শালুমাৰাদা থিম্মাক্কা |
---|
২০১১ চনত শালুমাৰাদা থিম্মাক্কা |
জন্ম |
গুব্বি, তুমাকুৰু জিলা, কৰ্ণাটক ষ্টেট[1] |
---|
পেচা |
পৰিৱেশবিদ |
---|
দাম্পত্যসঙ্গী |
বিকালু চিক্কাইয়াহ |
---|
সন্তান |
উমেশ (তুলি লোৱা) |
---|
বঁটা, সন্মান, পুৰস্কাৰ আদি |
পদ্মশ্ৰী (২০১৯) |
শালুমাৰাদা থিম্মাক্কা বা আলাদা মাৰাদা থিম্মাক্কা এগৰাকী ভাৰতীয় পৰিৱেশবিদ। তেওঁ হুলিকাল আৰু কুদুৰৰ মাজৰ চাৰি কিলোমিটাৰ দূৰত্বত ৩৮৫ জোপা বট গছ ৰোপণ কৰি প্ৰতিপালন কৰাৰ বাবে বিশেষভাৱে বিখ্যাত। এতিয়ালৈকে তেওঁ প্ৰায় ৮০০০ গছ ৰোপণ আৰু প্ৰতিপালন কৰিছে। তেওঁলোকৰ কোনো সন্তান নথকাৰ বাবে সমাজৰ পৰা বহু কটু বাক্য শুনিবলগীয়া হৈছিল। এইবোৰৰ পৰা অতিষ্ঠ হৈ তেওঁ ৪০ৰ দশকত আত্মহত্যাৰ পথ বাচি লবলৈ বিচাৰিছিল। কিন্তু পিছলৈ তেওঁ আৰু তেওঁৰ স্বামীয়ে গছপুলিক নিজৰ সন্তানৰ দৰে প্ৰতিপালন কৰিবলৈ আৰম্ভ কৰিলে।[2] কন্নড় ভাষাত শালু মানে বৃক্ষ আৰু মাৰাদা মানে শাৰী, অৰ্থাৎ শালুমাৰাদা মানে বৃক্ষৰ শাৰী। তেওঁক স্থানীয় লোকে তেওঁক বৃক্ষমাতা হিচাপে সম্বোধন কৰে।
তেওঁ কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা নাছিল আৰু সাধাৰণ বনুৱা হিচাপে জীৱন নিৰ্বাহ কৰিছিল।[3][4] তেওঁৰ নিঃস্বাৰ্থ অৱদানৰ বাবে নেছনেল চিটিজেনছ এৱাৰ্ডৰে সন্মানিত হৈছিল। ভাৰত চৰকাৰে তেওঁক ২০১৯ চনত পদ্মশ্ৰী প্ৰদান কৰে।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ লছ এঞ্জেলেছ আৰু অকলেণ্ড, কেলিফৰ্ণিয়াৰ পৰিৱেশ সচেতনতাৰ সন্থা থিম্মাক্কাছ ৰিচৰ্চেছ ফৰ এনভাৰমেণ্টেল এডুকেচনৰ নাম তেওঁৰ নামৰ পৰা লোৱা হৈছে।[5]
প্ৰাৰম্ভিক জীৱন
শালুমাৰাদা থিম্মাক্কাৰ কৰ্ণাটক ষ্টেটৰ তুমাকুৰু জিলাৰ গুব্বি তালুকত জন্ম হৈছিল। পিছলৈ তেওঁ ৰামনগৰ জিলাৰ মাগাদী তালুকৰ অন্তৰ্গত হুলিকাল গাঁৱৰ চিক্কাইয়াহৰ লগত বিবাহপাশত আবদ্ধ হয়। তেওঁৰ কোনো আনুষ্ঠানিক শিক্ষা নাছিল আৰু তেওঁলোক সাধাৰণ বনুৱা হিচাপে জীৱন নিৰ্বাহ কৰিছিল। দুৰ্ভাগ্যক্ৰমে তেওঁলোকৰ কোনো সন্তান জন্ম নহল। সেয়ে তেওঁলোকে সন্তানৰ সলনি গছৰ প্ৰতিপালন আৰম্ভ কৰিছিল।[6]
