Share to: share facebook share twitter share wa share telegram print page

মানৱ বিষ্ঠা

মানৱ বিষ্ঠা (ইংৰাজী: Human faeces; লেটিন: fæx ), বা মল) হৈছে মানুহৰ পাচন তন্ত্ৰৰ পেলনীয়া দ্ৰব্য। পাচন তন্ত্ৰৰ অৱস্থা, খাদ্য আৰু স্বাস্থ্যৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ গুণাগুণ বেলেগ বেলেগ হ'ব পাৰে। সাধাৰণতে বিষ্ঠা এখন শ্লেষ্মা আৱৰণেৰে অৰ্ধকঠিন হয়। অলপ কঠিন, বাষ্প কম থকা বিষ্ঠা খাদ্যনলীৰ সিটো মূৰত থাকিব পাৰে। পাচন গতি নোহোৱা হোৱাৰ পিছত মলভাণ্ডৰ পৰা বিষ্ঠা অন্ত্ৰলৈ উভতি গ'লে পানীখিনিৰ শোষণ হৈ সাধাৰণতে এনে হয়। নৱজাতকৰ প্ৰথম বিষ্ঠাক মেক'নিয়াম বুলি কোৱা হয়।

বিষ্ঠাৰ ৰঙৰ বিভিন্নতা

খাদ্যবস্তু আৰু স্বাস্থ্যৰ ওপৰত নিৰ্ভৰ কৰি মানুহৰ বিষ্ঠাৰ বং বেলেগ বেলেগ হ'ব পাৰে।

মুগা
মানৱ বিষ্ঠাৰ ৰং সাধাৰণতে পাতলীয়াৰ পৰা ডাঠ মুগা বৰণীয়া। মৃত লোহিত ৰক্ত কণিকাৰ পৰা উৎপন্ন হোৱা বিলিৰুবিনৰ ৰূপ "ষ্টাৰক'বিলিন'জেন"ৰ বাবে এনে ৰং হয়। সাধাৰণতে শ্লেষ্মা আৱৰণ এখনৰে বিষ্ঠা অৰ্ধকঠিন অৱস্থাৰ হয়।
হালধীয়া
পৰজীৱী হিচাপে মানুহৰ পেটত থিতাপি লোৱা প্ৰ'ট'জ'ৱা "জিয়াৰ্ডিয়া"ৰ ফলত বিষ্ঠাৰ ৰং হালধীয়া হ'ব পাৰে। ই সংক্ৰামক গ্ৰহণি ৰোগৰ সৃষ্টি কৰে। গিলবাৰ্ট চীনড্ৰ'ম" নামৰ আন এক কাৰণত বিষ্ঠাৰ ৰং হালধীয়া হ'ব পাৰে। এই ৰোগত জণ্ডিছ হয় আৰু তেজত অধিক পৰিমাণৰ বিলিৰুবিন উপস্থিত থাকে।
ক'লা বা ৰঙা
অন্ত্ৰত বহুত সময় লোহিত ৰক্ত কণিকা থাকিলে পাচক উৎসেচকে সেয়া ভাঙি পেলায় আৰু তাৰ ফলত বিষ্ঠা ক'লা ৰঙৰ হয়। এই অৱস্থাক "মেলিনা" বুলি কোৱা হয়। পাচন নলীৰ ওপৰ অংশত (upper digestive tract) পেপ্‌‍টিক আলচাৰ আদিৰ জৰিয়তে ৰক্তক্ষৰণ হ'লে এনে হ'ব পাৰে। জন্তুৰ তেজ বেছি পৰিমাণে থকা খাদ্য যেনে ক'লা পুডিং খোৱাৰ পিছতো বিষ্ঠাৰ ৰং ক'লা হ'ব পাৰে। ঔষধ যেনে বিছমুথ চেলিচাইলেট, আইৰণ বড়ি, বা বিট, বা ব্লুবেৰী খালেও বিষ্ঠাৰ ৰং এনে হয়।[1] মলৰ লগত উজ্জ্বল ৰঙা ৰঙৰ তেজ গ'লে তাক হিমাট'কেজিয়া বুলি কোৱা হয়। পাচন নলীৰ তলৰ অংশৰ পৰা ৰক্তক্ষৰণ হ'লে এনে হয়। অত্যধিক মদ্যপানেও মলৰ ৰং ৰঙা-ক'লা কৰিব পাৰে।
নীলা
বিকিৰণ, চিজিয়াম আৰু থালিয়াম বিষক্ৰিয়াৰ চিকিৎসাত ব্যৱহাৰ হোৱা প্ৰুছিয়ান ব্লুয়ে বিষ্ঠাৰ ৰং নীলা কৰিব পাৰে। খাদ্যত ব্যৱহৃত নীলা ৰঙৰ অধিক উপস্থিতিয়েও এনে ৰং কৰিব পাৰে।[2]
ৰূপালী
পিত্তনলীত বাধা থাকিলে উৎপন্ন হোৱা পাতলীয়া বা বগা ৰঙৰ মল আৰু পাচনতন্ত্ৰৰ ৰক্তক্ষৰণ (যেনে মেলিনা) লগ হ'লে ৰূপালী বা এলুমিনিয়ামৰ ৰঙৰ দৰে বিষ্ঠা দেখা পোৱা যায়। এনে ৰঙে ৱাটাৰৰ এম্পুলাৰ ampulla of Vater কৰ্কট ৰোগো বুজাব পাৰে যাৰ ফলত পাচননলীৰ ৰক্তক্ষৰণ আৰু পিত্তনলীৰ বহনত বাধা হয়।[3]
সেউজীয়া
পাচননলীত বেছি পৰিমাণৰ প্ৰ'চেছ নোহোৱা পিত্ত জমা হ'লে বিষ্ঠাৰ ৰং সেউজীয়া হ'ব পাৰে। লিকুঅ'ৰিছ কেণ্ডি বেছিকৈ খালেও এনে হ'ব পাৰে। যিহেতু ইয়াক লিকুঅ'ৰিছ হাৰ্বৰ বিপৰীতে এনিছ তেলৰ পৰা তৈয়াৰ কৰা হয় আৰু ইয়াত বেছিকৈ শৰ্কৰা থাকে, অধিক শৰ্কৰা গ্ৰহণ কৰিলে এনিছ তেলৰ প্ৰতি সংবেদনশীলতা বেছি হ'লে ঢিলা, সেউজীয়া ৰঙৰ শৌচ হ'ব পাৰে।[4]

