Share to: share facebook share twitter share wa share telegram print page

চাল-কুঁৱৰী

Aloe vera
Aloe vera plant with flower detail inset.
বৈজ্ঞানিক শ্ৰেণীবিভাজন e
অধিজগৎ: সংকোষকেন্দ্ৰী
ৰাজ্য: Plantae
ক্লেড: Angiosperms
ক্লেড: Monocots
বৰ্গ: Asparagales
পৰিয়াল: Xanthorrhoeaceae
Subfamily: Asphodeloideae
গণ: Aloe
প্ৰজাতি: A. vera
দ্বৈৰাশিক নামকৰণ
Aloe vera
(L.) Burm.f.

চাল-কুঁৱৰী বা এল' ভেৰা (ইংৰাজী: Aloe vera) একপ্ৰকাৰ জলসম্বৃদ্ধ (ইংৰাজী: succulent) উদ্ভিদ। ইয়াৰ জন্মস্থান উত্তৰ আফ্ৰিকা বা ছোমালিয়া[1] বুলি ভবা যায়। ইয়াক প্ৰাকৰতিক ভাৱে দেখা নাযায় যদিও উত্তৰ আফ্ৰিকাত ওচৰ সম্পৰ্কীয় অন্যান্য এল' জাতিৰ গছ পোৱা যায়।[2] খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাৰপৰাই ইয়াক বনৌষধি হিচাবে ব্যৱহাৰ কৰা হৈ আহিছে। ইয়াৰ (A. Vera) বিভিন্ন অংশ বা উৎপাদ (extract) প্ৰসাধন উদ্যোগ আৰু বৈকল্পিক ঔষধ উদ্যোগত উজ্জীৱক (rejuvenating), নিৰামক (healing) বা শীতলকাৰক (soothing) গুণযুক্ত বুলি প্ৰচাৰিত আৰু ব্যৱহাৰ কৰি অহা হৈছে। [3][4][5] কিন্তু, এনে দাৱীবোৰ উপলব্ধ গৱেষণাই প্ৰায়ে বিৰোধিতা কৰা হে দেখা যায়। [6][7][8][9] ইয়াৰ ঔষধিয় উপযোগীতাও বৰ্তমান অনুসন্ধানৰ বিষয়।

বৰ্ণনা

চাল-কুঁৱৰী কাণ্ডবিহীন বা অত্যন্ত সৰু কাণ্ডযুক্ত, ৬০-১০০ ছে.মি. (২৪-২৯ ইঞ্চি) উচ্চতাৰ, মেলখোৱা, জলসম্বৃদ্ধ উদ্ভিদ। ইয়াৰ পাতবোৰ ডাঠ মঙহাল, সেউজীয়া বা মুগা-সেউজীয়া হয়। কাণ্ডৰ ওপৰ আৰু তলৰ ফালে কেতিয়াবা বগা দাগ (flecks) দেখা যায়।[10] পাতৰ কাণ খহতা(ইংৰাজী: Leaf#Edge (margin)) আৰু সৰু সৰু বগা ৰঙৰ কাইঁট থাকে। জহকালি প্ৰায় 90 cm (35 in) এডাল দণ্ডত (spike) পেণ্ডুলামৰ দৰে ২-৩ ছে.মি. দৈৰ্ঘ্যৰ দীঘলীয়া পেটৰ ফুল (ইংৰাজী: Corolla (flower)) লাগে।[10][11] অন্যান্য "এল'" প্ৰজাতিৰ দৰেই এল' ভেৰাইও মাটিৰ খনিজ পোষক লাভৰ বাবে (ইংৰাজী: arbuscular mycorrhiza), একপ্ৰকাৰ সহজীৱিতা (ইংৰাজী: symbiosis), গঠন কৰে।[12]

টেক্স'নমী আৰু ইটাইম'লজী (Taxonomy and etymology)

Spotted forms of Aloe vera are sometimes known as Aloe vera var. chinensis.

চাল-কুৱঁৰীৰ কেইবাটাও সমাৰ্থক নাম (ইংৰাজী: Synonym (taxonomy)) আছে: A. barbadensis Mill., Aloe indica Royle, Aloe perfoliata L. var. vera and A. vulgaris Lam.[13][14] সাধাৰণ নামৰ ভিতৰত ইয়াক Chinese Aloe, Indian Aloe, True Aloe, Barbados Aloe, Burn Aloe, First Aid Plant আদি বুলি জনা যায়।[11][15][16][17][18] উপশব্দ ভেৰাই "সঁচা" বা "প্ৰকৃত" বুজায়।[15] কোনো ক্ষেত্ৰত দাগ থকা প্ৰজাতিটোক এল' ভেৰাchinensis প্ৰভাগ বোলা হয়;[19][20] যদিও, পাতৰ দাগৰ ধৰণ অনুসৰি ইয়াৰ প্ৰজাতিভেদ হ'ব পাৰে।[2] ইয়াক A. massawanaৰ সমপ্ৰজাতীয় (ইংৰাজী: Conspecific) হ'ব পাৰে বুলিও কোৱা হয়।[21] ইয়াক সৰ্বপ্ৰথমে ১৭৫৩ চনত কাৰ্ল লিনিউচে (ইংৰাজী: Carl Linnaeus) Aloe perfoliata var. vera বুলি,[22] আকৌ ১৭৬৮ ত নিক'লাচ লৰেন্স বাৰমেনে (ইংৰাজী: Nicolaas Laurens Burman) Flora Indicaৰ ৬ এপ্ৰিল সংখ্যাত Aloe vera বুলি আৰু তাৰে প্ৰায় দহদিনমানৰ পাচত ফিলিপ মিলাৰে (ইংৰাজী: Philip Miller) Gardener's DictionaryAloe barbadensis বুলি নামকৰণ কৰে।[23]

ডি এন এ (ইংৰাজী: DNA) তুলনাকৰণ পদ্ধতিসমূহৰদ্বাৰা এল' ভেৰা য়েমেনৰ স্থানীয় এল' পেৰী (ইংৰাজী: Aloe perryi) নামৰ প্ৰজাতিৰ উদ্ভিদৰ লগত ওচৰ সম্পৰ্কীয় বুলি দেখা গৈছে।[24] তদ্ৰূপ ক্ল'ৰপ্লাষ্ট (ইংৰাজী: chloroplast) ডি এন এ ছিকুৱেন্স পদ্ধতি আৰু ISSR (ইংৰাজী: Microsatellite (genetics)) প্ৰফাইলিং -এ ও এল' ভেৰাএল' ইনাৰমিচ (ইংৰাজী: Aloe inermis), এল' স্ক'বিনিফ'লিয়া (ইংৰাজী: Aloe scobinifolia), এল' ছিংকাটানা (ইংৰাজী: Aloe sinkatana), আৰু এল' ষ্ট্ৰিয়াটাৰ (ইংৰাজী: Aloe striata) ওচৰ সম্পৰ্কীয় বুলি দেখুৱাইছে।[25] দক্ষিণ আফ্ৰিকীয় এল' ষ্ট্ৰিয়াটাৰ বাহিৰে উপৰোক্ত এল' প্ৰজাতিবোৰ চ'ক'ট্ৰা (ইংৰাজী: Socotra) (য়েমেন), ছোমালিয়া আৰু ছুডানৰ স্থানীয়।[25] স্পষ্ট আবাসস্থানৰ অভাৱে প্ৰকৃতিবিদসকলক এল' ভেৰাক বৰ্ণসংকৰীয় ভাৱে (ইংৰাজী: hybrid (biology)) উদ্ভুদ বুলি ভবোৱাইছে।[26]

