অমৰীশ পুৰী
অমৰীশ পুৰী (ইংৰাজী: Amrish Puri; ২২ জুন ১৯৩২ – ১২ জানুৱাৰী ২০০৫[1]) এগৰাকী ভাৰতীয় অভিনেতা আৰু থিয়েটাৰ শিল্পী আছিল। তেওঁ ঘাইকৈ হিন্দী চলচ্চিত্ৰ সমূহত খলনায়কৰ চৰিত্ৰ ৰূপায়ণ কৰাৰ বাবে বিশেষ ভাবে জনাজাত। তেওঁ ৪৫০ খনতকৈও অধিক ছবিত অভিনয় কৰি নিজকে ভাৰতীয় চিনেমাৰ অন্যতম জনপ্ৰিয় আৰু চিনাকি অভিনেতা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল।[2][3] বিভিন্ন ধাৰাৰ চলচ্চিত্ৰৰ বিভিন্ন ভূমিকা, বিশেষকৈ হিন্দী চিনেমাত আইকনিক খলনায়কৰ চৰিত্ৰৰ লগতে আন্তঃৰাষ্ট্ৰীয় চিনেমাতো কৰা অভিনয়ৰ বাবে পুৰীক স্মৰণ কৰা হয়। ১৯৮০ আৰু ১৯৯০ চনত তেওঁ খলনায়কৰ চৰিত্ৰত একচ্ছত্ৰী ৰাজত্ব কৰিছিল, তেওঁৰ ৰূপালী পৰ্দাৰ আধিপত্য আৰু সুকীয়া গভীৰ কণ্ঠই তেওঁক সেই সময়ৰ আন খলনায়কৰ পৰা আঁতৰাই ৰাখিছিল।[4] শ্যাম বেনেগাল আৰু গোবিন্দ নিহলানীৰ কিছুমান মূলসুঁতিৰ ছবিৰ লগতে আৰ্ট চিনেমা দুয়োটাতে সক্ৰিয় আছিল পুৰী। পুৰীয়ে আঠবাৰ শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ মনোনয়ন লাভ কৰি তিনিটা ফিল্মফেয়াৰ বঁটা লাভ কৰে। তদুপৰি তেওঁ শ্ৰেষ্ঠ খলনায়কৰ বাবে সৰ্বাধিক ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনয়ন লাভ কৰিছিল। প্ৰধানকৈ হিন্দী ভাষাৰ ছবিত কাম কৰাৰ বিপৰীতে তেওঁ তেলেগু, কানাড়া, তামিল, মালয়ালম আৰু মাৰাঠী ভাষাৰ ছবিতো অভিনয় কৰিছিল। পুৰীয়ে বিধাতা (১৯৮২), শক্তি (১৯৮২), হিৰো (১৯৮৩), মেৰী জং (১৯৮৫), নাগিনা (১৯৮৬), মিষ্টাৰ ইণ্ডিয়া (১৯৮৭), শ্বাহেনশ্বাহ (১৯৮৮), ৰাম লখন (১৯৮৯) ত্ৰিদেৱ (১৯৯০), ঘায়েল (১৯৯০), সৌদাগৰ (১৯৯১), থালাপতি (১৯৯১), তেহেলকা (১৯৯২), ডামিনী (১৯৯৩), কৰণ অৰ্জুন (১৯৯৫), কালাপানী (১৯৯৬), জীত (১৯৯৬), কয়লা (১৯৯৭), বাদশ্বাহ (১৯৯৯), গডৰ: এক প্ৰেম কথা (২০০১), আৰু নায়ক: দ্য ৰিয়েল হিৰো (২০০১)আদি ছবিত স্মৰণীয় খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছিল। তেওঁৰ উল্লেখযোগ্য তেলেগু চলচ্চিত্ৰসমূহৰ ভিতৰত “কন্দবীতি ডংগা’’ (১৯৮৮), “জগডেকা বীৰুদু অথিলোকা সুন্দৰী’’ (১৯৯০) আৰু “আদিত্য ৩৬৯’’ (১৯৯১) আদি। শেখৰ কাপুৰৰ মিষ্টাৰ ইণ্ডিয়া (১৯৮৭)ৰ মূল বিৰোধী মোগাম্বোৰ চৰিত্ৰত পুৰীৰ অভিনয়ক ভাৰতীয় চিনেমাৰ সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ খলনায়ক হিচাপে গণ্য কৰা হয়।