বৈশাগু |
---|
বৈশাগু উপলক্ষে পৰম্পৰাগত পোচাকত নৃত্যৰতা বড়ো গাভৰু |
পালন কৰে |
বড়ো |
---|
প্ৰকাৰ |
জনগোষ্ঠীয় |
---|
তাৰিখ |
চ’তৰ শেষৰ দিনাৰ পৰা বহাগৰ ৬দিনলৈ এপ্ৰিলৰ মাজভাগ |
---|
সংঘটন |
বাৰ্ষিক |
বৈচাগু (বড়ো: बैसागु; ইংৰাজী: Bwisagu) অসমৰ বড়ো জনগোষ্ঠীৰ এটা জনপ্ৰিয় ঋতুকালীন উৎসৱ। বৈচাগু মানে হ’ল নৱবৰ্ষৰ আৰম্ভণি। ইয়াৰে ‘বৈচা’ শব্দই নতুন বছৰ আৰু ‘আগে’ বা ‘আগু’ শব্দই আৰম্ভণি বুজায়। এই উৎসৱ চ’ত মাহৰ শেষৰ দিনাৰ পৰা বহাগ মাহৰ ষষ্ঠদিনালৈ (এপ্ৰিল মাহৰ মাজভাগত) সাতদিন জুৰি চলে।[1][2] বহাগ বিহুৰ সৈতে বৈচাগুৰ অঙ্গাঙ্গী সম্পৰ্ক আছে।[3]
উদযাপন
বৈচাগু সাতদিন জুৰি উদযাপন কৰা হয়। প্ৰথম দিনটোক কোৱা হয় ‘মাখাউ’ বা ‘মাচাউ’, যাৰ অৰ্থ গৰু। দ্বিতীয় দিনা ‘মানসী’ অৰ্থাৎ মানুহ। সেইদিনা বাথৌ দেৱতাৰ পূজা আৰু পূৰ্বপুৰুষৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰা হয়। তৃতীয় দিনটোক চাইমা অৰ্থাৎ কুকুৰ, চতুৰ্থ দিনটোক ওমা অৰ্থাৎ গাহৰি, পঞ্চম দিনটোক দাও অৰ্থাৎ কুকুৰা, ষষ্ঠ দিনটোক হাঁহ বা অন্যান্য চৰাইৰ নামেৰে নামকৰণ কৰা হৈছে। বৈচাগুৰ সপ্তম দিনটোত বড়ো লোকসকলে আত্মীয় আৰু বন্ধুবৰ্গৰ সৈতে সাক্ষাৎ কৰে।[4]
সঙ্গীত আৰু নৃত্য বৈচাগুৰ অভিন্ন অঙ্গ। ডেকা-গাভৰুৱে সমূহীয়াকৈ বৈচাগু নাচে। ডেকাসকলে চিফুং (বাঁহী), খাম (ঢোল), চেৰেন্দা, থোৰকা (টকা) বজায় আৰু গাভৰুসকলে নাচে।[4]
পৰম্পৰা আৰু বিশ্বাস
বৈশাগুৰ সৈতে জড়িত কিছুমান পৰম্পৰা আৰু বিশ্বাস-
- বড়োসকল কৃষিজীৱী লোক। গৰুৰ সৈতে তেওঁলোকৰ অভিন্ন সম্পৰ্ক। সেয়েহে বিহুৰ প্ৰথম দিনটো গৰুৰ নামত উৎৰ্গিকৃত। গৰুক নৈত গা ধুৱোৱা হয়। সেইদিনটোত গৰুৰ গাত এচাৰি লগাব নাপায় বুলি বড়োসকলে বিশ্বাস কৰে। আবেলিলৈ ওচৰৰ হাবিলৈ গৈ বিভিন্ন বনৰীয়া শাক-বন গোটাই আনে আৰু এখন বিশেষ তৰকাৰী প্ৰস্তুত কৰে।
- উৎসৱৰ দিনকেইটাত বড়োসকলে শস্য কিনা-বিকা নকৰে বা ধান নাবানে।
- পৰিয়ালৰ মহিলাসকলে ঘৰতে তৈয়াৰ কৰা পৰম্পৰাগত মদ আৰু কুকুৰা লৈ ওজাৰ ঘৰলৈ যায়। এতিয়া অৱ্শ্যে বহুতে ওজাক নগদ ধনো প্ৰদান কৰে। ইয়াৰ বিনিময়ত ওজাই জাৰি দিয়া তাবিজ আৰু কবচ দিয়ে।
- বৈশাগু উপলক্ষে চাউলেৰে পৰম্পৰাগত পদ্ধতিৰ সুৰা তৈয়াৰ কৰে আৰু আলহী-অতিথিক ইয়াৰে আপ্যায়ন কৰে। এই সুৰা তৈয়াৰ কৰা প্ৰক্ৰিয়া ৩-৪ মাহ আগৰে পৰা আৰম্ভ কৰে।
- বড়ো লোকসকলে উৎসৱৰ সময়চোৱাত ঘৰেঘৰে গীত-নাচ পৰিবেশন কৰি ধন-ধান সংগ্ৰহ কৰে। বিশ্বাস কৰা হয় যে কোনো গৃহস্থই গীত-নাচ পৰিবেশন কৰিব অহা লোকক বিমুখ কৰি ঘূৰাই পঠিওৱা উচিত নহয়।[4]
তথ্য উৎস