বিস্তৃতি

সমগ্ৰ পৃথিৱীতে ব্যাপক ভাৱে খেতি কৰা হয় হেতুকে এল' ভেৰাৰ প্ৰাকৃতিক পৰিৱেশস্থান (range) অস্পষ্ট। প্ৰাকৃতিকভাৱে ইয়াক আৰব উপমহাদ্বীপৰ দক্ষিণাৰ্ধ, উত্তৰ আফ্ৰিকা (মৰক্ক', মৌৰিটানিয়া, ইজিপ্ত) তথা কেনেৰি, কে'প ভাৰ্ডে আৰু মাডেইৰা দ্বীপপুঞ্জ আদিৰ লগতে ছুডান আৰু প্ৰতিবেশী দেশসমূহত পোৱা যায়।[13] এই বিস্তৃতি কিছু পৰিমাণে ইউফ'ৰ্বিয়া বালচেমিফেৰা (ইংৰাজী: Euphorbia balsamifera), পিষ্টাচিয়া আট্‌লাণ্টিকা (ইংৰাজী: Pistacia atlantica) আদিৰ সমতুল্য, যি ইয়াক চাহাৰাৰ মৰুভূমিকৰণৰ কৱলত পৰা এসময়ৰ শুষ্ক স্ক্লেৰ'ফিল (ইংৰাজী: sclerophyl) অৰণ্যৰ বাসিন্দা হোৱাৰ সম্ভাৱনা সূচায়। এনেধৰণৰ কেইবাবিধৰো ওচৰ সম্পৰ্কীয় (বা একে) প্ৰজাতি চাহাৰাৰ দুই বিপৰীত দিসত পোৱা যায়: এনে দুটা উদাহৰণ হৈছে ড্ৰেগন ট্ৰী/ড্ৰাচীনা (ইংৰাজী: Dracaena (plant)), (Dracaena) আৰু ইয়নিয়াম (ইংৰাজী: Aeonium).

চীন আৰু পৃথিৱীৰ অন্য অঞ্চললৈ এই প্ৰজাতিৰ আগমণ ঘটে ১৭শ শতিকাত।[27] কালক্ৰমত ই অষ্ট্ৰেলীয়া, বাৰ্বাড'চ, বেলীজ, নাইজেৰীয়া, পাৰাগুৱে, জামেৰিকা আদি পৃথিৱীৰ অন্যান্য ক্ৰান্তীয় আৰু উষ্ণ অঞ্চল সমূহলৈ বিয়পি পৰে।[2][28] অনেক ক্ষেত্ৰত মানুহে খেতি কৰাৰ বাবেও ই এনেদৰে বিয়পি পৰে বুলি ভবা হয়।[21]

কৃষি

Aloe vera can be grown as an ornamental plant.

এল' ভেৰা বা চাল-কুৱঁৰীক বাগিচাৰ সৌন্দৰ্য্যবদ্ধক উদ্ভিদ হিচাবে প্ৰভুতভাৱে খেতি কৰা হয়। ইয়াৰ তথাকথিত ঔষধি গুণ, বিশিষ্ট ফুল, আকৃতি আৰু জলসম্বৃদ্ধিৰ বাবে ই আধুনিক ফুলনিত জনপ্ৰিয়। ইয়াৰ জলাকৰ্ষীতাৰ কাৰণে ই কম পানী থকা অঞ্চল, শৈলোদ্যান (rockeries) আৰু অন্যান্য কম পানী ব্যৱহাৰ কৰা বাগিচাৰ বাবে বিশেষভাৱে উপযুক্ত।[10] এই উদ্ভিদ কষ্টসহিষ্ণু যদিও অধিক বৰফপাত হোৱা অঞ্চলৰ অনুপযোগী।[11][29] ই বেছিভাগ কীট পতংগৰ পৰা প্ৰতিৰোধী যদিও মকৰা কীট (spider mites), মীলি বাগ (ইংৰাজী: mealy bugs), স্কেল কীট (ইংৰাজী: scale insects), আৰু এফিড (ইংৰাজী: aphid) আদিয়ে ইয়াক আক্ৰান্ত কৰিব পাৰে।[30][31] টাবত ৰোওঁতে ইয়াক পানী নোৰোৱা বালিয়া মাটিৰ প্ৰয়োজন। অধিক সূৰ্য্যৰশ্মি বা পানী ৰোৱা পৰিবেশত গছজোপা শুকাই যাব পাৰে।[32] ইয়াৰ বাবে ৰন্ধ্ৰযুক্ত টেৰাকোটা পাত্ৰ উপযুক্ত।[32] পাত্ৰত থকা গছত পানী দিয়াৰ আগতে আগৰ পানী সম্পূৰ্ণৰূপে সুকাবলৈ দিব লাগে আৰু নতুন পোখাবোৰ নিয়মিতভাৱে উঠাই থাকিব লাগে। জাৰকালি ফুলজোপা "সুপ্ত" অৱস্থাত থাকে আৰু ন্যূনতম পানীৰ প্ৰয়োজন হয়। বৰফ পৰা স্থানত ইয়াক ঘৰৰ ভিতৰত ৰাখিব লাগে।[11]

অষ্ট্ৰেলীয়া,[33] বাংলাদেশ, কিউবা,[34] ডমিনিকান গণৰাজ্য, চীন, মেক্সিকো,[35] ভাৰত,[36] জামাইকা,[37] কেনীয়া, টাঞ্জানীয়া আৰু দক্ষিণ আফ্ৰিকা,[38] along with the USA[39] আদিত প্ৰসাধন উদ্যোগৰ বাবে এল' ভেৰাৰ ব্যৱসায়িক ভিত্তিত খেতি কৰা হয়।

এই গছজোপা ৰয়েল হৰ্টিকালচাৰেল চচাইটিৰ (ইংৰাজী: Royal Horticultural Society) "এৱাৰ্ড অৱ গাৰ্ডেন মেৰিট" (ইংৰাজী: Award of Garden Merit) মৰ্য্যদাপ্ৰাপ্ত।[40]

ব্যৱহাৰ

Aloe vera gel being used to make a dessert.

এল' ভেৰা বা চাল-কুৱঁৰীৰ উৎপাদসমূহক সাধাৰণতে এল' ভেৰাই বোলা হয়।[41] ইয়াৰ সৌন্দৰ্য্যবৰ্ধক বা নিৰাময়ক গুণৰ বৈজ্ঞানিক প্ৰমাণ খুব সীমাবদ্ধ আৰু য'ত আছে তাতো প্ৰায়ে বিবদমান (contradictory)। [6][7] তথাপিও সৌন্দৰ্য্যবদ্ধক আৰু বৈকল্পিক চিকিৎসা উদ্যোগে ইয়াৰ শীতলকাৰক (soothing), জলীয়কাৰক (moisturizing) আৰু নিৰামক (healing) গুণ থকা বুলি দাবী কৰি আহিছে।[8][4][5][3][42] এল' ভেৰা জেল বাণিজ্যিকভাৱে উপলব্ধ ল'শ্যন, দৈ, খাদ্য আৰু কোনো কোনো জলপান (dessert) আদিত ব্যৱহাৰ কৰা হয়[43][44][45] যদিও কোনো কোনো মাত্ৰাত সেৱন কৰিলে ইয়াৰ বিশাক্ত লক্ষণ পৰিলক্ষিত হয়।[46]

