ইয়াৰ পৰা যমুনা প্ৰবাহিত হৈছে দক্ষিণাভিমুখে। মধ্য হিমালয়, শিবালিক পৰ্বতশ্ৰেণী আৰু মোৰাইনিক নদীৰ মাজেদি এই নদীৰ ২০০ কিলোমিটাৰ প্ৰবাহপথ উচ্চ যমুনা উপত্যকা নামেৰে পৰিচিত। এই উপত্যকাৰ জিওমৰফোলজিক্যাল বৈশিষ্ট্যসমূহ হ’ল শৃঙ্খলিত শৈলশিখৰ, শুদ্ধ পাথৰৰ ভূমিতল আৰু একাধিক নদীমঞ্চ। নওগাঁও অঞ্চলৰ দৰে নদীৰ নিম্ন উপত্যকাত বহুকাল প্ৰাচীন বৃহত্তৰ নদীমঞ্চসমূহ দেখা যায়। হিমাচল প্ৰদেশত ২,৩২০ বৰ্গকিলোমিটাৰ আয়তনবিশিষ্ট যমুনা নদীৰ এক প্ৰাচীন নদী ধাৰণ অঞ্চলৰ সন্ধান পোৱা যায়। উচ্চ ধাৰণ অঞ্চলৰ এক গুৰুত্বপূৰ্ণ উপনদী হ'ল টোনচ। এইখন যমুনাৰ দীৰ্ঘতম আৰু বৃহত্তম উপনদী। টোনচ নদীৰ উৎপত্তি হৰি-কি-দুন উপত্যকাত। মূল নদীতকৈ এই নদীৰ জলধাৰণ ক্ষমতা বেছি। কলসিৰ পাছতেই হৰিদ্বাৰৰ কাষত ই যমুনাৰ লগত মিলিত হৈছে। এই নদীৰ সমগ্ৰ জলনিৰ্গম প্ৰণালীটো প্ৰসাৰিত হৈছে হিমাচল প্ৰদেশৰ গিৰি-শতদ্ৰু ধাৰণ অববাহিকা আৰু গাড়োৱালৰ যমুনা-ভিলংনা ধাৰণ অববাহিকাৰ মধ্যবৰ্তী অঞ্চলত। চিমলাৰ দক্ষিণ শৈলশিখৰটো এই প্ৰণালীৰ অন্তৰ্গত।
যমুনা অববাহিকাৰ উচ্চ ধাৰণ অঞ্চলৰ অন্যতম উপনদীসমূহ হল গিৰি, ঋষিগঙ্গা, কুণ্টা, হনুমানগঙ্গা আৰু বাটা।[6] ইয়াৰপাছত দেৰাদুনৰ নিকটৱৰ্তী ডাকপাথৰত যমুনা নদী দুন উপত্যকাৰ সমভূমিত অবতীৰ্ণ হৈছে। ইয়াত এটা জলপ্ৰপাত জলাধাৰাৰৰ সাহায্যৰে নদীৰ পানী জলবিদ্যুৎ উৎপাদনৰ বাবে এটা খালৰ মাজৰে প্ৰবাহিত হৈছে। ইয়াৰ অলপ দূৰত যমুনা আৰু আচচান নদীৰ সংযোগস্থলত আচচান বান্ধ অবস্থিত। ইয়াত এটা পক্ষীগৃহও আছে। শিখ তীৰ্থস্থান পাওণ্টা চাহিব পাৰ হৈয়ে যমুনা নদী হাৰিয়ানাৰ যমুনা নগৰ জিলাৰ তাজেওৱালাত উপস্থিত হৈছে। ১৮৭৩ চনত ইয়াত এটা জলাধাৰ নিৰ্মিত হয়। এই জলাধাৰটো পূৰ্ব আৰু পশ্চিম যমুনা খাল নামেৰে দুটা গুৰুত্বপূৰ্ণ খালৰ উৎপত্তিস্থল। এই খালদুটাৰ মাধ্যমেৰে হাৰিয়ানা আৰু উত্তৰপ্ৰদেশ ৰাজ্যৰ জনসিঞ্চনৰ পানী সৰবৰাহ কৰা হয়। পশ্চিম যমুনা খাল যমুনা নগৰ, কাৰণাল আৰু পানিপথ পাৰ হৈ হায়দাৰপুৰ ট্ৰিটমেণ্ট প্ল্যাণ্টত উপস্থিত হৈছে। এই প্ল্যাণ্টটো দিলীৰ পৌৰ জল সৰবৰাহ ব্যবস্থাৰ এটি উৎস। ইয়াৰ পাছত ইয়াতে যমুনা নগৰ আৰু পানিপথ চহৰৰ বৰ্জিত পানী আহি মিশ্ৰিত হৈছে। অতঃপৰ শূন্য যমুনা নদী আকৌ পূৰ্ণ হৈছে বিভিন্ন ঋতুগত জলধাৰা আৰু ভৌমজলৰ উৎসৰ পৰা। শুষ্ক ঋতুত তাজেওৱালাৰ পৰা দিল্লী পৰ্যন্ত প্ৰবাহপথত যমুনাৰ অনেকাংশই শুকান হৈ থাকে। তাৰপাছত ২২৪ কিলোমিটাৰ পথ অতিক্ৰম কৰি যমুনা প্ৰবেশ কৰে পাল্লা জিলাত।
যমুনা নদীয়ে উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশ ৰাজ্যৰ প্ৰাকৃতিক সীমাও নিৰ্ধাৰণ কৰিছে। বিশ্বৰ বৃহত্তম পললসমৃদ্ধ উৰ্বৰ সমভূমি সিন্ধু-গাঙ্গেয় সমভূমি অঞ্চলত গঙ্গা নদীৰ লগত সমান্তৰালভাবে প্ৰবাহিত হৈ যমুনা নদীয়ে ৬৯,০০০ বৰ্গকিলোমিটাৰ আয়তন বিশিষ্ট গঙ্গা-যমুনা দোয়াব অঞ্চলৰ সৃষ্টি কৰিছে। এই অঞ্চল সমগ্ৰ সমভূমিৰ এক-তৃতীয়াংশ অঞ্চল ব্যাপী অবস্থান কৰিছে। বৰ্তমান এই অঞ্চল কৃষিক্ষেত্ৰত সমৃদ্ধিৰ বাবে সুপ্ৰসিদ্ধ। ইয়াৰ উৎপাদিত শস্যসমূহৰৰ মাজত বাচমতী চাউল বিশেষ উল্লেখযোগ্য। ভাৰতৰ কৃষকসকলৰৰ এক তৃতীয়াংশ এই সমভূমি অঞ্চলতেই বাস কৰে।[7]
দিল্লী, হাৰিয়ানা আৰু উত্তৰপ্ৰদেশৰ মাজেদি প্ৰবাহিত হৈ এলাহাবাদৰ পবিত্ৰ হিন্দু তীৰ্থ ত্ৰিবেণী সঙ্গমত ১,৩৭৬ কিলোমিটাৰ পথ অতিক্ৰম কৰাৰ পাছত গঙ্গা নদীৰ লগত মিলিত হৈছে যমুনা। ইয়াত নদীৰ মধ্যভাগত এক উচ্চ মঞ্চত অবস্থিত তীৰ্থক্ষেত্ৰত তীৰ্থযাত্ৰীসকলে নৌকাযোগে পূজা দিবলৈ যায়। প্ৰতি বাৰ বছৰৰ অন্তৰে সঙ্গমৰ ঘাটসমূহতকুম্ভমেলা আয়োজিত হয়। এই সময়ত পুণ্যাৰ্থীসকলে নদীত স্নান কৰে।[8] যমুনা নদীৰ তীৰত অবস্থিত চহৰসমূহ হ’ল বাঘপত, দিল্লী, নইডা, মথুৰা, আগ্ৰা, ফিৰোজাবাদ, এটাওৱা, কলপি, হামিৰপুৰ আৰু এলাহাবাদ। এটাওৱাৰ আন এক গুৰুত্বপূৰ্ণ উপনদী চম্বল যমুনাৰ লগত মিলিত হৈছে। ইয়াৰ পাছত সিন্ধ, বেতোৱা আৰু কেন নদী মিলিত হৈছে যমুনাৰ লগত।[2][9]
