শঙ্কৰ দয়াল শৰ্মা
শঙ্কৰ দয়াল শৰ্মা (ইংৰাজী: Shankar Dayal Sharma; pronunciation (সহায়·তথ্য); ১৯ আগষ্ট ১৯১৮- ২৬ ডিচেম্বৰ ১৯৯৯) ভাৰতৰ নৱম ৰাষ্ট্ৰপতি আছিল। তেখেতৰ কাৰ্যকাল আছিল ১৯৯২-১৯৯৭। ইয়াৰ পূৰ্বে তেখেত ৰাষ্ট্ৰপতি আৰ ভেংকটাৰমণৰ কাৰ্যকালত ভাৰতৰ অষ্টম উপ-ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত আছিল। কেবিনেট মন্ত্ৰীও (১৯৫৬- ১৯৬৭) আছিল। ১৯৭২ৰ পৰা ১৯৭৪লৈ তেখেত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি আৰু ১৯৭৪ৰ পৰা ১৯৭৭লৈ কেন্দ্ৰীয় মন্ত্ৰী হৈছিল।[1] শিক্ষা আৰু প্ৰাৰম্ভিক জীৱনড॰ শৰ্মাই উচ্চশিক্ষা চেইণ্ট জনচ্ কলেজ, এলাহাবাদ বিশ্ববিদ্যালয়, লক্ষ্ণৌ বিশ্ববিদ্যালয়, ফিটজ ৱিলিয়াম কলেজ, কেমব্ৰিজ বিশ্ববিদ্যালয় আৰু লিংকনচ্ ইন এণ্ড হাভাৰ্ড ল কলেজত গ্ৰহণ কৰিছিল। তেখেতে ইংৰাজী, হিন্দী আৰু সংস্কৃত ভাষাত প্ৰথম স্থান অধিকাৰ কৰি স্নাতকোত্তৰ উপাধি লৈছিল। লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ পৰা তেখেতে এল.এল.এমতো প্ৰথম স্থান পাই উত্তীৰ্ণ হৈছিল। তেখেতে কেমব্ৰিজৰ পৰা আইন বিষয়ত পি.এইচ.ডি. লাভ কৰিছিল। সমাজ সেৱাৰ বাবে তেখেতে লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ পৰা চক্ৰৱৰ্তী সোণৰ পদক পাইছিল।[2] তেখেতে লক্ষ্ণৌ আৰু কেমব্ৰিজ বিশ্ববিদ্যালয়ত শিক্ষকতা কৰিছিল। কেমব্ৰিজত তেখেত টেগ'ৰ চোচাইটি এণ্ড কেমব্ৰিজ মজলিচৰ কোষাধ্যক্ষ আছিল। পিছলৈ তেখেত হাভাৰ্ড ল স্কুলৰ ফেল' হৈছিল।[3][4][5][4] ৰাজনৈতিক দীক্ষা১৯৪০ত তেখেতে ভাৰতৰ স্বাধীনতা সংগ্ৰামত জড়িত হৈ পৰিছিল আৰু ভাৰতীয় জাতীয় কংগ্ৰেছত অংশ গ্ৰহণ কৰিছিল। জীৱনৰ বাকীচোৱা সময় তেখেতে এই দলটোৰ প্ৰতি অনুগত হৈ থাকিল। দেশে স্বাধীনতা লাভ কৰাৰ পিছত ভোপালৰ নৱাবে ভূপাল প্ৰদেশ ভাৰতৰ লগত চামিল নহৈ এখন সুকীয়া ৰাজকীয় প্ৰদেশ হিচাপে থকাৰ মন কৰিলে, যাৰ বাবে প্ৰদেশখনৰ প্ৰজা নৱাবৰ প্ৰতি বিদ্ৰোহী হৈ উঠিল। ১৯৪৮ৰ ডিচেম্বৰত শঙ্কৰ দয়াল শৰ্মাই এই বিদ্ৰোহৰ নেতৃত্ব দিলে; যাৰবাবে তেখেতক গ্ৰেপ্তাৰ কৰা হ'ল। জনসভা অনুষ্ঠিত কৰাত থকা নিষেধাজ্ঞা ভঙ্গ কৰা বাবে ২৩ জানুৱাৰী ১৯৪৯ত তেখেতক ৮ মাহৰ কাৰাদণ্ড বিহা হ'ল। পিছত ৰাইজৰ হেঁচাত সেও মানি নৱাবে তেখেতক কাৰাগাৰৰ পৰা মুকলি কৰি দিলে আৰু ভোপাল প্ৰদেশক ভাৰত গণৰাজ্যত চামিল কৰাৰ চুক্তিত চহী কৰিলে।