মে ডাম মে ফি
মে ডাম মে ফি (আহোম: 𑜉𑜦𑜧 𑜓𑜪 𑜉𑜦𑜧 𑜇𑜣 ,ইংৰাজী: Me-Dam-Me-Phi) হ’ল টাই আহোমসকলৰ ফুৰালুং ধৰ্মৰ নিয়ম অনুসৰি পালন কৰা সামাজিক পৰম্পৰাগত উৎসৱ। এই উৎসৱৰ মূল উৎস প্ৰাচীন চীনৰ কনফুচিয়াছ ধৰ্মৰ পূৰ্বপুৰুষ উপাসনাতত্ত্ব যি পাছলৈ টাই জাতিৰ দাম-ফি পৰম্পৰা ৰূপে বিকাশ ঘটে।[1] কনফুচিয়াছৰ শিক্ষা সমুহ আজিও আহোম সমাজে পালন কৰে। আধুনিক যুগত ইয়াক ৩১ জানুৱাৰীত উদযাপন কৰা হয় আনহাতে প্ৰথম অৱস্থাত ইয়াক লাক-নি টাই মাহ ডুন-হা (মাৰ্চ-এপ্ৰিল)ত উদযাপন কৰা হয়।।[2] নামকৰণমে-ডাম-মে-ফি টাই-আহোম ভাষাৰ শব্দ। মে (𑜉𑜦𑜧) মানে তৰ্পন, ডাম (𑜓𑜪) মানে মৃতক আৰু ফি (𑜇𑜣) মানে হ’ল দেউ।[3] মে ডাম মে ফি পালনৰ নীতি নিয়ম সমূহ তাঈ আহোম ভাষাত খ্যেক-লাই বা লিট লাই মে-ডাম-মে-ফি পুথিত লিখা আছে।[4] অইন টাই জনগোষ্ঠীয় ধৰ্ম সমূহত যেনে টাই-লাও সকলে এই পৰম্পৰাক ফি-ডাম বোলে।[5] পূৰ্বপুৰুষ উপাসনাসমূহ মূলত: দুটা ভাগত ভাগ কৰা হয় ঘৰত পালন কৰা পূৰ্বপুৰুষ উপাসনাক ডাম-ফী আৰু সামাজিক ভাৱে পালন কৰা উৎসৱক মে-ডাম-মে-ফি। বুৰঞ্জীপ্ৰাচীন কালটাই-আহোম সকলৰ নিজা ধৰ্মটোৰ নাম ফুৰালুঙ ধৰ্ম আছিল। এই ধৰ্মৰ এটা অতি গুৰুত্বপূৰ্ণ অংশ হৈছে পূৰ্বপুৰষ উপাসনা। পূৰ্বপুৰুষ উপাসনাৰ আৰম্ভণি হৈছিল চীনা দাৰ্শনিক কনফুচিয়াচৰ দ্বাৰা।[6] এই পূৰ্বপুৰুষ উপাসনাৰ প্ৰথা চীনা আৰু টাইসকলৰ মাজত যথেষ্ট দেখা যায়। পেঞ কা কা অনুসৰী, মুং ফিৰ শাসক লেংদনে তেওঁৰ দুই নাতি খুন-লুং আৰু খুন-লাইক মুং ৰি মুং ৰাম (বৰ্তমান চীনৰ চিচুৱাংবান্না)লৈ শাসন কৰিবলৈ পঠোৱাৰ সময়ত সাহিত্যিক য়াচিংফাই তেওঁলোকক উপদেশ দিছিল~
য়াচিংফাই খুন-লুং আৰু খুন-লাইক ক্ষ্যেক ফুৰালুং, মে ডাম মে ফি আৰু ৰিক খ্বন পালন কৰিবলৈ উপদেশ দিছিল। টাই জাতীয় ধৰ্ম পালন কৰা সকলে পূৰ্বপৰুষ উপাসনা কৰি আহিছে। মধ্য যুগ
হিন্দু ধৰ্মক অধিক প্ৰাধান্য দি স্বৰ্গদেউ চ্যু-তাম-লা (জয়ধ্বজ সিংহ)ই মে ডাম মে ফি পতা নাছিল। ফলত দেশখন সেইবাৰ মিৰজুমলাৰ হাতত পৰাস্ত হ’বলগীয়া হৈছিল। চ্যু-তাম-লাই অতি দুখ মনেৰে আতন বুঢ়াগোঁহাইক কৈছিল,
আতন বুঢ়াগোঁহাইয়ে চ্যু-তাম-লাক সান্তনা দি ক’লে:
ইয়াতে আতন বুঢ়াগোঁহাইয়ে ’মে ডাম মে ফি ’ উদযাপন কৰাৰ কথাকেই পৰোক্ষভাৱে ইঙ্গিত দিছিল। চ্যু-তাম-লাৰ মৃত্যুৰ পিছত তেওঁৰ ভাতৃ, চ্যু-পং-মু'ঙ (চক্ৰধ্বজ সিংহ) শাসন ভাৰ লৈয়েই মে ডাম মে ফি পাতিবলৈ থিৰ কৰি মন্ত্ৰী পৰিষদৰ উপদেশ বিচাৰিলে
