স্বৰ্গ আৰু নৰক
স্বৰ্গ আৰু নৰক (ইংৰাজী: Sworgo Aaru Norok) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। এই প্ৰবন্ধ সংকলনখন ১৯৯৫ চনৰ ডিচেম্বৰ মাহত প্ৰথম প্ৰকাশ কৰে ষ্টুডেণ্টচ্ ষ্ট’ৰচ্ প্ৰকাশনে। গ্ৰন্থখন লেখক বৰগোহাঞিয়ে আন্তৰিক মৰম আৰু কৃতজ্ঞতাৰে টাবু আৰু বাসন্তীলৈ আগবঢ়াইছে।[1] বিৱৰণগ্ৰন্থখনত মুঠ ২৭ টা প্ৰবন্ধ আছে।প্ৰবন্ধসমূহ হৈছে, স্বৰ্গ আৰু নৰক, কস্মৈ দেবায়, শ্ৰীচৈতন্য সমকামী আছিল?, কল-গাৰ্ল, পুৰস্কাৰ, এখন নৈ আৰু এজন মানুহ, এখন অবিস্মৰণীয় ফুটবল মেচ, কেহুঁকাই, হেনৰি ডেভিদ থৰো, আলফ্ৰেদ্ দ্য মুছেট, শূন্যতা, জাৰৰ দিনৰ সপোন, এখন গাঁৱৰ ছবি, মই গান্ধীজীক দেখিছিলোঁ, দিল্লীত এৰাতি, সত্যনাথ বৰা, যতীন্দ্ৰনাথ দুৱৰা, অম্বিকাগিৰী ৰায়চৌধুৰী, অতুল চন্দ্ৰ হাজৰিকা, বিষ্ণুপ্ৰসাদ ৰাভা, কৃপাবৰ বৰুৱাৰ চমু জীৱনী, অসমীয়া ভাষাত জীৱনী সাহিত্যৰ অভাৱ, কিয়?, পৰিশ্ৰমী লিখক (১), পৰিশ্ৰমী লিখক (২), বিশ্ব-সাহিত্যত অসমীয়া চুটি-গল্পৰ স্থান আৰু বেজবৰুৱাৰ চুটি-গল্প। [1] লেখকৰ চমু পৰিচয়প্ৰধান প্ৰবন্ধ: হোমেন বৰগোহাঞি
অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।[2] ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাৰ ঢকুৱাখনাত জন্ম হয়।[3] তথ্যৰ উৎস
লগতে চাওকInformation related to স্বৰ্গ আৰু নৰক |