গোন্ধ

মানৱ বিষ্ঠাৰ এটা গোন্ধ থাকে যিটো খাদ্য (বিশেষকৈ মাংসৰ প্ৰ'টিন যেনে- মিথিয়'নিন) আৰু স্বাস্থ্য অনুসাৰে সলনি হ'ব পাৰে।[5][6][7][8][9] মানৱ বিষ্ঠাৰ গোন্ধ তলত দিয়া উদ্বায়ী পদাৰ্থসমূহৰ পৰা উৎপন্ন হয় বুলি কোৱা হয়:[6]


(H2S) হৈছে বিষ্ঠাত সকলোতকৈ বেছি থকা চালফাৰ যৌগ।[6] বিষ্ঠাৰ গোন্ধ কিছুমান ৰোগতো বাঢ়িব পাৰে, যেনে:[10]

বিষ্ঠা আৰু পাদৰ দুৰ্গন্ধ কমাবলৈ কিছুমান চেষ্টা কৰা হৈছে; বেছিভাগেই ঔদ্যোগিক প্ৰয়োগৰ সৈতে জন্তুৰ ওপৰত কৰা গৱেষণা, যেনে- গাহৰিৰ পালনৰ পৰিবেশৰ প্ৰভাৱ কমোৱা। কিছুমান খাদ্যৰ পৰিৱৰ্তন/পৰিপূৰিকা গৱেষণা কৰা হৈছে, যেনে:

ব্যক্তিগত চিকুণতা

বেলেগ বেলেগ সমাজত মলত্যাগ কৰাৰ পিছত মলদ্বাৰ পৰিষ্কাৰ কৰাৰ প্ৰক্ৰিয়া ভিন ভিন।

  • পশ্চিমীয়া আৰু পূব এছিয়াৰ সমাজত ট‍ইলেট পেপাৰৰ বহুল ব্যৱহাৰ হয়। ফ্লাছ ট‍ইলেট উদ্ভাৱন হোৱাৰ পূৰ্বে আন কাগজৰ সামগ্ৰীও ব্যৱহাৰ হৈছিল।
  • কিছুমান ইউৰোপীয়ান দেশত অধিক পৰিষ্কাৰৰ বাবে বিডে'ট ব্যৱহাৰ কৰা হয়।
  • দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াত ট‍ইলেটত ব্যৱহাৰ বাবে শ্বাৱাৰ থাকে।
  • ইছলামীয় সংস্কৃতিত পানী ব্যৱহাৰ কৰি বাওঁহাতেৰে মলদ্বাৰ চাফা কৰাৰ নিয়ম।
  • ভাৰততো পানী ব্যৱহাৰ কৰি বাওঁহাতেৰে মলদ্বাৰ চাফা কৰা হয়।
  • সংযুক্ত ৰাজ্যৰাণী ভিক্টোৰিয়াৰ ৰাজত্বকালত ভাৰতীয় ট‍ইলেটৰ বহুল প্ৰচলন হৈছিল। তেনে ট‍ইলেট ব্যৱহাৰ কৰা কৰ্মীসকলৰ পৰা কেইবাটাও খাদ্য বিষক্ৰিয়াৰ ঘটনা ঘটিছিল।
  • প্ৰাচীন ৰোমত এটুকুৰা ৰাজহুৱা স্পঞ্জৰ ব্যৱহাৰ কৰা হৈছিল। ব্যৱহাৰৰ পিছত সেয়া নিমখ-পানীত চাফা কৰা হৈছিল।
  • জাপানত পুৰণি কালত চেপেটা লাঠী ব্যৱহাৰ কৰা হৈছিল। পশ্চিমীয়াকৰণৰ লগে লগে ট‍ইলেট পেপাৰৰ প্ৰচলন হয়। আজিকালি বিডে'টযুক্ত ট‍ইলেটৰ আদৰ বাঢ়ি আহিছে। এই সঁজুলিত ব্যৱহাৰকাৰীয়ে পানীৰ তাপমাত্ৰা, দিশ আৰু গতি সলাব পাৰে আৰু মলদ্বাৰ শুকুৱাবৰ বাবে বতাহ মাৰিব পাৰে। আসনৰ পৰা তপিনা আঁতৰোৱাৰ লগে লগে ট‍ইলেটটোত স্বয়ংক্ৰিয়ভাৱে ফ্লাছ হয়।

