Share to: share facebook share twitter share wa share telegram print page

বেদান্ত


বেদান্ত দৰ্শন : বেদান্ত শব্দৰ অৰ্থ হৈছে বেদৰ অন্ত। উপনিষদ হৈছে বেদৰ শেষ ভাগ গতিকে উপনিষদক বেদান্ত বোলা হয়। বেদান্ত ৰ আন এটা নাম হৈছে "উত্তৰ মীমাংসা"।বেদান্তৰ দৰ্শনৰ প্ৰতিষ্ঠাতা হৈছে বদৰায়ণ। বদৰায়ণৰ দ্বাৰা ৰচিত ব্ৰহ্ম সূত্ৰই হৈছে এই দৰ্শনৰ মূল গ্ৰন্থ। শঙ্কৰাচাৰ্য, ৰামানুচাৰ্য, মধ্বাচাৰ্য, বল্লভাচাৰ্য আৰু নিৰ্ম্বাক হৈছে এই সূত্ৰৰ ভাষ্যকাৰ।এই ভাষ্যকাৰসকলৰ নামত আমি মুঠ পাচঁটা সম্প্ৰদায় পাওঁ - অদ্বৈত বেদান্ত (শঙ্কৰাচাৰ্য ),বিশিষ্টাদ্বৈত বেদান্ত (ৰামানুচাৰ্য),দ্বৈত বেদান্ত (মধ্বাচাৰ্য), দ্বৈতাদ্বৈত বেদান্ত (নিৰ্ম্বাক), শুদ্ধাদ্বৈত বেদান্ত (বল্লভাচাৰ্য)।

Kembali kehalaman sebelumnya