মাচ |
---|
মাচ পৰিৱেশনৰ দৃশ্য |
স্থানীয় নাম |
माच |
---|
ব্যুৎপত্তি |
মঞ্চ |
---|
শৈলী |
নাট্য |
---|
বাদ্যযন্ত্ৰ |
সাৰংগী, হাৰমণিয়াম, ঢোল |
---|
উদ্ভাৱক |
গোপালজী গুৰু |
---|
উৎপত্তিমূল |
ভাৰতৰ মালৱা অঞ্চল |
মাচ (ইংৰাজী: Maach) হৈছে ভাৰতৰ মধ্য প্ৰদেশ ৰাজ্যৰ মালৱা অঞ্চলৰ এক প্ৰকাৰৰ লোকনাট্য অনুষ্ঠান।[1]
উৎপত্তি
ৰাজস্থানৰ পৰা বিস্তৃতি লাভ কৰা খ্যাল নাট্যনুষ্ঠান পৰা মাচৰ উৎপত্তি হোৱা বুলি ভবা হয় আৰু ইয়াৰ পৰাই মাচৰ উপৰিও উত্তৰ ভাৰতৰ অন্যান্য লোক নাট্য অনুষ্ঠান যেনে উত্তৰ প্ৰদেশৰ নৌটংকী আৰু হাৰিয়ানাৰ সাংগ নাট্য অনুষ্ঠানৰ জন্ম হৈছিল বুলি ভবা হয়।[2] মধ্যপ্ৰদেশত মাচক গোপালজী গুৰুৱে প্ৰতিস্থা কৰাই দিছিল বুলি কোৱা হয়।[3] তেওঁ কেইবাখনো মাচ নাটক ৰচনা কৰিছিল।[3] আন এটা বিশ্বাসমতে ১৮ আৰু ১৯ শতিকাত মাৰাঠা বাহিনীৰ লগত মধ্য ভাৰতলৈ অহা টুৰা কালাগী যাত্ৰাদল পৰা নতুন কাহিনী, সাজ-পোছাক, গায়ন-বায়ন আৰু নৃত্যৰে ভৰা মঞ্চ পৰিবেশনলৈ বিকশিত হৈ মাচৰ উৎপত্তি হোৱা বুলি ভবা হয়।[2]
বিষয়বস্তু
মাচ নামটো হিন্দী শব্দ ‘मञ्च’ৰ পৰা লোৱা হৈছে যাৰ অৰ্থ হৈছে মঞ্চ।[2] মাচ হৈছে ধৰ্মীয় আৰু ধৰ্মনিৰপেক্ষ বিষয়বস্তু সন্মিলিত এক মিশ্ৰিত চৰিত্ৰ থকা গীতি লোকনাট্য অনুষ্ঠান। ইয়াৰ বিষয়বস্তু ঐতিহাসিক, স্থানীয় কিংবদন্তি, স্থানীয় যোদ্ধা আৰু শাসকৰ কাহিনীৰ পৰা আহৰণ কৰাৰ ওপৰিও পুৰাণ, হিন্দু মহাকাব্য মহাভাৰত আৰু ৰামায়ণৰ পৰাও লোৱা হয়। ৰাজা গোপিচন্দ, প্ৰহ্লাদ, নল আৰু দময়ন্তীৰ কাহিনী আৰু মালৱান বীৰ তেজাজী আৰু কেদাৰ সিঙৰ কাহিনী এই নাটকবোৰত প্ৰায়ে দৃশ্যায়িত কৰা হয়। স্থানীয় ইতিহাস আৰু ঐতিহ্যই ইয়াৰ মূল বিষয়বস্তু হ’লেও শেহতীয়াকৈ মাচৰ অভিনয়ে ডকাইটি, সাক্ষৰতা আৰু ভূমিহীন শ্ৰমিক আদি সমসাময়িক বিষয়সমূহৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে।[4]
সংগীত
সংগীত হৈছে মাচৰ পৰিবেশনৰ এটা মূল উপাদান। মঞ্চস্থ কৰা ঋতু বা উপলক্ষ্যটোক প্ৰতিফলিত কৰিবলৈ সংগীতৰ শব্দ আৰু সুৰৰ সৈতে হিন্দুস্তানী শাস্ত্ৰীয় ৰাগৰ ব্যৱহাৰ কৰা হয়।[5] মাচৰ সংগীতৰ সৈতে সাধাৰণতে সাৰংগী, হাৰমনিয়াম আৰু ঢোল সংগত কৰা হয়।[6]
পৰিৱেশন
মাচক ১৯ শতিকাৰ ধৰ্মীয় বিকাশৰ দ্বাৰা গঢ় লৈ উঠা পুৰণি পৰম্পৰা বুলি ভবা হয়। প্ৰথমে হোলী উৎসৱৰ সৈতে জড়িত হ’লেও বৰ্তমান বহু অনুষ্ঠানত ইয়াক পৰিবেশন কৰা হয়। ই ভ্ৰাম্যমাণ থিয়েটাৰৰে এটা ৰূপ হ’লেও ইয়াত অভিনয়ক কম গুৰুত্ব দিয়া হয় আৰু নাটকখনত গীত-নৃত্যৰ জৰিয়তে বিষয়বস্তুৰ উপস্থাপন কৰা হয়। নাটকৰ পটভূমি পৰ্দাত প্ৰদৰ্শন কৰা হয় আৰু নৃত্যশিল্পীসকলে সাধাৰণতে গায়ক হিচাপে নিজকে উপস্থাপন কৰে। মাচ হৈছে একপ্ৰকাৰৰ গীতি নৃত্য-নাটিকা, য’ত মাজে মাজে সংলাপৰ ব্যৱহাৰ কৰা হয়।[3][7]
মঞ্চত পৰিবেশন কৰা হয় বাবে এই অনুষ্ঠানে মাচ নাম পাইছে। পৰম্পৰাগতভাৱে সকলো ভূমিকাত কেৱল পুৰুষেহে অভিনয় কৰিছিল, নাৰী চৰিত্ৰও পুৰুষেই মহিলাৰ পোছাক পিন্ধি উপস্থাপন কৰিছিল। যিহেতু গায়ন মাচৰ এক অবিচ্ছেদ্য উপাদান, সেয়ে শিল্পীসকলৰ কণ্ঠৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হয়। পৰিবেশনসমূহ ভিষ্টি ৰাগেৰে আৰম্ভ হয় আৰু তাৰ পিছত বাদ্যৰ মাধ্যমেৰে নৃত্যৰ শৃংখলালৈ আগবাঢ়ি যায়।[3][6] এই পৰিবেশনত ছন্দ বা ভংগ, সুৰ বা ৰংগট আৰু সংলাপ বা বোলৰ দৰে কেইবাটাও উপাদান অন্তৰ্ভুক্ত হৈ থাকে।[8] অনুষ্ঠানসমূহ সূৰ্যাস্তৰ বহু পিছত আৰম্ভ হয় আৰু দোকমোকালিলৈকে চলি থাকে।[1] নাটকসমূহত সেমাৰখান বা বিধব নামৰ ৰজাৰ উপদেষ্টাৰ চৰিত্ৰই হাস্যৰসৰ আৰু ক্লাউন নামৰ চৰিত্ৰই সূত্ৰধাৰৰ ভূমিকা পালন কৰে।[6] নাটকৰ সামৰণিত প্ৰায়ে নাটকৰ নায়কসকলক ৰঙীন গুড়িৰ ডাৱৰৰ মাজত নাচি থকা দেখা যায়।[7][9]
তথ্য সংগ্ৰহ