দ্য টেলছ অফ বিডল দ্য বাৰ্ড
দ্য টেলছ অফ বিডল দ্য বাৰ্ড (ইংৰাজী: The Tales of Beedle the Bard) শিশু তথা কিশোৰসকলৰ বাবে লিখা এখন সাধুকথাৰ কিতাপ। জে. কে. ৰাউলিঙে লিখা এই কিতাপখনৰ প্ৰকাশক চিলড্ৰেনছ হাই লেভেল গ্ৰুপ (Children's High Level Group)।[2][3][4] প্ৰথমতে ২০০৭ চনৰ ১৩ ডিচেম্বৰত গ্ৰন্থখনৰ হাতেলিখা সাতটা কপি নীলাম কৰা হৈছিল। ইয়াৰ পৰা হোৱা লাভ লণ্ডনৰ দ্য চিল্ড্ৰেনছ ভইছ নামৰ শিশুৰ এক হিতাকাংক্ষী স্বেস্ছাসেৱী অনুষ্ঠানৰ উদ্দেশ্যে দান কৰা হয়।[5] পিছত ২০০৮ চনৰ ৩১ জুলাইত লণ্ডনৰ ব্লুমছবেৰী পাব্লিছিং হাউচৰ বেনাৰত ইয়াক ছপা আকাৰ দিয়া হয়। সাধুসমূহগ্ৰন্থখনত মুঠতে পাঁচটা সাধু আছে। এইকেইটা হৈছে-
দ্য ৱিজাৰ্ড এণ্ড দ্য হ'পিং পট্
দ্য ফাউণ্টেইন অফ ফেয়াৰ ফৰচুনএটা পাহাৰৰ টিঙত এখন যাদুকৰী বাগিচা আছিল। বাগিছাখনৰ চাৰিওফালে সুউচ্চ দেৱালেৰে ঘেৰা আছিল। তদুপৰি ইয়াক যাদুৰদ্বাৰা সুৰক্ষিত কৰি ৰখা হৈছিল। সেই বাগিছাখনৰ ভিতৰতেই এটা নিজৰা আছিল, সৌভাগ্যৰ নিজৰা। বছৰৰ আটাইতকৈ দীঘল দিনটোত এজন মাত্ৰ দুৰ্ভাগ্যৱান লোকে নিজৰাটোত স্নান কৰি নিজৰ দুৰ্ভাগ্য উটুৱাই দি চিৰকালৰ বাবে সৌভাগ্যৱান হোৱাৰ সুযোগ লাভ কৰিছিল। এবাৰ বছৰটোৰ সেই বিশেষ দিনটোত নিজৰাটোত স্নান কৰিবলৈ পোৱাৰ আশাত পোহৰ নৌহওঁতেই দেশ-বিদেশৰ অসংখ্য লোক আহি বাগিছাৰ দেৱালৰ কাষ পালে। ইয়াৰ মাজত ডেকা-বুঢ়া, মতা-তিৰোতা, সাধাৰণ মানুহ-যাদুকৰ সকলোধৰণৰ লোক আহিছিল। মানুহবোৰৰ মাজত তিনিগৰাকী যাদুকৰীও আছিল। তেওঁলোক লগ হৈ নিজৰ নিজৰ দুৰ্ভাগ্যৰ কথা আলচিবলৈ লাগিল। প্ৰথমগৰাকীৰ নাম আছিল আশা (Asha)। তেওঁ দুৰাৰোগ্য ৰোগত ভুগিছিল আৰু ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈকে নিজৰাটোলৈ আহিছিল। দ্বিতীয়গৰাকীৰ নাম আছিল আল্থেডা (Altheda)। তেওঁৰ সকলোবোৰ ধন-সোণ আৰু যাদুকাঠী দুষ্ট যাদুকৰ এটাই চুৰ কৰি নিছিল। তেওঁ নিজৰ দৰিদ্ৰতা নিবাৰণ আৰু যাদুশক্তি পুনৰ ঘূৰাই পাবলৈ তালৈ আহিছিল। তৃতীয়গৰাকীৰ নাম আছিল অমাতা (Amata)। তেওঁক তেওঁৰ প্ৰেমিকে এৰি গৈছিল। এই দুখৰ পৰিত্ৰাণ বিচাৰি তেওঁ বাগিছালৈ আহিছিল। পৰস্পৰ সহানুভূতিৰ তিনিওগৰাকীয়ে থিৰাং কৰিলে যে তেওঁলোকে সৌভাগ্যৰ নিজৰাটো গৈ পাবলৈ পৰস্পৰক সহায় কৰিব। ৰ'দৰ প্ৰথমজাক ৰেঙনিৰ লগে লগে