ব্ৰিষ্টল মল স্কে'ল

চিকিৎসা বিজ্ঞানত মানৱ বিষ্ঠাক প্ৰকৃতি অনুসৰি শ্ৰেণীকৰণ কৰিবৰ বাবে এই স্কে'ল (Bristol Stool Scale) ব্যৱহাৰ কৰা হয়। সংযুক্ত ৰাজ্যত "Meyers Scale" বুলিও কোৱা এই পদ্ধতিটো K.W.Heatonএ ব্ৰিষ্টল বিশ্ববিদ্যালয়ত উদ্ভাৱন কৰিছিল আৰু প্ৰথমে ১৯৯৭ চনত Scandinavian Journal of Gastroenterologyত প্ৰকাশিত হৈছিল।[16] ক'ল'নত বিষ্ঠা থকা সময়ৰ ওপৰতে তাৰ প্ৰকৃতি নিৰ্ভৰ কৰে।[17]

মানৱ বিষ্ঠাৰ সাতটা প্ৰকাৰ হ'ল:

  1. পৃথক পৃথক কঠিন লাড়ুৰ দৰে (ওলাই যাবলৈ টান)
  2. চ'চেজ আকৃতিৰ কিন্তু টেমুনাৰ দৰে থাকে
  3. চ'চেজৰ দৰে কিন্তু পৃষ্ঠ ফটাৰ দৰে দেখি
  4. চ'চেজ বা সৰ্পাকৃতিৰ, কোমল আৰু পিছল
  5. নিৰ্দিষ্ট কাষ থকা কোমল টেমুনাৰ দৰে
  6. খহটা কাষ থকা পাতল টুকুৰা, পাতলীয়া মল
  7. পানীৰ দৰে, কঠিন টুকুৰা নাই।

প্ৰথম আৰু দ্বিতীয়টো প্ৰকাৰে বিশেষকৈ দ্বিতীয়টোৱে কন্‌ষ্টিপেছন বুজায় কাৰণ সেইবোৰ মলদ্বাৰেদি ওলাই যাবলৈ টান হয়। ৫-৭ নং প্ৰকাৰে গ্ৰহণী বা বেছিকৈ মলত্যাগৰ অনুভূতিক বুজায়। .[17]

বিষ্ঠাৰ মাৰ্কাৰ

বিষ্ঠাত পোৱা কেতবোৰ মাৰ্কাৰে শৰীৰত চলি থকা বিভিন্ন ৰোগ আৰু পৰিঘটনাৰ উমান দিয়ে। উদাহৰণস্বৰূপে- ফিকেল কেল্‌প্ৰটেক্টিনৰ উচ্চ মাত্ৰাই প্ৰদাহ প্ৰক্ৰিয়া যেনে ক্ৰ'নৰ ৰোগ, আলচাৰেটিভ ক'লাইটিছ আৰু কৰ্কট ৰোগলৈ আঙুলিয়াব পাৰে।

বিষ্ঠাৰ মাৰ্কাৰৰ মাত্ৰা
মাৰ্কাৰ ৰোগীৰ প্ৰকাৰ উচ্চ সীমা একক
ফিকেল কেল্‌প্ৰটেক্টিন ২-৯ বছৰ ১৬৬[18] মাইক্ৰ'গ্ৰাম/গ্ৰাম বিষ্ঠা
১০-৫৯ বছৰ ৫১[18]
≥ ৬০ বছৰ ১১২[18]
লেক্ট'ফেৰিন ২-৯ বছৰ ২৯[18]
≥ ১০ বছৰ ৪.৬[18]

তাৰ উপৰিও বিষ্ঠা অ'কাল্ট তেজৰ বাবে বিশ্লেষণ কৰিব পাৰি যিয়ে পেটৰ ভিতৰৰ ৰক্তক্ষৰণ সূচায়।

অস্বাভাৱিকতা

বিষ্ঠা বিশ্লেষণ (বিষ্ঠাৰ নমুনা)

বিষ্ঠাত বিচৰা প্ৰধান অণুজীৱসমূহ হৈছে:

  • বেক্টেৰ‍ইড্‌ছ প্ৰজাতি
  • চালম'নেলা আৰু শ্বিগেলা
  • য়াৰছিনিয়াক সাধাৰণ উষ্মতাতকৈ অলপ কম তাপৰ প্ৰয়োজন হয়। (৩০0 c)
  • কেম্পাইল'বেক্টৰক ৪২0 cত বিশেষ পৰিবেশত ইন্‌কিউবেট কৰা হয়।
  • এৰ'ম'নাছ
  • কেণ্ডিডা যদি ব্যক্তিজনৰ প্ৰতিৰোধী ক্ষমতা কম।
  • "ই ক'লাই" ০১৫৭ যদি ব্যক্তিজনৰ বিষ্ঠাৰ নমুনাত তেজ দেখা যায়।
  • ক্ৰীপ্ট'স্প'ৰিডিয়াম
  • এণ্টামিবা হিষ্ট'লাইটিকা

