সুচেতা কৃপলানী
সুচেতা কৃপলানী (ইংৰাজী: Sucheta Kripalani; জন্ম: সুচেতা মজুমদাৰ; ২৫ জুন ১৯০৮[2] – ১ ডিচেম্বৰ ১৯৭৪[3][4]) এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু ৰাজনীতিবিদ আছিল। তেওঁ ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত মুখ্যমন্ত্ৰীৰ পদবীত আৰোহণ কৰা প্ৰথম গৰাকী মহিলা। তেওঁ ১৯৬৩ চনৰ পৰা ১৯৬৭ চনলৈ উত্তৰ প্ৰদেশৰ ৰাজ্যৰ চতুৰ্থ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। প্ৰাৰম্ভিক জীৱন১৯০৮ চনৰ ২৫ জুন তাৰিখে ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত পঞ্জাব প্ৰদেশৰ আম্বালাৰ এক বাঙালী ব্ৰাহ্মণ পৰিয়ালত সুচেতা কৃপলানীৰ জন্ম হৈছিল। তেওঁ ইন্দ্ৰপ্ৰস্থ মহাবিদ্যালয় আৰু পঞ্জাব বিশ্ববিদ্যালয়ৰত শিক্ষা গ্ৰহণ কৰিছিল।[5] তাৰপিছত তেওঁ বেনাৰছ হিন্দু বিশ্ববিদ্যালয়ত সাংবিধানিক ইতিহাস বিষয়ৰ অধ্যাপক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে।[6] ১৯৩৬ চনত তেওঁ তেওঁতকৈ ২০ বছৰ ডাঙৰ স্বাধীনতা সংগ্ৰামী আচাৰ্য কৃপলানীৰ লগত বিবাহপাশত আবদ্ধ হয়। দুয়োপক্ষৰ পৰিয়ালৰ লগতে মহাত্মা গান্ধীয়েও প্ৰথমে এই বিবাহত সন্মতি প্ৰদান কৰা নাছিল।[7] স্বাধীনতা আন্দোলনসুচেতা কৃপলানীয়ে তেওঁৰ সহযোগী অৰুণা আছফ আলি আৰু ঊষা মেহতাৰ সৈতে ভাৰত ত্যাগ আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। ভাৰতৰ বিভাজনৰ সময়ত তেওঁ মহাত্মা গান্ধীৰ লগত ঘনিষ্ঠভাবে কাম কৰিছিল। সেই সময়তে ১৯৪৬ চনত তেওঁ গান্ধীজীৰ লগত নোৱাখালিলৈ গৈছিল। তেওঁ সংবিধান সভালৈ নিৰ্বাচিত হৈছিল আৰু ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুত কৰা উপ-সমিতিৰ সদস্য আছিল। ১৯৪৭ চনৰ ১৪ আগষ্ট তাৰিখে সাংবিধানিক সভাৰ স্বাধীনতা সত্ৰত জৱাহৰলাল নেহৰুৰ ব্যক্তব্যৰ আগত তেওঁ ভাৰতৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম গাইছিল।[8] ১৯৪০ চনত স্থাপন হোৱা সৰ্ব ভাৰতীয় মহিলা কংগ্ৰেছৰ তেওঁ প্ৰতিষ্ঠাপক আছিল। স্বাধীনোত্তৰ কালভাৰতৰ স্বাধীনতাৰ পিছতো তেওঁ সক্ৰিয়ভাৱে ৰাজনীতিৰ লগত জড়িত হৈ থাকে। ১৯৫২ চনৰ প্ৰথম লোকসভা নিৰ্বাচনত তেওঁ নতুন দিল্লী লোকসভা সমষ্টিৰ পৰা তেওঁৰ স্বামী আচাৰ্য কৃপলানীৰ পাৰ্টি কিচান মজদূৰ পাৰ্টিৰ টিকটৰ পৰা লোকসভালৈ নিৰ্বাচিত হয়। তেওঁ কিছুদিনৰ বাবে এই পাৰ্টিৰ সদস্য আছিল। এই নিৰ্বাচনত তেওঁ কংগ্ৰেছৰ মনমোহিনী চেহগালক পৰাস্ত কৰিছিল। পাঁচ বছৰ পিছত একে সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থীৰূপে তেওঁ দ্বিতীয় লোকসভালৈ নিৰ্বাচিত হয়।[9] ১৯৬৭ চনত তেওঁ শেষৰবাৰৰ বাবে উত্তৰ প্ৰদেশৰ গণ্ডা লোকসভা সমষ্টিৰ পৰা জয়লাভ কৰে।[6] একেসময়তে তেওঁ উত্তৰ প্ৰদেশ বিধানসভালৈও নিৰ্বাচিত হয়। ১৯৬০ চনৰ পৰা ১৯৬৩ চনলৈ তেওঁ উত্তৰ প্ৰদেশ চৰকাৰৰ শ্ৰম, জনউন্নয়ন আৰু উদ্যোগ মন্ত্ৰী আছিল।[6] ১৯৬৩ চনত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰে। তেওঁ ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত প্ৰথম মহিলা মুখ্যমন্ত্ৰী। তেওঁৰ কাৰ্যকালত ঘটা উল্লেখযোগ্য ঘটনা হল ৰাজ্যিক কৰ্মচাৰীৰ ধৰ্মঘট। তেওঁৰ কাৰ্যকালত প্ৰথমবাৰৰ বাবে ৰাজ্যিক কৰ্মচাৰী সকলে ৬২ দিনৰ ধৰ্মঘট কৰিছিল। যেতিয়া কৰ্মচাৰী নেতা সকলে নিজৰ দাবী সমূহ শিথিল কৰাত হে তেওঁ মান্তি হৈছিল। ১৯৭১ চনত তেওঁ সক্ৰিয় ৰাজনীতিৰ পৰা অৱসৰ গ্ৰহণ কৰে। ১৯৭৪ চনৰ ১ ডিচেম্বৰ তাৰিখে তেওঁৰ মৃত্যু হয়। তথ্য উৎস
বাহ্যিক সংযোগ |