Share to: share facebook share twitter share wa share telegram print page

জাংফাই জোনাক

জাংফাই জোনাক
'Jangfai Jonak'
পৰিচালক সঞ্জীৱ সভাপণ্ডিত
চিত্ৰনাট্য সঞ্জীৱ সভাপণ্ডিত
প্ৰযোজক উৎপল কুমাৰ দাস
চিত্ৰগ্ৰহণকাৰী পৰাশৰ বৰুৱা
সম্পাদনা ৰাতুল ডেকা, সৌৰভ দত্ত
সংগীত পৰিচালক অনিৰুদ্ধ বৰুৱা
মুক্তি
১৩ জানুৱাৰী, ২০১২
দৈৰ্ঘ্য
৮৫ মিনিট
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

জাংফাই জোনাক - From the shadow of silence হৈছে ২০১২ চনৰ ১৩ জানুৱাৰী তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। উৎপল কুমাৰ দাসে প্ৰযোজনা কৰা বোলছবিখন পৰিচালনা কৰে সঞ্জীৱ সভাপণ্ডিতে। ৪২তম ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, গোৱাৰ ভাৰতীয় পেনোৰামা শিতানলৈ নিৰ্বাচিত হোৱা এইখন একমাত্ৰ অসমীয়া চলচ্চিত্ৰ।[1] তৃতীয় গুৱাহাটী আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱতো চলচ্চিত্ৰখন প্ৰদৰ্শিত হয়।[2]

কাহিনী

কাহিনীৰ আধাৰ হ’ল অসমীয়া সমাজত প্ৰচলিত অন্ধবিশ্বাস আৰু তাৰ কুপ্ৰভাৱ, তাকে চলচ্চিত্ৰকাৰে দুটা সমসাময়িক কাহিনীৰ মাজেৰে উপস্থাপন কৰিছে। এটা কাহিনীত আছে এজন সৰল কিশোৰ যি অনিচ্ছাস্বত্বেও সমাজৰপৰা বাবা (ভগৱান) বুলি স্বীকৃতি লাভ কৰে, আৰু আনটো কাহিনীত আছে এগৰাকী নিৰ্দোষী কিশোৰী যাক স্বাৰ্থলোভী জ্যোতিষী আৰু এজন অসাধু লোকে মিলি অভিসন্ধি কৰি ৰাইজৰ অন্ধবিশ্বাসৰ সুযোগ লৈ ডাইনী আখ্যা দি নৃশংসভাৱে হত্যা কৰে।[3]

চিত্ৰগ্ৰহণ

হাই ডেফিনিছন ছ’নী ভিডিঅ’ কেমেৰাৰে ছবিখনৰ চিত্ৰগ্ৰহণ কৰা হয়। হাই ডেফিনিছন কেমেৰাৰে চিত্ৰগ্ৰহন কৰা এইখনেই প্ৰথম অসমীয়া চলচ্চিত্ৰ[4]

ৰাইজৰ সঁহাৰি

চলচ্চিত্ৰ সমালোচকে চলচ্চিত্ৰখনৰ ভূয়সী প্ৰশংসা কৰে আৰু বহুতো বোলছবি মহোৎসৱত চলচ্চিত্ৰখন প্ৰদৰ্শিত হয়।[3]

কলা-কুশলী

  • প্ৰযোজক – উৎপল কুমাৰ দাস
  • পৰিচালনা/চিত্ৰনাট্য – সঞ্জীৱ সভাপণ্ডিত
  • চিত্ৰগ্ৰহণকাৰী – পৰাশৰ বৰুৱা
  • সংগীত – অনিৰুদ্ধ বৰুৱা
  • সম্পাদনা – ৰাতুল ডেকা, সৌৰভ দত্ত
  • কলা নিৰ্দেশনা – অনুপ হাজৰিকা
  • ডি. আই. কালাৰিষ্ট – ৰজত শেঠ
  • মেক আপ – পৰাণ শৰ্মা
  • প্ৰযোজনা ব্যৱস্থাপক – দিগন্ত কলিতা, পংকজ কলিতা
  • ছাউণ্ড ৰেকৰ্ডিষ্ট – দেবজিত গায়ন
  • ভইচ ৰেকৰ্ডিষ্ট – যতীন শৰ্মা (ফিল্মক্ৰাফ্ট)
  • ফাইনেল মিক্স – দেবজিত চাংমাই, ৰাজকমল কলামন্দিৰ (মুম্বাই)

সন্মান

  • ৪২তম ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, গোৱাৰ ভাৰতীয় পেনোৰামা শিতানলৈ নিৰ্বাচিত, ২০১১উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ;

সমলবিহীন refসমূহৰ অৱশ্যেই এটা নাম থাকিব লাগিব।

তথ্য সংগ্ৰহ

Kembali kehalaman sebelumnya