Share to: share facebook share twitter share wa share telegram print page

অম্বিকা সোনী

অম্বিকা সোনী
পঞ্জাবৰ পৰা ৰাজ্যসভাৰ সাংসদ
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
১৯৯৬
তথ্য আৰু সম্প্ৰচাৰণ মন্ত্ৰী
ভাৰত চৰকাৰ
কাৰ্যকাল
২২ মে ২০০৯ – ২৭ অক্টোবৰ ২০১২
প্ৰধানমন্ত্ৰী মনমোহন সিং
পূৰ্বসূৰী প্ৰিয় ৰঞ্জন দাসমুন্সী
উত্তৰসূৰী মনিষ তিৱাৰী
পৰ্যটন আৰু সাংস্কৃতিক মন্ত্ৰী
কাৰ্যকাল
২৯ জানুৱাৰী ২০০৬ – ২২ মে ২০০৯
প্ৰধানমন্ত্ৰী মনমোহন সিং
পূৰ্বসূৰী ৰেণুকা চৌধুৰী
উত্তৰসূৰী কুমাৰী চেলজা
সৰ্ব ভাৰতীয় মহিলা কংগ্ৰেছৰ অধ্যক্ষ
কাৰ্যকাল
১৯৯৮ – ১৯৯৯
ৰাষ্ট্ৰপতি ছোনিয়া গান্ধী
ভাৰতীয় যুৱ কংগ্ৰেছৰ অধ্যক্ষ
কাৰ্যকাল
১৯৭৫ – ১৯৭৭
সৰ্ব ভাৰতীয় কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
১৯৯৯
ৰাষ্ট্ৰপতি ৰাহুল গান্ধী (২০১৭-বৰ্তমানলৈ)
ছোনিয়া গান্ধী (২০১৭ চনলৈ)
কংগ্ৰেছৰ কাৰ্যকৰী সমিতিৰ সদস্য
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
১৯৯৯
ব্যক্তিগত তথ্য
জন্ম ১৩ নৱেম্বৰ, ১৯৪২ (৮১ বছৰ)
লাহোৰ, পঞ্জাব প্ৰদেশ, ব্ৰিটিছ ভাৰত (বৰ্তমান পাকিস্তান)
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ
দাম্পত্যসঙ্গী উদয় চি. সোনী
সন্তান
বাসস্থান নতুন দিল্লী
শিক্ষানুষ্ঠান ইন্দ্ৰপ্ৰস্থ মহাবিদ্যালয়, দিল্লী বিশ্ববিদ্যালয়
হাভানা বিশ্ববিদ্যালয়
এলাইয়েন্স ফ্ৰেঞ্চাইছ
পেচা ৰাজনৈতিক নেত্ৰী আৰু সমাজ কৰ্মী

অম্বিকা সোনী (জন্ম ১৩ নৱেম্বৰ ১৯৪২) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেত্ৰী। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য। মনমোহন সিঙৰ কেবিনেটত তথ্য আৰু সম্প্ৰচাৰণ মন্ত্ৰী আৰু পৰ্যটন আৰু সাংস্কৃতিক মন্ত্ৰী আছিল। বৰ্তমান তেওঁ পঞ্জাব ৰাজ্যৰ পৰা ৰাজ্যসভালৈ সাংসদ।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৪২ চনৰ ১৩ নৱেম্বৰ তাৰিখে ব্ৰিটিছ ভাৰতৰ পঞ্জাব প্ৰদেশৰ লাহোৰত অম্বিকা সোনীৰ জন্ম হৈছিল। তেওঁৰ পিতৃ ভাৰতীয় অসামৰিক সেৱাৰ বিষয়া আৰু পিছলৈ গোৱাৰ উপ-ৰাজ্যপাল নকুল সেন ৱাধৱা আৰু মাতৃ ইন্দু।[1] অম্বিকাই ডেহৰাডুনৰ ৱেলহাম গাৰ্লছ স্কুলত শিক্ষা গ্ৰহণ কৰে। তাৰ পিছত তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ইন্দ্ৰপ্ৰস্থ মহাবিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তাৰ পিছত তেওঁ বেংককৰ এলাইয়েন্স ফ্ৰেঞ্চাইছৰ চুপেৰিয়ৰ এন লীগৰ ডিপ্লমা লাভ কৰে। তদুপৰি তেওঁ কিউবাৰ হাভানা বিশ্ববিদ্যালয়ৰ পৰা স্পেনিছ কলা আৰু সাহিত্যৰ ওপৰত স্নাতকোত্তৰ ডিপ্লমা লাভ কৰে। ১৯৬১ চনত তেওঁ ভাৰতীয় বিদেশ সেৱাৰ বিষয়া উদয় সোনীৰ লগত বিবাহপাশত আবদ্ধ হয়।