বুঢ়াগোঁহাইয়ে ক’লে:
ইয়াৰ পিছত চ্যু-পং-মু'ঙে অতি ধুম ধামেৰে চৰাইদেউত মে ডাম মে ফি পাতে আৰু তাৰ পিছতে মোগলৰ লগত শৰাইঘাটত কৰা যুদ্ধত জয় লাভ কৰে। এইদৰে আহোমৰ শেষৰজন স্বৰ্গ্দেউৰ দিনলৈকে ৰাজঘৰীয়া ’মে ডাম মে ফি ’ উদযাপিত হৈ আহিছিল। নিয়মমে ডাম মে ফিত মুঠ দহজন দেউক উপাসনা কৰা হয়। তেওঁলোক হৈছে:
নীতি নিয়মসমূহত ব্যৱহাৰ হোৱা সা সামগ্ৰী হৈছে :- খাও চান (কেঁচা চাউল), কাই চেং (পবিত্ৰ চৰাই/বিশেষকৈ কুকুৰা), কাই খাই (মুৰ্গীৰ কণী), লুকলাও (সাজপানী), মাকমু (তামোল), বানপ্লু (পান), খ্ৰিং (আদা), মান ঙা (মিঠাতেল), ক্লু (নিমখ), কুই(কল), অই (চেনি), বান ফাই (লেম্প), নুম চে (গাখীৰ), নাম অই (গুৰ),নাম থুম (দৈ), খাই নুকপেট (হাঁহৰ কণী), চিংকৰা বা ব্লক চিংফা (এবিধ পবিত্ৰ ফুল), মাইহাং (বাঁহৰ পাঙ), লাৰু কাৰু (মিঠামাংস), চুপ টাও (মুখ ধুবলৈ পানীৰ পাত্ৰ), টাংকাক (এবিধ পাত্ৰ)। [10] মে ডাম মে ফিত নীতি নিয়মসমূহ ম-চাম, ম'-প্লঙ আৰু ম-হুং আদি আহোম পুৰোহিতসকলে সম্পাদন কৰে। [11] তেওঁলোকে আঠ কুনীয়া এটা হ '-ফি নিৰ্মাণ কৰি তাত ফি সকলৰ বাবে এখনকৈ পাং (বাঁহৰ চাং) পাতে।[12] আই ছিং লাও বন্দনাৰে সৃষ্টিকৰ্তা ফা-তু-ছিংক শ্ৰদ্ধা জনোৱাৰ পাছত আও টাং নামৰ আদৰা বন্দনাৰে ফি সকলক আহবান জনায়।[13] আও টাংৰ পাছত ফি সকলক কিন-টাং নামৰ বন্দনা গাই উৎসৰ্গা সমূহ অৰ্পণ কৰা হয়।[14] কিন টাংৰ পাছত ফি সকলক জ'ন-মিঙ নামৰ আশীৰ্বাদ বিচৰা বন্দনা গোৱা হয়।[15]জ'ন-মিঙৰ পাছত ফি সকললৈ ব'য়-টাং নামৰ বিদায় বন্দনা গোৱা হয়।[16] মে ডাম মে ফিত ৰা-খিন আৰু বা-খিনক বাদ দি বাকীকেইজন ফিলৈ ২৭জনী ৰঙা কুকুৰা আগ বঢ়োৱা হয়। ৰা-খিন আৰু বা-খিনক সাধাৰণতে কণী আগ বঢ়ায়। যদি ৰা-খিন আৰু বা-খিনক ৰঙা কুকুৰা দিয়ে তেতিয়া লগতে আখৈও দিব লাগিব বুলি নিয়ম আছে।[17] উদযাপনবৰ্তমান সময়ত গ্ৰেগৰিয়ান কেলেণ্ডাৰ অনুসৰী প্ৰতিবছৰে ৩১ জানুৱাৰীত এই পৰম্পৰা সমূহীয়াকৈ পালন কৰা হয় যত টাইসকলৰ লগত অসমৰ অন্য খিলঞ্জীয়া জনগোষ্ঠীয়েও যোগ দিয়ে।[18] অসমত মে ডাম মে ফি এটা ৰাজ্যিক বন্ধৰ দিন।
লগতে পঢ়কতথ্যসূত্ৰ
উৎস প্ৰসংগ
বাহ্যিক সংযোগ
|