জ্যোৎস্না শ্ৰীকান্ত (ইংৰাজী: Jyotsna Srikanth) এগৰাকী ভাৰতীয় বেহালা বাদক আৰু সুৰকাৰ, কৰ্ণাটকী সংগীত আৰু পাশ্চাত্য শাস্ত্ৰীয় সংগীতৰ এগৰাকী পৰিৱেশক।
প্ৰাৰম্ভিক জীৱন
জ্যোৎস্না শ্ৰীকান্ত ভাৰতৰ বেংগালুৰুৰ এক অন্ধ্ৰ সংগীত পৰিবাৰত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ মাতৃ ৰত্না শ্ৰীকান্তাইয়া এগৰাকী কৰ্ণাটকী সংগীতশিল্পী আৰু শিক্ষয়িত্ৰী।[1]
সংগীত জীৱন
প্ৰশিক্ষণ
জ্যোৎস্না শ্ৰীকান্তে তেওঁৰ মাকৰ পৰা পাঁচ বছৰ বয়সতে কৰ্ণাটিক সংগীতৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিল।[2] এই প্ৰশিক্ষণটো খুব কঠোৰ আছিল, তেওঁ প্ৰতিদিনে ছয় ঘণ্টাকৈ অনুশীলন কৰিছিল আৰু উৎসৱৰ সময়ত সংগীতানুষ্ঠানৰ উপস্থিতি হৈছিল।[1]
তেওঁ ছয় বছৰ বয়সত কুনাকুডি বৈদ্যনাথনৰ এক বেহেলা প্ৰদৰ্শনত অংশগ্ৰহণ কৰিছিল, যাৰ পিছতে তেওঁ এই বাদ্যযন্ত্ৰটোৰ প্ৰতি খুব আগ্ৰহী হৈ পৰে।[3] তেওঁ ধ্ৰুপদী ভাৰতীয় বেহেলাৰ ডোয়েন আৰ আৰ কেশৱমূৰ্তিৰ অধীনত প্ৰশিক্ষণ আৰম্ভ কৰিছিল। তেওঁ ৯বছৰ বয়সত প্ৰথম একক কনচাৰ্ট কৰে।[4][1]
জ্যোৎস্না সম্পূৰ্ণ বেহালাবাদক হোৱাৰ উদ্দেশ্যেৰে পাশ্চাত্য ধ্ৰুপদী ঠাঁচৰ বেহেলা শিকাৰ প্ৰয়োজনীয়তা বোধ কৰি তেওঁ বেংগালুৰু স্কুল অৱ মিউজিকত প্ৰশিক্ষণ আৰম্ভ কৰিছিল। আৰু উন্নত প্ৰশিক্ষণৰ বাবে তেওঁ একক বেহেলাবাদক ভি এছ নৰসিংহনৰ সৈতে শিকিবলৈ চেন্নাইলৈ গৈছিল। নৰসিংহই বিখ্যাত ভাৰতীয় সুৰকাৰ ইলাইয়াৰাজাৰ সৈতে কাম কৰিছিল।[2] জ্যোৎস্না লণ্ডনৰ ৰয়েল স্কুল অৱ মিউজিকৰ পৰা তেওঁ গ্ৰেডিং অৰ্জন কৰিছিল।[4]
পেচা
হামসালেখা আৰু ইলাইয়াৰাজাৰ দৰে চলচ্চিত্ৰ সুৰকাৰসকলৰ পৰিচালনাত বেহেলা বজাই জ্যোৎস্না প্ৰথম চলচ্চিত্ৰ সংগীতত আহিছিল।[2] তেওঁৰ হিচাপত, তেওঁ প্ৰায় দুই শতাধিক দক্ষিণ ভাৰতীয় ছবিত বেহেলা বজাইছে।[3]
বিবাহৰ পিছত তেওঁ লণ্ডনলৈ যায়। তাত তেওঁ সংগীত বিষয়ক কামবোৰ বঢ়াই নিয়ে। তথ্যচিত্ৰ (ডিস্কভাৰী আৰু নেশ্যনেল জীয়গ্ৰাফিক চেনেলত), দূৰদৰ্শন ধাৰাবাহিকত অংশগ্ৰহণ কৰাৰ লগতে, বিশ্ব সংগীতৰ বিভিন্ন সূচী যেনে ওমেড (বিশ্ব সংগীত, শিল্প আৰু নৃত্য), ৰেড ভায়োলিন ফেচটিভেল, ক্লিভলেণ্ড সংগীত উৎসৱ আৰু বিবিচি প্ৰমচ অনুষ্ঠান আদিত অংশগ্ৰহণ কৰে।[3]
জ্যোৎস্না জাজ আৰু একীভূত সঙ্গীতও (ফিউশ্যন) সম্পাদন কৰে আৰু ফিউশ্যন ড্ৰিমচ নামৰ এটি দল স্থাপন কৰে।[2] তেওঁ শাস্ত্ৰীয় গিটাৰবাদক সিমন থাকেৰ আৰু ফ্লামেনকো/জাজ গিটাৰিষ্ট এডুয়াৰ্ডো নিবলাৰ[3] লগতে ফাদো চাক্সোফোনিষ্ট ৰাও কিয়াওৰ লগতো কাম কৰে।