[6] ১৯৫২ চনত তেখেত ভূপাল প্ৰদেশৰ মুখ্যমন্ত্ৰী। তেখেতেই আছিল সেই সময়ৰ আটাইতকৈ কম বয়সীয়া মুখ্যমন্ত্ৰী। ৰাজ্য পুনৰ্গঠন নোহোৱালৈ তেখেত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হৈ থাকিল। ১৯৫৬ত ভোপালকে ধৰি আৰু কেইখনমান ৰাজ্য লগলাগি মধ্যপ্ৰদেশ গঠন কৰা হয়।[7] সক্ৰিয় ৰাজনৈতিক জীৱন১৯৬০ৰ দশকত ইন্দিৰা গান্ধীয়ে কংগ্ৰেছৰ নেতৃত্ব দিয়াটোক সমৰ্থন কৰিছিল। ১৯৭২ত তেখেত অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সভাপতি হৈছিল আৰু এ.আই.চি.চি.ৰ কলকাতা অধিবেশনত সভাপতিত্ব কৰিছিল। ১৯৫৬ৰ পৰা ১৯৬৭লৈ তেখেত মধ্যপ্ৰদেশ চৰকাৰৰ শিক্ষা,আইন, ৰাজহুৱা সেৱা, উদ্যোগ আৰু বাণিজ্য,ৰাষ্ট্ৰীয় সম্পদ আৰু পৃথক ৰাজহ দপ্তৰৰ কেবিনেট মন্ত্ৰী, ১৯৭৪-১৯৭৭ লৈ কেন্দ্ৰীয় চৰকাৰৰ যোগাযোগ মন্ত্ৰী হৈছিল।[2] তেখেতে ৩ চেপ্তেম্বৰ ১৯৮৭ৰ পৰা ৰাষ্ট্ৰপতিৰ দায়িত্ব লোৱালৈ ভাৰতৰ উপ-ৰাষ্ট্ৰপতি আৰু ৰাজ্যসভাৰ অধ্যক্ষ হৈ আছিল। তাৰ আগত তেখেতে তিনিখন ৰাজ্য, অন্ধ্ৰপ্ৰদেশ, পঞ্জাব আৰু মহাৰাষ্ট্ৰৰ ৰাজ্যপালো আছিল।[2] ৰাষ্ট্ৰপতি নিৰ্বাচনশঙ্কৰ দয়াল শৰ্মা ১৯৯২ত ৰাষ্ট্ৰপতি হোৱালৈকে উপ-ৰাষ্ট্ৰপতি হৈ আছিল। প্ৰতিদ্বন্দ্ব্বী জৰ্জ গিলবাৰ্ট স্বেলৰ বিৰুদ্ধে ৬৬% ভোট পাই তেখেত নিৰ্বাচিত হৈছিল। পাঁচবছৰীয়া কাৰ্যকালত তেখেতে তিনিজনকৈ প্ৰধানমন্ত্ৰীক শপতগ্ৰহণ কৰোঁৱাইছিল। মৃত্যুজীৱনৰ শেষ পাঁচবছৰ শঙ্কৰ দয়াল শৰ্মাৰ শৰীৰ ৰোগ-ব্যাধিয়ে আগুৰি ধৰিছিল। ১৯৯৯ৰ ২৬ ডিচেম্বৰৰ দিনা গুৰুতৰ হাৰ্ট এটেক হোৱা বাবে তেখেতক দিল্লীৰ এখন হাস্পাতালত ভৰ্তি কৰা হৈছিল আৰু তাতেই তেখেতৰ মৃত্যু হৈছিল। কৰ্মভূমিত তেখেতৰ শৱ সৎকাৰ কৰা হৈছিল। মৃত্যুৰ সময়ত তেখেতে প্ৰথম পত্নীৰ ফালৰ পৰা এজন পুত্ৰ সতীশ দয়াল শৰ্মা আৰু দ্বিতীয় পত্নী বিমলা শৰ্মাৰ ফালৰ পৰা আন এজন পুত্ৰ আশুতোষ দয়াল শৰ্মাক এৰি থৈ যায়। তেখেতৰ জীয়াৰী গীতাঞ্জলীক স্বামী কংগ্ৰেছ সাংসদ ললিত মাকেনৰ সৈতে ১৩ জুলাই, ১৯৮৫ত নতুনদিল্লীৰ কীৰ্তি নগৰৰ মাকেনৰ বাসভৱনত খালীস্তানী উগ্ৰপন্থী হৰিন্দৰ সিং, সুখদেৱ সিং আৰু ৰঞ্জিতসিং ওৰফে কুক্কিয়ে গুলিয়াই হত্যা কৰে।[1] তথ্য উৎস
বাহ্যিক সংযোগ
|