অন্ত্ৰৰ পৰজীৱী আৰু সেইবোৰৰ কণী কেতিয়াবা সুদা চকুৰেও দেখা পোৱা যাব পাৰে।

অজীৰ্ণ খাদ্যৰ কণা

হজম নোহোৱা খাদ্যৰ অৱশিষ্ট যেনে গুটিয়ে মানুহৰ পাচন তন্ত্ৰইদি পাৰ হৈ পিছত গজালি মেলিব পাৰে। এটা উদাহৰণ হৈছে বিষ্ঠাৰ অংশক সাৰ হিচাপে ব্যৱহাৰ কৰিলে বিলাহীৰ গছ গজাটো।

হাগনি

হাগনি হৈছে দিনত তিনি বা ততোধিকবাৰ ঢিলা বা পনীয়া পায়খানা হোৱা, বা ব্যক্তি এজনৰ স্বাভাৱিক অৱস্থাতকৈ বেছিকৈ হোৱা।[19] ই কোনো আঘাত, ৰোগ বা খাদ্যৰ পৰা হোৱা বেমাৰৰ লক্ষণ হ'ব পাৰে। হাগণিত প্ৰায়েই পেটৰ বিষ, বমিৰ ভাৱ, বমি আদি হ'ব পাৰে। আন কিছুমান অৱস্থাতো হাগনিৰ আটাইবোৰ বা কিছুমান লক্ষণ থাকিব পাৰে। গতিকে চিকিৎসা বিজ্ঞানত হাগনিৰ সংজ্ঞা দিওঁতে প্ৰতি দিনে ২০০ গ্ৰামতকৈ বেছি শৌচ হোৱাক বুজোৱা হয় (যদিও প্ৰকৃততে শৌচৰ ওজন কৰি ৰোগ নিৰূপণ কৰা নহয়)।

ক'ল'নে পানী কমকৈ শোষণ কৰিলে শৌচ ঢিলা হয়। পাচন প্ৰক্ৰিয়াৰ অংশ হিচাপে বা জুলীয়া পদাৰ্থ গ্ৰহণ কৰিলে খাদ্যৰ লহত যথেষ্ট পৰিমাণৰ পানী মিহলি হয়। ক'ল'ন পোৱাৰ আগতে খাদ্য তেনেই জুলীয়া হৈ থাকে। ক'ল'নে পানীখিনি শোষণ কৰাৰ ফলত বাকী থকা বস্তুখিনিয়ে অৰ্ধকঠিন বিষ্ঠাৰ ৰূপ লয়। ক'ল'নৰ এই কাৰ্যত বাধাৰ সৃষ্টি হ'লে শোষণ নোহোৱাৰ ফলত পনীয়া শৌচ হয়।

সাধাৰণতে বিভিন্ন প্ৰকাৰৰ ভাইৰাছৰ সংক্ৰমণৰ ফলত হাগনি হয় যদিও বেক্টেৰিয়াৰ টক্সিন বা সংক্ৰমণতো হাগনি হ'ব পাৰে। স্বাস্থ্যসন্মত পৰিবেশত আৰু সঠিক খাদ্য-পানীৰ যোগান থাকিলে মানুহ এজনে সাধাৰণ ভাইৰেল সংক্ৰমণৰ পৰা এসপ্তাহৰ ভিতৰত আৰোগ্য লাভ কৰে। কিন্তু আন ৰোগ বা অপুষ্টিত ভোগা মানুহৰ তীব্ৰ ডিহাইড্ৰেছন হৈ চিকিৎসাৰ অভাৱত মৃত্যুমুখতো পৰিব পাৰে।

ব্যৱহাৰ

সাৰ হিচাপে

বহু আগৰ পৰাই মানৱ বিষ্ঠা সাৰ হিচাপে ব্যৱহৃত হৈ আহিছে। শুদ্ধ নকৰাকৈ খেতিপথাৰত ব্যৱহাৰ কৰিলে স্বাস্থ্যৰ হানি হোৱাৰ আশংকা থাকে। বিশ্বজুৰি উন্নয়নশীল দেশবোৰত হোৱা ১৫০ কোটি helminthiasis নামৰ পেলুৰ ৰোগৰ ইয়ো এক কাৰণ।

বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশ মতে মানুহৰ বিষ্ঠাৰ পৰা বীজাণু আঁতৰ কৰিহে এইয়াক ব্যৱহাৰ কৰা হয়।[20] মানৱ বিষ্ঠা আৰু খেতিৰ এই সম্পৰ্কক ecosan (ইক'ল'জিকেল ছেনিটেচন) নাম দিয়া হৈছে। মলক ব্যৱহাৰ উপযোগী কৰি তোলা টইলেটৰ প্ৰকাৰৰ ভিতৰত আছে ইউৰিন ডাইভাৰ্টিং ড্ৰাই টইলেট আৰু কম্প'ষ্টিং টইলেট।

