Share to: share facebook share twitter share wa share telegram print page

আন্তৰ্জাতিক দবা দিৱস

আন্তৰ্জাতিক দবা দিৱস
পালন কৰে বিভিন্ন দেশ
প্ৰকাৰ আন্তৰ্জাতিক
তাৰিখ ২০ জুলাই
সম্পৰ্কিত বিশ্ব দবা সন্থা, দবা
অৱধি 1 day
সংঘটন Annual

আন্তৰ্জাতিক দবা দিৱস প্ৰতি বছৰে ২০ জুলাই তাৰিখে দবা খেলৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে পালন কৰা হয়। ১৯২৪ চনৰ ২০ জুলাই তাৰিখে ফ্ৰান্সৰ ৰাজধানী পেৰিছ চহৰত বিশ্ব দবা সন্থা গঠন কৰা হৈছিল। এইদিনৰ স্মৃতি হিচাপে প্ৰতি বছৰে বিশ্বৰ বিভিন্ন দেশত বিশ্ব দবা দিৱস পালন কৰা হয়।

ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থায়ে পোন প্ৰথমবাৰৰ বাবে বিশ্ব দবা দিৱস পালনৰ প্ৰস্তাৱনা আগবঢ়াইছিল আৰু ১৯৬৬ চনৰ পৰা এই দিৱস উদযাপন কৰি অহা হৈছে।[1] প্ৰতি বছৰে বিশ্ব দবা সন্থায়ে বিভিন্ন কাৰ্যসূচীৰে এই দিৱস উদযাপন কৰে। এই দিৱসৰ দিনা বিশ্ব দবা সন্থাৰ ১৮১ খন সদস্য দবা সন্থায়ে স্থানীয়, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দবা প্ৰতিযোগিতা অনুষ্ঠিত কৰে।[2] ইয়াৰ লগতে দবা খেলক জনপ্ৰিয় কৰিবলৈ বিভিন্ন কাৰ্যপন্থা হাতত লোৱা হয়। ২০১৩ চনত বিশ্বৰ ১৭৮ দেশত বিশ্ব দবা দিৱস অনুষ্ঠিত হৈছিল।[3]

এই দিৱস বিশ্বৰ প্ৰায় ৬০ কোটি দবা খেলুৱৈয়ে পালন কৰে।[4][5][6] ২০১২ চনৰ এক সমীক্ষা অনুসৰি বিশ্বৰ প্ৰাপ্ত বয়স্ক লোকৰ ভিতৰত ৭০% য়ে জীৱনৰ কোনো এক সময়ত দবা খেলে।[4]

তথ্য উৎস

বাহ্যিক সংযোগ

Kembali kehalaman sebelumnya