জ্যোৎস্না কেমব্ৰিজ বিশ্ববিদ্যালয় আৰু লিভাৰপুল বিশ্ববিদ্যালয়ত ভাৰতীয় আৰু পাশ্চাত্য ধ্ৰুপদী বেহালাৰ মাজৰ এক তুলনামূলক বক্তৃতা দিছিল।[4]
তেওঁ উঠি অহা ভাৰতীয় শিল্পীসকলৰ যুক্তৰাজ্যত অনুষ্ঠান কৰাত সহায়তা হোৱাকৈ ধ্ৰুৱ নামৰ এটি সংস্থা প্ৰতিষ্ঠা কৰিছিল,[4] লগতে দানৰ বাবে পুঁজি সংগ্ৰহ কৰাৰ বাবেও কাম কৰিছিল।[5]
২০১২ চনত, তেওঁ লণ্ডন আন্তঃৰ্জাতিক কলা উৎসৱ (London International Arts Festival) -ৰ আয়োজন কৰে। তাত কৰ্ণাটকী, ফিউশ্যন, লোক আৰু বলকান সংগীত অনুষ্ঠানৰ আয়োজনৰ লগতে চিপ্ৰাচ আৰু ভাৰতীয় নৃত্য পৰিৱেশনৰ অনুষ্ঠানবোৰো আয়োজন কৰিছিল।[1]
জ্যোৎস্না তেওঁৰ কৰ্ণাটকী সঙ্গীত জীৱনত একক কণ্ঠশিল্পী হিচাবে গান গাইছিল। সহযোগী হিচাপে তেওঁ যিসকলৰ লগত কাম কৰিছিল তাৰ ভিতৰত আছিল ডা° এম বালমুৰালিকৃষ্ণ,[6] কাদ্ৰি গোপালনাথ,[7] চিত্ৰবীণা ৰবিকিৰণ, ৰঞ্জনী-গায়ত্ৰী, সুধা ৰঘুনাথন, জয়ন্তী কুমাৰেশ, সঞ্জয় সুব্ৰহ্মণীয়াম, নিত্যশ্ৰী মহাদেৱন, আৰ. কে. শ্ৰীকান্তন আৰু অৰুণা সায়ৰাম।[8]
শ্ৰীকান্ত নিম্নলিখিত ভাৰতীয় সুৰকাৰসকলৰ মাজৰ বিশেষজ্ঞ: ত্যাগৰাজ, পুৰন্দৰ দাসাৰু, পাপানাসাম সিভান, অন্নমাচাৰ্য্য, মুথুস্বামী দিক্ষিতাৰ, শ্যামা শাস্ত্ৰী আৰু মহীশূৰ বাশুদেবাচৰ। জ্যোৎস্না লণ্ডন আন্তঃৰ্জাতিক আৰ্টচ উৎসৱৰ আয়োজক আৰু তেওঁ যুক্তৰাজ্যৰ ধ্ৰুৱ আৰ্টচ (Dhruv Arts) -ৰ শৈল্পিক পৰিচালক।
প্ৰশংসা
তেওঁৰ বেহেলা বজোৱা আৰু সংগীত শৈলীক "আশ্চৰ্যজনক" বুলি উল্লেখ কৰা হৈছে।[9]
২০০৮ চনত তেওঁ লণ্ডনৰ ট্ৰিনিটি কলেজ অৱ মিউজিকৰ পৰা কৰ্ণাটকী সংগীতত ফেলোশ্বিপ পাইছিল।[3]
ব্যক্তিগত জীৱন
জ্যোৎস্না এগৰাকী অনুশীলনকাৰী ৰোগ বিশেষজ্ঞ, তেওঁ ভাৰতৰ বেংগালুৰু মেডিকেল কলেজৰ পৰা ক্লিনিকেল পথল’জিতত এমবিবিএছ আৰু স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিছিল। তেওঁ ভি শ্ৰীকান্ত শৰ্মাৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়, সিহঁতৰ দুটি সন্তান আছে আৰু সিহঁত লণ্ডনত থাকে।
ডিস্কগ্ৰাফী
- কৰ্ণাটিক লাউঞ্জ, টাইমচ মিউজিক, ২০১১
- চেণ্টচ ফৰ চিলড্ৰেন, থিম মিউজিক, ২০১১
- কৰ্ণাটিক জাজ, স্বাথী সংস্কৃতি, ২০১১
- আলাইপায়ুদ, চিডি বেবি, ২০১০
- ফিউশ্যন ড্ৰিমচ, চিডি বেবি, ২০০৮
- ইনচাইট, ফাউণ্টেইন মিউজিক, ২০০৮
- লাইফ, আৰ্থনবিট, ২০০৭
- কৰ্নাটিক সংযোগ, ২০১৬
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