John Burroughs Medal Award, for Gathering Moss; MacArthur Fellowship
ৰবিন ৱাল কিমাৰাৰ (ইংৰাজী: Robin Wall Kimmerer; জন্ম ১৯৫৩)) এগৰাকী আমেৰিকান পৰিৱেশবিদ আৰু বন্যজীৱবিজ্ঞানৰ বিশিষ্ট অধ্যাপক। বৰ্তমান তেওঁ ষ্টেট ইউনিভাৰ্চিটি অৱ নিউয়ৰ্ক কলেজ অৱ এনভাইৰনমেণ্টেল ছায়েন্স এণ্ড ফৰেষ্ট্ৰি (State University of New York College of Environmental Science and Forestry, SUNY-ESF)ৰ চেণ্টাৰ ফৰ নেটিভ পিপলছ এণ্ড এনভাইৰনমেণ্টৰ সঞ্চালক।
ৰবিন ৱাল কিমাৰাৰে পৰিৱেশ বিজ্ঞান সম্পৰ্কীয় বহুতো বৈজ্ঞানিক প্ৰবন্ধ প্ৰকাশ কৰিছে। তাৰোপৰি তেওঁ পৰিৱেশ, মাতৃভাষা আৰু খিলঞ্জীয়া জাতি সম্পৰ্কীয় দুখন গ্ৰন্থৰ লেখিকা- গেদাৰিং মছ: এ নেচাৰেল এণ্ড কালচাৰেল হিষ্ট্ৰী অৱ মছছ (Gathering Moss: A Natural and Cultural History of Mosses, ২০০৩), আৰু ব্ৰেইডিং ছুইটগ্ৰাছ: ইণ্ডিজেনাছ উইজডম, চাইন্টিফিক ন'লেজ এণ্ড দ্য টিচিংছ অৱ প্লাণ্টছ (Braiding Sweetgrass: Indigenous Wisdom, Scientific Knowledge and the Teachings of Plants, ২০১৩)। ২০১৬ চনত ব্ৰেইডিং ছুইটগ্ৰাছ এটা অডিঅ’বুক সংস্কৰণো মুকলি কৰা হৈছিল।
কিমাৰাৰে কলেজৰ বাবে ঘৰৰ ওচৰতে থাকি নিউয়ৰ্কৰ ষ্টেট ইউনিভাৰ্চিটি কলেজ অৱ এনভাইৰনমেণ্টেল ছায়েন্স এণ্ড ফৰেষ্ট্ৰি (State University of New York College of Environmental Science and Forestry) ত পঢ়িছিল। ১৯৭৫ চনত তাৰপৰাই তেওঁ উদ্ভিদ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৭৯ চনত কিমাৰাৰে উইচকনচিন–মেডিচন বিশ্ববিদ্যালয়ৰ পৰা উদ্ভিদ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তাৰ পিছত তেওঁ ১৯৮৩ চনত উদ্ভিদ পৰিৱেশ বিজ্ঞানত পি এইচ ডি লাভ কৰে। এই গৱেষণাত কিমাৰাৰে মছ বা শেলুৱৈৰ বিষয়ে অধ্যয়ন কৰিছিল। পৰৱৰ্ত্তীকালত ইয়ে তেওঁৰ কেৰিয়াৰৰ বৈজ্ঞানিক কেন্দ্ৰবিন্দু হৈ পৰে।[3]
↑"Writers-in-Residence Program: Robin Kimmerer." Archived April 2, 2013, at the Wayback Machine HJ Andrews Experimental Forest. 2004. Retrieved July 17, 2012.
↑Robin Wall Kimmerer: Americans Who Tell The Truth". www.americanswhotellthetruth.org