প্ৰাচীন সাহিত্য আৰু ইতিহাসত যমুনা নদী
সংস্কৃত ভাষাত "যমুনা" নামটোৰ অৰ্থ "যমজ"। গঙ্গা নদীৰ সমান্তৰালভাবে এই নদী প্ৰবাহিত বুলিয়েই যমুনাৰ এই নামকৰণ। বৈদিক যুগত (১৭০০ – ১১০০ খ্ৰীষ্টপূৰ্বে) ৰচিত ঋগ্বেদৰ একাধিক স্থানত "যমুনা" নামটোৰ উল্লেখ পোৱা যায়। পৰবৰ্তীকালত ৰচিত অথৰ্ববেদ আৰু ঐতৰেয় ব্ৰাহ্মণ আৰু শতপথ ব্ৰাহ্মণতো "যমুনা" নামটোৰ সন্ধান পোৱা গৈছে।[10] ঋগ্বেদৰ এটি উপাখ্যানত ভ্ৰাতা যমৰ প্ৰতি যমুনাৰ "অত্যধিক স্নেহ"ৰ বৰ্ণনা আছে। যমে যমুনাক নিজৰ বাবে এজন উপযুক্ত স্বামী বাচি লবলৈ কোৱাত যমুনাই কৃষ্ণক বৰণ কৰে। ষোড়শ শতাব্দীত দাৰ্শনিক বল্লভাচাৰ্য ৰচিত যমুনাষ্টকম্ স্তোত্ৰত এই কাহিনীৰ বৰ্ণনা আছে। এই কাব্যৰ বৰ্ণনা অনুযায়ী যমুনাই তেওঁৰ প্ৰেমিক কৃষ্ণৰ লগত মিলিত হয় আৰু জগতৰ পাপস্খলন কৰিবলৈ মৰ্ত্যলৈ নামি আহিছিল। এই স্তবত যমুনাক সকলো আধ্যাত্মিকতাৰ উৎস বুলি বন্দনা কৰা হৈছে; কোৱা হৈছে যে গঙ্গা বৈৰাগ্য, উচ্চ জ্ঞান আৰু মোক্ষ দানত সমৰ্থ, কিন্তু যমুনাই তেওঁৰ জ্যেষ্ঠ ভ্ৰাতা যমৰ অত্যন্ত প্ৰিয় বুলিয়েই মৃত্যুৰ পৰাও মুক্তি দিয়াত সমৰ্থ। হিন্দু পুৰাণৰ বৰ্ণনা অনুযায়ী, যমুনা কালিন্দ পৰ্বতৰ পৰা উৎসাৰিত। এই কাৰণে তেওঁক কালিন্দৰ কন্যা কালিন্দী নামেৰেও অভিহিত কৰা হয়। কৃষ্ণৰ লীলাবৰ্ণনাত আৰু বৈষ্ণৱ পদাবলীত কালিন্দী নামটোৰ বহুল প্ৰয়োগ পৰিলক্ষিত হয়।[11][12]