ৰাজনৈতিক জীৱন

১৯৬৯ চনত অম্বিকা সোনীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰে। ভাৰতৰ বিভাজনৰ সময়ত অম্বিকাৰ দেউতাক অমৃতসৰৰ উপায়ুক্ত আছিল আৰু তেওঁ সেই সময়ত জৱাহৰলাল নেহৰুৰ লগত কাম কৰিবলৈ সুযোগ পাইছিল।[2] ১৯৭৫ চনত তেওঁ ভাৰতীয় যুৱ কংগ্ৰেছৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰে আৰু সঞ্জয় গান্ধীৰ লগত কাম কৰে।[3] ১৯৭৬ চনত তেওঁ ৰাজ্যসভালৈ নিৰ্বাচিত হয়। ১৯৯৯ চনৰ পৰা ২০০৬ চনলৈ তেওঁ সৰ্ব ভাৰতীয় কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক পদত অধিষ্ঠিত হৈছিল। ২০০০ চনৰ জানুৱাৰী মাহত তেওঁ পুনৰাই ৰাজ্যসভালৈ নিৰ্বাচিত হয় আৰু ২০০৪ চনৰ জুলাই মাহৰ তেওঁ এই পদত আকৌ নিৰ্বাচিত হয়। ২০০৬ চনৰ ২৯ জানুৱাৰীৰ পৰা ২০০৯ চনৰ ২২ মে লৈকে তেওঁ ভাৰত চৰকাৰৰ পৰ্যটন আৰু সাংস্কৃতিক মন্ত্ৰী আছিল। আকৌ ২০০৯ চনৰ ২২ মে তাৰিখৰ পৰা ২০১২ চনৰ ২৭ অক্টোবৰ তাৰিখে তেওঁ তথ্য আৰু সম্প্ৰচাৰণ মন্ত্ৰী আছিল।[4] ২০১০ চনত তেওঁ আকৌ ৰাজ্যসভালৈ নিৰ্বাচিত হয়।

প্ৰেছ আৰু ইণ্টাৰনেট স্বাধীনতা

২০১১ চনৰ ২৮ এপ্ৰিল তাৰিখে অভিব্যক্তিৰ স্বাধীনতা আৰু মানৱ অধিকাৰৰ এক আন্তৰ্জাতিক অভিবৰ্তনত অম্বিকা সোনীয়ে ভাৰতৰ মিডিয়া পৃথিৱীৰ আটাইতকৈ স্বাধীন আৰু মুক্ত বুলি উল্লেখ কৰিছিল।[5] কিন্তু দুটা বিখ্যাত প্ৰেছ ৰেংকিং অনুষ্ঠানে তেওঁৰ ভাষ্যৰ ওলোটা তথ্য প্ৰকাশ কৰে। ৰিপৰ্টাৰ ৱিথআউট বৰ্ডাৰে প্ৰকাশ কৰা বিশ্ব প্ৰেছ স্বাধীনতা ইনডেস্কত ভাৰতে ১৭৯খন দেশৰ ভিতৰত ১৩১ স্থান লাভ কৰে।[6] লগতে ফ্ৰিদম হাউছে জাৰি কৰা গ্লোৱেল প্ৰেছ স্বাধীনতা ৰেংকিং ২০১২ৰ মতে ভাৰতৰ স্থান ১৯৭ খনৰ দেশৰ ভিতৰত ৮০ স্থান।[7]

তথ্য উৎস

বাহ্যিক সংযোগ

Kembali kehalaman sebelumnya