শিখৰ ধৱন (জন্ম ৫ অক্টোবৰ ১৯৮৫) ভাৰতৰ এজন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ। তেওঁ এজন বাওঁহতীয়া অ'পেনাৰ আৰু সোঁহতীয়া অফ ব্ৰে'ক বলাৰ। ভাৰতৰ জ্যেষ্ঠ দলত খেলাৰ আগেয়ে তেওঁ ভাৰতৰ অনুৰ্দ্ধ-১৭ আৰু অনুৰ্দ্ধ-১৯ দলৰ হৈ খেলিছিল আৰু ২০০৪ চনৰ আই চি চি অনুৰ্দ্ধ-১৯ বিশ্বকাপৰ তেওঁ সৰ্বাধিক ৰাণ সংগ্ৰহকৰোঁতা আছিল। ২০০৪ চনৰ নৱেম্বৰত তেওঁ দিল্লীৰ হৈ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত আত্মপ্ৰকাশ কৰে।
২০১০ চনৰ অক্টোবৰত তেওঁ বিশাখাপট্টনমত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া আন্তৰ্জাতিকত আত্মপ্ৰকাশ কৰে। ২০১৩ চনত ম'হালিত একে দলৰ বিৰুদ্ধে তেওঁ টেষ্টত আত্মপ্ৰকাশ কৰে আৰু 'প্ৰথম টেষ্টত দ্ৰুততম শতৰাণ'ৰ অভিলেখ গঢ়ে। ৮৫ বলত তেওঁ শতৰাণ সম্পূৰ্ণ কৰে আৰু ১৭৪ বলত ১৮৭ ৰাণ কৰি আউট হয়।[2] ২০১৩ চনৰ আই চি চি চেম্পিয়ন্ছ ট্ৰফীত তেওঁ সৰ্বাধিক ৰাণ সংগ্ৰহকৰোঁতা হিচাপে পৰিগণিত হয়া আৰু ভাৰতে বিজয় সাব্যস্ত কৰে। ২০১৩ চনৰ আগষ্ট মাহত তেওঁ ভাৰত এ দলৰ হৈ দক্ষিণ আফ্ৰিকা এ দলৰ বিৰুদ্ধে প্ৰিটোৰিয়াত ১৫০ বলত ২৪৮ ৰাণৰ ইনিংছ খেলে আৰু ই প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত দ্বিতীয় সৰ্বোচ্চ ব্যক্তিগত স্ক'ৰ।[3] ২০১৪ চনৰ নৱেম্বৰত তেওঁ সবাতোকৈ কম এদিনীয়া খেলত ২,০০০ ৰাণ সম্পূৰ্ণ কৰা ভাৰতীয় হিচাপে পৰিগণিত হয়।[4]
আন্তঃৰাষ্ট্ৰীয় শতৰাণ
- ৰাণ শীৰ্ষক স্তম্ভত * চিহ্নই অপৰাজিত (নট আউট) সূচাইছে।
- খেল শীৰ্ষক স্তম্ভই তেওঁৰ কেৰিয়াৰৰ খেলৰ ক্ৰমিক নং সূচাইছে।
টেষ্ট শতৰাণ
এদিনীয়া শতৰাণ
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
ভাৰত জাতীয় ক্ৰিকেট দল |
---|
| দল: | |
---|
| সহায়কাৰী গোট: | |
---|
|