পৰম্পৰাগত ঔষধ

জনজাতীয় আৰু পাৰম্পৰিক ভেষজ ঔষধ হিচাবে এল' ভেৰাৰ ব্যৱহাৰ কৰা হৈ আহিছে যদিও ইয়াৰ ঔষধিয় গুণ কেতিয়াৰ পৰা আৱিস্কৃত জনা নাযায়। ১৬শ শতিকাৰ Ebers Papyrus (ইংৰাজী: Ebers Papyrus) -অত,[18] খ্ৰীঃ পূঃ মধ্য প্ৰথম শতিকাত ৰচিত De Materia Medica আৰু Pliny the Elder (ইংৰাজী: Pliny the Elder) অৰ Pliny's Natural History (ইংৰাজী: Pliny's Natural History) দুয়ো বিবৰণীতে (ইংৰাজী: Dioscorides)[18] আৰু ৫১২ খ্ৰীঃ পূঃত ৰচিত Juliana Anicia Codex (ইংৰাজী: Juliana Anicia Codex) -অত এল' ভেৰাৰ উল্লেখ পোৱা যায়।[43] চীন, ভাৰত, জামাইকা, জাপান, লেটিন আমেৰিকা, ৰুচ, দক্ষিণ আফ্ৰিকা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত পৰম্পৰাগত ভেষজ ঔষধিয় হিচাবে এই প্ৰজাতিৰ বহুলভাবে ব্যৱহাৰ হয়।[8]

খাদ্য পৰিপূৰক

২০০৩ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ খাদ্য আৰু ঔষধ প্ৰাধিকৰণ (ইংৰাজী: Food and Drug Administration) বিভাগে "ক্লাচ III উপাদান" (class II ingredient)/(ইংৰাজী: Unique Ingredient Identifier) বুলি বন্ধ নকৰালৈকে কোনো কোনো এল' প্ৰজাতিৰ পৰা উৎপাদিত "এল'ইন" (ইংৰাজী: Aloin) অক কিছুমান মুকলিভাৱে বিক্ৰি কৰিব পৰা জুলাপ (laxative) জাতীয় ঔষধৰ উপাদান হিচাবে ব্যৱহাৰ কৰা হৈ আহিছিল।[47] এল' ভেৰাৰ বিশাক্ত আৰু বিভিন্ন শাৰিৰিক উপসৰ্গ সৃষ্টি কৰিব পৰা গুণ আছে, যদিও পৰিশোধিত কৰি এল'ইন আঁতৰ কৰিলে ই সম্যকভাৱে দূৰ হয়।[46][8][9][48] এক ২ বছৰীয়া ৰাষ্ট্ৰীয় বিষ নিৰ্ণায়ক পৰীক্ষণত ৰং দূৰ নকৰা সম্পূৰ্ণ পাতৰ নিষ্কাষে মতা আৰু মাইকী নিগনিৰ ওপৰত কাৰ্চিন'জেনিক ক্ৰিয়া দেখুওৱা পৰিলক্ষিত হৈছে। মানৱ শৱীৰত ইয়াৰ প্ৰতিক্ৰিয়া জানিবলৈ অধিক তথ্যৰ প্ৰয়োজন বুলি পৰীক্ষাটোত প্ৰকাশিত।[49][50][51]

এল' ভেৰাৰ ৰসক পাচন প্ৰক্ৰিয়াৰ বাবে স্বাস্থ্যবৰ্ধক বুলি বিক্ৰি কৰা হয় যদিও ইয়াৰ কোনো বৈজ্ঞানীক প্ৰমাণ বা আধিকাৰিক অনুমতি নাই।[52] এনে উপাচাৰৰ বাবে সাধাৰণতঃ প্ৰয়োগ কৰা উৎপাদ আৰু ইয়াৰ পৰিমাণৰ বিশাক্ততা ইয়াৰ পৰিমাণৰ ওপৰত নিৰ্ভৰশীল।[46]

অন্যান্য ভেষজ (Phytochemical)

এল' ভেৰাৰ পাতৰ সম্ভাব্য জৈব প্ৰকাৰ্য্যমূলক (bioactivity) অন্যান্য ভেষজ দ্ৰব্যৰ যেনে এচিটাইলেটেড (acetylated) মান্নান (ইংৰাজী: mannans), পলীমান্নান (polymannans), এন্থ্ৰাকুইন'ন (ইংৰাজী: entharaquinone) চি-গ্লিচাৰইড, এনথ্ৰন যেনে ইম'ডিন (ইংৰাজী: emodin) আৰু বিভিন্ন লেক্টিন (ইংৰাজী: lectins) আদিৰ বিষয়ে গৱেষণা চলি আছে।[8][53][54] এইবোৰৰ কিছুমান কীটনাশক উৎপাদনৰ বাবে ব্যৱহাৰ হয়।[55]

উপভোক্তা প্ৰয়োগ (Commodities)

এল' ভেৰাক আজিকালি বহুলভাৱে মুখমণ্ডলত ব্যৱহাৰৰ বাবে মইশ্বাৰাইজাৰ, হে' ফিভাৰ, চৰ্দী আদিত নাকৰ এণ্টি-ইৰিটেণ্ট হিচাবে উৎপ্ৰণোদিত (promoted) কৰা হৈছে।[56] বিভিন্ন প্ৰসাধন কোম্পানীৰ মেক-আপ, টিচ্যু, মইশ্বাৰাইজাৰ, চাবোন, চানস্ক্ৰীণ, ধুপ, শ্বেভিং ক্ৰীম, শ্বেম্পু আদিত ইয়াৰ ৰস বা অন্যান্য নিষ্কাষ ব্যৱহাৰ কৰা হয়।[43] অন্যান্য ব্যৱহাৰৰ ভিতৰত ছাগলীৰ কৃত্ৰিম প্ৰজননত শুক্ৰাণু পাতল কৰিবৰ বাবে,[57] সতেজ খাদ্য সংৰক্ষণৰ বাবে,[58] আৰু সৰু ফাৰ্মবোৰত জল সংৰক্ষণৰ (ইংৰাজী: water conservation) ব্যৱহাৰ কৰা হয়।[59] It has also been suggested that biofuels could be obtained from Aloe vera seeds.[60]

এল'ক খাদ্য সামগ্ৰী হিচাবেও ব্যৱহাৰ কৰা হয়। কোনো কোনো "মলিকুলাৰ গেষ্ট্ৰনমিষ্টে" (ইংৰাজী: Molecular_gastronomy) ইয়াৰ "জেল" হ'ব পৰা গুণৰ সহায় লয়। উদাহৰণ স্বৰূপে চে'ফ (chef) কুইক ডাক'ষ্টাৰ (Chef Quique Dacosta) স্পেইনৰ El Poblet -অত সৃষ্ট "Oysters Guggenheim" অৰ কথা ক'ব পাৰি।[61]

সম্ভাব্য ঔষধিয় প্ৰয়োগৰ বাবে গৱেষণা

কটা-ছিঙাৰ উপচাৰৰ বাবে

এল' ভেৰা ঘাঁ আদিৰ চিকিৎসাৰ বাবে উপযোগী হ'ব পাৰে বুলি ভবা হয় যদিও ইয়াৰ প্ৰমাণ যৎসামান্য আৰু পৰস্পৰবিৰোধী[9] কোনো কোনো অধ্যয়নত এল' ভেৰাৰ প্ৰয়োগে আৰোগ্য হোৱাৰ গতি খৰতকীয়া কৰে[62][63] বুলি দেখুৱালেও অনেক ক্ষেত্ৰত এল' ভেৰা জেল ব্যৱহাৰ কৰা ঘাঁ অন্য দৰব ব্যৱহাৰ কৰাতকৈ কম গতিত শুকায় বুলি দাবী কৰা হৈছে।[64][65] ২০০৭ চনৰ এক সমীক্ষাত ২য় ডিগ্ৰীৰ পোৰাৰ চিকিৎসাত এল' ভেৰাই সুফল দেখুওৱা পোৱা গৈছে।[66] যৌনাংগৰ হাৰ্পিচ (ইংৰাজী: genital herpes) আৰু ছ'ৰিয়াচিচ (ইংৰাজী: psoriasis) ইয়াৰ বাহ্যিক প্ৰয়োগ উপশম দিয়ে বুলিও কোৱা হৈছে।[67] অৱশ্যে তেজস্ক্ৰীয়তা সম্পৰ্কীয় আঘাতত ই কাম নিদিয়ে।