[5][6] খবৰ পোৱা গৈছিল যে, তেওঁ ১ কোটি টকা (৭৭১,৮৯০ মাৰ্কিন ডলাৰ) পাৰিশ্ৰমিক পাইছিল, যাৰ ফলত তেওঁ সৰ্বকালৰ সৰ্বাধিক পাৰিশ্ৰমিক পোৱা ভাৰতীয় খলনায়ক অভিনেতা হিচাপে পৰিগণিত হৈছিল।[7] চাচি ৪২০ত তেওঁ কমল হাছানৰ সৈতে কৰা কমিক ভূমিকাৰ অভিনয়ে সমালোচকসকলৰ যথেষ্ট সমাদৰ লাভ কৰিছিল। পুৰী আছিল এগৰাকী সৃষ্টিশীল অভিনেতা; তেওঁ ইতিবাচক সহযোগী চৰিত্ৰতো অভিনয় কৰিছিল, ইয়াৰ বাবে তেওঁ ৩ বাৰ শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। তেওঁৰ কিছুমান উল্লেখযোগ্য ইতিবাচক ভূমিকা হ’ল ফুল ঔৰ কাঁটে (১৯৯১), গৰ্ডিছ (১৯৯৩), দিলৱালে দুলহনিয়া লে জায়েংগে (১৯৯৫), ঘটক (১৯৯৬), দিলজ্বালে (১৯৯৬) পাৰদেশ (১৯৯৭), বিৰাসাত (১৯৯৭), চাইনা গেট (১৯৯৮ ), বাদল (২০০০), মুঝে কুচ্চ কেহনা হায় (২০০১), মুঝছে ছাদি কৰোগী (২০০৪) আৰু হলচল (২০০৪)। পশ্চিমীয়া দৰ্শকৰ বাবে তেওঁক ষ্টিভেন স্পিলবাৰ্গ আৰু জৰ্জ লুকাছৰ হলিউডৰ ছবি ইণ্ডিয়ানা জ’নছ এণ্ড দ্য টেম্পল অৱ ডুম (১৯৮৪)ত মোলা ৰাম নামেৰে আৰু ৰিচাৰ্ড এটেনব’ৰ’ৰ গান্ধী (১৯৮২)ত খান হিচাপে পৰিচিত। প্ৰাৰম্ভিক জীৱনপঞ্জাৱৰ নৱনশ্বহৰৰ এটা পাঞ্জাবী হিন্দু পৰিয়ালত লালা নিহাল চান্দ আৰু বেদ কৌৰৰ ঘৰত অমৰীশ লাল পুৰীৰ জন্ম হৈছিল।[8] তেওঁৰ চাৰিজন ভাই-ভনী, জ্যেষ্ঠ ভাতৃ চমন পুৰী আৰু মদন পুৰী (দুয়োজনো অভিনেতা আছিল), জ্যেষ্ঠ ভগ্নী চন্দ্ৰকান্ত আৰু এজন সৰু ভাই আছিল হৰিশ পুৰী। অভিনেতা আৰু গায়ক কে এল চাইগালৰ প্ৰথম ভতিজা আছিল।[9] কৰ্মজীৱন১৯৬৭ চনৰ পৰা ২০০৫ চনৰ ভিতৰত পুৰীয়ে ৪৫০ খনতকৈও অধিক ছবিত অভিনয় কৰিছিল, ইয়াৰে বেছিভাগেই ব্যৱসায়িকভাৱে সফল আছিল আৰু বলীউডৰ অন্যতম সফল খলনায়ক হিচাপে প্ৰতিষ্ঠিত হৈছিল। তথাপি তেওঁ তেওঁৰ প্ৰথম বছৰবোৰত প্ৰতিষ্ঠাৰ বাবে সংগ্ৰামৰ কৰিবলগীয়া হৈছিল আৰু প্ৰথমবাৰৰ বাবে ছবি এখনত মুখ্য চৰিত্ৰত (মূল খলনায়ক হিচাপে) অভিনয় কৰাৰ আগতে তেওঁৰ বয়স প্ৰায় পঞ্চাশৰ ওচৰ হৈছিল। পুৰীৰ পৰিয়ালৰ কিছু সদস্যৰ চলচ্চিত্ৰৰ লগত সংযোগ আছিল। ভাৰতীয় চিনেমাৰ অন্যতম পথ প্ৰদৰ্শক গায়ক আৰু অভিনেতা কে. এল ছাইগল আছিল পুৰীৰ খুড়া সম্পৰ্কীয় ভায়েক। তেওঁলোকে তেওঁৰ খ্যাতিৰ প্ৰতি আকৃষ্ট হৈ পুৰীৰ ডাঙৰ ভাতৃদ্বয় চামন পুৰী আৰু মদন পুৰী ১৯৫০ চনত ছবিত নিজৰ ভাগ্য পৰীক্ষা কৰিবলৈ মুম্বাইলৈ গুচি গৈছিল আৰু চৰিত্ৰ অভিনেতা হিচাপে কাম বিচাৰি পাইছিল।[10] পুৰীয়েও একেদৰেই ১৯৫০ চনৰ মাজভাগত নিজৰ ভাগ্য পৰীক্ষা কৰিবলৈ মুম্বাইলৈ আহিছিল, কিন্তু প্ৰথম স্ক্ৰীণ টেষ্টত ব্যৰ্থ হৈছিল। তেওঁ অৱশ্যে চৰকাৰী সংস্থা কৰ্মচাৰী ৰাজ্যিক বীমা নিগম (ই এছ আই চি)ৰ সৈতে এটা স্থায়ী চাকৰি লাভ কৰিবলৈ সক্ষম হয় আৰু অপেশাদাৰী নাটক মণ্ডলি বা মঞ্চ গোটৰ অংশ হৈ অভিনয়ৰ চখ পুৰোৱাত লিপ্ত হয়। তেওঁৰ দলটোৱে প্ৰায়ে পৃথ্বী থিয়েটাৰত সত্যদেৱ ডুবেৰ দ্বাৰা লিখা নাটকত অভিনয় কৰিছিল। অৱশেষত তেওঁ মঞ্চ অভিনেতা হিচাপে সুপৰিচিত হয় আৰু আনকি ১৯৭৯ চনত সংগীত নাটক অকাডেমী বঁটাও লাভ কৰে।[11] ভ্ৰাম্যমাণৰ এই স্বীকৃতিয়ে অতি সোনকালেই তেওঁক টেলিভিছনৰ বিজ্ঞাপনত কাম কৰিবলৈ নিছিল আৰু শেষত প্ৰায় ৪০ (চল্লিশ) বছৰ বয়সত ছবিৰ কামত নামিছিল। এইটো আছিল ১৯৭০ চনৰ আৰম্ভণিৰ কথা, তেওঁৰ প্ৰথম কেইখনমান ছবিত তেওঁ উচ্চাৰণ কৰিবলৈ কোনো উল্লেখযোগ্য সংলাপ নাছিল, যি আশ্চৰ্যজনক, কাৰণ তেওঁৰ গলগলীয়া কণ্ঠই পিছৰ বছৰবোৰত খ্যাতিৰ উৎস হৈ পৰিছিল। ছবিৰ এই দেখা দিয়াবোৰ তেতিয়াও চখ বুলি গণ্য কৰা হৈছিল, কিয়নো তেওঁ পৰিয়াল পোহপাল দিবলৈ চৰকাৰী চাকৰিটো আগবঢ়াই লৈ গৈছিল। ১৯৭০ চনৰ ভিতৰত পুৰীয়ে সহযোগী চৰিত্ৰত কাম কৰিছিল, সাধাৰণতে মূল খলনায়কৰ সহযোগী হিচাপে। ছুপাৰ হিট চিনেমা হাম পাঞ্চ (১৯৮০) ছবিখনত তেওঁ মূল খলনায়কৰ চৰিত্ৰত অভিনয় কৰা প্ৰথমখন ছবি আছিল। তেওঁৰ অভিনয়, ব্যক্তিত্ব আৰু কণ্ঠ সকলো এই ছবিখনত লক্ষ্য কৰা হৈছিল আৰু যথাযথভাৱে প্ৰশংসা কৰা হৈছিল। ইয়াৰ পিছত তেওঁ আন চিনেমাত মূল খলনায়কৰ চৰিত্ৰত অভিনয় কৰিবলৈ আৰম্ভ কৰে। পুৰীয়ে হিন্দী, কানাড়া, মাৰাঠী, পাঞ্জাবী, মালয়ালম, [[তেলেগু ভাষা|তেলেগু] তামিলআদি ছবিত কাম কৰে, আনকি হলিউডৰ ছবিতো। তেওঁৰ মূল ক্ষেত্ৰ আছিল অৱশ্যে হিন্দী চিনেমা। ১৯৮২ চনত