Share to: share facebook share twitter share wa share telegram print page

ছাংলট ফেন্‌লা

ছাংলট ফেন্‌লা  
লেখক পৰাগ কুমাৰ দাস
প্ৰচ্ছদ শিল্পী উৎপল তালুকদাৰ আৰু দীপাঙ্কৰ বৰা
দেশ ভাৰত
ভাষা অসমীয়া
বিষয় উপন্যাস
প্ৰকাৰ সামাজিক উপন্যাস
প্ৰকাশক প্ৰাঞ্জল কুমাৰ মহন্ত,আলিবাট প্ৰকাশন,কাহিলীপাৰা,কল্যাণী সাগৰ পথ,গুৱাহাটী-১৯
প্ৰকাশ ডিচেম্বৰ,২০১৩
আই.এচ.বি.এন. 978-9381-069-8-37

ছাংলট ফেন্‌লা হৈছে লেখক-সাংবাদিক পৰাগ কুমাৰ দাসৰ এখন বহুপঠিত উপন্যাস। উপন্যাসখনৰ যোগেদি লেখকে অসমৰ এটা নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনৰ উত্থান আৰু অৱক্ষয়ৰ বিভিন্ন দিশ সম্পৰ্কে বৰ্ণনা কৰিছে।

লেখকৰ পৰিচয়

পৰাগ কুমাৰ দাস (জন্ম: ২৪ ফেব্ৰুৱাৰী, ১৯৬১ - মৃত্যু: ১৭ মে, ১৯৯৬) আছিল অসমৰ সংবাদপত্ৰ অসমীয়া প্ৰতিদিনৰ ভূতপূৰ্ব সম্পাদক, সাংবাদিক, মানৱ অধিকাৰ কৰ্মী আৰু অসমত মানৱ অধিকাৰ সংগ্ৰামৰ এজন আগৰণুৱা। পৰাগ কুমাৰ দাসে দিল্লীৰ ছেইণ্ট ষ্টিফেন্‌চ মহাবিদ্যালয় আৰু দিল্লী অৰ্থনীতি বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ "মানৱ অধিকাৰ সংগ্ৰাম সমিতি" (MASS)ৰো প্ৰতিষ্ঠাপক নেতা আছিল। তাৰ আগতে তেওঁ "গুৱাহাটী ষ্টক এক্সচেঞ্জ"ত প্ৰবন্ধক হিচাপে কাম কৰিছিল।

১৯৯৬ চনত ছালফাই তেওঁক হত্যা কৰে।

প্ৰকাশ

এই উপন্যাসখন প্ৰথমে উদাংশ্ৰী প্ৰকাশনৰ পৰা ১৯৯৩ চনৰ জানুৱাৰী মাহত প্ৰকাশ হৈ ওলায়। এই প্ৰকাশনৰ পৰা উপন্যাসখনৰ চতুৰ্থ সংস্কৰণ ১৯৯৭ চনৰ জুলাইত প্ৰকাশ পায়। ‌‌‌[1] ইয়াৰ পাছত ২০১৩ চনৰ ডিচেম্বৰত আলিবাট প্ৰকাশনৰ হৈ প্ৰাঞ্জল কুমাৰ মহন্তই কিতাপখন প্ৰকাশ কৰি উলিয়ায়।

কাহিনীৰ সাৰাংশ

তথ্যসূত্ৰ

  1. দাস, পৰাগ কুমাৰ. ছাংলট ফেনলা. প্ৰকাশক গুৱাহাটী: প্ৰাঞ্জল কুমাৰ মহন্ত. ISBN 978-9381-069-8-37. 
Kembali kehalaman sebelumnya