এল' ভেৰাৰ জেলক অন্য সম প্ৰজাতীয় আৰু এছফ'ডেলাচি (ইংৰাজী: Asphodelaceae) প্ৰজাতিৰ উদ্ভিদৰ জেলৰ লগতো তুলনা কৰা হৈছে - যেনে বালবাইন ফ্ৰাক্টেছিন (Bulbine frutescens), যাক পোৰা আৰু অন্যান্য ছালৰ কটা-ছিঙাত ব্যৱহাৰ কৰা হয়। [68] ইয়াৰ বিভিন্ন নিষ্কাষৰ চালৰ সৰু-সুৰা ৰোগ নিৰাময় কৰিব পৰা এণ্টিবেক্টেৰীয়েল (ইংৰাজী: antibacterial) বা এণ্টিফাংগেল (ইংৰাজী: antifungal) ধৰ্মও থাকিব পাৰে।[69] পৰীক্ষাগাৰত কোনো পৰীক্ষাত ইয়াৰ চালৰ ভিতৰুৱা অংশৰ জেলে ষ্ট্ৰেপ্ট'কক্কাচ (ইংৰাজী: Streptococcus) আৰু (ইংৰাজী: Shigella) জাতীয় বেক্টেৰীয়াৰ গতি ৰোধ কৰা দেখা গৈছে।[70] অৱশ্যে ই জেন্থ'ম'নাচ (ইংৰাজী: Xenthomonas) প্ৰজাতিৰ বিষয়ে সুফল দেখুওৱাব পৰা নাই।[71]

চালৰ সুৰক্ষা আৰু কেন্সাৰ

কথিত ভাৱে দাবী কৰিলেও এল' ভেৰাই মানুহক চানবাৰ্ণ, চানটোন বা সূৰ্য্যৰশ্মিৰ পৰা প্ৰতিৰোধ কৰাৰ কোনো প্ৰমাণ পোৱা হোৱা নাই।[72]

অৱশ্যে এল' ভেৰাত থকা উদ্ভিদ পলিছেকাৰাইডবোৰে সূৰ্য্যৰশ্মিৰ পৰা প্ৰত্যক্ষ প্ৰতিৰোধ নিদিলেও, অতি-বেঙুনী ৰশ্মিৰ প্ৰভাৱ পথবোৰ অপ্ৰত্যক্ষ ভাৱে বন্ধ কৰি অ-মেলান'মা (non-melanoma) চালৰ কেন্সাৰৰ পৰা চালক ৰক্ষা কৰিব পাৰে।[73] অতি-বেঙুনী বিকিৰণে স্থানীয় এণ্টিজেন-প্ৰতিৰোধী লেংহাৰ্ন চেল (ইংৰাজী: Langerhans cell) (LC) বোৰৰ ক্ষয়ীভৱন ঘটায় আৰু ৰোগ প্ৰতিৰোধী ক্ষমতা কমায় (immunosuppression)। পৰীক্ষাগাৰত নিগনিৰ ওপৰত কৰা পৰীক্ষাত ই সূচিত হৈছে।[74][75][76][73] পৰীক্ষাগাৰত কুকুৰ আৰু মেকুৰীৰ ওপৰত এল' ভেৰাৰ কেন্সাৰ প্ৰতিৰোধ ক্ষমতাৰ আভাস পোৱা গৈছে[53] যদিও মানুহৰ ক্ষেত্ৰত ইয়াৰ প্ৰমাণ নাই।

দাঁত

দাঁতৰ gingivitis আৰু plaque প্ৰতিৰোধ সম্পৰ্কীয় পৰীক্ষাত এল' ভেৰাৰ কোনো সুফল থকাৰ প্ৰমাণ পোৱা নাই।[77]

মধুমেহ আৰু তেজৰ লিপিড

মধুমেহ ৰোগ আৰু তেজৰ লিপিডৰ প্ৰাধিক্যৰ উপচাৰ সম্পৰ্কীয় প্ৰাথমিক পৰীক্ষাত এল' ভেৰাৰ নিষ্কাষৰ সুফল পোৱা গৈছে।[8] ইয়াক এল' ভেৰাৰ মান্নান, এন্থ্ৰকুইন'ন আৰু লেক্টিনৰ সুফল বুলি ভৱা হৈছে।[8][53][54] এল' ভেৰাই তেজৰ গ্লুক'জৰ মাত্ৰা নিয়ন্ত্ৰণত প্ৰভাৱ পেলাব পৰাৰ কথাও অনুমান কৰা হৈছে।[78][79][49] হাইপাৰলিবিডিমেনিয়াৰ ৰোগীৰ নিম্ন লিপিড স্তৰৰ লগতো তথা লিভাৰৰ ৰোগৰ লগতো ইয়াৰ সম্পৰ্ক থাকিব পাৰে।[80][48]

অন্যান্য

প্ৰাৰম্ভিক পৰীক্ষাত চিহ্নিত হৈছে যে এল' ভেৰাই আলচাৰেটিভ কলাইটিচৰ লক্ষণ আৰু প্ৰদাহৰো উপশম গটাব পাৰে।[41]

বিশাক্ত গুণ

এল' ভেৰা খালে ডায়েৰীয়া, ইলেক্ট্ৰলাইটৰ হীন-দেড়ি, কিডনীৰ জটিলতা আৰু অন্যান্য ঔষধৰ ক্ৰিয়াৰ লগত প্ৰতিক্ৰিয়া হ'ব পাৰে। বাহ্যিক (topical) ব্যৱহাৰৰ ফলত কণ্টেক্ট ডাৰ্মাইটিচ, এৰীথেমা, ফট'টক্সিচিটি আদি হোৱাও দেখা গৈছে।[8] ইয়াৰ ব্যৱহাৰৰ ফলত হোৱা ডায়েৰীয়াৰ ফলত শৰীৰৰ অন্য ঔষধ গ্ৰহণ কৰা কমিব পাৰে।[49]