পুৰীয়ে সুভাষ ঘাইৰ ছুপাৰ হিট ছবি বিধাতাত মূল খলনায়ক জগৱৰ চৌধুৰীৰ চৰিত্ৰত অভিনয় কৰিছিল। সেই বছৰ তেওঁ পুনৰ মূল খলনায়ক জে কেৰ চৰিত্ৰত দিলীপ কুমাৰ আৰু অমিতাভ বচ্চন সৈতে অভিনয় কৰিছিল শক্তি চিনেমাখনত। ইয়াৰ পিছত ১৯৮৩ চনত ঘাইয়ে তেওঁক পুনৰ হিট চিনেমা হিৰোত মূল খলনায়ক পাছাৰ চৰিত্ৰত অভিনয় কৰে। পুৰীয়ে পৰৱৰ্তী মূলসুঁতিৰ ছবিত নিয়মিতভাৱে অভিনয় কৰিছিল। তেওঁ ষ্টিভেন স্পিলবাৰ্গ আৰু জৰ্জ লুকাছৰ মূল বিৰোধী চৰিত্ৰ মোলা ৰাম হিচাপে অভিনয় কৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় দৰ্শকৰ মাজত পৰিচিত হয়। ইণ্ডিয়ানা জোনছ এণ্ড দ্য টেম্পল অৱ ডুম (১৯৮৪) আৰু ৰিচাৰ্ড এটেনব'ৰ'ৰ গান্ধী (১৯৮২)ত (দক্ষিণ আফ্ৰিকাত গান্ধীৰ মুছলমান নিয়োগকৰ্তা আৰু পৃষ্ঠপোষক হিচাপে ). ইণ্ডিয়ানা জ'নছৰ বাবে তেওঁ মূৰৰ চুলি খুৰাই পেলালে আৰু ই ইমানেই ছাপৰ সৃষ্টি কৰিলে যে তাৰ পিছত তেওঁ মূৰটো সদায়েই টকলা কৰি ৰাখিলে। তেওঁৰ কঠিন অৱস্থাই তেওঁক পৰৱৰ্তী চিনেমাত খলনায়ক হিচাপে বিভিন্ন ৰূপৰ পৰীক্ষা-নিৰীক্ষা কৰাৰ নমনীয়তা প্ৰদান কৰিছিল আৰু তাৰ পিছৰ প্ৰতিখন ছবিতে পুৰীয়ে “উইগ’’ পিন্ধিছিল বুলি কমেইহে জানে। পুৰী আৰু স্পিলবাৰ্গৰ মাজত এক ডাঙৰ সম্পৰ্ক আছিল আৰু স্পিলবাৰ্গে সাক্ষাৎকাৰত প্ৰায়ে কৈছিল: "অমৰীশ মোৰ প্ৰিয় খলনায়ক। তেওঁৰ দৰে শ্ৰেষ্ঠ এজন পৃথিৱীত কেতিয়াও সৃষ্টি নহ’ব!" [12] মৃত্যুপুৰী মাইলোডিছপ্লাষ্টিক চিণ্ড্ৰম, নামৰ এক বিৰল ৰোগত আক্ৰান্ত হৈছিল। ই এক তেজৰ কৰ্কট ৰোগ আৰু ২০০৪ চনৰ ২৭ ডিচেম্বৰত হিন্দুজা চিকিৎসালয়ত ভৰ্তি হোৱাৰ পিছত তেওঁৰ অৱস্থাৰ বাবে মগজুৰ অস্ত্ৰোপচাৰ কৰা হৈছিল। তেওঁৰ মগজুৰ মস্তিষ্কৰ অঞ্চলত জমা হোৱা তেজ সঘনাই আঁতৰোৱাৰ প্ৰয়োজন হৈছিল আৰু কিছু সময়ৰ পিছত তেওঁ ক’মালৈ গতি কৰিছিল। ২০০৫ চনৰ ১২ জানুৱাৰীত পুৱা প্ৰায় ৭:৩০ বজাত পুৰীৰ মৃত্যু হয়।[13] মানুহে শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ তেওঁৰ মৃতদেহ তেওঁৰ বাসগৃহলৈ অনা হয় আৰু ২০০৫ চনৰ ১৩ জানুৱাৰীত শিৱাজী পাৰ্ক শ্মশানত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া কৰা হয়।[14] তথ্য উৎস
বাহ্যিক সংযোগ
|