সুমিত্ৰা মহাজন
সুমিত্ৰা মহাজন (ইংৰাজী: Sumitra Mahajan, জন্ম: ১২ এপ্ৰিল ১৯৪৩)[1] এগৰাকী ভাৰতীয় ৰাজনৈতিক নেত্ৰী আৰু লোকসভাৰ ১৬তম অধ্যক্ষ।[2] তেওঁ ভাৰতীয় জনতা পাৰ্টি দলৰ লগত জড়িত। ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰত তেওঁ অষ্টম বাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হয়। লোকসভাত অষ্টম বাৰৰ বিশ্বে নিৰ্বাচিত হোৱা তেওঁ তিনিজন ব্যক্তিৰ ভিতৰত তেওঁ অন্যতম।[3] বৰ্তমানলৈকে তেওঁ সৰ্বোচ্চ কাল সাংসদ পদত থকা মহিলা।[4] তেওঁ মধ্যপ্ৰদেশ ৰাজ্যৰ ইন্দোৰ লোকসভা সমষ্টিক ১৯৮৯ চনৰ পৰা প্ৰতিনিধিত্ব কৰে আহিছে। তেওঁ ২০০২ চনৰ পৰা ২০০৪ চনলৈ মানৱ সম্পদ উন্নয়ন, দুৰসংযোগ আৰু পেট্ৰলিয়াম বিভাগৰ মন্ত্ৰী আছিল।[5] ১৬ তম লোকসভাৰ নিৰ্বাচিত মহিলা সদস্য সমূহৰ ভিতৰত তেওঁ আটাইতকৈ জ্যেষ্ঠ। তেওঁ মীৰা কুমাৰৰ পিছত দ্বিতীয় লোকসভাৰ মহিলা অধ্যক্ষ। ২০২১ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে।[6][7] প্ৰাৰম্ভিক জীৱন আৰু শিক্ষাসুমিত্ৰা মহাজন মহাৰাষ্ট্ৰৰ ৰত্নগিৰী জিলাৰ চিপলুন চহৰৰ এক চিতাপাৱন কংকানস্থ ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰে। তেওঁৰ পিতৃ পুৰুষোত্তম সাথে আৰু মাতৃ উষা। জয়ন্ত মহাজনৰ লগত বিবাহপাশত আবদ্ধ হোৱাৰ পিছত তেওঁ ইন্দোৰ বিশ্ববিদ্যালয়ৰ (বৰ্তমান দেৱী অহিল্যা বিশ্ববিদ্যালয়) পৰা স্নাতকোত্তৰ আৰু আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ ১৮শ শতিকাৰ সমাজ সংস্কাৰক অহিল্যাবাই হলকাৰক নিজৰ আদৰ্শ বুলি জ্ঞান কৰে। ৰাজনৈতিক জীৱন১৯৮৯ চনত তেওঁ পূৰ্বৰ মুখ্যমন্ত্ৰী কংগ্ৰেছ দলৰ জেষ্ঠ নেতা প্ৰকাশ চন্দ্ৰ চেঠিক পৰাভূত কৰি ইন্দোৰ লোকসভা সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হয়। তেওঁ এই কালছোৱাত ইন্দোৰলৈ কেইবাটাও প্ৰকল্প আৰম্ভ কৰে। তেওঁ তেওঁৰ সৰলতা, সাধুতা আৰু নিকা ৰাজনীতিৰ বাবে জনা যায়। তেওঁক তেওঁৰ সমষ্টিৰ লোক সকলে টাই বুলি সম্বোধন কৰে।[8] গুৰুত্বপূৰ্ণ পদবী
একে লোকসভা সমষ্টি ৮ বাৰ প্ৰতিনিধিত্ব কৰা মহাজন প্ৰথম গৰাকী মহিলা। ইয়াৰ বাবে তেওঁৰ নাম লিমকা বুক অফ ৰেকৰ্ডছত অন্তৰ্ভুক্ত হৈছে। লোকসভাৰ অধ্যক্ষ৬ জুন ২০১৪ তাৰিখে মহাজন ১৬তম লোকসভাৰ অধ্যক্ষ নিৰ্বাচিত হয়।[9] তাৰ আগতে তেওঁ লোকসভাৰ পেনেল অফ চেয়াৰমেনৰ সদস্য আছিল।[10][11][12] তেওঁ সদনত বিশৃঙ্খলতা অনাৰ অভিযোগত ৩৫জন কংগ্ৰেছ সাংসদক ৫ দিনৰ বাবে সংসদৰ পৰা বহিষ্কাৰ কৰি এক কঠোৰ পদক্ষেপ লৈছিল।[13] তথ্য উৎস
|