বুৰঞ্জীবিদ এম.জি.এছ. নাৰায়ণনৰ মতে, " চেৰা ৰজাই ইছলাম গ্ৰহণ কৰি মক্কালৈ যোৱা পৰম্পৰাক অস্বীকাৰ কৰাৰ কোনো কাৰণ নাই, কিয়নো ই কেৱল মুছলমান ইতিহাসতে নহয়, কেৰালোলপট্টিৰ দৰে হিন্দু চৰিত পুথিৰ ইতিহাসতো ই স্থান লাভ কৰিছে। এনে এক কাহিনী ৰচনা কৰাৰ আশা কৰাৰ প্ৰয়োজন নাই যি কোনো প্ৰকাৰে ব্ৰাহ্মণ বা হিন্দু জনগোষ্ঠীৰ সন্মান বৃদ্ধি নকৰে।" [9][10]
মছজিদৰ ইতিহাসে ইয়াক বহুতো স্থাপত্যৰ বিচিত্ৰতা প্ৰদান কৰিছে। যিহেতু এই স্থানত পূৰ্বতে পল বৌদ্ধ মঠ আছিল সেয়ে ১০০০ খ্ৰীষ্টাব্দত ইয়াৰ পুনৰ নিৰ্মাণ নোহোৱালৈকে ই কাবাৰ ফালে মুখ কৰাৰ পৰিৱৰ্তে পূবা দিশৰ ফালে আছিল। বৰ্তমান সময়তো মছজিদখনত বৌদ্ধ মটৰ কিছু অৱশিষ্ট অংশ অন্তৰ্ভুক্ত আছে। যেনে এটা পৰম্পৰাগত পুখুৰী আৰু এটা চাকি যি হাজাৰ বছৰ ধৰি জ্বলি আছিল বুলি বিশ্বাস কৰা হয়।[11] এই চাকিৰ তেল সকলো ধৰ্মৰ দৰ্শনাৰ্থী আৰু তীৰ্থযাত্ৰীয়ে ইয়ালৈ আনিছিল।
বিদ্যাৰ অৰ্থ হৈছে "জ্ঞান" আৰম্ভৰ অৰ্থ হৈছে "আৰম্ভণি।" এই ৰীতি সাধাৰণতে বিজয়া দশমীত অনুষ্ঠিত হয় পুৰোহিতৰ দৰে এজন বিদ্বান ব্যক্তিৰ তত্ত্বাৱধানত তেওঁলোকৰ সন্তানক শিকাবলৈ আৰম্ভ কৰাৰ এক হিন্দু পৰম্পৰা। চেৰামন মছজিদত এই অনুষ্ঠানটো মছজিদৰ মুছলিম ইমামে পৰিচালনা কৰে। এওঁ শিশুৰ জিভাত বালিত অঁকা বৰ্ণমালাৰ সন্ধান কৰে। ইয়াৰ দ্বাৰা শিক্ষাৰ দেৱী সৰস্বতীক আমন্ত্ৰণ জনোৱা হয়।
এভেনৰ নিযুক্তি
মালাপ্পুৰমৰ তনুৰৰ শোভাপাৰাম্বা শ্ৰীকুৰুম্বা ভাগৱতী মন্দিৰৰ এভেন বা মুখ্য পুৰোহিতক স্থানীয় মুছলমান পৰিয়াল পাজয়াকাথ পৰিয়ালৰ সদস্য হিচাপে নিযুক্ত কৰা হয়। মন্দিৰ ন্যাসৰ সভাপতি চেল্লিকাট্টিল সুন্দৰনৰ মতে, মন্দিৰৰ এভেন পৰম্পৰাগতভাৱে স্থানীয় থিয়া পৰিয়ালৰ এজন সদস্যই নিযুক্ত কৰিছিল। সেয়া হৈছে পাজয়াখাথ ইলোমৰ ব্ৰাহ্মণ পৰিয়াল। এই পৰিয়াল বহু বছৰধৰি বিভক্ত হৈ পৰিছিল আৰু ইয়াৰ বাকী সদস্যসকলে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল কিন্তু মন্দিৰ কৰ্তৃপক্ষ আৰু পৰিয়াল দুয়োটাই পৰম্পৰাটো বজাই ৰাখিছিল। মন্দিৰৰ হিন্দু পুৰোহিতক প্ৰতি ১২ বছৰত এবাৰকৈ এক বিশেষ ৰীতি-নীতিৰে নিযুক্ত কৰা হয়। পাজায়াকাথ পৰিয়ালৰ এজন মুছলমান সদস্যৰ সভাপতিত্বত এই প্ৰক্ৰিয়া অনুষ্ঠিত হয় আৰু তেওঁ নিযুক্তিৰ আনুষ্ঠানিক ঘোষণা কৰে। স্থানীয় লোকসকলে এই সৌহাৰ্দ্যক চেৰামন পেৰুমলৰ কৃতিত্ব বুলি জ্ঞান কৰে।[12]
↑Shokoohy, Mehrdad. Muslim Architecture of South India: The Sultanate of Ma'bar and the Traditions of the Maritime Settlers on the Malabar and Coromandel Coasts (Tamil Nadu, Kerala and Goa). RoutledgeCurzon, 2003. pp 139-42.
↑M. G. S., Narayanan (1996). Perumals of Kerala: Political and Social Conditions of Kerala Under the Cēra Perumals of Makotai (c. 800 A.D.-1124 A.D.). প্ৰকাশক Kerala (India): Xavier Press. পৃষ্ঠা. 65.