰ” গঠন আৰু ‘খাজুৰাহো নৃত্য উৎসৱ’ত অনুষ্ঠান পৰিৱেশন কৰিছিল। তেওঁৰ অহোপুৰুষাৰ্থৰ ফলতে ‘নৃত্যাঞ্জলি উৎসৱ' আৰম্ভ হৈছিল। প্ৰতি বছৰে অনুষ্ঠিত এই উৎসৱ আধুনিক মঞ্চত সত্ৰীয়া নৃত্যৰ সংৰচনা আৰু সম্পৰীক্ষাৰ বাটকটীয়া হিচাপে পৰিগণিত হৈছে। যতীন গোস্বামীয়ে অসমৰ লগতে গোটেই ভাৰততে সত্ৰীয়া নৃত্যৰ কৰ্মশালা পাতি ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আগভাগ লৈছিল।[2][9] ১৯৯৪ চনত তেওঁ সংগীত নাটক একাডেমীৰ সাধাৰণ পৰিষদলৈ সদস্য হিচাপে নিৰ্বাচিত হৈছিল।[8] তেওঁ দেশে-বিদেশে বহু ঠাইত সত্ৰীয়া নৃত্য পৰিবেশন কৰিছে।[10] ২০০০ চনত সংগীত নাটক একাডেমীৰ তত্ত্বাৱধানত গুৱাহাটীত স্থাপন হোৱা সত্ৰীয়া একাডেমীৰ তেওঁ প্ৰথম সঞ্চালক আছিল।[1] সাহিত্য-কীৰ্তিনৃত্যাচাৰ্য যতীন গোস্বামীৰ বৰ্তমানলৈকে পাঁচখন গ্ৰন্থ প্ৰকাশিত হৈছে। সেইকেইখন হ'ল,
বঁটা আৰু সন্মানঅসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক হিচাপে খ্যাতি লভা যতীন গোস্বামীদেৱে পৰবৰ্ত্তী সময়ত ‘নৃত্যাচাৰ্য্য’ সন্মানেৰে ভূষিত হৈ প্ৰসিদ্ধি লাভ কৰে। তেওঁ বহুতো বঁটা আৰু সন্মান লাভ কৰিছে। তাৰে ভিতৰত উল্লেখযোগ্য হ'ল,
তথ্য উৎস
|