মহামতি আলেকজেণ্ডাৰৰ পদাধিকাৰী চেলুকচ প্ৰথম নিকাটৰৰ জৰীপ আৰু ৩০৫ খ্ৰীষ্টপূৰ্বে ভাৰত ভ্ৰমণকাৰী জনৈক ডায়াডকিৰ বৰ্ণনাত এই নদী ইয়োমেনস (Iomanes) বা ইওয়ামেস (Ioames) নামেৰে পৰিচিত। ২৮৮ খ্ৰীষ্টপূৰ্বে চন্দ্ৰগুপ্ত মৌৰ্যৰ মৃত্যুৰ আগলৈকে পূৰ্বতে কোনো সময়ত ভাৰত পৰ্যটনকাৰীয়ে গ্ৰীক পৰ্যটক আৰু ভৌগোলিক মেগাস্থেনিচ তেওঁৰ ইণ্ডিকা গ্ৰন্থত এই নদীৰ উল্লেখ কৰে। তেওঁৰ বৰ্ণনা অনুযায়ী, যমুনা অববাহিকাত অবস্থিত দেশখন শূৰসেন নামেৰে পৰিচিত আছিল।[13]মহাভাৰতৰ বৰ্ণনা অনুযায়ী পাণ্ডবসকলৰ ৰাজধানী ইন্দ্ৰপ্ৰস্থ যমুনা নদীৰ তীৰত অবস্থিত আছিল। ধৰা হয় যে, এই অঞ্চলটো অবস্থিত আছিল বৰ্তমান দিল্লী অঞ্চলত।
পুৰাতাত্ত্বিক প্ৰমাণৰ পৰা জনা যায়, যমুনা এসময়ত ঘগ্গৰ নদীৰ উপনদী আছিল। প্ৰাচীনযুগত এই ঘগ্গৰ নদীখন বৈদিক সৰস্বতী নদী নামেৰে অভিহিত হৈছিল। সৰস্বতী, সিন্ধু আৰু ইয়াৰ পাঁচ উপনদী একত্ৰে সপ্তসিন্ধু নামেৰে পৰিচিত আছিল। উত্তৰ ভাৰতৰ এক ভূআন্দোলনৰ ফলত যমুনাই নিজৰ অস্তিত্ব পৰিবৰ্তন কৰি গঙ্গাৰ উপনদীত পৰিণত হয়। মানি লোৱা হয়, ইয়াৰ পাছৰ পৰাই সৰস্বতী নদী শুকায় যায়। ইয়াতে সিন্ধু সভ্যতাৰ একাধিক জনবসতিৰ পতন ঘটে আৰু থৰ মৰুভূমিৰ উদ্ভব ঘটে। ঘগ্গৰ-হাকৰা নদীত বৰ্তমানে কেবল বৰ্ষাকালতহে পানী থাকে।[14][15][16] প্ৰাচীনকালৰ পৰাই গঙ্গা-যমুনা নদী অববাহিকা আৰু দোয়াব অঞ্চল এক ঐতিহ্যবাহী ক্ষমতাকেন্দ্ৰ বুলি বিবেচিত হৈ আহিছে। চালুক্য ৰাজ বিনয়াদিত্যৰ ৰাজত্বকাল পৰ্যন্ত প্ৰাচীন ভাৰতৰ একাধিক বৃহৎ সাম্ৰাজ্যৰ কেন্দ্ৰ আছিল এই অঞ্চল। এইবোৰৰ মাজত উল্লেখযোগ্য: মগধ (৬০০ খ্ৰীষ্টপূৰ্ব), মৌৰ্য সাম্ৰাজ্য (৩২১-১৮৫ খ্ৰীষ্টপূৰ্ব), শূঙ্গ সাম্ৰাজ্য (১৮৫-৭৩ খ্ৰীষ্টপূৰ্ব), কুষাণ সাম্ৰাজ্য (খ্ৰীষ্টিয় প্ৰথম-তৃতীয় শতাব্দী) আৰু গুপ্ত সাম্ৰাজ্য (২৮০-৫৫০ খ্ৰীষ্টাব্দ)। এই সাম্ৰাজ্যসমূহৰ কেইবাখনৰো ৰাজধানী আছিল মথুৰা অথবা পাটলিপুত্ৰ চহৰত। এই সকলো সাম্ৰাজ্যই গঙ্গা আৰু যমুনা নদীৰ তীৰতেই