তথ্যসূত্ৰ

  1. দেৱী, ড: জ্যোৎস্না; দাস, জনাৰ্দন (১৬ - ৩১ আগষ্ট), "এলো ভেৰা: প্ৰকৃতিৰ এক অৱদান", প্ৰান্তিক, ১৬-৩১ আগষ্ট ২০১২ 
  2. 2.0 2.1 2.2 Akinyele BO, Odiyi AC (2007). "Comparative study of the vegetative morphology and the existing taxonomic status of Aloe vera L.". Journal of Plant Sciences খণ্ড 2 (5): 558–563. doi:10.3923/jps.2007.558.563. 
  3. 3.0 3.1 "Forever Living Website". Archived from the original on 2008-06-23. http://www.foreverliving.com/। আহৰণ কৰা হৈছে: 2008-06-23. 
  4. 4.0 4.1 "Miracle of Aloe". Archived from the original on 2008-05-11. http://www.miracleofaloe.com/। আহৰণ কৰা হৈছে: 2008-06-23. 
  5. 5.0 5.1 "Aloe Vera Australia". Archived from the original on 2008-07-18. http://www.aloevera.com.au/। আহৰণ কৰা হৈছে: 2008-06-23. 
  6. 6.0 6.1 Ernst E (2000). "Adverse effects of herbal drugs in dermatology". Br J Dermatol খণ্ড 143: 923–929. 
  7. 7.0 7.1 Marshall JM (2000). "Aloe vera gel: what is the evidence?". Pharm J খণ্ড 244: 360–362. 
  8. 8.0 8.1 8.2 8.3 8.4 8.5 8.6 8.7 Boudreau MD, Beland FA (2006). "An Evaluation of the Biological and Toxicological Properties of Aloe Barbadensis (Miller), Aloe Vera". Journal of Environmental Science and Health Part C খণ্ড 24: 103–154. 
  9. 9.0 9.1 9.2 Vogler BK, Ernst E. Aloe vera: a systematic review of its clinical effectiveness. Br J Gen Pract. 1999 Oct;49(447):823-8.
  10. 10.0 10.1 10.2 Yates A. (2002) Yates Garden Guide. Harper Collins Australia
  11. 11.0 11.1 11.2 11.3 Random House Australia Botanica's Pocket Gardening Encyclopedia for Australian Gardeners Random House Publishers, Australia
  12. Gong M, Wang F, Chen Y (January 2002). "[Study on application of arbuscular-mycorrhizas in growing seedings of Aloe vera]" (Chinese ভাষাত). Zhong yao cai = Zhongyaocai = Journal of Chinese medicinal materials খণ্ড 25 (1): 1–3. PMID 12583231. 
  13. 13.0 13.1 "Aloe vera, African flowering plants database". Conservatoire et Jardin botaniques de la Ville de Genève. http://www.ville-ge.ch/cjb/bd/africa/details.php?langue=an&id=155971। আহৰণ কৰা হৈছে: 2008-06-20. 
  14. "Taxon: Aloe vera (L.) Burm. f.". Germplasm Resources Information Network, United States Department of Agriculture.. http://www.ars-grin.gov/cgi-bin/npgs/html/tax_search.pl?Aloe%20vera। আহৰণ কৰা হৈছে: 2008-07-16. 
  15. 15.0 15.1 Ombrello, T. "Aloe vera". Archived from the original on 2008-07-05. https://web.archive.org/web/20080705115829/http://faculty.ucc.edu/biology-ombrello/POW/Aloe_vera.htm। আহৰণ কৰা হৈছে: 2008-06-21. 
  16. Liao Z, Chen M, Tan F, Sun1 X and Tang K (2004) Microprogagation of endangered Chinese aloe Plant Cell, Tissue and Organ Culture 76(1):83–86.
  17. Jamir T. T., Sharma H. K., Dolui A. K. (1999). "Folklore medicinal plants of Nagaland, India". Fitoterapia খণ্ড 70 (1): 395–401. doi:10.1016/S0367-326X(99)00063-5. 
  18. 18.0 18.1 18.2 Barcroft and Myskja (2003) Aloe Vera: Nature's Silent Healer. BAAM, USA. ISBN 0-9545071-0-X
  19. Wang H, Li F, Wang T, et al. (September 2004). "[Determination of aloin content in callus of Aloe vera var. chinensis]" (Chinese ভাষাত). Zhong yao cai = Zhongyaocai = Journal of Chinese medicinal materials খণ্ড 27 (9): 627–8. PMID 15704580. 
  20. Gao W, Xiao P (November 1997). "[Peroxidase and soluble protein in the leaves of Aloe vera L. var. chinensis (Haw.)Berger]" (Chinese ভাষাত). Zhongguo Zhong yao za zhi = Zhongguo zhongyao zazhi = China journal of Chinese materia medica খণ্ড 22 (11): 653–4, 702. PMID 11243179. 
  21. 21.0 21.1 Lyons G. "The Definitive Aloe vera, vera?". Huntington Botanic Gardens. Archived from the original on 2008-07-25. http://huntingtonbotanical.org/Desert/Cholla/feb06/feb06.htm। আহৰণ কৰা হৈছে: 2008-07-11. 
  22. Linnaeus, C. (1753). Species plantarum, exhibentes plantas rite cognitas, ad genera relatas, cum differentiis specificis, nominibus trivialibus, synonymis selectis, locis natalibus, secundum systema sexuale digestas. Vol. 2 pp. [i], 561–1200, [1–30, index], [i, err.]. Holmiae [Stockholm]: Impensis Laurentii Salvii.
  23. Newton L. E. (1979). "In defense of the name Aloe vera". The Cactus and Succulent Journal of Great Britain খণ্ড 41: 29–30. 
  24. Darokar MP, Rai R, Gupta AK, Shasany AK, Rajkumar S, Sunderasan V and Khanuja SPS (2003). Molecular assessment of germplasm diversity in Aloe spp. using RAPD and AFLP analysis. J Med. Arom. Plant Sci.25(2): 354–361.
  25. 25.0 25.1 Treutlein, J., Smith, G. F. S., van Wyk, B. E. & Wink, W. (2003). Phylogenetic relationships in Asphodelaceae (Alooideae) inferred from chloroplast DNA sequences (rbcl, matK) and from genomic finger-printing (ISSR). Taxon 52:193.
  26. Jones WD, Sacamano C. (2000) Landscape Plants for Dry Regions: More Than 600 Species from Around the World. California Bill's Automotive Publishers. USA.
  27. Farooqi and Sreeramu (2001) Cultivation of Medicinal and Aromatic Crops (Revised Edition). Orient Longman, India. p. 25.
  28. "Global Compendium of Weeds Aloe vera (Aloeaceae)". Global Compendium of Weeds. Archived from the original on 2008-06-03. http://www.hear.org/gcw/species/aloe_vera/। আহৰণ কৰা হৈছে: 2008-06-20. 
  29. "BBC Gardening, Aloe vera". British Broadcasting Corporation. http://www.bbc.co.uk/gardening/plants/plant_finder/plant_pages/7686.shtml। আহৰণ কৰা হৈছে: 2008-07-11. 
  30. "Pest Alert: Aloe vera aphid Aloephagus myersi Essi.". Florida Department of Agriculture and Consumer Services. Archived from the original on 2008-06-12. http://www.doacs.state.fl.us/pi/enpp/ento/a-myersi.html। আহৰণ কৰা হৈছে: 2008-07-11. 
  31. "Kemper Center for Home Gardening: Aloe vera". Missouri Botanic Gardens, USA. Archived from the original on 2005-05-27. https://web.archive.org/web/20050527084103/http://www.mobot.org/gardeninghelp/PlantFinder/plant.asp?code=B628। আহৰণ কৰা হৈছে: 2008-07-11. 
  32. 32.0 32.1 Coleby-Williams, J. "Fact Sheet: Aloes". Gardening Australia, Australian Broadcasting Corporation. Archived from the original on 2008-07-06. http://www.abc.net.au/gardening/stories/s2280641.htm। আহৰণ কৰা হৈছে: 2008-07-08. 
  33. "Aloe vera producer signs $3m China deal". Australian Broadcasting Corporation. http://www.abc.net.au/news/stories/2005/12/06/1524745.htm। আহৰণ কৰা হৈছে: 2008-07-08. 
  34. "More Medicinal Plants Grow in Ciego de Ávila". invasor.cu. Archived from the original on 2022-12-20. https://web.archive.org/web/20221220231620/http://www.invasor.cu/sistema/paginas/default.asp?lang=en&id=23062008_More%20Medicinal%20Plants%20Grow%20in%20Ciego%20de%20Avila। আহৰণ কৰা হৈছে: 2008-06-25. 
  35. "Korea interested in Dominican ‘aloe vera’". DominicanToday.com—The Dominican Republic News Source in English. Archived from the original on 2008-12-06. https://web.archive.org/web/20081206062244/http://www.dominicantoday.com/dr/economy/2006/7/7/15337/Korea-interested-in-Dominican-aloe-vera। আহৰণ কৰা হৈছে: 2008-07-19. 
  36. Vaibhav Varma. "India experiments with farming medicinal plants". channelnewsasia.com. Archived from the original on 2008-12-06. https://web.archive.org/web/20081206025358/http://www.channelnewsasia.com/stories/southasia/view/183050/1/.html। আহৰণ কৰা হৈছে: 2008-06-25. 
  37. "Harnessing the potential of our aloe". Jamaica Gleaner, jamaica-gleaner.com. Archived from the original on 2008-03-24. https://web.archive.org/web/20080324210301/http://www.jamaica-gleaner.com/gleaner/20080117/eyes/eyes1.html। আহৰণ কৰা হৈছে: 2008-07-19. 
  38. "Kenya: Imported Gel Hurts Aloe Vera Market". allafrica.com. http://allafrica.com/stories/200708020872.html। আহৰণ কৰা হৈছে: 2008-06-25. 
  39. "US Farms, Inc. – A Different Kind of Natural Resource Company". resourceinvestor.com. Archived from the original on 2008-09-17. https://web.archive.org/web/20080917125506/http://www.resourceinvestor.com/pebble.asp?relid=38588। আহৰণ কৰা হৈছে: 2008-07-19. 
  40. "আৰ্কাইভ কপি". Archived from the original on 2013-08-07. https://web.archive.org/web/20130807062954/http://apps.rhs.org.uk/plantselector/plant?plantid=107। আহৰণ কৰা হৈছে: 2012-09-24. 
