সংস্কাৰএই প্ৰবন্ধটো ১৯৯৭ চনত মুক্তি পোৱা, ৰঞ্জিত দাস পৰিচালিত অসমীয়া চলচ্চিত্ৰৰ বিষয়ে। অন্যান্য ব্যৱহাৰৰ বাবে সংস্কাৰ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) চাওক।
সংস্কাৰ (ইংৰাজী: Sanskar) ১৯৯৭ চনত মুক্তি পোৱা এখন ৰঙীন অসমীয়া চলচ্চিত্ৰ। মামণি ৰয়চম গোস্বামীৰ একে নামৰ গল্পৰ আধাৰত এচ বি পিকচাৰ্ছৰ বেনাৰত নিৰ্মাণ কৰা, আৰু ৰঞ্জিত দাস পৰিচালিত এই ছবিখন চিত্ৰগৃহত মুক্তি দিয়া হোৱা নাছিল। মূল ভূমিকাত আছিল বিষ্ণু খাৰঘৰীয়া আৰু পূৰবী শৰ্মা। [1] মুক্তিৰ ছবছৰ পিছতহে হৰেকৃষ্ণ ডেকাৰ সভাপতিত্বত পৰিচালিত গুৱাহাটী চিনে ক্লাৱৰ উদ্যোগত ২০০৩ চনত গুৱাহাটীত ‘সংস্কাৰ’ৰ প্ৰথম ৰাজহুৱা প্ৰদৰ্শনী অনুষ্ঠিত হৈছিল। ছবিখন দূৰদৰ্শনৰ ৰাষ্ট্ৰীয় চেনেলতো প্ৰদৰ্শিত হৈছিল।[2] কাহিনীৰ সাৰাংশপৌঢ় পীতাম্বৰ মহাজনৰ পত্নী দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত শয্যাশায়ী। ধন-ধানেৰে চহকী মহাজন নিসন্তান। বংশচ্ছেদৰ আশংকাই মহাজনক উদ্বিগ্ন কৰি ৰাখে। কিন্তু পত্নীৰ ফালৰ পৰা তেওঁ সন্তানৰ আশা কৰিব নোৱাৰে।[1] কৃষ্ণকান্ত পুৰোহিতৰ সহায়ত সেই গাৱঁৰে দুখীয়া ব্ৰাহ্মণ বিধৱা, এটা সন্তানৰ মাতৃ দময়ন্তীৰ সৈতে পীতাম্বৰ মহাজনৰ অভিসাৰ আৰম্ভ হয়। দময়ন্তী গৰ্ভৱতী হয়। সন্তানপ্ৰাপ্তিৰ আশাত মহাজনৰ অন্তৰত সপোনে গঁজালি মেলে। সেই গোপন সম্পৰ্কক, আহিবলগীয়া সন্তানটোক সামাজিক বৈধতা দিবলৈ মহাজনে তাইক বিয়া কৰাবলৈ সাজু হয়। পিছে মহাজনৰ সেই সপোন চূৰ্ণ-বিচূৰ্ণ হ’বলৈ বেছি সময় নালাগিল। কাৰণ দুখীয়া হ’লেও, দময়ন্তী ব্ৰাহ্মণৰ জীয়ৰী। ধৰ্মীয় বা গোষ্ঠীগত আদিম সংস্কাৰৰ তাই উৰ্দ্ধত নহয়। তাই নষ্ট চৰিত্ৰৰ হ'ব পাৰে, ধনৰ বাবে শুদ্ৰৰ লগত দৈহিক সম্পৰ্কও কৰিব পাৰে, কিন্তু কিয় শুদ্ৰৰ সন্তান তাই গৰ্ভত ধাৰণ কৰিব?[1] দময়ন্তীয়ে গৰ্ভপাত কৰাই অৰ্ধ-বিকশিত ভ্ৰূণটো বাৰীত গাঁত খান্দি পুতি থ’লে। সপোন ভগাৰ যন্ত্ৰণাত কাতৰ পীতাম্বৰ মহাজনে মৃত ভ্ৰুণটোকে এবাৰ চুই চাবলৈ নিশাৰ অন্ধকাৰত ভ্ৰুণটো পুতি থোৱা গাঁতটো খান্দিবলৈ ধৰিলে। অভিনয় শিল্পী
কলা-কুশলী
সঙ্গীতছবিৰ সঙ্গীত পৰিচালনা কৰিছে শ্বেৰ চৌধুৰীয়ে।[1]
বঁটা আৰু সন্মান
তথ্য উৎস
Information related to সংস্কাৰ |