মল সংস্থাপন

স্বাস্থ্যবান লোকৰ মলৰ বেক্টেৰিয়া নি ইৰিটেবল বাৱেল ছীন্‌ড্ৰমৰ দৰে ৰোগত ভোগা মানুহৰ গাত সংস্থাপন কৰাক "মল সংস্থাপন" বা "মল বেক্টেৰিয়থেৰাপী" (Fecal bacteriotherapy) বোলে। ইয়াৰ ফলত গ্ৰহণকাৰীৰ অন্ত্ৰৰ উন্নতি হয় বুলি ধাৰণা কৰা হয়।[21][22] শেহতীয়া গৱেষণাই দেখুৱাইছে যে প্ৰতিজৈৱিক বা অন্য চিকিৎসাৰ ফলত ধ্বংস হোৱা অন্ত্ৰৰ প্ৰয়োজনীয় বেক্টেৰিয়া গঢ়ি তোলাত ই সহায়ক।

জৈৱিক গেছ উৎপাদন

নৰ্দমাত মল ৰাখি অবাত শ্বসন পদ্ধতিৰে জৈৱিক গেছ উৎপাদন কৰাক লৈ ৯৫০ কোটি ডলাৰৰ ব্যৱসায় হ'ব পাৰে।[23]

ৱাশ্বিংটন ডিচিয়ে এনেকৈ জৈৱিক গেছ উৎপাদন কৰি বছৰি ১.৩ কোটি ডলাৰ ৰাহিৰ পৰিকল্পনা কৰিছে।[24]

ধাতুৰ সন্ধান

জাপানৰ কৰ্মীসকলে মলৰ নৰ্দমাত ধাতুৰ সন্ধান কৰিছিল। US Geological Survey-ই হিচাপ কৰে যে ১০ লাখ মানুহৰ মলত ১.৩ কোটি ডলাৰ মূল্যৰ ধাতু থাকে।[25][26]


বিষ্ঠা কলুষণ

পানীৰ উৎসক বিষ্ঠাই কলুষিত কৰা পৰীক্ষা কৰিবলৈ মেক্কংকী অগৰ বা পেট্ৰি ডিছৰ সহায়ত "ই ক'লাই" বেক্টেৰিয়াৰ উপস্থিতি পৰীক্ষা কৰা হয়। ই ক'লাই বেক্টেৰিয়াই সাধাৰণতে ৪৩0 cত ৰাতিটোৰ ভিতৰত ৰঙা ক'ল'নী সৃষ্টি কৰে। ই ক'লাই বেক্টেৰিয়াৰ বেছিভাগ প্ৰকাৰেই অনিষ্ঠ নকৰে যদিও ইয়াৰ উপস্থিতিয়ে পানীত বিষ্ঠাৰ দূষণ আৰু গতিকে আন অনিষ্ঠকৰ বীজাণুৰ উপস্থিতিৰ সম্ভাৱনালৈ আঙুলিয়াই দিয়ে।

গোতেই বিশ্বতে পানীৰ উৎসক বিষ্ঠাই কলুষিত কৰে আৰু খোৱা পানীক অসুৰক্ষিত কৰি তোলে। উন্নয়নশীল দেশসমূহত শৌচাগাৰৰ পেলনীয়া পানী কোনো ৰাসায়নিক দ্ৰব্য নিমিহলোৱাকৈ ওলাই যাবলৈ দিয়া হয়। আনকি উন্নত দেশসমূহতো এনে নলাৰ আৱৰ্জনা বেছিকৈ ওলাই পানীৰ উৎসক দূষিত কৰে, যেনে- ফ্ৰান্সৰ ছেইন নদী আৰু ইংলেণ্ডটেম্‌ছ নদী।

