Share to: share facebook share twitter share wa share telegram print page

পীয়ূষ মিশ্ৰ


পীয়ূষ মিশ্ৰ

পৰিবেশনৰ মুহূৰ্তত পীয়ূষ মিশ্ৰ
জন্ম ১৩ জানুৱাৰী, ১৯৬৩ (৬১ বছৰ)
গোৱালিয়ৰ, মধ্যপ্ৰদেশ, ভাৰত
শিক্ষানুষ্ঠান ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়
পেচা অভিনেতা, চিত্ৰনাট্যকাৰ, গীতিকাৰ, কণ্ঠশিল্পী, সংগীত পৰিচালক
সক্ৰিয় হৈ থকা সময় ১৯৮৬ৰ পৰা বৰ্তমানলৈকে

পীয়ূষ মিশ্ৰ (ইংৰাজী: Piyush Mishra) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু থিয়েটাৰ অভিনেতা। তেওঁ গীতিকাৰ, কণ্ঠশিল্পী, সংগীত পৰিচালক আৰু চিত্ৰনাট্যকাৰ হিচাপেও সুপৰিচিত। তেওঁ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, দিল্লীৰ ১৯৮৬ চনৰ এজন স্নাতক।

জন্ম আৰু শৈশৱ

মিশ্ৰৰ জন্ম গোৱালিয়ৰ চহৰত হৈছিল। তেওঁৰ দেউতাকৰ নাম প্ৰতাপকুমাৰ শৰ্মা। মিশ্ৰই গোৱালিঅ'ৰ ৰ কাৰ্মেল কনভেণ্ট স্কুলত পঢ়া-শুনা কৰিছিল যদিও শৈক্ষিক বিষয়তকৈ গীত-কবিতা, পেইণ্টিং আৰু অভিনয়ৰ প্ৰতিহে তেওঁ ৰাপ বেছি আছিল। অষ্টম শ্ৰেণীত থাকোঁতে তেওঁ জীৱনৰ প্ৰথমটো কবিতা জিন্দা হো হাঁ‌ তুম কয়ী শ্বক নেহী (Yes you are alive; of this there is no doubt) লিখিছিল।[1]

তথ্যসূত্ৰ

Kembali kehalaman sebelumnya