বাগিছাৰ দেৱালত এটা বাটৰ সৃষ্টি হ'ল। ভিৰৰ মাজৰপৰাই বাগিছাৰ লতাই আশাত মেৰিয়াই ধৰি ভিতৰলৈ টানি নিলে। লৰালৰিকৈ আশাই আল্থেডাৰ আৰু আল্থেডাই অমাতাৰ কাপোৰত টানকৈ ধৰিলে। অমাতাৰ গাৰ কাপোৰত বৰ্ম লাগি ধৰি এজন অশ্বাৰোহী সৈনিকো বাগিছাৰ ভিতৰ সোমাল। পিছমুহূৰ্ত্ততে বাটটো পুনৰ বন্ধ হৈ থাকিল। সৈনিকজনৰ প্ৰতি তিনিও ৰুষ্ট হ'ল যদিও চাৰিও একেলগে আগুৱাবলৈ ঠিক কৰিলে। পাহাৰৰ নামনিতে এক পোকসদৃশ চকুহীন শুকুলা দৈত্যৰ সৈতে তেওঁলোকৰ ভেঁটাভেটি হ'ল। দৈত্যটোৱে ক'লে,"মোক তহঁতৰ যন্ত্ৰণাৰ প্ৰমাণ দে। " (give me the proof of your pain) সেনিকজনে তৰোৱালেৰ দৈত্যক আক্ৰমণ কৰিলে যদিও তৰোৱালখনহে দুটুকুৰা হ'ল। ইফালেদি বেলি দুপৰ হ'ল। তিনিওগৰাকী যাদুকৰীয়ে সকলোধৰণে যাদু কৰিও দৈত্যটো অতিক্ৰম কৰিব নোৱাৰাত আশা ভাগি পৰিল আৰু উচুপিবলৈ ধৰিলে। পিছে তেওঁৰ চকুপানী ওলোৱাৰ দৈত্যই এইখিনি শুহি পেলালে আৰু বাট এৰি দিলে। উৎফুল্ল হৈ তেওঁলোক আগবাঢ়ি গ'ল আৰু পাহাৰৰ মাজভাগতে এটা শিল পালে। তাত লিখা আছিল, "মোক তহঁতৰ কষ্টৰ ফল দে। " (give me the fruit of your labour) সৈনিকজনে তেওঁৰ হাতত থকা একমাত্ৰ মুদ্ৰাটো শিলটোত থ'লে। পিছে ই বাগৰি পৰি হেৰাই থাকিল। তেওঁলোকে বহুদেৰী খোজ কাঢ়িও অলপো আগুৱাব নোৱাৰিলে। আল্থেডাই হাৰ নামানি বাকীকেইজনকো উৎসাহ যোগাই থাকিল। বেলি লহিয়াবলৈ ল'লে। তেনেতে আল্থেডাৰ কপালৰ ঘাম মাটিত পৰিল। লগে লগে তেওঁলোকৰ প্ৰতিবন্ধক আঁতৰ হ'ল। পুনৰবাৰ উৎফুল্ল হৈ তেওঁলোক আগুৱাই গ'ল আৰু অৱশেষত সৌভাগ্যৰ নিজৰাৰ নিচেই কাষ চাপিল। কিন্তু পাহাৰৰ টিঙটো ঘেৰি থকা পানীৰ এক সুঁতি তেওঁলোকৰ প্ৰতিবন্ধকৰূপে থিয় হ'ল। পানীৰ তলত শিল এটাত লিখা আছিল,"মোক তহঁতৰ অতীতৰ সঞ্চয় দে। " (give me the treasure of your past) সৈনিকজনে নিজৰ ঢালখনত উঠি সুঁতিটো পাৰ কৰিবলৈ চেষ্টা কৰিলে। কিন্তু ই পানীত ডুবি গ'ল। অমাতাই শিলটোত লিখা কথাষাৰৰ প্ৰকৃত অৰ্থ অনুধাৱন কৰিলে। তেওঁ যাদুকাঠীৰে তেওঁক এৰি যোৱা প্ৰেমিকৰ সৈতে কটোৱা সুখকৰ মুহূৰ্ত্তৰ আটাইবোৰ স্মৃতি পানীত উটুৱাই দিলে। লগে লগে তেওঁলোকৰ বাট মুকলি হ'ল। তেওঁলোক নিজৰাৰ কাষত থিয় হৈ তেওঁলোকৰ ভিতৰত কোনজনে তাত স্নান কৰিব তাক আলোচনা কৰোঁতে ৰুগীয়া আশা দিনটোৰ ভাগৰত মাটিত বাগৰি পৰি মৃতপ্ৰায় হ'ল। বাকী