Share to: share facebook share twitter share wa share telegram print page

 

য়্যুং চ্যেং

য়্যুং চ্যেং

২০১০ চনত য়্যুং চ্যেং
জন্ম ২৫ মাৰ্চ, ১৯৫২ (৭২ বছৰ)
য়িবিন, Sichuan, চীন
পেচা লেখক
ৰাষ্ট্ৰীয়তা ব্ৰিটিছ নাগৰিক[1]
সময় ১৯৮৬চনৰপৰা বৰ্তমানলৈ
ধৰণ জীৱনী
বিষয় চীন
দাম্পত্যসংগী য়ন হেলিডে
ৱেবছাইট www.jungchang.net

য়্যুং চ্যেং (চীনা ভাষাত:张戎, ইংৰাজী: Jung Chang জন্ম:২৫ মাৰ্চ, ১৯৫২) এগৰাকী চীনা বংশোদ্ভূত ব্ৰিটিছ লেখক যি লণ্ডনত বাস কৰে। য়্যুং চ্যেং তেওঁৰ পাৰিবাৰিক আত্মজীৱনী ৱাইল্ড চোৱানচ্‌ৰ বাবে সৰ্বাধিক জনাজাত, বিশ্বজুৰি কিতাপখনৰ ১০ নিযুততকৈও অধিক প্ৰতিলিপি বিক্ৰী হয়; কিন্তু চীনত এই কিতাপখন নিষিদ্ধ।

তেওঁৰ স্বামী আইৰিছ ইতিহাসবিদ য়ন হেলিডেৰ সৈতে লিখা তেওঁৰ ৮৩২ পৃষ্ঠাৰ জীৱনী মাও জেদং, মাও: দ্য আননউন ষ্ট’ৰি জুন ২০০৫ চনত প্ৰকাশ হৈছিল।

চীনত

চ্যুৱে জিহেং, য়্যুং চ্যেঙৰ ককাক

চ্যেঙৰ জন্ম ১৯৫২ চনৰ ২৫ মাৰ্চত য়িবিন, চিচুৱান প্ৰদেশত হৈছিল। তেওঁৰ মাক-দেউতাক দুয়ো চীনৰ কমিউনিষ্ট পাৰ্টিৰ বিষয়া আছিল। চ্যেঙৰ দেউতাক সাহিত্যৰ প্ৰতি যথেষ্ট আগ্ৰহী আছিল। সৰুতেই চ্যেঙৰ পঢ়া আৰু লিখাৰ সৈতে এটি নিবিড় সম্পৰ্ক গঢ়ি উঠে, ইয়াৰ ভিতৰত কবিতা লিখাৰ আগ্ৰহো অন্তৰ্ভুক্ত আছিল।

তথ্যসূত্ৰ

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia

Kembali kehalaman sebelumnya