শান্তিনিকেতন
শান্তিনিকেতন (ইংৰাজী: Santiniketan, বঙালী: শান্তিনিকেতন) পশ্চিমবংগ ৰাজ্যৰ অন্তৰ্গত বীৰভূম জিলাৰ বোলপুৰ চহৰত অৱস্থিত আশ্ৰম আৰু শিক্ষাকেন্দ্ৰ।[1] ১৮৬৩ চনত ৰবীন্দ্ৰনাথৰ পিতা দেবেন্দ্ৰনাথ ঠাকুৰে ঈশ্বৰচিন্তা আৰু ধৰ্ম আলোচনা কৰাৰ উদ্দেশ্যত বোলপুৰ চহৰৰ উত্তৰ অংশত এই আশ্ৰমখনৰ প্ৰতিষ্ঠা কৰিছিল। ১৯০১ চনত ৰবীন্দ্ৰনাথ ঠাকুৰে শান্তিনিকেতনত ব্ৰহ্মবিদ্যালয় প্ৰতিষ্ঠা কৰিছিল যিটো পৰৱৰ্তী সময়ত বিশ্বভাৰতী বিশ্ববিদ্যালয় নামেৰে জনাজাত হয়।[1] ৰবীন্দ্ৰনাথ ঠাকুৰে তেওঁৰ জীৱনৰ আধাতকৈ বেছি সময় ইয়াত কটাইছিল। ১৯৫১ চনত বিশ্বভাৰতী বিশ্ববিদ্যালয় কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ মৰ্যাদা লাভ কৰিছিল। দ্ৰষ্টব্য স্থলশান্তিনিকেতন ভৱন আশ্ৰমখনৰ আটাইতকৈ পুৰণি ঘৰ। দেবেন্দ্ৰনাথ ঠাকুৰ ১৮৬৪ চনত এই ঘৰটো নিৰ্মাণ কৰোৱাইছিল। ঘৰটোৰ উপৰিভাগত লিখা আছে "সত্যাত্ম প্ৰাণাৰামং মন আনন্দং" মহিৰ্ষিৰ প্ৰিয় উপনিষদৰ এটি উক্তি। তেওঁ ইয়াত ধ্যান কৰিছিল। উপাসনা মন্দিৰউপাসনা গৃহ বা ব্ৰাহ্ম মন্দিৰ। ১৮৯২ চনত ইয়াৰ উদ্বোধন কৰা হয়। এই মন্দিৰ প্ৰতিষ্ঠা কৰিছিল দেবেন্দ্ৰ নাথ ঠাকুৰৰ জেষ্ঠ পুত্ৰ দ্বিজেন্দ্ৰনাথ ঠাকুৰে। প্ৰতি বুধবাৰ ৰাতিপুৱা ইয়াত উপাসনা কৰা হয়। তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|