  41. 41.0 41.1 Langmead L, Feakins RM, Goldthorpe S, et al. (April 2004). "Randomized, double-blind, placebo-controlled trial of oral aloe vera gel for active ulcerative colitis". Alimentary pharmacology & therapeutics খণ্ড 19 (7): 739–47. doi:10.1111/j.1365-2036.2004.01902.x. PMID 15043514. 
  42. Kunkel. G. Plants for Human Consumption. Koeltz Scientific Books 1984 ISBN 3-87429-216-9
  43. 43.0 43.1 43.2 Reynolds, T. (2004) Aloes: The Genus Aloe. CRC Press
  44. Liza Armstrong. "Clean and green". Australian Broadcasting Corporation. Archived from the original on 2008-05-24. http://www.abc.net.au/landline/stories/s502100.htm। আহৰণ কৰা হৈছে: 2008-06-20. 
  45. "Yagua unveils cosmeceutical beverage". Decision News Media. http://www.foodanddrinkeurope.com/news/ng.asp?n=18445-yagua-unveils-cosmeceutical। আহৰণ কৰা হৈছে: 2008-06-20. 
  46. 46.0 46.1 46.2 Cosmetic Ingredient Review Expert Panel (2007). "Final report on the safety assessment of AloeAndongensis Extract, Aloe Andongensis Leaf Juice,aloe Arborescens Leaf Extract, Aloe Arborescens Leaf Juice, Aloe Arborescens Leaf Protoplasts, Aloe Barbadensis Flower Extract, Aloe Barbadensis Leaf, Aloe Barbadensis Leaf Extract, Aloe Barbadensis Leaf Juice,aloe Barbadensis Leaf Polysaccharides, Aloe Barbadensis Leaf Water, Aloe Ferox Leaf Extract, Aloe Ferox Leaf Juice, and Aloe Ferox Leaf Juice Extract". Int J Toxicol খণ্ড 26 (Suppl 2): 1–50. doi:10.1080/10915810701351186. PMID 17613130. 
  47. "FDA". http://www.ncbi.nlm.nih.gov/pubmed/12001972. 
  48. 48.0 48.1 Bottenberg MM, Wall GC, Harvey RL, Habib S (October 2007). "Oral aloe vera-induced hepatitis". The Annals of pharmacotherapy খণ্ড 41 (10): 1740–3. doi:10.1345/aph.1K132. PMID 17726067. 
  49. 49.0 49.1 49.2 "Aloe Vera – Side Effects and Cautions". National Center for Complementary and Alternative Medicine. http://nccam.nih.gov/health/aloevera/#cautions। আহৰণ কৰা হৈছে: 2011-10-07. 
  50. http://ntp.niehs.nih.gov/NTP/About_NTP/TRPanel/2011/April/DraftTR577.pdf
  51. http://www.niehs.nih.gov/news/interviews/aloevera/index.cfm
  52. http://www.mayoclinic.com/health/aloe-vera/NS_patient-aloe
  53. 53.0 53.1 53.2 King GK, Yates KM, Greenlee PG, et al. (1995). "The effect of Acemannan Immunostimulant in combination with surgery and radiation therapy on spontaneous canine and feline fibrosarcomas". Journal of the American Animal Hospital Association খণ্ড 31 (5): 439–47. PMID 8542364. 
  54. 54.0 54.1 Eshun K., He Q (2004). "Aloe Vera: A Valuable Ingredient for the Food, Pharmaceutical and Cosmetic Industries—A Review". Critical Reviews in Food Science and Nutrition খণ্ড 44 (2): 91–96. 
  55. Yang YC, Lim MY, Lee HS (2003). "Emodin isolated from Cassia obtusifolia (Leguminosae) seed shows larvicidal activity against three mosquito species". J Agric Food Chem খণ্ড 51 (26): 7629-31. PMID 14664519. 
  56. google search for aloe-vera facial-tissue, Sep 2009
  57. Rodriguez F, Baldassarre H, Simonetti J, Aste F, Ruttle JL (1988). "Cervical versus intrauterine insemination of ewes using fresh or frozen semen diluted with aloe vera gel.". Theriogenology খণ্ড 30 (5): 843–54. doi:10.1016/S0093-691X(88)80046-3. PMID 16726526. 
  58. Serrano M, Valverde JM, Guillén F, Castillo S, Martínez-Romero D, Valero D (May 2006). "Use of Aloe vera gel coating preserves the functional properties of table grapes". Journal of Agricultural and Food Chemistry খণ্ড 54 (11): 3882–6. doi:10.1021/jf060168p. PMID 16719510. 
  59. "Water conservation". প্ৰকাশক Chennai, India: The Hindu, India. 2008-07-10. Archived from the original on 2008-08-02. https://web.archive.org/web/20080802141458/http://www.hindu.com/seta/2008/07/10/stories/2008071050161800.htm। আহৰণ কৰা হৈছে: 2008-07-14. 
  60. Shukla S.. "Aloe Vera has biodiesel potential, reveals MSU study". The Indian Express. Archived from the original on 2009-01-14. https://web.archive.org/web/20090114034759/http://www.expressindia.com/latest-news/Aloe-Vera-has-biodiesel-potential-reveals-MSU-study/324861/। আহৰণ কৰা হৈছে: 2008-06-21. 
  61. Quique Dacosta. "Guggenheim Bilbao". http://www.lomejordelagastronomia.com/en/dishes/guggenheim-bilbao-0। আহৰণ কৰা হৈছে: 2010-08-31. 
  62. Heggers JP, Elzaim H, Garfield R, et al. (1997). "Effect of the combination of Aloe vera, nitroglycerin, and L-NAME on wound healing in the rat excisional model". Journal of alternative and complementary medicine খণ্ড 3 (2): 149–53. doi:10.1089/acm.1997.3.149. PMID 9395704. 
  63. Davis RH, Leitner MG, Russo JM, Byrne ME (November 1989). "Wound healing. Oral and topical activity of Aloe vera". Journal of the American Podiatric Medical Association খণ্ড 79 (11): 559–62. PMID 2607423. 
  64. Schmidt JM, Greenspoon JS (July 1991). "Aloe vera dermal wound gel is associated with a delay in wound healing". Obstetrics and gynecology খণ্ড 78 (1): 115–7. PMID 2047051. 
  65. Kaufman T, Kalderon N, Ullmann Y, Berger J (1988). "Aloe vera gel hindered wound healing of experimental second-degree burns: a quantitative controlled study". The Journal of burn care & rehabilitation খণ্ড 9 (2): 156–9. doi:10.1097/00004630-198803000-00005. PMID 3360818. 
  66. Maenthaisong R, Chaiyakunapruk N, Niruntraporn S et al. (2007). "The efficacy of aloe vera for burn wound healing: a systematic review". Burns খণ্ড 33 (6): 713–718. doi:10.1016/j.burns.2006.10.384. PMID 17499928. 
  67. Vogler BK, Ernst E (1999). "Aloe vera: a systematic review of its clinical effectiveness". Br J Gen Prac খণ্ড 49: 823–828. 
  68. "আৰ্কাইভ কপি". Archived from the original on 2012-03-27. https://web.archive.org/web/20120327214550/http://www.herb.co.za/herbal/bulbine.htm। আহৰণ কৰা হৈছে: 2012-09-24. 
  69. Shamim Sumbul, Ahmed S. Waseemuddin, Azhar Iqbal (2004). "Antifungal activity of Allium, Aloe, and Solanum species". Pharmaceutical Biology খণ্ড 42 (7): 491–498. doi:10.3109/13880200490891845. 
  70. Ferro VA, Bradbury F, Cameron P, Shakir E, Rahman SR, Stimson WH (March 2003). "In vitro susceptibilities of Shigella flexneri and Streptococcus pyogenes to inner gel of Aloe barbadensis Miller". Antimicrobial agents and chemotherapy খণ্ড 47 (3): 1137–9. doi:10.1128/AAC.47.3.1137-1139.2003. PMID 12604556. 
  71. Satish S., Raveesha K. A., Janardhana G. R. (1999). "Antibacterial activity of plant extracts on phytopathogenic Xanthomonas campestris pathovars". Letters in Applied Microbiology খণ্ড 28 (2): 145–147. doi:10.1046/j.1365-2672.1999.00479.x. 
  72. Feily A, Namazi MR (2009). "Aloe vera in dermatology: a brief review". G Ital Dermatol Venereol খণ্ড 144: 84–91. 
  73. 73.0 73.1 Strickland FM. Immune regulation by polysaccharides: implications for skin cancer. J. Photochem. Photobiol. B.63(1–3),132–140 (2001) PMID: 11684460
  74. Strickland FM, Kripke ML. Immune response associated with nonmelanoma skin cancer. Clin. Plast. Surg.24(4),637–647 (1997)
  75. Strickland FM, Pelley RP, Kripke ML. Prevention of ultraviolet radiation-induced suppression of contact and delayed hypersensitivity by aloe barbadensis gel extract. J. Invest. Dermatol.102(2),197–204 (1994) PMID: 7906286
  76. Chen D, Payne LG. Targeting epidermal Langerhans cells by epidermal powder immunization. Cell Res.12(2),97–104 (2002) PMID: 12118944
  77. de Oliveira SM, Torres TC, Pereira SL et al. (2008). "Effect of a dentifrice containing Aloe vera on plaque and gingivitis control: A double-blind clinical study in humans.
  78. Yongchaiyudha S, Rungpitarangsi V, Bunyapraphatsara N, Chokechaijaroenporn O (1996). "Antidiabetic activity of Aloe vera L juice. I. Clinical trial in new cases of diabetes mellitus". Phytomedicine খণ্ড 3: 241–243. 
  79. Bunyapraphatsara N, Yongchaiyudha S, Rungpitarangsi V, Chokechaijaroenporn O (1996). "Antidiabetic activity of Aloe vera L juice. II. Clinical trial in diabetes mellitus patients in combination with glibenclamide". Phytomedicine খণ্ড 3: 245–248. 
  80. Nassiff HA, Fajardo F, Velez F. (1993) Effecto del aloe sobre la hiperlipidemia en pacientes refractarios a la dieta. Rev Cuba Med Gen Integr 9:43–51