অতিৰিক্ত তথ্য

তথ্য সংগ্ৰহ

  1. Heller, JL (2009-11-01). "Bloody or tarry stools". National Institutes of Health. http://www.nlm.nih.gov/medlineplus/ency/article/003130.htm। আহৰণ কৰা হৈছে: 2009-11-30. 
  2. "Fact Sheet: Prussian Blue". Centers for Disease Control and Prevention. 2006-05-10. http://www.bt.cdc.gov/radiation/prussianblue.asp। আহৰণ কৰা হৈছে: 2009-11-30. 
  3. http://cnx.org/content/m14979/latest/
  4. http://www.livestrong.com/article/472989-can-licorice-cause-discolored-stools/
  5. Hiele, M; Ghoos, Y; Rutgeerts, P; Vantrappen, G; Schoorens, D (1991 Jun). "Influence of nutritional substrates on the formation of volatiles by the fecal flora.". Gastroenterology খণ্ড 100 (6): 1597-602. PMID 2019366. 
  6. 6.0 6.1 6.2 Tangerman, A (2009 Oct 15). "Measurement and biological significance of the volatile sulfur compounds hydrogen sulfide, methanethiol and dimethyl sulfide in various biological matrices.". Journal of chromatography. B, Analytical technologies in the biomedical and life sciences খণ্ড 877 (28): 3366-77. PMID 19505855. 
  7. Chavez, C; Coufal, CD; Carey, JB; Lacey, RE; Beier, RC; Zahn, JA (2004 Jun). "The impact of supplemental dietary methionine sources on volatile compound concentrations in broiler excreta.". Poultry science খণ্ড 83 (6): 901-10. PMID 15206616. 
  8. Geypens, B; Claus, D; Evenepoel, P; Hiele, M; Maes, B; Peeters, M; Rutgeerts, P; Ghoos, Y (1997 Jul). "Influence of dietary protein supplements on the formation of bacterial metabolites in the colon.". Gut খণ্ড 41 (1): 70-6. PMID 9274475. 
  9. Otto, ER; Yokoyama, M; Hengemuehle, S; von Bermuth, RD; van Kempen, T; Trottier, NL (2003 Jul). "Ammonia, volatile fatty acids, phenolics, and odor offensiveness in manure from growing pigs fed diets reduced in protein concentration.". Journal of animal science খণ্ড 81 (7): 1754-63. PMID 12854812. 
  10. Dugdale, David C.. ""Stools - foul smelling" on Medline Plus". U.S. National Library of Medicine. http://www.nlm.nih.gov/medlineplus/ency/article/003132.htm। আহৰণ কৰা হৈছে: 21 October 2012. 
  11. Levine, J; Ellis, CJ; Furne, JK; Springfield, J; Levitt, MD (1998 Jan). "Fecal hydrogen sulfide production in ulcerative colitis.". The American journal of gastroenterology খণ্ড 93 (1): 83-7. PMID 9448181. 
  12. Bartlett, John G.; Gerding, Dale N. (15 January 2008). "Clinical Recognition and Diagnosis of Infection". Clinical Infectious Diseases খণ্ড 46 (s1): S12–S18. doi:10.1086/521863. 
  13. Suarez, FL; Furne, J; Springfield, J; Levitt, MD (1999 Jan). "Failure of activated charcoal to reduce the release of gases produced by the colonic flora.". The American journal of gastroenterology খণ্ড 94 (1): 208-12. PMID 9934757. 
  14. Suarez, FL; Furne, JK; Springfield, J; Levitt, MD (1998 May). "Bismuth subsalicylate markedly decreases hydrogen sulfide release in the human colon.". Gastroenterology খণ্ড 114 (5): 923-9. PMID 9558280. 
  15. 15.0 15.1 Giffard, CJ; Collins, SB; Stoodley, NC; Butterwick, RF; Batt, RM (2001 Mar 15). "Administration of charcoal, Yucca schidigera, and zinc acetate to reduce malodorous flatulence in dogs.". Journal of the American Veterinary Medical Association খণ্ড 218 (6): 892-6. PMID 11294313. 
  16. Lewis SJ, Heaton KW (1997). "Stool form scale as a useful guide to intestinal transit time". Scand. J. Gastroenterol. খণ্ড 32 (9): 920–4. doi:10.3109/00365529709011203. PMID 9299672. 
  17. 17.0 17.1 "Constipation Management and Nurse Prescribing: The importance of developing a concordant approach" (PDF). Archived from the original on 2006-07-05. http://www.constipationadvice.co.uk/further-resources/pam-campbell-constipation-management.pdf। আহৰণ কৰা হৈছে: 2006-11-06. 
  18. 18.0 18.1 18.2 18.3 18.4 PMID 19740914 (PubMed)
    Citation will be completed automatically in a few minutes. Jump the queue or expand by hand
  19. "Diarrhoea". World Health Organization. http://www.who.int/topics/diarrhoea/en/. 
  20. WHO (2006). WHO Guidelines for the Safe Use of Wastewater, Excreta and Greywater - Volume IV: Excreta and greywater use in agriculture. World Health Organization (WHO), Geneva, Switzerland
  21. Rowan, Karen (20 October 2012). "'Poop Transplants' May Combat Bacterial Infections". LiveScience.com. https://news.yahoo.com/poop-transplants-may-combat-bacterial-infections-130609662.html। আহৰণ কৰা হৈছে: 2012-10-20. 
  22. Bakken, Johan S.; Borody, Thomas; Brandt, Lawrence J.; Brill, Joel V.; Demarco, Daniel C.; Franzos, Marc Alaric; Kelly, Colleen; Khoruts, Alexander et al. (1 December 2011). "Treating Clostridium difficile Infection With Fecal Microbiota Transplantation". Clinical Gastroenterology and Hepatology খণ্ড 9 (12): 1044–1049. doi:10.1016/j.cgh.2011.08.014. PMID 21871249. 
  23. "Will the Future Be Powered by Feces? : DNews". DNews. Archived from the original on 2016-03-04. https://web.archive.org/web/20160304121321/http://news.discovery.com/human/will-the-future-be-powered-by-feces-151103.htm। আহৰণ কৰা হৈছে: 2016-02-27. 
  24. Shaver, Katherine (2015-10-07). "D.C. Water begins harnessing electricity from every flush" (en-US ভাষাত). The Washington Post. ISSN 0190-8286. https://www.washingtonpost.com/local/trafficandcommuting/poop-flush-power/2015/10/07/d0c9c6de-6c3a-11e5-9bfe-e59f5e244f92_story.html. 
  25. "Sewage yields more gold than top mines". Reuters. 2009-01-30. https://www.reuters.com/article/us-gold-sewage-odd-idUSTRE50T56120090130. 
  26. "Feces to fortune: US sewage may contain billions in precious metals" (en-EN ভাষাত). RT International. https://www.rt.com/usa/243377-mining-sewage-precious-metals-studies/। আহৰণ কৰা হৈছে: 2016-02-27. 


