গুৰুপ্ৰসাদ দাস
প্ৰাৰম্ভিক জীৱন১৯০৪ চনৰ ১২ ফেব্ৰুৱাৰীৰ দিনাখন ঐতিহ্যমণ্ডিত বৰপেটাৰ বিলৰতাৰী হাটীৰ মৰানদীৰ পাৰত গুৰুপ্ৰসাদ দাসৰ জন্ম হয়। গুৰুপ্ৰসাদৰ পিতৃ ৰামপ্ৰসাদ দাস আৰু মাতৃ পদ্মাৱতী দাস। দেউতাক অঞ্চলটোৰ ভিতৰতে এজন নাম থকা উকীল আছিল। শিক্ষাপ্ৰথমিক বিদ্যালয়ৰ পৰা ভালদৰেই শিক্ষা লাভ কৰাৰ পাছত গুৰুপ্ৰসাদৰ নাম লগাই দিয়া হয় বৰপেটা উচ্চ মাধ্যমিক বিদ্যালয়ত। সেই তেতিয়াৰে পৰা তেওঁ পঢ়া শুনাৰ প্ৰতি অমনোযোগী হৈ পৰে। ফলত তেওঁ পঢ়া-শুনাত কৃতিত্ব প্ৰদৰ্শন কৰিবলৈ অক্ষম হয়। শ্ৰেণীৰ ভূগোলৰ শিক্ষক ভোগৰাম নাথে গুৰুপ্ৰসাদৰ নাম দিছিল ‘গৰু’ আৰু সেই নামেৰেই তেওঁ জনাজাত হৈ পৰিছিল। সেই সময়ত মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা অসহযোগ আন্দোলনে তীব্ৰৰূপ ধাৰণ কৰিছিল। অষ্টম শ্ৰেণীলৈ পঢ়ি তেওঁ পঢ়া শুনা এৰি অন্দোলনত যোগ দিয়ে আৰু ঘৰৰ পৰা পলাই গৈ কলিকতা পায়।[2] বিদেশ যাত্ৰাকলিকতাত এজন অসমীয়া লোকৰ গেৰেজত যোগালি কামত সোমালে। কিছুদিন গেৰেজত কাম কৰাৰ পাছত নৈশ স্কুল এখনত নাম লগাই ললে। ১৯২৪ চনত তেওঁ হাইস্কুলীয়া শিক্ষা শেষ কৰিলে। কম দিনৰ ভিতৰতে তেওঁ মটৰ-গাড়ীৰ যথেষ্ট কাৰিকৰী জ্ঞান আয়ত্ত কৰে। সেইটো গেৰেজত মটৰগাড়ী ভাল কৰাবলৈ এজন ইংৰাজ চাহাব আহে। তেওঁ গুৰুপ্ৰসাদৰ কৰ্মনিষ্ঠা আৰু কৰ্মদক্ষতা দেখি তেওঁলোকৰ কোম্পানী (“বাৰ্ণ এন্দ কোম্পানী”)ত চাকৰী এটাত মকৰল কৰে। ইয়াৰ পাছত তেওঁক ইংৰাজ চাহাবজনে ইংলেণ্ডলৈ পঠিয়াই দিলে। গুৰুপ্ৰসাদে নতুন জীৱনৰ সন্ধানত ইংলেণ্ডলৈ যাত্ৰা আৰম্ভ কৰে ১৯২৫ চনত “ইনষ্টিটিউট অব মেকানিকেল ইঞ্জিনিয়াৰিং’ত” প্ৰশিক্ষণ লবলৈ। তেওঁ সেই সময়ত আৱিষ্কাৰ কৰে কেইবাটাও যন্ত্ৰ। তাৰ মাজত এটা আছিল চলন্ত ৰেলৰ গতিবেগ কমাব পৰা “এছক্ৰাফট কাট অৱ কণ্ট্ৰল গেজ।” ব্ৰিটিছ কোম্পানীয়ে সেই যন্ত্ৰটো পেটেণ্ট কৰিছিল। আন এটা আৱিষ্কাৰ হ'ল বয়লাৰ আৰু “ছেফটি ভালভ।” এইটোও পেটেণ্ট কৰিছিল নিউয়ৰ্কৰ “মেনিং মেক্সৱেল এন্দ মুৰ” নামৰ কোম্পানীয়ে[3]। গুৰুপ্ৰসাদ দাসৰ এটা প্ৰধান আৱিষ্কাৰ হ’ল ৰেলৰ নতুন ব্ৰেক পদ্ধতি। গুৰুপ্ৰসাদ দাসে আৰ্হি নিৰ্মাণ কৰা উক্ত ব্ৰেক-ৰ নাম তেখেতৰ নামেৰে 'জি.পি.ব্ৰেক' বুলি জনা যায়, আৰু এই বায়ুশূন্য ব্ৰেক (ভেকুৱাম ব্ৰেক) ৰেল-গাড়ীত প্ৰয়োগ কৰা আৰম্ভ কৰে। লগতে তেওঁক “Associated Member of Institute of Mechanical Engineers” উপাধিৰে বিভূষিত কৰা হ’ল। কৰ্মজীৱন আৰু বিবাহ১৯৩১ চনত তেওঁ ভাৰতলৈ উভতি আহি পূৱ ভাৰতৰ ৰেলসেৱা বিভাগত উচ্চপদবীৰ চাকৰীত যোগ দিয়ে। কেইবছৰমান পাছত তেওঁ বাৰ্মা তেল কোম্পানীত যোগ দিয়ে। ১৯৩২ চনত তেওঁ চঞ্চলা ৰাহাৰ লগত বিবাহ পাশত আবদ্ধ হয়। তাৰ পাছত তেওঁক ভাৰত চৰকাৰে কাণপুৰত থকা অস্ত্ৰভাণ্ডাৰৰ পৰিচালক হিচাপে নিযুক্তি প্ৰদান কৰে। সেই সময়ত তেওঁক সামৰিক বিভাগৰ পৰা “কৰ্ণেল” উপাধি প্ৰদান কৰিছিল। অৱসৰৰ পাছত কেইবাটাও কোম্পানীৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰে। কলিকতাতে নিগাজীকৈ বাস কৰিছিল।[2] মৃত্যুএইগৰাকী অসম সন্তানে ১৯৮২ চনত পত্নীৰ লগতে দুই পুত্ৰ বাসুদেৱ আৰু ৰণদেৱক এৰি পৰলোকলৈ গতি কৰে। তথ্য সংগ্ৰহবাহ্যিক সংযোগ |