Read other articles:

Yitzhak Pindros Faksi yang diwakili dalam Knesset Informasi pribadiLahir20 Juli 1971 (umur 52)Yerusalem, IsraelSunting kotak info • L • B Yitzhak Ze'ev Pindros (bahasa Ibrani: יִצְחָק זְאֵב פִּינְדְרוֹס‎, lahir 20 Juli 1971) adalah seorang politikus asal Israel. Ia kini menjabat sebagai anggota Knesset mewakili United Torah Judaism. Pranala luar Yitzhak Pindros di situs web Knesset

Ngultrum BhutanISO 4217KodeBTNDenominasiSubsatuan 1/100chhertumSimbolNu. chhertumCh.Uang kertasNu.1, Nu.5, Nu.10, Nu.20, Nu.50, Nu.100, Nu.500, Nu.1000[1][2]Uang koin Sering digunakanCh.20, Ch.25, Ch.50, Nu.1. Jarang digunakanCh.5, Ch.10DemografiPengguna Bhutan (bersama dengan Rupee India)EmisiOtoritas moneterOtoritas Moneter Kerajaan Bhutan Situs webwww.rma.org.btValuasiInflasi5.2% SumberRoyal Monetary Authority of Bhutan, 2015 est.Patoka…

Citra satelit Semenanjung Gallipoli dan sekitarnya Semenanjung Gallipoli (Turkish: Gelibolu Yarımadasıcode: tr is deprecated ) terletak di Thrace Timur (Turki bagian Eropa), yang berbatasan dengan Laut Aegea di barat dan selat Dardanelles di timur. Gallipoli berasal dari bahasa Yunani Kallipolis (Καλλίπολις) yang berarti kota indah. Semenanjung ini merupakan bagian dari Kekaisaran Bizantium, tetapi direbut oleh Kesultanan Utsmaniyah dan saat ini menjadi bagian dari Republik Turki. Pr…

Not to be confused with Kingston, Rhode Island or South Kingstown, Rhode Island. Town in Rhode Island, United StatesNorth Kingstown, Rhode IslandTownThe Gilbert Stuart Birthplace in North KingstownNickname: NKLocation of North Kingstown in Washington County, Rhode IslandCoordinates: 41°34′50″N 71°27′14″W / 41.58056°N 71.45389°W / 41.58056; -71.45389CountryUnited StatesStateRhode IslandCountyWashingtonGovernment • Town CouncilGregory A. Mancini…

For other ships with the same name, see USS John Adams and USS Adams.Not to be confused with USS Adams (1799). USS John Adams United States Navy frigate (1799–1865) Columbia and John Adams bombarding Muckie, Sumatra, 1 January 1839 History United States Cost$113,505 Launched5 June 1799 at Charleston, South Carolina Commissionedcirca 1 October 1799 DecommissionedSeptember 1865 Stricken1865 (est.) FateSold, 5 October 1867 General characteristics Tons burthen544 (bm) Length139 ft (42.4 …

Robert Fogel Robert William Fogel (1 Juli 1926 – 11 Juni 2013) adalah ekonom Amerika Serikat. Ia masuk Universitas Cornell dan menerima gelar B.A. pada 1948, M.A. pada 1960 dari Universitas Columbia, dan Ph.D. dari Universitas Johns Hopkins pada 1963. Di Cornell University Fogel tertarik dalam korelasi antara sejarah dan ilmu ekonomi. Ia mulai memanfaatkan metode kuantitatif untuk menjawab pertanyaan yang melibatkan dampak ekonomi pada peristiwa historis spesifik terhadap suatu m…

Bagian dari seri tentangBuddhisme SejarahPenyebaran Sejarah Garis waktu Sidang Buddhis Jalur Sutra Benua Asia Tenggara Asia Timur Asia Tengah Timur Tengah Dunia Barat Australia Oseania Amerika Eropa Afrika Populasi signifikan Tiongkok Thailand Jepang Myanmar Sri Lanka Vietnam Kamboja Korea Taiwan India Malaysia Laos Indonesia Amerika Serikat Singapura AliranTradisi Buddhisme prasektarian Aliran Buddhis awal Mahāsāṃghika Sthaviravāda Aliran arus utama Theravāda Mahāyāna Vajrayāna Konsens…