বাহ্যিক সংযোগ

Read other articles:

Pistolet Mitrailleur de 7,65mm MAS modèle 38 Jenis Pistol mitraliur Negara asal Prancis Sejarah pemakaian Masa penggunaan 1939—1951 Digunakan oleh Pengguna Pada perang Perang Dunia IIPerang Indochina PertamaPerang Vietnam Sejarah produksi Tahun 1938 Diproduksi 1939—1946 Spesifikasi Berat 2,87 kg (6,3 pon) (kosong)3,56 kg (7,8 pon) (terisi) Panjang 623 mm (24,5 in) Panjang laras 224 mm (8.82 in) Peluru Longue 7,65mm Kaliber 7,65mm Mekani…

Artikel ini sebatang kara, artinya tidak ada artikel lain yang memiliki pranala balik ke halaman ini.Bantulah menambah pranala ke artikel ini dari artikel yang berhubungan atau coba peralatan pencari pranala.Tag ini diberikan pada Februari 2023. Hobah (Ibrani: חובהcode: he is deprecated ) adalah tempat alkitabiah yang hanya disebutkan dalam Kejadian 14:15. Ketika Abraham (atau Abram) menyelamatkan keponakannya bernama Lot, dengan diceritakan bahwa ia mengejar para penculiknya jauh ke utara s…

Pour les articles homonymes, voir Kaboul (homonymie). Kaboul کابل (pachto) • کابل (dari) De haut en bas, de gauche à droite : vue d'un quartier de Kaboul avec une montagne de l'Hindou Kouch, mosquée Abdul Rahman, rive de la rivière Kaboul, Bagh-e Babur, Abdul Haq Square. Administration Pays Afghanistan Province Kaboul Démographie Gentilé Kaboulien Population 3 543 700 hab. (2014) Densité 3 378 hab./km2 Géographie Coordonnées 34° 31…

PBDE redirects here. For the Protein Data Bank in Europe (PDBe), see Protein Data Bank. Polybrominated diphenyl ethers or PBDEs, are a class of organobromine compounds that are used as flame retardants. Like other brominated flame retardants, PBDEs have been used in a wide array of products, including building materials, electronics, furnishings, motor vehicles, airplanes, plastics, polyurethane foams,[1] and textiles. They are structurally akin to polychlorinated diphenyl ethers (PCDEs)…

Sungai Larona adalah sungai di Kabupaten Luwu Timur, Sulawesi Selatan, Indonesia, yang berhulu dari tiga danau berturut-turut, yaitu Danau Matano, Danau Mahalona dan Danau Towuti. Di Sungai Larona terdapat tiga pembangkit listrik tenaga air (PLTA) yang mensuplai kebutuhan listrik di area penambangan nikel PT Vale Indonesia dan daerah-daerah di sekitarnya. PLTA tersebut adalah PLTA Karebbe, PLTA Batu Besi dan PLTA Balambano.[1] Referensi ^ PT Vale Indonesia - Pembangkit Listrik Tenaga Air…

2018 Mexican general electoral coalition Not to be confused with Juntos Hacemos Historia. Together We Will Make History Juntos Haremos HistoriaParty Presidents Yeidckol Polenvsky Alberto AnayaPresidential candidateAndrés Manuel López ObradorFounded15 December 2017 (2017-12-15)[1]Dissolved23 December 2020 (2020-12-23)Succeeded byJuntos Hacemos HistoriaIdeologySocialism of the 21st century[2][3]Social democracyLeft-wing nationalism[4…

Further information: Evansville, Indiana Evansville, Indiana is the home to two minor league professional sports teams and one amateur sports team. The city is also the home to two NCAA collegiate teams, and nine high schools that participate in the Indiana High School Athletic Association. Evansville is also the host to the annual Hoosier Nationals and Demolition City Roller Derby. Professional teams Club League Sport Venue Established Championships Evansville Otters Frontier League Baseball Bo…

This article needs additional citations for verification. Please help improve this article by adding citations to reliable sources. Unsourced material may be challenged and removed.Find sources: Fusiliers Commandos de l'Air – news · newspapers · books · scholar · JSTOR (February 2013) (Learn how and when to remove this template message) Fusiliers de l'air on the Champs-Élysées on the 60th anniversary of VE day The Fusiliers Commandos de l'Air (English: …

2013 comedy film directed by Edgar Wright The World's EndUK theatrical release posterDirected byEdgar WrightWritten by Simon Pegg Edgar Wright Produced by Nira Park Tim Bevan Eric Fellner Starring Simon Pegg Nick Frost Paddy Considine Martin Freeman Eddie Marsan Rosamund Pike CinematographyBill PopeEdited byPaul MachlissMusic bySteven PriceProductioncompanies Relativity Media Working Title Films Big Talk Pictures Dentsu Distributed by Focus Features (United States) Universal Pictures (Internatio…

Aggregate of actively swimming aquatic organisms in a body of water Nekton or necton (from the Greek: νηκτόν, translit. nekton, lit. to swim) refers to aquatic organisms that can actively and persistently propel themselves (i.e. swim) through a water column. The term was proposed by German biologist Ernst Haeckel to differentiate between the active swimmers in a body of water, and the planktons that were passively carried along by the water current. As a guideline, nektonic organ…