তেওঁলোকে বাৰিষা কালত গছপুলি ৰোপণ কৰিছিল। ইয়াৰ লগতে গছপুলিক সময়মতে পানী দিয়া আৰু আন জীৱ-জন্তুৰ পৰা ৰক্ষা কৰা ইত্যাদি কাম সমূহ কৰিছিল। বৰ্তমান তেওঁলোকে লগোৱা গছৰ মুঠ অৰ্থমূল্য প্ৰায় ১৫ লাখ টকা। প্ৰথমে তেওঁলোকে এই গছ সমূহৰ চোৱাচিতা কৰিছিল যদিও বৰ্তমান কৰ্ণাটক চৰকাৰে ইয়াৰ চোৱাচিতা কৰে।
বৰ্তমান ক্ৰিয়া-কলাপ
শালুমাৰাদা থিম্মাক্কাৰ স্বামী বিকালু চিক্কাইয়াহ ১৯৯১ চনত মৃত্যুবৰণ কৰে।[7] বৰ্তমান তেওঁক বিভিন্ন সভা-সমিতি আদিত বনানিকৰণৰ ওপৰত বক্তৃতা দিবলৈ নিমন্ত্ৰণ কৰা হয়।[4] ইয়াৰ লগতে তেওঁ আন আন সমাজসেৱা মূলক কাৰ্যৰ লগত জড়িত। তেওঁ তেওঁলোকৰ গাঁৱত বৰষুণৰ পানী সংৰক্ষণ কৰিবলৈ এটা টেংক নিৰ্মাণ কৰিছিল। তেওঁ তেওঁৰ স্বামীৰ স্মৃতিৰক্ষাৰ বাবে তেওঁলোকৰ গাঁৱত এক চিকিৎসালয় স্থাপন কৰাৰ উদ্দেশ্যৰে এক ন্যাসৰ গঠন কৰিছে।[4]
বঁটা আৰু সন্মান
শালুমাৰাদা থিম্মাক্কায়ে বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে। তাৰে ভিতৰত উল্লেখযোগ্য সমূহ হ'ল:
- পদ্মশ্ৰী, ২০১৯
- হাম্পী বিশ্ববিদ্যালয়ৰ নাদজা বঁটা, ২০১০
- নেছনেল চিটিজেনছ এৱাৰ্ড, ১৯৯৫
- ইন্দিৰা প্ৰিয়দৰ্শনী বৃক্ষমিত্ৰ বঁটা, ১৯৯৭
- বীৰচক্ৰ প্ৰশস্তি বঁটা, ১৯৯৭
- কৰ্ণাটক চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ বিভাগৰ পৰা সন্মানীয় প্ৰমাণপত্ৰ,
- বেংগালুৰুৰ ৰাষ্ট্ৰীয় কাঠ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ পৰা প্ৰমানপত্ৰ
- কৰ্ণাটক কপাভাল্লী বঁটা, ২০০০
- গডফ্ৰে ফিলিপছ সাহসিকতা বঁটা, ২০০৬[8]
- আৰ্ট অফ লিভিং ফাউণ্ডেচনৰ বিশালক্ষী বঁটা
- হুভিনাহল ফাউণ্ডেচনৰ Archived 2021-05-18 at the Wayback Machine বিশ্বত্মা বঁটা, ২০১৫
- বিবিচিৰ ২০১৬ চনৰ শ্ৰেষ্ঠ ১০০ গৰাকী মহিলাৰ তালিকাত স্থান লাভ[9]
- পৰিসৰ ৰত্ন বঁটা
- গ্ৰীণ চেম্পিয়ন বঁটা
- বৃক্ষমাতা বঁটা
তথ্য উৎস
বাহ্যিক সংযোগ