বেণুধৰ ৰাজখোৱা
বেণুধৰ ৰাজখোৱা (ইংৰাজী: Benudhar Rajkhowa) (১৮৭২-১৯৫৫) অসমৰ এগৰাকী সাহিত্যিক আৰু ভাষা-গৱেষক। বেণুধৰ ৰাজখোৱাই ইংৰাজ চৰকাৰৰ পৰা ৰায়চাহাব খিতাপ লাভ কৰিবলৈ সমৰ্থ হৈছিল। ১৮৮৯ চনৰ পৰা নাটক ৰচনাৰ কাম আৰম্ভ কৰে আৰু পদ্মনাথ গোহাঞিবৰুৱাৰ লগলাগি বিজুলী নামৰ আলোচনীখন প্ৰকাশত বিশেষ অৰিহণা যোগাইছিল। অসমীয়া সাহিত্যলৈ আগবঢ়োৱা বিশেষ বৰঙনিৰ বাবে বেণুধৰ ৰাজখোৱাক অসম সাহিত্য সভাই ১৯২৬ চনৰ অক্টোবৰ মাহত ধুবুৰীত অনুষ্ঠিত হোৱা বাৰ্ষিক অধিবেশনত সভাপতিৰূপে বৰণ কৰিছিল৷[1]। পাছলৈ ৰাজখোৱা শিৱসাগৰৰ আধুনিক মঞ্চ আন্দোলনৰ লগত জড়িত হৈ পৰিছিল। তেওঁ নিজা নাটক কেইখনিতে সমাজৰ সৰু-সুৰা দোষ ব্যংগ চৰিত্ৰৰ মাজেৰে উপস্থাপন কৰি সমাজক শুধৰোৱাৰ সৰু আশা এটি মনতে পুহি ৰাখিছিল। ঠায়ে ঠায়ে সুন্দৰ প্ৰহসনমূলক পৰিস্থিতি সৃষ্টি কৰাত তেওঁ পটুতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল।[2] জন্ম আৰু পৰিয়ালবেণুধৰ ৰাজখোৱাৰ জন্ম হয় ১৮৭২ চনৰ ১১ডিচেম্বৰত, দিহিং নৈৰ পাৰৰ খোৱাং চহৰত। তেওঁৰ পিতৃৰ নাম সুচান্দৰাম ৰাজখোৱা আৰু মাকৰ নাম হীৰাৱতী ৰাজখোৱা।[3][4][5] তেওঁৰ দুই ককায়েকৰ নাম আছিল চন্দ্ৰধৰ ৰাজখোৱা আৰু সূৰ্যধৰ ৰাজখোৱা৷[4] ১৯৩২ চনত দুতিৰাম বৰুৱাৰ কন্যা ৰত্নকুমাৰী বৰুৱাৰ লগত তেওঁৰ বিয়া হয়৷[5] তেওঁৰ তিনিজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তান আছিল৷[6] শিক্ষাবেণুধৰৰ পিতৃ চুছন্দৰাম এজন মৌজাদাৰ আছিল৷ তেওঁ ১৮৭৭ চনত জয়পুৰ চহৰৰ মৌজাদাৰ হয়গৈ৷ কিন্তু তাত পঢ়াৰ ভাল সুবিধা নথকাত সূৰ্যধৰ আৰু বেণুধৰকক ডিব্ৰুগড়লৈ পঠিয়ায়৷ ১৮৮৯ চনত ডিব্ৰুগড়ৰ পৰাই বেণুধৰে দ্বিতীয় বিভাগত এণ্ট্ৰেন্স পাছ কৰে আৰু কলিকতাৰ প্ৰেছিডেন্সী কলেজত নাম লগায়৷[4] বেণুধৰ ৰাজখুৱাই প্ৰাথমিক শিক্ষা আৰু মাধ্যমিক শিক্ষা ডিব্ৰুগড়ত গ্ৰহণ কৰে আৰু তাৰ পাছত ৰাজখোৱা কলিকতালৈ উচ্চ শিক্ষা গ্ৰহণৰ বাবে যায়। ১৮৯৬ চনত কলিকতাৰ পৰা স্নাতক পৰীক্ষাত উৰ্ত্তীণ হয় আৰু অসমলৈ ঘূৰি আহে। অসমত বিভিন্ন বিভাগৰ বেলেগ বেলেগ চাকৰি কৰি ১৯৩১ চনত উপায়ুক্তৰ পদৰ পৰা অৱসৰ গ্ৰহণ কৰে। এখেত ১৯২৬ চনত ধুবুৰীত অনুষ্ঠিত অসম সাহিত্য সভাৰ নৱম অধিবেশনৰ সভাপতি আছিল।[2] মৃত্যুআজীৱন সাহিত্য সাধনাৰে অসমীয়া সাহিত্যক প্ৰচুৰ সম্ভাৰ প্ৰদান কৰি এইজনা সাহিত্যিকে ১৯৫৫ চনত ইহ সংসাৰ ত্যাগ কৰে।[2][4][6][3] সাহিত্যিক অৱদানএখেতৰ কেইখন মান পুথিৰ নাম হৈছে—
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|