দ্বি-বিভাজনন(Binary fission): সকলো প্ৰকাৰ বেক্টেৰিয়া,বিশেষকৈ কক্কাছজাতীয় বেক্টেৰিয়াই প্ৰধানকৈ দ্বি-বিভাজন পদ্ধতিৰে প্ৰজনন কৰে। এই পদ্ধতিত প্ৰথমে বেক্টেৰিয়া কোষৰ নিউক্লিয় পদাৰ্থখিনি অৰ্থাৎ নগ্ন DNA সূত্ৰডাল বিভাজিত হৈ দুডাল সূত্ৰৰ সৃষ্টি কৰে। লগে লগে কোষটোৰ মাজত এখন প্ৰস্থবেৰৰ সৃষ্টি হৈ কোষপ্ৰৰসখিনি দুটা ভাগত ভাগ হৈ পৰে আৰু এটা সময়ত সম্পূৰ্ণ কোষটো দুটা ভাগত বিভক্ত হয়। প্ৰতিটো ভাগেই একোডাল অপত্য DNA সূত্ৰ পায়। এনেদৰে এটা কোষৰপৰা দুটা অপত্য কোষৰ সৃষ্টি হয়। উৎপন্ন হোৱা অপত্য কোষবোৰৰপৰা পুনৰায় দ্বি-বিভাজন পদ্ধতিৰে বিভাজিত হৈ অসংখ্য বেক্টেৰিয়া কোষৰ সৃষ্টি হয়।
মুকুলোদগম(Budding): কিছুমান বেক্টেৰিয়াই মুকুলোদগমৰ সহায়ত অংগজ প্ৰজনন কৰে। এই পদ্ধতিত কোষটোৰ কোষবেৰত এটা টেমুনাৰ দৰে মুকুলৰ সৃষ্টি হয়। মাতৃকোষটোৰ DNA ৰ এটা অংশ মুকুলটোত প্ৰবেশ কৰে। মুকুলটো ক্ৰমাৎ বাঢ়িবলৈ ধৰে আৰু এটা সময়ত মাতৃকোষটোৰ পৰা পৃথক হৈ এটা অপত্য বেক্টেৰিয়া কোষৰ সৃষ্টি হয়।
অযৌন প্ৰজনন(Asexual reproduction)
প্ৰতিকূল পৰিবেশত কিছুমান বেক্টেৰিয়াই (যেনে-বেচিলাছ আৰু ক্লছট্ৰিডিয়াম) কোষত কোষপ্ৰৰসখিনি সংকুচিত হয় আৰু ইয়াৰ চাৰিওফালে এখন ডাঠ আৱৰণৰ সৃষ্টি হয়। ডাঠ আৱৰণেৰে সৈতে কোষস্থ সংকুচিত কোষপ্ৰৰসখিনিক অন্ত:ৰেণু(endospore) বোলে। অনুকূল পৰিবেশত অন্ত:ৰেণু বেক্টেৰিয়া কোষবেৰ ফাটি ওলাই আহে আৰু অংকুৰিত হৈ অপত্য বেক্টেৰিয়াৰ সৃষ্টি কৰে।
ইয়াৰ বাহিৰেও কিছুমান বেক্টেৰিয়া কোষৰ কোষপ্ৰৰসখিনি খণ্ডিত হৈ কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ ফ্লেজেলাযুক্ত অন্ত:ৰেণুৰ সৃষ্টি হয়। এই অন্ত:ৰেণুবোৰক গনিডিয়া(gonidia)বোলে। গনিডিয়াবোৰ মাতৃ কোষবেৰ ধ্বংস হোৱাৰ পিছত বাহিৰলৈ ওলাই আহি অপত্য বেক্টেৰিয়াৰ সৃষ্টি কৰে। আনহাতে,সূত্ৰকাৰ বেক্টেৰিয়া টুকুৰা-টুকুৰ হৈ ৰেণু বা কনিডিয়া (conidia) গঠন কৰে। এইবিলাক অনুকূল পৰিবেশত অংকুৰিত হৈ অপত্য বেক্টেৰিয়াৰ সৃষ্টি হয়।
যৌন প্ৰজনন(Sexual reproduction)
বেক্টেৰিয়াৰ যৌন প্ৰজনন প্ৰক্ৰিয়া সংকোষকেন্দ্ৰীয়(eukaryotic) জীৱতকৈ বেলেগ। এইবিলাকৰ যৌন প্ৰজননৰ সময়ত সংকোষকেন্দ্ৰীয় জীৱৰ দৰে কোনো ধৰণৰ জননকোষ(gamete) বা যোজনকোষ(zygote) ৰ সৃষ্টি নহয়,তাৰ সলনি বংশগতি নিৰ্ণায়ক পদাৰ্থৰ কোনো অংশ এটা কোষ দাতা(donor) ৰপৰা আন এটা কোষ গ্ৰহীতা(recipient) লৈ স্থানান্তৰ হয়। ফলত
গ্ৰহীতা বেক্টেৰিয়া কোষৰ গুণগত পাৰ্থক্য দেখা যায়। এই প্ৰক্ৰিয়াটোক জিনগত পুনৰ সংযোজন(genetic recombination) বোলে। পিছত গ্ৰহীতা বা পুনৰ সংযোজিত বেক্টেৰিয়া কোষটোৱে দ্বি-বিভাজন পদ্ধতিৰে প্ৰজনন কৰে।