Groot Personnage de fiction apparaissant dansTales to Astonish. Cosplays de Rocket Raccoon (à gauche) et de Groot. Alias Groot(véritable identité)Le monstre de la planète X, le Monarque de la planète X[1] Naissance Inconnu[1] Origine (probablement) la planète X[1] Espèce Colosse floral (Flora colossus ; selon la dénomination des Kree)[2],[1] Cheveux Aucun[1] Yeux Jaunes[1] Activité Aventurier, agent gouvernemental, chercheur[1] Pouvoirs spéciaux Force, endurance, durabilité et se…

Museum in Manhattan, New York Rubin Museum of ArtExterior seen from 17th StreetEstablishedOctober 2, 2004Location150 West 17th StreetManhattan, New York CityCoordinates40°44′24″N 73°59′52″W / 40.7401°N 73.9978°W / 40.7401; -73.9978TypeArt museum, education center, performance and event venueCollection size2,000+ objectsPublic transit accessBus:M1, M2, M3, M7, M14A, M14D, M20, M55 PATH: JSQ-33, HOB-33 at 14th Street Subway: ​​​ at 14th Street/…

Marvel vs. Capcom 3: Fate of Two WorldsvideogiocoCapitan America contro RyuPiattaformaXbox 360, PlayStation 3 Data di pubblicazione 18 febbraio 2011 15 febbraio 2011 18 febbraio 2011 GenerePicchiaduro a incontri OrigineGiappone SviluppoCapcom, Eighting PubblicazioneCapcom Modalità di giocoGiocatore singolo, multigiocatore SupportoDVD-ROM, Blu-ray Disc Fascia di etàPEGI: 12 SerieMarvel vs. Capcom Preceduto daMarvel vs. Capcom 2: New Age of Heroes Seguito daUltimate Marvel vs. Capco…

Football stadium in Egypt Alexandria StadiumThe stadium on a matchdayLocationAlexandria, EgyptOwnerAlexandria GovernorateCapacity13,660[1]SurfaceGrassConstructionOpened1929Renovated2016–2017TenantsAl IttihadSmouha (selected matches) Alexandria Stadium (Arabic: إستاد الأسكندرية) is a multi-purpose stadium in the Moharram Bey district of Alexandria, Egypt. It was built in 1929 by King Fouad I.[2] After its remodeling and renovations in 2016–2017, Alexandria stadi…

Fresco by Fra Angelico Madonna and Child is a c.1435 fresco fragment by the Italian Renaissance master Fra Angelico in the sacra conversazione style. It was originally painted in the dormitory of the Convent of San Domenico, Fiesole. It was removed from the wall after the convent's suppression during the Napoleonic occupation of Italy and is now in the Hermitage Museum in St Petersburg.[1] The two male saints were both Dominicans. A similar fresco from c.1438 of the Madonna and Child wit…

هنودمعلومات عامةنسبة التسمية الهند التعداد الكليالتعداد قرابة 1.21 مليار[1][2]تعداد الهند عام 2011ق. 1.32 مليار[3]تقديرات عام 2017ق. 30.8 مليون[4]مناطق الوجود المميزةبلد الأصل الهند البلد الهند  الهند نيبال 4,000,000[5] الولايات المتحدة 3,982,398[6] الإمارا…

Questa voce o sezione sull'argomento società calcistiche inglesi non cita le fonti necessarie o quelle presenti sono insufficienti. Puoi migliorare questa voce aggiungendo citazioni da fonti attendibili secondo le linee guida sull'uso delle fonti. Questa voce sull'argomento società calcistiche inglesi è solo un abbozzo. Contribuisci a migliorarla secondo le convenzioni di Wikipedia. Gateshead F.C.Calcio The Tynesiders Segni distintiviUniformi di gara Casa Trasferta Colori sociali Ne…

爱德华·谢瓦尔德纳泽ედუარდ შევარდნაძე第2任格鲁吉亚總統任期1995年11月26日—2003年11月23日前任茲維亞德·加姆薩胡爾季阿继任米哈伊尔·萨卡什维利苏联外交部部长任期1985年7月2日—1990年12月20日总书记米哈伊尔·戈尔巴乔夫前任安德烈·葛罗米柯继任亚历山大·别斯梅尔特内赫 个人资料出生(1928-01-25)1928年1月25日苏联外高加索苏维埃联邦社会主义共和国古里…

1900年美國總統選舉 ← 1896 1900年11月6日 1904 → 447張選舉人票獲勝需224張選舉人票投票率73.2%[1] ▼ 6.1 %   获提名人 威廉·麥金利 威廉·詹寧斯·布賴恩 政党 共和黨 民主党 家鄉州 俄亥俄州 內布拉斯加州 竞选搭档 西奧多·羅斯福 阿德萊·史蒂文森一世 选举人票 292 155 胜出州/省 28 17 民選得票 7,228,864 6,370,932 得票率 51.6% 45.5% 總統選舉結果地圖,紅色代表麥…

غاري فليدر (بالإنجليزية: Gary Fleder)‏  معلومات شخصية الميلاد 19 ديسمبر 1965 (59 سنة)[1]  نورفولك  مواطنة الولايات المتحدة  الحياة العملية المدرسة الأم جامعة بوسطنجامعة كاليفورنيا الجنوبيةكلية جامعة جنوب كاليفورنيا للفنون السينمائية  [لغات أخرى]‏كلية بوسطن الجا…

Kembali kehalaman sebelumnya