বিকাশলাভ কৰে। দ্বিতীয় চন্দ্ৰগুপ্তৰ শাসনকালত (৩৭৫-৪১৫ খ্ৰীষ্টাব্দ) গঙ্গা আৰু যমুনাৰ মূৰ্তি সমগ্ৰ গুপ্ত সাম্ৰাজ্যত বিয়পি পৰে। দাক্ষিণাত্যতো চালুক্য আৰু ৰাষ্ট্ৰকূটসকলৰ (৭৫৩-৯৮২ খ্ৰীষ্টাব্দ) নিৰ্মিত মন্দিৰ আৰু ৰাজকীয় চিললমোহৰত গঙ্গা আৰু যমুনাৰ ছবি পোৱা যায়। তাৰো আগেয়ে চোল সাম্ৰাজ্যৰ স্থাপত্য নক্সাত স্থান পাইছিল এই দুই নদীয়ে। ৰাষ্ট্ৰকূট ৰজা তৃতীয় গোবিন্দইলোৰাৰ কৈলাস মন্দিৰ চত্বৰ পাথৰ কাটি তেওঁ নদীদেৱী গঙ্গা, যমুনা আৰু সৰস্বতীৰ নামেৰে তিনিটা মন্দিৰ নিৰ্মাণ কৰে।[17]
পুৰাণ
যমুনা নদীৰ দেৱীকল্পযমী বা দেৱী যমুনা নামেৰে পৰিচিত। তেওঁ হিন্দু সূৰ্যদেৱতা সূৰ্য আৰু তেওঁৰ পত্নী সমজ্ঞাৰ কন্যা আৰু মৃত্যুদেৱতা যমৰ ভগিনী। কৃষ্ণধৰ্মৰকৃষ্ণ সংক্ৰান্ত উপাখ্যানসমূহৰ লগত ওত:প্ৰত:ভাবে জড়িত এই দেৱী। হিন্দু পুৰাণতো কৃষ্ণ আৰু যমুনা নদী বিষয়ক অনেকবোৰ কাহিনী প্ৰচলিত আছে। এইবোৰৰ মাজত উল্লেখযোগ্য হ’ল কালীয় দমন। এই কাহিনী অনুসৰি, যমুনাৰ পানীৰ তলিত কালীয় নামেৰে এক বিষধৰ নাগৰ বসতি আছিল। এই নাগে ব্ৰজৰ অধিবাসীসকলক ভয় দেখুৱাইছিল। কৃষ্ণই এই নাগক পৰাস্ত কৰে আৰু ইয়াৰ ফণাৰ ওপৰত উঠি নৃত্য কৰে।[18][19]
গুৰুত্বপূৰ্ণ উপনদী
টোনচ নদী – যমুনাৰ বৃহত্তম আৰু দীৰ্ঘতম নদী। বান্দাৰপুচ পৰ্বতৰ ২০,৭২০ ফুট (৬,৩১৫ মিটাৰ) উচ্চতাত উৎপন্ন এই নদী হিমাচল প্ৰদেশত এক সুবৃহৎ অববাহিকাৰ সৃষ্টি কৰিছে। উত্তৰাখণ্ড ৰাজ্যত দেৰাদুনৰ নিকটৱৰ্তী কলসিত এই নদী যমুনাৰ লগত মিলিত হৈছে।
↑Sharma, Deo Prakash (2006). Archaeology of Lower Ganga-Yamuna Doab (circa 1200 B.C. to 1200 A.D.). Bharatiya Kala Prakashan. পৃষ্ঠা. 10, 214. ISBN8180900339. ""Doab is a Persian word, from Do-Ab, literally meaning 'two rivers', or land between two rivers"."