এম. হালিমা বীবি |
---|
জন্ম |
১৯১৮ |
---|
মৃত্যু |
১৪ জানুৱাৰী, ২০০০ |
---|
পেচা |
প্ৰকাশক, লেখক, সম্পাদক |
---|
জনা যায় |
সাংবাদিকতা, সামাজিক কৰ্ম, ইছলামিক নাৰীবাদ |
---|
দাম্পত্যসঙ্গী |
কে.এম. মহম্মদ মৌলবী |
এম. হালিমা বীবি (ইংৰাজী: M. Haleema Beevi; ১৯১৮–২০০০) এগৰাকী ভাৰতীয় সাংবাদিক, সমাজ কৰ্মী, স্বাধীনতা সংগ্ৰামী, ইছলামিক নাৰীবাদী, বাতৰি কাকতৰ সম্পাদক আৰু প্ৰকাশক আছিল।[1][2][3] কেৰালাৰ তিনিখন মহিলা সাময়িকী আৰু এখন সাধাৰণ আলোচনীৰ স্বত্বাধিকাৰী। হালিমা বীবি থিৰুভাল্লা মুছলিম মহিলা সংস্থাৰ সভানেত্ৰী আৰু মুছলিম মজলিছৰে সক্ৰিয় সদস্য আছিল।[4]
১৯৩৮ চনৰ পৰা ১৯৪৫ চনলৈকে তেওঁ কেৰালাৰ থিৰুভাল্লাত পৌৰসভাৰ কাউন্সিলাৰ হিচাপে কাম কৰিছিল[5] আৰু সেই পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী মুছলমান মহিলা আছিল।
ব্যক্তিগত জীৱন
১৯১৮ চনত কেৰালাৰ বৰ্তমানৰ পট্টনমতিট্টা জিলাৰ আদুৰত হালিমা বীবিৰ জন্ম হৈছিল ।[5] তেওঁৰ পিতৃৰ নাম আছিল পীৰ মহম্মদ আৰু মাতৃ মৈদীন বীবি।[6] হালিমাই সৰুতে দেউতাকক হেৰুৱাইছিল।[5] সাতটা সন্তানৰ মাতৃ মৈদীন বীবিয়ে হালিমাকে ধৰি নিজৰ সন্তান সকলক অকলেই ডাঙৰ-দীঘল কৰিছিল।[5] সাতটা শিশুৰ ভিতৰত দুটাৰ অতি কম বয়সতে মৃত্যু হয়।[5] সেই সময়ৰ স্থানীয় প্ৰথাৰ বিপৰীতে হালিমা আৰু তেওঁৰ ভনীয়েকক বিদ্যালয়লৈ পঠিওৱা হৈছিল। “চন্দ্ৰিকা উইকলি”ত (Chandrika Weekly) প্ৰকাশিত এক সাক্ষাৎকাৰত হালিমা বীবিয়ে কৈছিল যে যেতিয়া তেওঁৰ ডাঙৰ ভনীয়েকক আদূৰৰ বিদ্যালয়লৈ পঠিওৱা হৈছিল, তেতিয়া সমাজৰ ৰক্ষণশীল ধৰ্মীয় লোকসকলে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছিল আৰু তেওঁৰ মাকে কোনো গুৰুত্ব দিয়া নাছিল।[5] প্ৰতিবাদৰ সন্মুখীন হোৱা স্বত্তেও মাতৃয়ে হালিমা বীবিকো বিদ্যালয়লৈ পঠিয়াইছিল। হালিমাই মাতৃৰ এই সাহস আৰু দৃঢ়তাৰ বাবে বিশ্ববাসীক প্ৰশংসা কৰিবলৈ আহ্বান জনাইছিল।[5] হালিমা বীবিয়ে ৭ম শ্ৰেণীলৈকে শিক্ষা গ্ৰহণ কৰিবলৈ সক্ষম হৈছিল।
