বিদ্যালয় পৰ্যায়লৈকে শিক্ষাৰ ফলপ্ৰসূ বিকেন্দ্ৰীকৰণৰ ব্যৱস্থা কৰা।
বিদ্যালয় তথা শিক্ষানুুষ্ঠানবোৰ যে ৰাইজৰ বাবেহে সেই ধাৰণা প্ৰচাৰ কৰা।
বিদ্যালয়ৰ নিকটৱৰ্ত্তী অঞ্চলৰ ৰাইজক অংশগ্ৰহণ কৰাৰ ব্যৱস্থা কৰা। আদি
ইতিহাস
এক হস্তক্ষেপ কাৰ্যসূচী হিচাপে, এই অভিযান ২০০২ চনত আৰম্ভ হৈছিল। এই এছ.এছ.এ. ২০০০-২০০১ চনৰ পৰা কাৰ্যকৰী হৈছে।[1] অৱশ্যে এই পৰিকল্পনাটোৰ শিপা ১৯৯৩-১৯৯৪ চনৰ সৈতে সংযুক্ত হৈ আছে। সেইসময়ত জিলা প্ৰাথমিক শিক্ষা কাৰ্যসূচী (ডিপিইপি) আৰম্ভ কৰা হৈছিল, যাৰ উদ্দেশ্য আছিল সৰ্বজনীন প্ৰাথমিক শিক্ষাৰ উদ্দেশ্য প্ৰাপ্তি।[2] ডিপিইপিয়ে কেইবাটাও পৰ্যায়ত দেশৰ ১৮খন ৰাজ্যৰ ২৭২খন জিলাক সামৰি লৈছিল।[3] কাৰ্যসূচীটোৰ ব্যয় কেন্দ্ৰীয় চৰকাৰ (৮৫%) আৰু ৰাজ্য চৰকাৰসমূহৰ(১৫%) মাজত ভাগ বতৰা কৰা হৈছিল। কেন্দ্ৰীয় অংশটো বিশ্ব বেংক, আন্তঃৰাষ্ট্ৰীয় উন্নয়ন বিভাগ (ডিএফআইডি) আৰু ইউনিচেফকে ধৰি কেইবাটাও বাহ্যিক সংস্থাৰ দ্বাৰা পুঁজি যোগান ধৰা হৈছিল।[4] ২০০১ চনলৈ এই কাৰ্যসূচীৰ প্ৰতি ১৫০০ মিলিয়ন ডলাৰৰ অধিক প্ৰতিশ্ৰুতিবদ্ধ আছিল আৰু ৫০ নিযুত শিশুক ইয়াৰ পৰিধিত আৱৰি লোৱা হৈছিল। ডিপিইপিৰ প্ৰথম পৰ্যায়ৰ প্ৰভাৱ মূল্যায়নত, লেখকসকলে এই সিদ্ধান্তত উপনীত হৈছিল যে সংখ্যালঘু শিশুৰ ওপৰত ইয়াৰ মুঠ প্ৰভাৱ আকৰ্ষণীয় আছিল, আনহাতে ছোৱালীৰ নামভৰ্তিৰ ওপৰতো প্ৰভাৱ পৰাৰ সামান্যতম প্ৰমাণ পোৱা গৈছিল। তেওঁলোকে এই সিদ্ধান্তত উপনীত হৈছিল যে ডিপিইপিত বিনিয়োগ অপচয় নহয়, কিয়নো ই ভাৰতত প্ৰাথমিক বিদ্যালয়ৰ হস্তক্ষেপৰ বাবে এক নতুন পদ্ধতি প্ৰৱৰ্তন কৰিছিল।[4]
শিক্ষাৰ অধিকাৰ আইন (আৰটিই) ১ এপ্ৰিল ২০১০ তাৰিখে কাৰ্যকৰী হৈছিল। কিছুমান শিক্ষাবিদ আৰু নীতি নিৰ্মাতাই বিশ্বাস কৰে যে, এই আইনখন গৃহীত হোৱাৰ লগে লগে, এছ.এছ.এ.-য়ে ইয়াৰ কাৰ্যকৰীকৰণৰ বাবে প্ৰয়োজনীয় আইনী শক্তি অধিগ্ৰহণ কৰিছে।[5]
পুঁজি
এই আঁচনিখনৰ প্ৰাৰম্ভিক ব্যয় আছিল ৭,০০০ কোটি টকা আৰু ২০১১-১২চনত, ভাৰত চৰকাৰে এই প্ৰকল্পটোৰ বাবে ২১,০০০ কোটি (২.৮ বিলিয়ন আমেৰিকান ডলাৰ) আৱণ্টন কৰিছিল, যি আগৰ বছৰতকৈ ৪০ শতাংশ অধিক আছিল।[6] বহুতো ব্যক্তি আৰু সংগঠন আদিয়েও এইক্ষেত্ৰত অৱদান আগবঢ়াইছে। ফলত কাৰ্যসূচীটো অধিক জনপ্ৰিয় হোৱাৰ লগে লগে পুঁজিও বৃদ্ধি পাইছে।