Yeremia 23Kitab Yeremia dalam Alkitab Ibrani, MS Sassoon 1053, foto 283-315.KitabKitab YeremiaKategoriNevi'imBagian Alkitab KristenPerjanjian LamaUrutan dalamKitab Kristen24← pasal 22 pasal 24 → Yeremia 23 (disingkat Yer 23) adalah bagian dari Kitab Yeremia dalam Alkitab Ibrani dan Perjanjian Lama di Alkitab Kristen. Berisi perkataan nabi Yeremia bin Hilkia, tentang Yehuda dan Yerusalem, yang hidup pada zaman raja Yosia, Yoahas, Yoyakim, Yoyakhin dan Zedekia dari Kerajaan Yehuda seki…

Pour les articles homonymes, voir AMC. Cet article est une ébauche concernant l’économie et la santé. Vous pouvez partager vos connaissances en l’améliorant (comment ?) selon les recommandations des projets correspondants. En France, l'assurance maladie complémentaire (AMC), ou complémentaire santé, est un système d'assurance maladie qui complète celui de la Sécurité sociale en intervenant sous forme d'un complément de remboursement des soins. La complémentaire santé est o…

Aksara Dewanagariदेवनागरी लिपिJenis aksara Abugida BahasaBeberapa bahasa di India, termasuk Sanskerta, Hindi, Marathi, Pahari (Garhwali dan Kumaoni), Nepal, Bhili, Konkani, Bhojpuri, Magahi, Kurukh, dan Sindhi. Kadang-kadang digunakan untuk menulis bahasa Sherpa dan Kashmiri. Dulu digunakan untuk menulis bahasa Gujarat.Periodesekitar 1200 M hingga sekarangDaerahIndia dan NepalArah penulisanKiri ke kananAksara terkaitSilsilahMenurut hipotesis hubungan antara abjad Aramea d…

Anne BancroftBancroft pada tahun 1952LahirAnna Maria Louisa Italiano(1931-09-17)17 September 1931The Bronx, New York, U.S.Meninggal6 Juni 2005(2005-06-06) (umur 73)New York City, New York, U.S.Sebab meninggalUterine cancerPekerjaanActressTahun aktif1951–2005Suami/istriMartin May ​ ​(m. 1953; c. 1957)​ Mel Brooks ​ ​(m. 1964; invalid reason 2005)​AnakMax Brooks (born 1972) Anne Bancrof…

Chemical compound LevonantradolClinical dataATC codenoneIdentifiers IUPAC name [(6S,6aR,9R,10aR)- 9-hydroxy- 6-methyl- 3-[(2R)-5-phenylpentan- 2-yl]oxy- 5,6,6a,7,8,9,10,10a-octahydrophenanthridin- 1-yl] acetate CAS Number71048-87-8 YPubChem CID5361881ChemSpider4514867 YUNII03S640ADSKCompTox Dashboard (EPA)DTXSID80221271 Chemical and physical dataFormulaC27H35NO4Molar mass437.580 g·mol−13D model (JSmol)Interactive image SMILES O=C(Oc2cc(O[C@H](C)CCCc1ccccc1)cc4c2[C@@H]3C[C@H](O)…

Litium bromida Nama Nama IUPAC Lithium bromide Penanda Nomor CAS 7550-35-8 Y Model 3D (JSmol) Gambar interaktif 3DMet {{{3DMet}}} ChemSpider 74049 Y Nomor EC PubChem CID 82050 Nomor RTECS {{{value}}} UNII 864G646I84 Y CompTox Dashboard (EPA) DTXSID20892222 InChI InChI=1S/BrH.Li/h1H;/q;+1/p-1 YKey: AMXOYNBUYSYVKV-UHFFFAOYSA-M YInChI=1/BrH.Li/h1H;/q;+1/p-1Key: AMXOYNBUYSYVKV-REWHXWOFAS SMILES [Li+].[Br-] Sifat Rumus kimia LiBr Massa molar 86,845(3) g/mol&#x…

Willemstad adalah ibu kota Curaçao, sebuah pulau di sebelah selatan Laut Karibia yang merupakan negara konstituen Kerajaan Belanda. Sebelumnya merupakan ibu kota Antillen Belanda sebelum pembubarannya pada tahun 2010. Penduduknya berjumlah sekitar 125.000 jiwa. Dengan arsitektur pusat kota yang unik dan pelabuhan yang indah, Willemstad ditetapkan sebagai Situs Warisan Dunia UNESCO.WillemstadWillemstad on CuraçaoWillemstadKoordinat: 12°7′N 68°56′W / 12.117°N 68.933°W…

Austrian footballer (born 1990) Christopher Wernitznig Personal informationDate of birth (1990-02-24) 24 February 1990 (age 34)Place of birth Villach, AustriaPosition(s) MidfielderTeam informationCurrent team Austria KlagenfurtNumber 24Senior career*Years Team Apps (Gls)2007–2008 Villacher SV 33 (5)2008–2009 SV Spittal 20 (1)2009–2010 Villacher SV 46 (20)2011–2014 Wacker Innsbruck 94 (16)2014–2022 Wolfsberger AC 231 (20)2022– Austria Klagenfurt 44 (1)International career‡2012 …

Questa voce o sezione sull'argomento nobili è ritenuta da controllare. Motivo: voce infarcita di particolari piccanti, per la maggior parte a livello di pettegolezzo e con gravi carenze di fonti: si ritiene, si dice anche, una voce asseriva... Partecipa alla discussione e/o correggi la voce. Questa voce o sezione sull'argomento nobili britannici non cita le fonti necessarie o quelle presenti sono insufficienti. Puoi migliorare questa voce aggiungendo citazioni da fonti attendibili sec…

2020年夏季奥林匹克运动会波兰代表團波兰国旗IOC編碼POLNOC波蘭奧林匹克委員會網站olimpijski.pl(英文)(波兰文)2020年夏季奥林匹克运动会(東京)2021年7月23日至8月8日(受2019冠状病毒病疫情影响推迟,但仍保留原定名称)運動員206參賽項目24个大项旗手开幕式:帕维尔·科热尼奥夫斯基(游泳)和马娅·沃什乔夫斯卡(自行车)[1]闭幕式:卡罗利娜·纳亚(皮划艇)[2…

Sebuah cabang Kedai Kopi Kong Djie di Jakarta. Kong Djie merupakan sebuah perusahaan Indonesia yang bergerak di bidang kuliner.[1] Produk utamanya adalah racikan minuman kopi khas Pulau Belitung.[2] Perusahaan yang awalnya dimulai dari sebuah kedai kopi kecil ini sekarang telah dijalankan secara waralaba.[3] Sampai tahun 2018, Kong Djie membuka lebih dari 200 cabang di Indonesia.[3] Sejarah Perusahaan ini dimulai sebagai kedai kopi di Kota Tanjung Pandan, Pulau Be…

Artikel ini sebatang kara, artinya tidak ada artikel lain yang memiliki pranala balik ke halaman ini.Bantulah menambah pranala ke artikel ini dari artikel yang berhubungan atau coba peralatan pencari pranala.Tag ini diberikan pada Februari 2023. Anopliomorpha rinconium Klasifikasi ilmiah Kerajaan: Animalia Filum: Arthropoda Kelas: Insecta Ordo: Coleoptera Famili: Cerambycidae Genus: Anopliomorpha Spesies: Anopliomorpha rinconium Anopliomorpha rinconium adalah spesies kumbang tanduk panjang yang …

Частина серії проФілософіяLeft to right: Plato, Kant, Nietzsche, Buddha, Confucius, AverroesПлатонКантНіцшеБуддаКонфуційАверроес Філософи Епістемологи Естетики Етики Логіки Метафізики Соціально-політичні філософи Традиції Аналітична Арістотелівська Африканська Близькосхідна іранська Буддійсь…

Kembali kehalaman sebelumnya