প্ৰকাশন
১৯৩৮ চনত মাত্ৰ ওঠৰ বছৰ বয়সতে হালিমাই মুছলীম বনিতা (Muslim Vanitha) নামৰ এখন আলোচনী আৰম্ভ কৰিছিল। আলোচনীখন প্ৰথমে তিৰুভাল্লাৰ পৰা ছপা হৈছিল আৰু পিছলৈ কোদুঙ্গালুৰলৈ স্থানান্তৰিত হৈছিল। স্থানীয় মুছলমানসকলৰ মাজত ৰক্ষণশীল গোটৰ আপত্তি আৰু আৰ্থিক অভাৱৰ বাবে আলোচনীখন বন্ধ কৰিবলগীয়া হৈছিল। ১৯৪৪ চনত তেওঁ ভাৰতচন্দ্ৰিকা (Bharatachandrika) নামেৰে এখন সাধাৰণ সাপ্তাহিক কাকত আৰম্ভ কৰিছিল। ১৯৪৬ চনত কাকতখন দৈনিক কাকতলৈ ৰূপান্তৰ কৰা হৈছিল। এই কাকতখনত লেখক আৰু উপ-সম্পাদক হিচাপে বৈকম মহম্মদ বাছিৰ, এন. বালামণি আম্মা, পি. কেশৱাদেৱ, ঠাকাজি শিৱশংকৰ পিল্লাই, জি. শংকৰ কুৰুপ, এম. পি. আপ্পান, পি. কুঁহিৰমণ নায়াৰ, অ. এন. ভি. কুৰুপ, এছ. গুপ্তন নায়াৰ আদি বহুকেইজন বিশিষ্ট ব্যক্তি আছিল। কাকতখনৰ মুদ্ৰক, প্ৰকাশক আৰু সম্পাদক আছিল হালিমা নিজে। ভাৰতচন্দ্ৰিকা দৈনিক কাকতলৈ ৰূপান্তৰিত হোৱাৰ পিছত তেওঁ আৰ্থিক অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল। কাকতখনৰ সমান্তৰালভাৱে তেওঁ বনিতা (Vanitha; ১৯৪৪) নামৰ এখন মহিলা আলোচনীও আৰম্ভ কৰে। ১৯৭০ চনত তেওঁ আধুনিক বনিতা (Adhunika Vanitha) নামৰ আন এখন আলোচনী আৰম্ভ কৰে।[7] কিন্তু এই আলোচনীখনো সফল নহ’ল।
হালিমাই আল মানাৰ (Al Manar) আলোচনীত ইছলামৰ সৈতে জড়িত কেইবাটাও প্ৰবন্ধ লিখিছিল।
সামাজিক কৰ্ম
সেই সময়ত গাঁওত চলি থকা এক ধৰ্মীয় প্ৰচাৰ অনুষ্ঠানত ধৰ্মীয় পণ্ডিত সকলে শিক্ষাৰ প্ৰতি ইছলামে যি সংজ্ঞা দিয়ে সেয়া প্ৰদান নকৰি তেওঁলোকৰ নিজস্ব সংজ্ঞাহে প্ৰদান কৰিছিল। দৰ্শকৰ মাজৰ পৰা থিয় হৈ হালিমা বীবি আৰু তেওঁৰ সমনীয়া কেইগৰাকীমানে পণ্ডিতগৰাকীৰ ভাষণৰ ওপৰত প্ৰশ্ন তোলে আৰু সেই ঠাই ত্যাগ কৰে। যোৱাৰ আগতে বীবিয়ে পিছদিনা একে ঠাইতে পৰিষ্কাৰকৈ ইছলাম প্ৰচাৰ কৰিব পৰা লোকক আনি থিয় কৰাব বুলি প্ৰত্যাহ্বান জনায়।[5] পিছদিনাৰ সেই ঠাইত কে.এম. মহম্মদ মৌলৱী, আছলাম মৌলৱী, এম আব্দুল চালাম (আই. এ. এছ.) আদিয়ে প্ৰচাৰ কৰিছিল।[5] হালিমা বীবিৰ জীৱনৰ এই ঘটনাই কেৰালাৰ মুছলমান ইতিহাসত যথেষ্ট প্ৰভাৱ পেলাইছিল।[5]
