আভুকানা বুদ্ধ মূৰ্তিআভুকানা বুদ্ধ মূৰ্তি (ইংৰাজী: Avukana Buddha statue) উত্তৰ মধ্য শ্ৰীলংকাৰ কেকিৰাৱাৰ ওচৰত প্ৰতিষ্ঠিত হৈছে। ১৪ মিটাৰ (৪৬ ফুট)তকৈ অধিক উচ্চতাৰ এই প্ৰতিমূৰ্তিটোত বুদ্ধই “অভয় মুদ্ৰা’’ৰ দৰেই আশ্বাস দিবলৈ হাত তুলি থকা ভংগীত নিৰ্মাণ কৰা হৈছে। শ্ৰীলংকাত নিৰ্মিত আৰু বুদ্ধৰ থিয় হৈ থকা মূৰ্তিৰ অন্যতম উত্তম উদাহৰণ হৈছে আভুকানা মূৰ্তি। বৰ্তমান ই পৰ্যটকৰ বাবে এক জনপ্ৰিয় আকৰ্ষণৰ কেন্দ্ৰবিন্দু৷ অৱস্থান আৰু ৰূপকেকিৰাৱাৰ ওচৰৰ আভুকানা (আউকানা বুলিও উচ্চাৰণ কৰা হয়) গাঁৱত অৱস্থিত হৈ আছে এই আভুকানা প্ৰতিমূৰ্তি। ইয়াৰ আকৃতি সামান্য ফোপোলা কৰি স্থাপন কৰা হৈছে আৰু পূব দিশলৈ মুখ কৰি কালা ৱেৱা জলাশয়ৰ ফালে চাই আছে।[1] ইয়াক এটা ডাঙৰ গ্ৰেনাইটৰ শিলৰ মুখৰ পৰা খোদিত কৰা হৈছিল,[2] কিন্তু ইয়াক শিলটোৰ পৰা সম্পূৰ্ণৰূপে পৃথক কৰা হোৱা নাই। মূৰ্তিটোৰ পিছফালে এটা সৰু শিলৰ ফিটা শিলটোত লগাই দিয়া হৈছে, যিয়ে ইয়াক শিলৰ সৈতে সংযোগ কৰি ৰাখিছে৷[3] প্ৰতিমূৰ্তিটোৰ আঁৰৰ শিলৰ মুখখন চাইক্ল’পিয়ান শিলৰ দৰে খোদিত কৰা হৈছে, যাতে ই দেখাত পাহাৰৰ ৰূপ পাব পাৰে। বুদ্ধ যিখন বেদীত থিয় হৈ আছে, সেই বেদীটো এটা পদুম ফুলৰ। কেৱল এই মূৰ্তিটোৰ উচ্চতা ১১.৮৪ মিটাৰ (৩৮ ফুট ১০ ইঞ্চি) আৰু বেদীৰ সৈতে আভুকানা মূৰ্তিটোৰ মুঠ উচ্চতা ১৪ মিটাৰ (৪৬ ফুট)তকৈও অধিক।.[4][5] এসময়ত মূৰ্তিটো এটা বৃহৎ প্ৰতিমূৰ্তি ঘৰ বা মন্দিৰৰ ভিতৰত স্থাপন কৰা হৈছিল, যাৰ তলৰ দেৱালৰ কিছু অংশ এতিয়াও আছে। গঠনটোৰ শিলৰ ভেটি আছিল আৰু ওপৰৰ অংশবোৰ ইটাৰে নিৰ্মিত আছিল। ইয়াৰ দীঘল ২৩ মিটাৰ (৭৪ ফুট) আৰু বহল ১৯ মিটাৰ (৬৩ ফুট) আছিল।[6] বৈশিষ্টআভুকানা বুদ্ধ মূৰ্তিক প্ৰাচীন শ্ৰীলংকাৰ থিয় হৈ থকা বুদ্ধৰ মূৰ্তিৰ অন্যতম উত্তম উদাহৰণ হিচাপে গণ্য কৰা হয়।[3] আভুকানা প্ৰতিমূৰ্তিত গান্ধাৰ শিল্প বিদ্যালয়ৰ কিছু প্ৰভাৱ দেখা যায়, লগতে ভাৰতীয় অমৰাৱতী বিদ্যালয়ৰো কিছু প্ৰভাৱ দেখা যায়। মূৰ্তিত চোলাটো টানকৈ পিন্ধোৱা হৈছে, শৰীৰৰ আকৃতিৰ ৰূপৰেখা স্পষ্টকৈ দেখুৱাইছে আৰু ইয়াৰ উত্তৰীয়ৰ ভাঁজবোৰ স্পষ্ট আৰু সুক্ষ্মভাৱে খোদিত কৰা হৈছে। ইয়াক বাওঁ কান্ধৰ ওপৰত পিন্ধা হয়, আৰু সোঁ কান্ধটো উদং কৰি ৰখা হয়, যিদৰে শ্ৰীলংকাৰ বুদ্ধ মূৰ্তিত এই পৰম্পৰা আছে। বুদ্ধৰ শৰীৰ পোন, বাওঁহাতখনে বাওঁ কান্ধত চোলাটো খামুচি ধৰিছে। সোঁহাতখন সোঁ কান্ধলৈ ওপৰলৈ তুলি লোৱা হয়, হাতৰ তলুৱা বাওঁফালে মুখ কৰি ৰখা হয়।