তিনিজনে তেওঁকে দাঙকোলাকৈ নি গা ধুৱাই দিবলৈ ওলাল। কিন্তু আশাই বাকীকেইজনক তেওঁক স্পৰ্শ নকৰিবলৈ কাতৰাই ক'লে। তাকে দেখি আল্থেডাই ওচৰে-পাজৰে থকা বনৌষধি খুন্দি তাৰ ৰস আশাৰ ওঁঠত বাকি দিলে। আচৰিত ধৰণে কিছুসময়ৰ পিছতে আশা সুস্থ হৈ উঠিল। তেওঁক ৰোগে এৰা দিলে। তেওঁ বাকীকেইজনক স্নান কৰিবলৈ অনুৰোধ কৰি ক'লে যে তেওঁক আৰু নিজৰাৰ প্ৰয়োজন নাই। পিছে আল্থেডা বনৌষধি গছবোৰ গোটোৱাত ব্যস্ত হৈ পৰিল। তেওঁ অমাতা আৰু সৈনিকৰ কোনো এজনক স্নান কৰিবলৈ কৈ ক'লে যে তেওঁ আশাৰ ৰোগ ভাল কৰিব পাৰিলে যেতিয়া আনৰো পাৰিব আৰু এনেদৰেই পুনৰ উপাৰ্জন কৰিব পাৰিব। আনহাতে অমাতাই ক'লে যে তেওঁৰ মনত এতিয়া কোনো দুখ নাই কাৰণ তেওঁ তেওঁৰ পুৰণি স্মৃতিবোৰ ইতিমধ্যে পানীত উটুৱাই দিছে। গতিকে সৈনিকজনে স্নান কৰক। সূৰ্যৰ শেষ কিৰণত নিজকে দুৰ্ভাগ্যৱান বুলি ভবা সৈনিকজনে সৌভাগ্যৰ নিজৰাত গা ধুলে আৰু উঠি আহি অমাতাক তেওঁৰ হৃদয় নিবেদন কৰিলে। অমাতায়ো তেওঁৰ প্ৰস্তাৱ আনন্দেৰে গ্ৰহণ কৰিলে। দিনান্তত চাৰিও ঘৰমুৱা হ'ল আৰু বাকীছোৱা কাল সুখেৰে কটালে। কিন্তু তেওঁলোকৰ কোনো এজনেই কেতিয়াও উপলব্ধি নকৰিলে যে তথাকথিত সৌভাগ্যৰ নিজৰাত কোনোধৰণৰ যাদুকৰী গুণ নাছিল। দ্য ৱাৰলকছ হেয়াৰী হাৰ্ট
বেবিটি ৰেবিটি এণ্ড হাৰ কেক্লিং ষ্টাম্প
দ্য টেল অফ দ্য থ্ৰি ব্ৰাদাৰ্ছএবাৰ তিনিজন ভাই-ককাই জোনাক ৰাতি নিৰ্জন বাট এটাৰে গৈ আছিল। আদবাটতে তেওঁলোকে এখন বৰ দ আৰু ভয়ানক নদী পালে। তিনিওজন ভাই-ককাই দক্ষ যাদুকৰ আছিল। তেওঁলোকে যাদুৰে এখন দলং সাজি পাৰ হ'বলৈ ধৰিলে। দলঙৰ সোঁমাজতে তেওঁলোকে স্বয়ং মৃত্যুক লগ পালে। তেওঁলোকে জীৱন্তে নদী পাৰ হোৱা দেখি মৃত্যু ৰুষ্ট হৈছিল। কপট ভাৱ লুকুৱাই তেওঁ তিনিওঁজন ভাতৃকে অভিনন্দন জনালে আৰু তেওঁলোকৰ যাদুবিদ্যাত আপ্লুত হোৱা যেন দেখুৱাই প্ৰত্যেককে একোটাকৈ উপহাৰ দিব খুজিলে। জ্যেষ্ঠ ভাতৃয়ে আটাইতকৈ শক্তিশালী এক যাদুদণ্ড বিচাৰিলে যি সদায় দ্বন্দ্ব্বযুদ্ধত ইয়াৰ গৰাকীৰ বিজয় সাব্যস্ত কৰিবলৈ সক্ষম। তেতিয়া মৃত্যুয়ে তাৎক্ষণিকভাৱে তেনে এডাল যাদুদণ্ড (Elder Wand) সাজি জ্যেষ্ঠ ভাতৃজনক দিলে। দ্বিতীয়জন ভাতৃয়ে মৃত লোকক ঘূৰাই আনিব পৰা শক্তি বিচাৰিলে। মৃত্যুৱে তেওঁক এটা সঞ্জীৱনী বাখৰ (Resurrection Stone) উপহাৰ দিলে। কনিষ্ঠ ভাতৃজনে কিন্তু মৃত্যুক তিলমানো বিশ্বাসত লোৱা নাছিল। সেয়ে তেওঁ মৃত্যুৰপৰা এনে কোনো বস্তু বিচাৰিলে যি তেওঁক মৃত্যুয়ে অনুসৰণ কৰিব নোৱাৰাকৈ সেই ঠাইৰ পৰা যোৱাত সহায় কৰে। তেতিয়া মৃত্যুৱে অনিচ্ছাকৃতভাৱে তেওঁৰ নিজৰ অদৃশ্য সাজযোৰ (Cloak of Invisibility) কনিষ্ঠ ভাতৃজনক দিলে। নদী পাৰ হৈয়েই তিনিওজন ভাতৃ তিনিভাগ হৈ নিজ নিজ গন্তব্যস্থললৈ ৰাওনা হ'ল। জ্যেষ্ঠ ভাতৃজন গৈ এখন গাঁৱত উপস্থিত হ'ল। তাতেই কিবা কথাত মনোমালিন্য ঘটাত আন এজন যাদুকৰৰে তেওঁ যুঁজত অৱতীৰ্ণ হ'ল আৰু মৃত্যুৱে দিয়া যাদুদণ্ডৰ তেওঁৰ প্ৰতিদ্বন্দ্ব্বীক হত্যা কৰিলে। ইয়াৰ পিছত উৎফুল্ল মনেৰে তেওঁ এখন চৰাইখানাত সকলোৰে আগত মৃত্যুৰ এই উপহাৰৰ কথা গৌৰৱেৰে ঘোষণা কৰিলে। পিছে সেই ৰাতিয়েই আন এজন যাদুকৰে তেওঁক নিদ্ৰিত অৱস্থাতে হত্যা কৰি যাদুদণ্ডডাল চুৰ কৰি নিয়ে। এনেকৈয়ে মৃত্যুৱে প্ৰথম ভাতৃজনক নিজৰ কবললৈ আনে। দ্বিতীয়জন ভাতৃ পোনেই নিজ ঘৰলৈ যায় আৰু সঞ্জীৱনী বাখৰটোৰ সহায়ত তেওঁৰ মৃত প্ৰেমিকাক আহ্বান কৰে। সঁচাকৈয়ে শৰীৰহীন ৰূপত মৃত প্ৰেমিকাৰ আবিৰ্ভাৱ ঘটে। তেওঁক তেনে অৱস্থাত দেখি ভাতৃজন উন্মাদপ্ৰায় হয় আৰু প্ৰকৃতাৰ্থত প্ৰেমিকাৰ কাষ চাপিবলৈ তেওঁ আত্মহত্যা কৰে। এনেদৰে মৃত্যুয়ে তেওঁকো বশীভূত কৰে। কনিষ্ঠ ভাতৃজনক মৃত্যুয়ে বহুবছৰ চলাথ কৰিও বিচাৰি নাপায়। অৱশেষত বৃদ্ধ বয়স পোৱাত কনিষ্ঠ ভাতৃজনে অদৃশ্য সাজযোৰ সোলোকাই নিজ পুত্ৰক দিয়ে আৰু হাঁহিমুখে মৃত্যুক আঁকোৱালি লয়। হেৰী পটাৰ গ্ৰন্থ শৃংখলাৰে সম্পৰ্কৰাউলিঙে হেৰী পটাৰ গ্ৰন্থ শৃংখলাৰ সৈতে দ্য টেলছ অফ বিডল দ্য বাৰ্ডৰ পোনপটীয়া সম্পৰ্ক স্থাপন কৰিছে। শৃংখলাটোৰ সপ্তম তথা অন্তিমখন গ্ৰন্থ হেৰী পটাৰ এণ্ড দ্য ডেথ্লী হেল'জত ই গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। তাত এই গ্ৰন্থখন এলবাছ ডাম্বলডোৰে উইলপত্ৰযোগে হাৰমাইনি গ্ৰেইঞ্জাৰক দিয়ে।[7] ইয়াৰে 'দ্য টেল অফ দ্য থ্ৰি ব্ৰাদাৰ্ছ' নামৰ সাধুটোত মৃত্যুৰ তিনিটা উপহাৰৰ (Hallows) কথা উল্লেখ আছে। পিছত কুইব্লাৰ (Quibbler) আলোচনীৰ সম্পাদক জেন'ফিলিয়াছ লাভগুডৰপৰা (Xenophilius Lovegood) হেৰীহঁতে জানিব পাৰে যে এই তিনিটা যাদুকৰী উপহাৰ সঁচাকৈয়ে আছে।[8] ইয়াতে কাহিনীয়ে ন-ৰূপ লৈছে। তথ্য সংগ্ৰহ
|