দেৱান চি.পি. ৰামাস্বামীৰ শাসন কালত যেতিয়া হালিমা বীবিৰ ছপাকাম আৰু বাতৰি কাকত সমস্যাত পৰিছিল, তেতিয়া তেওঁ ছপাকাৰ্যৰ বিভিন্ন বিষয়সমূহ শিকিছিল। দেৱানৰ শাসনৰ বিৰুদ্ধে প্ৰতিবাদ কৰাসকলৰ বাবে তাই প্ৰচাৰ পত্ৰিকা আৰু অন্যান্য সামগ্ৰী ছপা কৰিছিল। মালয়লা মনোৰামা (Malayala Manorama) নামৰ কাকতখন চৰকাৰৰ ৰোষত পৰা সময়ত হালিমা আৰু তেওঁৰ স্বামীয়ে কাকতখনৰ বাবে প্ৰবন্ধ আৰু প্ৰচাৰ পত্ৰিকা ৰচনা আৰু ছপা কামত সহায় কৰিছিল। দেৱান চি. পি. ৰামাস্বামীয়ে তেওঁক ৰাজনৈতিক জীৱন এৰাৰ বিনিময়ত চাকৰিৰ প্ৰস্তাৱ দিছিল।[2]
হালিমা বীবিৰ আদৰ্শ আৰু তেওঁ “বিমোচন সমৰম”ত (কেৰালাৰ মুক্তি সংগ্ৰাম) অংশগ্ৰহণ কৰাৰ বাবে তেওঁক কাৰাগাৰত ভৰোৱা হৈছিল।[6]
নাৰী, বিশেষকৈ মুছলমান মহিলাৰ মুক্তিৰ বাবে তেওঁ অক্লান্তভাৱে কাম কৰিছিল। তাই মুছলমান মহিলাক মূলসুঁতিৰ সমাজলৈ আনিব বিচাৰিছিল। তেওঁ শিক্ষাৰ পাঠ্যক্ৰমত স্বাস্থ্য, মনোবিজ্ঞান আৰু কোৰআনৰ দৰে বিষয়সমূহ অন্তৰ্ভুক্ত কৰাৰ পোষকতা কৰিছিল।[1]
পৰিয়াল আৰু মৃত্যু
কে.এম. মহম্মদ মৌলৱীৰ সৈতে ষোল্ল বছৰ বয়সত হালিমা বীবিৰ বিবাহ হৈছিল। তাইৰ ৰাজহুৱা কাম-কাজত স্বামীয়ে তাইক উৎসাহিত কৰিছিল। তেওঁৰ স্বামী এজন লেখক, সম্পাদক আৰু ধৰ্মীয় পণ্ডিত আছিল। তেওঁলোকৰ সন্তান হ’ল আনছাৰ বেগম, নফিছা বীবি, জমীলা বীবি, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা তিৰুৱনন্তপুৰমৰ চিডকোৰ জেনেৰেল মেনেজাৰ মহম্মদ আশ্ৰফ আৰু প্ৰয়াত আয়েশা।[5] ১৯৯২ চনত মহম্মদ মৌলৱীৰ মৃত্যুৰ পিছত হালিমা বীবিয়ে ৰাজহুৱা জীৱনৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি যায়।[5] পিছলৈ তেওঁ কন্যা নাফিছা বীবিৰ সৈতে পেৰুম্বাভুৰত বাস কৰে।[5] ২০০০ চনৰ ১৪ জানুৱাৰীত তেওঁৰ মৃত্যু হয়।[5]
তথ্য সংগ্ৰহ