[1][4]এই অৱস্থানক অভয়া মুদ্ৰাৰ এটা ভিন্নতা আছিছা মুদ্ৰা বুলি জনা যায়।[7] সময়আভুকানা বুদ্ধ মূৰ্তিটো ৫ম শতিকাত নিৰ্মাণ কৰা বুলি বহুলভাৱে বিশ্বাস কৰা হয় যদিওএই ক্ষেত্ৰত হেৰী চাৰ্লছ পাৰ্ভিছ বেল, আনন্দ কুমাৰস্বামী আৰু সেনৰাথ পৰনাভিথান আদিৰ সময়ৰ পৰা কেইবাটাও মতামত প্ৰকাশ কৰা হৈছে।.[8] প্ৰমাণৰ বিস্তৃত পৰ্যালোচনা, আৰু ভাস্কৰ্য্যৰ শৈলীৰ নিবিড় মূল্যায়ন কৰি ডিৰাণ কে ডোহানিয়ানে কৰিছিল, যিয়ে শ্ৰীলংকাৰ অন্যান্য ঠাইৰ বুদ্ধ আৰু অমৰাৱতী বিদ্যালয়ৰ বাবে সৃষ্টি কৰা বুদ্ধৰ সৈতে তুলনাৰ ভিত্তিত এই সিদ্ধান্তত উপনীত হোৱা যায় যে ঔকানা বুদ্ধৰ মূৰ্তি অন্তৰ্গত অষ্টম শতিকাৰ।[8] ১৯৫১ চনত এই মন্দিৰৰ উত্তৰ দেৱালত পোৱা অষ্টম শতিকাৰ এটা শিলৰ দানলিপিৰ দ্বাৰা এই কথা নিশ্চিত কৰা হৈছে, যিখন দানলিপি সিংহলী ভাষাত লিখা আছিল৷[9] কিম্বদন্তিএই মূৰ্তিটো প্ৰায়ে ধতুসেন ৰজাৰ নিৰ্দেশত নিৰ্মাণ কৰা বুলি কোৱা হয় যদিও আন এটা তত্ত্ব হ'ল যে এই প্ৰতিমূৰ্তি বৰানা নামৰ এজন ব্যক্তিয়ে নিৰ্মাণ কৰিছিল।[10] ওচৰতে আভুকনা মূৰ্তিৰ সৈতে একেবাৰে মিল থকা আন এটা থিয় হৈ থকা বুদ্ধৰ মূৰ্তি ছাছেৰুৱাত আছে। কিংবদন্তি অনুসৰি এই প্ৰতিমূৰ্তি দুটা শিলৰ ভাস্কৰ্য্য শিল্পৰ গুৰু আৰু এজন শিষ্যৰ মাজত হোৱা প্ৰতিযোগিতাৰ ফল। কাহিনী অনুসৰি গুৰুৱে আভুকানা মূৰ্তিটো নিৰ্মাণ কৰিছিল, আনহাতে ছাত্ৰজনে ছাছেৰুৱাত আনটো মূৰ্তি নিৰ্মাণ কৰিছিল। প্ৰথমে তেওঁৰ মূৰ্তিটো সম্পূৰ্ণ কৰাজনে ঘণ্টা বজাই আনজনক অৱগত কৰিব লাগিছিল। গুৰুৱে প্ৰথমে নিজৰ প্ৰতিমূৰ্তি সম্পূৰ্ণ কৰিবলৈ সক্ষম হয় আৰু প্ৰতিযোগিতাত জয়ী হয়। ইয়াৰ বাবেই ছাছেৰুৱা প্ৰতিমূৰ্তি আধৰুৱা হৈ আছে বুলি কোৱা হয়। আভুকানা মূৰ্তিটোক দুয়োটাতকৈ ভাল বুলি গণ্য কৰা হয় আৰু ইহঁতৰ মাজত থকা সাদৃশ্যৰ বাবে ইতিহাসবিদসকলে কাহিনীটো সঁচা বুলি বিশ্বাস কৰে।[11] কিন্তু সেয়া কেৱল এটা কিম্বদন্তি কাৰণ ছাছেৰুৱা মূৰ্তিটো আভুকানা বুদ্ধৰ প্ৰতিমূৰ্তিৰ প্ৰায় চাৰিশ বছৰ আগতে নিৰ্মাণ কৰা হৈছিল। ৰেছৱেহেৰা ৰাজমাহা বিহাৰ হৈছে ৰজা দেৱানম্পিয়াতিছাই (খ্ৰীষ্টপূৰ্ব ৩০৭-২৬৭) নিৰ্মাণ কৰা এটা প্ৰাচীন মন্দিৰ। তথ্য সূত্ৰ
|