নানা পাটেকৰ নানা পাটেকৰ (২০১২ চনত) জন্ম
বিশ্বনাথ পাটেকৰ ১ জানুৱাৰী , ১৯৫১ (৭৪ বছৰ) মুৰুদ-জানজিৰা, কলবা, বোম্বাই , ভাৰতবাসগৃহ
মুম্বাই , মহাৰাষ্ট্ৰ, ভাৰতৰাষ্ট্ৰীয়তা
ভাৰতীয় শিক্ষানুষ্ঠান
চাৰ জ.জে. ইনষ্টিটিউট অফ এপ্লাইড আৰ্ট পেচা
অভিনয়, লেখক, চলচ্চিত্ৰ নিৰ্মাতা সক্ৰিয় হৈ থকা সময়
১৯৭৮–বৰ্তমান সংস্থা
নাম ফাউণ্ডেচন দাম্পত্যসঙ্গী
নীলকণ্ঠী পাটেকৰ পিতৃ-মাতৃ
দিনকৰ পাটেকৰ (পিতৃ)
সঞ্জনাবাই পাটেকৰ (মাতৃ) সন্তান
মল্লাৰ পাটেকৰ
বিশ্বনাথ পাটেকৰ (ইংৰাজী : Vishwanath Patekar ; জন্ম ১ জানুৱাৰী ১৯৫১) যি নানা পাটেকৰ নামে পৰিচিত হৈছে এগৰাকী ভাৰতীয় অভিনেতা, লেখক, সমাজ সেৱক আৰু চলচ্চিত্ৰ নিৰ্মাতা। তেওঁ মূলতঃ হিন্দী আৰু মাৰাঠী চলচ্চিত্ৰত কাম কৰে।
ৰণবীৰ পুষ্প ৰচিত 'অগ্নি সাক্ষী' চলচ্চিত্ৰত অভিনয় কৰি জনপ্ৰিয়তা অৰ্জন কৰা নান পাটেকৰে শ্ৰেষ্ঠ সহায়ক অভিনেতাৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰে। তেওঁ 'পৰিন্দা' (১৯৮৯) চলচ্চিত্ৰত অভিনয় কৰি শ্ৰেষ্ঠ সহায়ক অভিনেতাৰ বাবে নেচনেল ফিল্ম এৱাৰ্ড আৰু ফিল্মফেয়াৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছত তেওঁ 'অংগাৰ' (১৯৯২) চলচ্চিত্ৰত শ্ৰেষ্ঠ খলনায়কৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰে। ১৯৯৫ চনত, তেওঁ ক্ৰান্তিবীৰ চলচ্চিত্ৰখনৰ শ্ৰেষ্ঠ অভিনেতাৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰে। অপহৰণ (২০০৫) চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ সহায়ক অভিনেতাৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়। ২০১৭ চনত নাটসম্ৰাট চলচ্চিত্ৰত অভিনয় কৰা নানা পাটেকৰে ফিল্মফেয়াৰ মাৰাঠী বঁটা লাভ কৰে।[ 1]
ইৰফান খানৰ সৈতে পাটেকৰ একমাত্ৰ অভিনেতা যিয়ে শ্ৰেষ্ঠ অভিনেতা, শ্ৰেষ্ঠ সহায়ক অভিনেতা আৰু শ্ৰেষ্ঠ খলনায়ক অভিনয়ৰ শ্ৰেণীত ফিল্মফেয়াৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ফিল্ম আৰু কলাৰ ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱাৰ কাৰণে পাটেকৰে ভাৰতৰ চতুৰ্থ শ্ৰেষ্ঠ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা লাভ কৰে।
প্ৰাৰম্ভিক জীৱন
নানা পাটিকৰৰ জন্মসূত্ৰে নাম আছিল বিশ্বনাথ পাটেকাৰ। তেওঁৰ জন্ম হয় ১৯৫১ চনৰ ১ জানুৱাৰীত মহাৰাষ্ট্ৰৰ বৰ্তমানৰ ৰাইগাড জিলাৰ মুৰুদ-জানজিৰাত।[ 2] [ 3] তেওঁৰ পিতৃৰ নাম আছিল দিনকৰ পাটেকৰ আৰু মাক
সঞ্জনাবাই পাটেকৰ। তেওঁ চাৰ জ.জে. ইনষ্টিটিউট অফ এপ্লাইড আৰ্ট , মুম্বাইৰ প্ৰাক্তন ছাত্ৰ আছিল।[ 4] [ 5]
ব্যক্তিগত জীৱন
২৭ বছৰ বয়সত তেওঁৰ 'নীলকণ্ঠী পাটেকৰ'ৰ সৈতে বিবাহ হয় যদিও পিছত বিবাহ বিচ্ছেদ হয়। তেওঁৰ পুত্ৰৰ নাম মল্লাৰ পাটেকৰ। নানা পাটেকৰৰ বয়স ২৮ বছৰ হওঁতে হাৰ্ট এট্টেকৰ ফলত দেউতাকৰ মৃত্যু হয় আৰু পাটেকৰে তেওঁৰ প্ৰথম সন্তানটোক হেৰুৱায়। বৰ্তমান নানা পাটেকৰে নানা ৰাইফেল চুটিং অনুশীলন কৰে। তেওঁ জিভি মভলঙ্কৰ ৰাইফেল চুট প্ৰতিযোগিতাৰ বিজয়ীপ্ৰাপ্ত ব্যক্তি।
বঁটা আৰু সন্মান
ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী এটি বিনিয়োগ অনুষ্ঠানত -II নান পাটেকৰ ৰ সৈতে, পদ্মশ্ৰী পুৰস্কাৰ প্ৰদান কৰাৰ মুহূৰ্তত; ২০ এপ্ৰিল ২০১৩ চন, ৰাষ্ট্ৰপতি ভৱনত, নতুন দিল্লী
পাটেকৰক ২০১৩ চনৰ ৬৪ তম গণৰাজ্য দিৱসত ফিল্ম আৰু কলাৰ ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱাৰ কাৰণে পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয়।[ 6]
ইৰফান খানৰ সৈতে পাটেকৰ একমাত্ৰ অভিনেতা যিয়ে শ্ৰেষ্ঠ অভিনেতা, শ্ৰেষ্ঠ সহায়ক অভিনেতা আৰু শ্ৰেষ্ঠ খলনায়ক অভিনয়ৰ শ্ৰেণীত ফিল্মফেয়াৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।[ 7]
বছৰ
বঁটা
চলচ্চিত্ৰ
ফলাফল
১৯৯০
শ্ৰেষ্ঠ সহায়ক অভিনেতা
পৰিন্দা
বিজয়ী
১৯৯৫
শ্ৰেষ্ঠ অভিনেতা
ক্ৰান্তিবীৰ
বিজয়ী
১৯৯৭
শ্ৰেষ্ঠ সহায়ক অভিনেতা
অগ্নি সাক্ষী
বিজয়ী
১৯৮৯
শ্ৰেষ্ঠ সহায়ক অভিনেতা
অন্ধ যুদ্ধ
মনোনীত
১৯৯০
শ্ৰেষ্ঠ সহায়ক অভিনেতা
পৰিন্দা
বিজয়ী
১৯৯২
শ্ৰেষ্ঠ খলনায়ক
অংগাৰ
বিজয়ী
১৯৯৩
শ্ৰেষ্ঠ সহায়ক অভিনেতা
ৰাজু বন গয়া জেণ্টেলমেন
মনোনীত
১৯৯৪
শ্ৰেষ্ঠ সহায়ক অভিনেতা
তিৰংগা
মনোনীত
১৯৯৫
শ্ৰেষ্ঠ অভিনেতা
ক্ৰান্তিবীৰ
বিজয়ী
২০০৩
শ্ৰেষ্ঠ খলনায়ক
শক্তি : দ্যা পৱাৰ
মনোনীত
২০০৬
শ্ৰেষ্ঠ খলনায়ক
অপহৰণ
বিজয়ী
২০১১
শ্ৰেষ্ঠ সহায়ক অভিনেতা
ৰাজনীতি
মনোনীত
১৯৯৫
ষ্টাৰ স্ক্ৰীণ এৱাৰ্ড শ্ৰেষ্ঠ অভিনেতা
ক্ৰান্তিবীৰ
বিজয়ী
২০০৬
ষ্টাৰ স্ক্ৰীণ এৱাৰ্ড শ্ৰেষ্ঠ খলনায়ক
অপহৰণ
বিজয়ী
ফিল্মফেয়াৰ মাৰাঠী এৱাৰ্ডচ্
২০১৫
শ্ৰেষ্ঠ অভিনেতা
ড॰ প্ৰকাশ বাবা আমতে – দ্যা ৰিয়েল হিৰ’
বিজয়ী[ 8]
বাংলা ফিল্ম জাৰ্ণেলিষ্টচ্ এচ’ছিয়েছনচ্ এৱাৰ্ডচ্
২০০৪
শ্ৰেষ্ঠ অভিনেতা (হিন্দী)
অব তক ছপ্পন
বিজয়ী
২০১৭
জি চিন এৱাৰ্ডচ ফৰ বেষ্ট এক্ট’ৰ (মাৰাঠী)
নাটসম্ৰাট
বিজয়ী[ 9]
আনন্দ ভিকাটান চিনেমা এৱাৰ্ডচ্
২০১৮
শ্ৰেষ্ঠ খলনায়ক – পুৰুষ
কালা
বিজয়ী[ 10]
ফিল্ম’গ্ৰাফী
পৰিচালক
চন
ফিল্ম
১৯৯১
প্ৰহৰ: দ্যা ফাইনেল এট্টেক
অভিনেতা
টোকা
Denotes films that have not been released yet.
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
নানা পাটেকৰে লাভ কৰা বঁটাসমূহ
১৯৬৭–১৯৮০ ১৯৮১–২০০০ ২০০১–বৰ্তমান
১৯৫৫–১৯৭৫ ১৯৭৬–২০০০ ২০০১–বৰ্তমান